সমললৈ যাওক

অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

অসমীয়া ল'ৰাৰ

প্ৰাকৃত-ভূগোল।

PHYSICAL GEOGRAPHY

FOR THE USE OF SCHOOLS
IN ASSAM.
BY
ISSANANDA BHARALI.

ঈশানন্দ ভঁড়ালীৰ দ্বাৰা

লিখিত।

শ্ৰীযুক্ত পৰমানন্দ ভঁড়ালীৰ
সলনী
শ্ৰীৰমাকান্ত দুৱৰা বড়কাকতিৰ দ্বাৰা
শিৱসাগৰৰ পৰা প্ৰকাশিত।

কলিকাতা
৪৫ নং বেনেটোলা লেন, সাধাৰণ ব্ৰাহ্মসমাজ যন্ত্ৰত
শ্ৰীগিৰিশচন্দ্ৰ ঘোষৰ দ্বাৰা মুদ্ৰিত।

বঁহাগ ১৮০৭ শক।

[ নিবেদন ]

নিবেদন।

 অসামৰ সকলো স্কুলত ভূগোল-বিবৰণ শিকোৱা হৈছে। কিন্তু অকল ভূগোল-বিবৰণ পাঠ কৰিলেই পৃথিবীৰ সম্বন্ধে সকলো কথা জনা নহয়। এতেক স্কুলৰ বেৱহাৰৰ জন্য প্ৰাকৃত-ভূগোল আৱশ্যক। এই অভাৱ দূৰ কৰাৰ মনেৰে লিখকে এই সরু পুথীখনি লিখিলে; কিন্তু তাক প্ৰকাশ কৰাৰ কাল নাপালে। তেঁওৰ পিতাকে যি পাৰে সংশোধন কৰি এতিয়া প্ৰকাশ কৰিছে।

 ইয়াত দিয়া সকলো কথা স্পষ্টৰূপে লিখিত হৈছে এনে বুলিব নোৱাৰি, অপটুতা গুণে অনেক ঠাইত অপৰিষ্কাৰ থাকিব পাৰে। এতেকে প্ৰকাশকে আশাকৰে উদাৰ চৰিত্ৰ পাঠক সকলে মানচিত্ৰে সৈতে মিলাই পঢ়িলে দোষ গুছিব।

 
শিৱসাগৰ
১১ আক্তুবৰ ১৮৮৫
প্ৰকাশক।

[ সূচীপত্ৰ ]

সূচী।

গ্ৰন্থৰ জোৰণী •••••• •••••• •••••• ••••• ১ - ৩ পৃষ্ঠা

প্ৰথম প্ৰকৰণ।

প্ৰথম অধ্যায়।

 পৃথিবীৰ আকৃতি, পৰিমান আরু সূৰ্য্যৰ সহিত কেনে ভাৱে অবস্থিতি কৰে। পৃথিবী গোলাকাৰ—তাৰ প্ৰমাণ;—পৃথিবী অস্থিৰা তাৰ প্ৰমাণ;—পৃথিবী অস্থিৰা হলেও তাৰ প্ৰাণী বিলাক সৰি নপৰে কিয় আরু মাধ্যাকৰ্ষণ শক্তি—কেন্দ্ৰাপসাৰণী শক্তি আরু মাধ্যাকৰ্ষণ শক্তিৰ ফল—পৃথিবীৰ কক্ষ—মেরু দণ্ডৰ অবনতিৰ ফল—দিন ৰাতি অসমান কিরূপে হয়; জাৰ জহৰ কাৰণ কি—স্থান অনুসৰি কিরূপে তাপ কম বা বেচি হয়। •••••• •••••• •••••• ৪-১৮ পৃষ্ঠা

দ্বিতীয় প্ৰকৰণ।

দ্বিতীয় অধ্যায়।

বায়ু আরু তাৰ তপৰত সূৰ্য্যৰ ক্ৰিয়া।

 বায়ু মণ্ডল—কঠিন, তৰল, বাষ্পীয় বস্তুৰ লক্ষণ—বায়ু নামেৰে বাষ্পৰ অস্তিত্ব প্ৰমান—বায়ু মণ্ডল কাক বোলে—বায়ু মণ্ডলৰ উৰ্দ্ধ— সীমা—বায়ু মণ্ডলৰ ঘনতাৰ লৰ—বায়ু মণ্ডলৰ তাপ অসমান আকাশ-অধ্যাপক চঁচ চুৰৰ মণ্ট ব্লেঙ্ক আৰোহণ আরু তাৰ শিখৰৰ আকাশ-বায়ুৰ উপাদম বিলাক—ভাপৰপৰা বৰষুণ হোৱা বুজাবৰ উপলক্ষে এটি পৰীক্ষা—কুঙলি, মেঘ, বৰষুণ, বৰষুণৰ শিল, নিয়ৰ ইত্যাদিৰ উৎপত্তি। •••••• •••••• •••••• ১৯-২৯ পৃষ্ঠা

