এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিন্তু, তেওঁ ইমান দুৰ্বল হৈ পৰিলে নহ’ব। সবল হ’ব লাগিব।
নিজকে ইমান উলঙ্গ কৰি দিবতো নোৱাৰি।
হাজাৰ হওক, তেওঁতো এজন অফিচাৰেই আছিল।
কিন্তু, তেওঁ ক’ব কি?
নিস্তেজ হাঁহি এটা মাৰি তেওঁ গাটো অলপ লৰচৰ কৰি বহিল।
“ব’লক নহ’লে, একাপ চাহকে খাওঁ!”
মহিলাগৰাকী যেন উচপ খাইহে উঠিল।
হাঃ কি শুনিলে তেওঁ!
সঁচায়ে শুনিলেনে?
চৌধুৰীয়ে তেওঁকে কৈছেনে?
কিমানদিনৰ পিছত তেওঁ পাইছে এনে এক প্ৰস্তাৱ!
তাহানি, কলেজৰ দিনবোৰ এৰি অহাৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁ পালে এনে এক প্ৰস্তাৱ।
পিছ মুহূৰ্ততে, তেওঁৰ মুখত বিৰিঙি উঠিল এটা হাঁহি।
এটি উজ্জল হাঁহি!
সেই হাঁহিটি তৎ মুহূৰ্ততে চৌধুৰীলৈয়ো সংক্ৰমিত হ’ল।
পূৰ্ণিমাৰ সেই উজ্জল জোনাকত দুয়োৰে সেই হাঁহি মিলি গ’ল।
(ৰচনা কাল : অক্টোবৰ,২০১৪)
৮৪