পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইটাই দেউতাকক নেদেখাটোৱেই স্বাভাৱিক কথা। নহয় জানো?

 আনহাতে, আমাৰ দেউতাই কোৱামতে, তেওঁলোকৰ দোকানখন সেই অঞ্চলটোৰ সকলো ধৰণৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু আনকি ৰাজনৈতিক জীৱনৰো প্ৰাণকেন্দ্ৰই আছিল। সেই অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ কোনোবা নহয় কোনোবা এজন সদস্য দিনটোত এবাৰ হ’লেও সেইখন দোকানলৈ আহিছিল। গতিকে, সেই অঞ্চলটোৰ যিকোনো ধৰণৰ বা-বাতৰি সেইখন দোকানতে পোৱা গৈছিল। তাৰ ওপৰত চৰ্চা কৰা হৈছিল।

 যিকোনো সমস্যাৰ সমাধান বিচাৰিও মানুহ তালৈ আহিছিল।

 সমাধানো পাইছিল। কাৰণ, সেইখন দোকানত গাঁওখনৰ জনা-শুনা, বয়সস্থ মানুহকেইজন প্ৰায়ে গোট খাইছিল।

 আনকি, নগৰৰ ডাকঘৰৰ পিয়নজনেও যিকোনো চিঠিপত্ৰ সেইখন দোকানতে দি থৈ গৈছিল। ঘৰে ঘৰে বিলাই ফুৰিবলগীয়া নহৈছিল।

 সেই অঞ্চলটোৰ এনেকুৱাই এক প্ৰাণকেন্দ্ৰ আছিল প্ৰবীণদাহঁতৰ দেউতাকৰ সেই দোকানখন!

 তাতে, তেওঁ আছিল ভাওনা, সবাহ, গীত ভাল পোৱা সৰবৰহী লোক।

 তেওঁ নিজেই ভাওনাৰ আয়োজন কৰিছিল, ভাও লৈছিল।

 সহ-অভিনেতাৰ বাবে বচন লিখিও দিছিল।

 তদুপৰি, ভাওনা, থিয়েটাৰ আদি পাতিবলৈ যে মেণ্ঠল লাইট কেইটা মান লাগে, সেইকেইটাও তেওঁৰ দোকানতে পোৱা গৈছিল। তাকো, বিনা মূলীয়াকৈ। অৱশ্যে, তেলৰ দামটো তেওঁ লৈছিল। নহ’লে, নোৱাৰে নহয়।

 তেওঁৰোতো চলাবলৈ নিজা এখন ঘৰ-সংসাৰ আছে!

 অৱশ্যে, তেওঁৰ ঘৰ-সংসাৰৰ লগত থকা সম্পৰ্কটোৰ চৰিত্ৰৰ বিষয়ে ওলালে আজিকালি প্ৰবীণদাই ৰহস্যৰ হাঁহি এটাহে মাৰে।

 গতিকে, তেওঁৰ বিষয়ে প্ৰবীণদাতকৈ সেইসকল মানুহেহে বেছিকৈ জনাটো একো আচৰিত হ’বলগীয়া কথাই নহয়। সেইবাবেই, প্ৰশান্তই অঁকা ছবিখন তেওঁ সেই অঞ্চলৰ কেইবাজনো মানুহক দেখুৱাই ফুৰিছিল আৰু তেওঁলোকৰ মতামত বিচাৰিছিল। আৰু, সমস্যাটোৰ সৃষ্টি হৈছিল তাতেই।

 যিহেতু, আমাৰ হাতত সময় প্ৰায় নাছিলেই, মাথোঁ এটা দিনহে আছিল, গতিকে, নিজৰ মগজৰ ওপৰত যিমান পৰা যায় সিমান হেঁচা দিবলৈ মই বাধ্য হ’লো। মই ভাবি ভাবি এটা কথা আৱিষ্কাৰ কৰিলোগৈ যে আজিৰ দিনত প্ৰবীণদাৰ দেউতাকক দেখা মানুহ বেছি নাই। খুউব বেছি, দুই তিনিজন ওলাব পাৰে। কিন্তু,

৬৩