[ সূচীপত্ৰ ]

তৃতীয় অধ্যায়।

প্ৰবাত বায়ু।

 তাপে বায়ুক কি কৰিব পাৰে—তাৰ এটি দৃষ্টান্ত— যি কাৰণে বায়ুৰ গতি হয়—সেই কাৰণ পৃথিবীৰ ওপৰত আছেনে নাই; বায়ুৰ গতিৰ দুই কাৰণ সাগৰৰ বা বামৰ বা পৰ্ব্বতলৈ মৰা আরু পৰ্ব্বতৰ পৰা মৰা বা—পচোৱা বতাহ—কুরুৱা বতাহ—গতি-নিবন্ধ বতাহ—নিৰ্ব্বাত বা অস্থিৰ বাত মণ্ডল পাশ্চাত্য বতাহ-সমুদায় পৃথিবীৰ ওপৰত বায়ুৰ গতি কোন ঠাইত কিরূপে হয় তাক বুজাবৰ অৰ্থে পৃথিবী-পৃষ্ঠক যি যি মওলকৈ ভাগ কৰা যায়—হৰ্ম্মাটান, লুঃ প্ৰভৃতি অস্থিৰ বাতৰ উল্লেখ—চিমুম বতাহ—বা-মাৰলি, ধুমুহা তুফানৰ কাৰণ—তুফানৰ লক্ষণ—তুফানৰ লগত সাগৰৰ ঢৌ কিরূপে আহি দেশ বুড়ায়-তুফানৰ শক্তি। •••••• •••••• ২৯-৪২ পৃষ্ঠা

তৃতীয় প্ৰকৰণ।
চতুৰ্থ অধ্যায়।
পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

 সমুদ্ৰৰ পানীৰ পৰা স্বভাৱৰ কি কাৰ্য্য হয়—সমুদ্ৰ কাক বোলে— সমুদ্ৰৰ খণ্ড বিলাক—সমুদ্ৰৰ গভীৰতা আরু তাৰ তলীখন—সমুদ্ৰৰ পানীৰ বৰণ—সমুদ্ৰৰ পানীত কি কি বস্তু থাকে—সমুদ্ৰৰ সকলো অংশ সমানে লোনীয়া নহয়—সমুদ্ৰৰ চুণৰ পৰা প্ৰবাল হয়—সমুদ্ৰ অনেক প্ৰাণীৰ ঘৰ—সমুদ্ৰৰ ওপৰত গজা উদ্ভিজ—সমুদ্ৰৰ তাপ সকলো অংশতে সমান নহয়—শীত-মণ্ডলৰ বৰফাবৃত সমুদ্ৰ—অসমান তাপৰ কারুণে সমুদ্ৰৰ দুটা সোঁত। ••••••••• ৪৩-৫২ পৃষ্ঠা

[ সূচীপত্ৰ ]

পঞ্চম অধ্যায়।

সমুদ্ৰৰ সঞ্চালন।

 ঢৌৰ কাৰণ-সাগৰৰ ঢৌ-স্থানীয় সোঁতৰ কাৰণ—মোড় সোঁতা প্ৰভৃতি সামুদ্ৰিক সোঁতাৰ বিবৰণ-মোড় সোঁতাৰ পৰাই ইউৰোপৰ জাৰ উত্তৰ আশিয়াত কৈ কম—মোড় সোঁতাই কলম্বচক কিরূপে আমেৰিকালৈ নিলে—হুগলি মুখৰ পানীৰ উজনী ভটীয়নি সোঁত- জোয়াৰৰ উৎপত্তি কাৰণ-কোটাল জোয়াৰ, মৰা কোটাল-বেলা উৎপত্তিৰ স্থান-জোয়াৰ-গঁড়ীলা—উজাই অহা বেলাৰ আন্দো- লন—সকলো সাগৰতে নাই—চাকনৈয়া। •••••• ৫২-৬৪ পৃষ্ঠা

