পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “ব’লক ব’লক, দেৰি নকৰিব! ফ্লাৱাৰ পাৰ্কখনত সোমাওঁগৈ।”

 লিম্বুৰ কথামতে পুনৰ গাড়ীত বহিলোহি। স্পীকাৰত বাজিবলৈ ল’লে কোনোবা সুকণ্ঠী গায়িকাৰ নেপালী গান। গানৰ তালে তালে ড্ৰাইভাৰৰ সুহুৰি। পিছৰ চিটত বহিথকা লিম্বুও এনেয়ে বহি থকা নাই। তেওঁৱো গুণগুণাইছে।

 এতিয়া, মইনো বাৰু কিহৰ দুখত মন মাৰি থাকোঁ?

 ইয়ালৈ আহিছোঁৱেই আনন্দ কৰিম বুলি।

 পাৰ্কখনৰ ওচৰত গাড়ী পাৰ্কিঙৰ সুবিধা নথকাৰ বাবে দুশমিটাৰমান আঁতৰতে গাড়ীখন ৰখাই দিলে। আমি খোজ কাঢ়িয়েই আগবাঢ়িবলগীয়া হ’ল।

 বাটতে দেখা পালো মুখ্যমন্ত্ৰী ড° পৱন কুমাৰ চামলিংদেৱৰ চৰকাৰী বাসগৃহটো। ৰাস্তাৰ কাষৰপৰা দেখাখিনিয়েই অতি সুন্দৰ লাগিল। কিন্তু লগতে, অতি আচৰিতো লাগিল এই কাৰণেই যে গেইটৰ সমুখত ৰৈ আছিল মাত্ৰ দুজন সাধাৰণ ৰখীয়াহে। অবিশ্বাস্য কিন্তু সত্য। মানে, আন ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰী সকলৰ বাসগৃহবোৰৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাবোৰ দেখি দেখি অভ্যস্ত হোৱাসকলৰ বাবে সেই দৃশ্যটি নিশ্চয়কৈ আশ্চৰ্য্যকৰেই।

 মাজতে, মনলৈ আহিল, যিমানেই যি নহওক, আমিতো বাহিৰা মানুহ। মুখ্যমন্ত্ৰীজনৰ বাসগৃহটিৰ ফালে ৰ-লাগি চাই থাকিলে নিৰাপত্তাৰক্ষীৰ সন্দেহো হৈ যাব পাৰে। গতিকে, খৰ খোজেৰে ফুলৰ পাৰ্কখনৰ ফালেই আগবাঢ়িলো।

 দেখিলো, গ্ৰীণহাউচ এটাৰ ভিতৰত অসংখ্য চিনাকি অচিনাকি ফুলৰ যেন এক মেলাহে বহিছে। মাজতে, সৰুকৈ পকাখাল এটা বন্ধাই তাৰ ওপৰতে বেকাকৈ দলং এখনো সাজি থৈছে যাতে খালত খেলি থকা ৰং-বিৰঙৰ মাছখিনি চাব পৰা যায়। ফুলৰ শাৰীবোৰৰ মাজে মাজে আক’ পাৰি থোৱা আছে বেঞ্চ!

 এপাক মাৰি ফুলবোৰ চালো, ফটো তুলিলো, বেঞ্চতো অলপ বহিলো।

 মূঠতে, বিশটকীয়া টিকটৰ দামটো উচল কৰিহে এৰিলো।

 হঠাৎ, ফোনৰ ৰিংট’নটো বাজি উঠাত দেখিলো পৰাগৰ কল!

 “তাত কেনেকুৱা লাগিছে, ছাৰ! ফটো অলপ পঠিয়াই দিয়কচোন!”

 বিন্দাছ, বুইছানে বেটা, কি কওঁ আৰু! ইয়াতে থাকি যাওঁ যেন লাগিছে।

 আচলতে, তোমাকো লগতে লৈ আনিব লাগিছিল, ভুলেই হৈ গ’ল।

 “মোৰ মনত ইমানকৈ দুখ নিদিব, ছাৰ! তাৰ দৃশ্যবোৰ নেটত চায়েই মনটো কিবা লাগি গৈছে। লগৰ দুটামানক কৈছোঁ বোলো এপাক যাওঁ ব’ল!”

 বাচি বাচি কেইখনমান ফটো আৰু দুটামান ভিডিঅ’ তেওঁৰ হোৱাটচ্‌ এপলৈ লগেলগেই পঠিয়াই দিলো। লগতে মেচেজ এটাও দিলো যে ইয়ালৈ

৯২