হেনো তাইক বিয়া কৰাব পাৰিলেহেঁতেন। কিন্তু, তাইৰ ভাগ্যই বেয়া বুলি ক’ব লাগিব হেনো, যিহেতু সি আহিল এবছৰৰ পিছতহে।
গতিকে, সি সৰুজনীকে আনি থ’বলগীয়া হ’ল আৰু!
মুঠতে, বিৰাট জমনি হয় মাজে মাজে!
কালি পিছে, কি হ’ল জানে?
সেই কৃষ্ণটোৱে মোৰ ওচৰত আঠু কাঢ়ি বহি ল’লে নহয়!
মই বোলো কি হ’ল আক’ ইয়াৰ? নিচাই পুৰা ধৰিলে চাগে।
মোৰ মানে হাঁহিহে উঠিল। ৰাজেশহঁতেও হাঁহি দিলে।
সি কিন্তু নাৰ্ভাচ কৰা নাছিল, চিৰিয়াছ!
কিন্তু, ই কয় কি?
“চা উত্তম! সিদিনা মই তোৰ ভণ্টীক দেখি আহিছোঁ।
মই তাইক বিয়া কৰাব খোজো। দিবিনে নাই ক!”
ডাং খাই অহা মোৰ হাতখনত বিদ্যুতে থাপ মাৰি ধৰিলে। নহ’লে,...
কিন্তু, মই চিঞৰি দিলো, “বন্ধ কৰ এইসব! যাঃ ইয়াৰ পৰা!”
মোৰ গৰ্জনে কাম দিলে।
ইটোৱে সিটোৰ চকুলৈ চাই, চকুৰেই কিবা ইঙ্গিত দিলে।
তাৰ পিছত, এটা এটাকৈ, লাহে ধীৰে, মোৰ কান্ধত মৃদুভাৱে থপৰিয়াই থপৰিয়াই, আফচোচ কৰি কৰি, তলমুৱাকৈ চাই চাই, সিহঁত ওলাই গ’ল।
বিদ্যুৎ বেগেৰে গৈ আগফালৰ দুৱাৰখন ধমকৈ বন্ধ কৰি দিলো।
বটল গিলাচবোৰ বুটলি লৈ পিছফালৰ কঁচুৱনি খালটোলৈ ধামধুমকৈ দলিয়াই দিলো। পিছ দুৱাৰখনো বন্ধ কৰিলো, ধম্ কৈ।
চকীখনতে থপ্ কৈ বহি দিলো।
মনৰ সমস্ত দুখ-খঙত মোৰ গা কঁপি উঠিল। কান্দিবলৈকে মন গ’ল।
কিন্তু, নাকান্দিলো। কান্দিলে নহ’ব। কান্দিলে মানুহে চল পায়।
লাগিলে, খং কৰিম। লাগিলে, দাঁত-মুখ ভাঙি দিম, কিন্তু নাকান্দো।
ৰাতিটো অৱশ্যে, টোপনিয়েই নাহিল। দহটা চিন্তা!
নাই নাই, এনেকৈ নহ’ব। ঘৰ-গৃহস্থী কৰিব লাগিব। মোৰ ভাড়াঘৰটো এনেকৈ এই মদাহীসোপাৰ ক্লাব হ’বলৈ এৰি দিব নোৱাৰি।
এইবাৰ ঘৰত যদি অনুমতি নিদিয়ে তেন্তে মই নিজেই সিদ্ধান্ত ল’ম।
ল’বলৈ বাধ্য হ’ম মই।
ক’বলৈ বেয়া, কিন্তু সঁচা কথা ক’বলৈ হ’লে, মোৰ এনে সিদ্ধান্তৰ বাবে