ষষ্ঠ অধ্যায়।

পানীৰ রূপ ভেদ।

 মেঘ আৰু তাৰ আদৰ্শ-মেঘোৎপত্তিৰ তিনি কাৰণ—বিধ বিধ মেঘ অলক মেঘ, ডাৱৰ প্ৰভৃতিৰ লক্ষণ আরু মেঘ দেখি বতৰ জানিবৰ উপায়—আকাশত মেঘ কিরূপে ওপজি থাকে—মেঘৰ নানা বৰণ— বৰষুণৰ উৎপত্তি; ক'ত বেচিকৈ ক'ত কমকৈ বৰষুণ পৰে-বৃষ্টিমান যন্ত্ৰ-বিশেষ বিশেষ স্থানত বৰষুণৰ পৰিমাণ—কুঙলি কেনে ঠাইত বেচি হয়—জাৰ কালি শীত প্ৰধান দেশৰ দৃশ্য—তুষাৰ আরু তাৰ বৰণ আরু তুষাৰ-দানাৰ আকৃতি—চিৰ-নিহাৰ-সীমা—হিমালয় পৰ্ব্বতৰ দুই পয়ৰায় চিৰ-নিহাৰ-বাহু নিৱী-কঠিন চিৰ-নিহা-বাহু কি কাৰণত বৈ আহে-তাক বুজাবৰ অৰ্থে এটি পৰীক্ষা-লালিকঙ্কৰ, পথালি কঙ্কৰ—শিলগুটি বা কঙ্কৰ কেনেকৈ খহে-ঘৃষ্ট প্ৰস্তৰ—অতি প্ৰাচীন কালৰ চিৰ নিহাৰ-বাহু আজি কালিৰ বিলাকত কৈ দীঘল থকাৰ প্ৰমাণ—নগা পৰ্ব্বতৰ প্ৰাচীন কালৰ চিৰ-নিহাৰ বাহু—কিরূপে উত্তৰ গোলাৰ্দ্ধত ইমান বেচি জাৰ আছিল। হিম শিলা—উটা [ সূচীপত্ৰ ] বৰফ-ইউৰোপ আরু ভাৰতবৰ্ষৰ ওপৰত প্ৰাচীন কালৰ উটা বৰফৰ চিন। ••• ••• ••• ••• ৬৫-৮২ পৃষ্ঠা

সপ্তম অধ্যায়।

নদী, হ্ৰদ, উৎস।

 নদীৰ উৎপত্তি-জল-সত্ৰ আরু জলকৰ ভূমি-ব্ৰহ্মপুত্ৰৰ পানীৰ জোখ-নানা নদীৰ স্বভাব—বান কমাওঁতা-সিন্ধু-নদীৰ আকস্মিক মহাবান—বান-পানী আরু ঢল-ঢলৰ সময় সকলো নৈতে একে নহয়—নদীৰ তিনি খণ্ডৰ ভিতৰৰ প্ৰত্যেক খণ্ডৰ কাৰ্য্য-নদী গব্ভৰ পৰিবৰ্ত্তন-গড়া খহাৰ তিনি কাৰণ—আরু নিবাৰণ কৰিবৰ উপায় মৰনৈৰ উৎপত্তি-ফল্‌গু নদী-দৰঙ্গ জিলাৰ ভোলা নদী প্ৰভৃতি মাটিৰ তলে বোৱা নৈ—জল-প্ৰপাত, উৎসৰ উৎপত্তি-উষ্ণ উৎসৰ কাৰণ—সকলো উৎসৰ পৰা সমানে পানী নুঠে-সীতা-তেলৰ উৎস -হ্ৰদ আরু হ্ৰদৰ শ্ৰেণী ••• ••• ••• ৮৩-১০৩ পৃষ্ঠা

