পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তেওঁ প্ৰশ্নটো সমাপ্ত কৰাৰ আগতেই তেওঁৰ মিছেচে হেনো সোঁ- হাতখনেৰে তেওঁৰ মুখতে সোপা মাৰি ধৰি ক’লে, “ছিঃ নাপায় নহয় এনে কথা ক’ব। তথাপিও, যদি এনেকুৱা কিবা এটা হয়, তেন্তে আমাৰ ভণ্টীকে আনি ল’ম। থাকিম আৰু তাইৰ লগতে!

 পিছে, এতিয়া তুমি কোৱাচোন, মই যদি হঠাৎ মৰি যাওঁ, তেতিয়া?”

 জিন্দেগীত নিজৰ মগজ খটাই চিন্তা কৰি নোপোৱা আৰু অনবৰতে ওৱাইফৰ কথাকে অমোঘ সত্য বুলি মানি লোৱা মহাপুৰুষজনেও হেনো বিশেষ চিন্তা নকৰি বোলে, “কিনো কৰিম আৰু! আনি ল’ম আৰু তোমালোকৰ ভণ্টীকে......”

 সেইৰাতি তেওঁলোকৰ হেনো ৰাতিৰ সাঁজ খোৱাই নহ’ল।

 এবাৰ হেনো এটাই তাৰ ওৱাইফৰ সমুখতেই তাৰ সৰু শালপতিজনক কঁপা কঁপা মাতেৰেই দম এটা দিছিল, “তোমাক এজনী ধুনীয়া ছোৱালী দিলো। ‘টৰ্চাৰ’ কৰি কৰি কি.ই..ই..ই ছোৱালীজনী কি কৰি পেলালাগৈ!”

 মোৰ আক’ তাৰ ওৱাইফজনীলৈ বেয়াই লাগে পাই! বেচেৰীজনী!

 বাহিৰত ইমান সুখী দম্পত্তিৰ প্ৰক্সি দি থাকে, অথচ ভিতৰি ভিতৰি..

 সংসাৰ কিছুমানো যে কেনেকৈ চলি থাকে নহয়! আচৰিত লাগে।

 বাৰু, এইবোৰ কথা এতিয়া বাদ। লোকৰ কথা, লোকৰ বতৰা।

 আমাৰনো কি আহে, যায়? নহয় জানো?

 আজি পুৱা দহমান বজাত আহি ওলাইছিলহি নহয় আন এজনী।

 মইয়ো ঘৰতে আছিলো। ভাবিলো, মই নিজেই সাক্ষাৎকাৰটো নল’লেও ওচৰতে থাকি আলেখ লেখটোকে চাওঁচোন বাৰু।

 এওঁৰ ভাষাত মানুহজনী ঠিকেই আছিল। মানে, এওঁৰ হিচাপৰ ’নমৰ্চ’ খিনি তাইৰ আছিল : আগদাঁত চাৰিটা নাই, চুলিখিনি আধাপকা, গাৰ বৰণটো ক’লা আৰু নাকটোৰে অনবৰতে সোঁত-সোঁতাই থাকে।

 মুঠতে, ফাৰ্স্ট ক্লাছ কেণ্ডিডেট!

 এওঁৰ মতে, এনে এগৰাকী সৰ্বগুণ সম্পন্না কাম্ লা বাই বৰ্তমান বিচাৰি পোৱাই টান। আমাৰ ভাগ্য ভাল বুলিয়েই ক’ব লাগিব যে এওঁৰ মাকৰ ঘৰৰ ফৰ্মাইচমতেই তাই আহি ইয়াত ওলাইছেহি।

 কথাবোৰৰ ধৰণ কৰণ দেখি মোৰ মনত আমোদেই লাগিল।

 তাইক ৰাখো নাৰাখো পিছৰ কথা, তথাপিও, ’তই’ বা ’তুমি’ একো বুলি সম্বোধন নধৰি, মালিকৰ মেজাজেৰেই তাইক সুধিলো, “নামটো কি?”

১৬