সেইটোনো কি কথা!
কিন্তু, পিছততো সি ‘কলবেক’ কৰিব লাগিছিল।
তাৰ পিছত, তাই মূঠতে চাৰিবাৰ কল কৰিছিল।
সি কিন্তু ফোন ৰিচিভেই নকৰিলে।
কি হৈছিল তাৰ? বেমাৰ আজাৰ নেকি আক’?
হ’লেও, সিতো কথাটো ক’ব লাগিছিল।
খবৰ এটাও দিব নোৱাৰাকৈনো সি বেমাৰত পৰিছিলনে?
আচলতে, তাৰ বেমাৰেই হৈছিল। মনৰ বেমাৰ।
বৰ বেয়া বেমাৰ এইটো। ই কলিজা খাই দিয়ে। জীৱন খাই দিয়ে।
চৌধুৰীৰ তালৈ বেয়াই লাগিল।
যিমানেই যি নহওঁক সি যে তেওঁৰ একমাত্ৰ পুতেক! বেচেৰাটো!
পিছ মুহূৰ্ততে চৌধুৰীৰ অৱশ্যে হাঁহি এটাহে উঠিল।
এটা বেকা হাঁহি। যেন, ক’ব বিচাৰিলে, ঠিকেই কৰিলি তই, বোপাই!
পিছে, মামনে কৰিছিল কি? তাই আৰম্ভ কৰিলে মেছেজ দিবলৈ।
নাই। তাৰো, একো সঁহাৰি নাপালে তাই। বেচেৰীজনী!
কথা কাণ্ডবোৰ দেখি-শুনি চৌধুৰীৰ পিছে গা চেবাইছিল।
তেওঁ ভবামতে, আশা কৰা মতে নহ’লগৈ দেখোন।
মামনৰ চকুলৈ চাবলৈ তেওঁৰে বেয়া লগা হ’ল। তাই বা কি ভাবিছে?
ভাবিছে নেকি যে তাইৰ ডিঙিতে বুঢ়া দেউতাকক ওলমাই থৈ মৃণাল অৱশেষত পলাল। পলাল!!
বুঢ়া বাপেকটোৰ দায়িত্ব ল’বলৈ সি আহিব বুলি তাই ভাবিব পাৰিছে কেনেকৈ? তাক কি তাই ইমান অঁকৰা পাইছে! আঁকৰীজনী ক’ৰবাৰ!
তাইতো তায়েই, চৌধুৰীৰ লাজ লাগিল জোৱায়েকৰ আগতহে।
কিবা ভাবিছে জোৱায়ে? বুঢ়াকালত শহুৰেকৰ সমস্ত দায়-দায়িত্ব তেওঁৰ ওপৰতহে পৰিলগৈ বুলি মনে মনে ভয়ো নোখোৱাকৈ থকা নাই চাগে।
এক মনোকষ্টৰ মাজত থাকি তেওঁ সময়বোৰ পাৰ কৰিবলৈ ধৰিলে।
অসহ্য! অবৰ্ণনীয় এক অনুভূতি!
ইফালে, হাত প্ৰায় খালী। সম্পত্তি বেচা টকা-পইচা সব পুত্ৰ-কন্যাৰ হাতত সপি দি এতিয়া তেওঁ প্ৰায় দিগম্বৰেই হৈ পৰিল বুলিব পাৰি।
অৱশ্যে, মাহিলি পেন্সনৰ টকাকেইটা পাই থাকিব।
কিন্তু, কি ঠিক, এদিন সেইকেইটাৰ ওপৰতো সিহঁতৰ চকু পৰিব।