চতুৰ্থ প্ৰকৰণ ক্ষিতি।

অষ্টম অধ্যায়।

ভূ-ভাগৰ বাহ্যিক গঠন।

 নতুন আরু প্ৰাচীন পৃথিবী—ইউৰোপত উপদ্বীপ সৰহ- পৃথিবীৰ ওখ ঠাই বিলাক-পৰ্ব্বত দণ্ড—দুবিধ পৰ্ব্বত-পৰ্ব্বত ক্ৰমে ওপৰলৈ চেঁচা-টেনেৰিফ পৰ্ব্বতাৰোহণ—সমথল-তন্দ্ৰা- ষ্টিপিচ্‌-প্ৰেৰী-লেনচ-চিলভাচ্‌—পাস্পাচ-সাহাৰা-মৰীচিকা বা মৃগতৃষ্ণা-মরুভূমিৰ আশ্ৰম-অধিত্যকা—ভাৰতবৰ্ষৰ ভূমিৰ প্ৰাকৃতিক বিভাগ-আসাম দেশৰ প্ৰাকৃতিক গঢ়। ১০৪-১২০ পৃষ্ঠা

[ সূচীপত্ৰ ]

নৱম অধ্যায়।

পৃথিবীৰ অন্তৰভাগ।

 পৃথিবীৰ খোলাৰ তৰপা-তৰপি গঠন-তাৰ পৰা পৃথিবীৰ ইতি হাস কি জনা যায়—সময় সঙ্ঘটিত ইতিহাস জানিবৰ উপায় পোত গৈ থকা হাৰ-ঘাই দুবিধ স্তৰ-স্তৰৰ তালিকা সাগৰ আরু ভূমিৰ'স্থান পৰিবৰ্ত্তন-ভূমিৰ ঊৰ্দ্ধ ক্ষেপণ, অধোক্ষেপণ—তাৰ প্ৰমাণ আশিয়া আরু ইউৰোপৰ স্থানে২ আগৰ কালৰ সমুদ্ৰ—পৃথিবীৰ তাপ অন্তৰলৈ ক্ৰমে বেচি—পৃথিবীৰ মাজ ভাগ উত্তপ্ত দ্ৰৱ প্ৰস্তৰৰ সৰ্ব্ব প্ৰথম দ্ৰৱ উত্তপ্ত পিণ্ডবৎ অৱস্থা কিরূপে উত্তপ্ত পিণ্ডবৎ পৃথিবী চেঁচা হৈ পৰ্ব্বত সাগৰ থিত হৈছে—ট্ৰেপ-প্ৰস্তৰৰ উৎপত্তি- পূৰ্ব্ব কালৰ ভাৰতীয় আগ্নেয়-গিৰি। ••• ••• ১২০-১৩৪ পৃষ্ঠা।

দশম অধ্যায়।

ভূমিকম্প আরু আগ্নেয়গিৰি।

 ভূমি কম্পৰ লক্ষণ—আসাম দেশৰ ভূমিকম্প-ভূমি কম্পৰ কাৰণ—তিনি বিধ ভূমিকম্প-লিচকনৰ ভূমিকম্প—ৰণ হ্ৰদৰ উৎপত্তি আগ্নে-গিৰিৰ কাৰণ-তাৰ আকৃতি—অগ্ন্যুৎপাতৰ আনুষঙ্গিক ঘটনা বিলাক-কচেগুইনাত্‌ আগ্নেয়-গিৰিৰ উৎপাত; ভিচুভিয়চ আগ্নেয়-গিৰিৰ ছাইত হাৰ, কিউলেনীয়ন আৰু পম্পাই নগৰ পোত যোৱা-নুমুৱা আরু জলি থকা আগ্নেয়-গিৰি-জাবা দ্বীপৰ ৰোকা আগ্নেয়-গিৰি-সদ্যঃ উৎপন্ন মালপে আগ্নেয়-গিৰি আরু নৰগিৰি- —জলিথকা আগ্নেয়-গিৰিৰ সংখ্যা আরু শ্ৰেণী—সমুদ্ৰৰ তলৰ আগ্নেয়-গিৰি; বাড়বাগ্নি। ••••• ••••• ১৩৫-১৫৩ পৃষ্ঠা।

[ সূচীপত্ৰ ]

পঞ্চম প্ৰকৰণ।

উদ্ভিজ আরু প্ৰাণীৰ ভেঁদাভেদ।

একাদশ অধ্যায়।

দেশ ভেদে উদ্ভিজ ভেদ

 উদ্ভিজৰ গঢ় দেশে পতি লৰিবৰ কাৰণ-মানুহৰ প্ৰয়োজন লৈ উদ্ভিজৰ গঢ় লৰ—প্ৰায় সকলো ঠাইতে উদ্ভিজৰ অস্তিত্ব-কিহৰ ওপৰত উদ্ভিজৰ জীৱন—উদ্ভিজৰ জাতীয় বিভিন্নতা দেখুৱাবলৈ পৃথিবীক যি যি মণ্ডল (ভাগ) কৰা হৈছে—নিৰক্ষ-বৃত্তৰ পৰা দূৰতা আরু উচ্চতা—দুইৰো সম্পৰ্কে একে নিয়মেৰেই উদ্ভিজৰ বিভিন্নতা হয়—উদ্ভিজৰ ন্যুনাতীৰেক চাই পৃথিবীক যি যি মণ্ডল কৰা হৈছে— মানুহৰ অত্যন্ত উপকাৰী প্ৰধান গছ বন বিলাকৰ স্থান নিৰ্দ্দিষ্ট উদ্ভিজৰ পৰা দেশৰ হাৱা-পানী কেনেকৈ লৰ হব পাৰে—কি নিমিত্তে গবৰ্ণমেণ্টে হাবি (Reserved forest) ৰাখিছে। ১৪৪–১৫৬ পৃষ্ঠা

দ্বাদশ অধ্যায়।

দেশ ভেদে প্ৰাণীৰ ভেদ।

 উদ্ভিজৰ লৰ আরু প্ৰাণীৰ লৰ একে নিয়মেৰেই হয়—প্ৰাণী পাঁচ ভাগ কয়া হয়-কোন কোন বৰ্গৰ প্ৰাণী পৃথিবীৰ কোন কোন অংশত পোৱা যায়—পৃথিবী-পৃষ্ঠত বাস কৰা পৃষ্ঠ-স্থিত প্ৰাণীবৰ্গক ঠাই অনুসাৰে যি যি মণ্ডলী কৰা হৈছে শীত-মণ্ডলী-প্ৰাণীবৰ্গ-সম মণ্ডলী-প্ৰাণীবৰ্গ—সমমণ্ডলীৰ প্ৰাণী-বৰ্গৰ দুভাগ—নৈৰক্ষিক গ্ৰীষ্ম মণ্ডলী প্ৰাণীবৰ্গ—এই মণ্ডলী প্ৰাণীৰ অন্তৰ্গত বিভাগ—প্ৰাণীবৰ্গৰ প্ৰথম সৃষ্টিৰ স্থান—মানুহৰ পৰা প্ৰাণীবৰ্গৰ বৃদ্ধি বা ক্ষয়- মানুহ সৰ্ব্বত্ৰ বিদিত; উদ্ভিজ প্ৰাণীৰ দৰে মানুহৰ ঠাই কোনো বিশেষ [ সূচীপত্ৰ ] মণ্ডল নহয়—তেনে হোৱাৰ কাৰণ মানুহ জাতিক যি পাঁচ বৰ্ণকৈ ভাগ কৰা হৈছে—কাকশ্যসবৰ্ণ—মৌগলবৰ্ণ—আফৰিক বৰ্ণ—মালয়ীন বৰ্ণ—আমেৰিকবৰ্ণ—মানুহ জাতিৰ প্ৰাধান্য—অসমীয়া মানুহৰ ভবিষ্যত উন্নতিৰ আশা কৰি গ্ৰন্থৰ সমাপতি ১৫৬—১৭১ পৃষ্ঠা

 

পৰিশিষ্ট।

 

পাৰিভাষিক শব্দৰ অৰ্থ আরু ইংৰাজী প্ৰতিশব্দ ১৭৩–১৮৮পৃষ্ঠা

 

[ পাতনি ]

প্ৰাকৃত-ভূগোল।

গ্ৰন্থৰ জোৰণী।

ৰাহঁত! তোমালোকে যি পৃথিবীৰ ওপৰত খোজ কাঢ়ি ফুৰা, যি আকাশৰ তলত থাকা, যি পানীত গা ধোৱা আরু যাক পী খোৱা, তাৰ বিষয়ে একো জানিবৰ মন নেযায়নে? তোমাৰ ভৰিৰ তলত ভূমিকম্প, আকাশত বিজুলি আৰু গাজনি, আরু মেঘৰ পৰা বৰষুণ কেনেকৈ হয় তাক জানিবৰ নিমিত্তে হেপাহ নাই নে? এই হেপাহ সকলোৰে থাকে। কিবাহব তোমালোকেও সরুতে মাৰ বাপেৰাৰ ওচৰত বহি এই বিলাকৰ কথা অনেক বাৰ সুধিছিলা। কিন্তু তেওঁবিলাকৰ মুখত বা কোনো কিতাপত এই বিষয়ৰ কথা আদিৰ পৰা অন্তলৈকে শুনিবলৈ বা পঢ়িবলৈ নেপাই তোমালোকৰ সেই হেপাহ গুচিব পাৰে। এতিয়া আমাৰ ইচ্ছা এই যে তোমালোকৰ সেই নুমুৱা পিয়াহ আকৌ যেন জলিব। সেই ভাবিয়েই এই সরু পুথী খনি লিখিছোঁ; তোমালোকে পঢ়ি চাবা। ইয়াক পঢ়িলে ভূমিকম্প বৰষুণ আদি সকলো নৈসৰ্গিক ঘটনাৰ কথা জানিব পাৰিবা। কিন্তু যি বিলাক কথা বুজিবলৈ তোমালোকক উচটাইছোঁ সেই এটাই বিলাক কথা সহজে পতিওৱা টান; কিয়নো যাৰ কথা কম সেই বিলাক বস্তু তোমালোকৰ আগলৈ আনি দেখুৱাব নোৱাৰিম। যদি কওঁ পানী-নহরুৰ চাল তৰপে তৰপে গুচাই থাকা মানে ওলাই থাকে; পানী-নহরু নেদেখা লৰাই এই কথা বুজিবলৈ টান পাব; কিন্তু যদি পানী-নহরু এটা আনি [  ] দেখুৱাই দিওঁ তেতিয়া সেই লৰাই বুজিব পাৰিব। এতিয়া আমাৰ কাম তেনে নহয়। আমি যি কথা কম সি কোৱাতেই থাকিব; আগলৈ আনি দেখুৱাব নোৱাৰিম। ইয়াত যি লিখা হৈছে তাক ভালকৈ বুজি হয় নহয তোমালোকে নিজে পুৰুষাৰ্থ কৰি তাৰ প্ৰমাণ চাবা। প্ৰমাণ নেচাই কিতাপত কোনো এটা কথা লিখা আছে বুলি গ্ৰহণ কৰা উচিত নহয়। প্ৰমাণ চোৱাৰ পৰা বৰ উপকাৰ আছে; তুমি যি জ্ঞান কিতাপৰ পৰা পালা সেই জ্ঞান পৰীক্ষাৰ পৰা পকা হব, অৰু পৰীক্ষা কৰি চাওঁতেই পুৰণা জ্ঞানৰ বাহিৰে নতুন জ্ঞানৰ পম দেখিবলৈ পাব পাৰা; আৰু সেই পম খেদি নিলে কিবাহব এখন নতুন জ্ঞানৰ ৰাজ্যত ওলাবগৈ যি ৰাজ্যত কোনোএ কেতিয়াও প্ৰবেশ কৰা নাই। ভাত পিটিকি চালেই সিজাৰ প্ৰমাণ, খালৰ পানী নাখুটিৰে জুখিলেই প্ৰমাণ। কিন্তু ইয়াত লিখা কথা বিলাক, পতিযাবলৈ যি প্ৰমাণ চাব লাগিব সি ক্ষনতেকীয়া নহয়, এদিনে বা এমাতেও প্ৰমাণ চাব নোৱাৰি। এবছৰকি তাততকৈ অধিক কাল ব্যাপি প্ৰমাণ চালেহে কোনো এটা সিদ্ধান্ত কৰিব পাৰিবা। প্ৰথমতে, জানিবৰ নিমিত্তে হেপাহ, দ্বিতীয়ত, এই পুথী পাঠ, তৃতীয়ত লিখা কথাৰ প্ৰমাণ চোৱা এই তিনি বিষয় তোমালোকৰ পৰা হৈ উঠিলে মোৰ পৰিশ্ৰম যথেষ্টৰূপে সফল হব বুলি ভাবিছো আৰু আশাকৰোঁ সেইএ হলেই তোমালোকৰৰ মন মুকলি হব।

  যি শাস্ত্ৰত পৃথিবী পৃষ্ঠৰ আকৃতি প্ৰকৃতি, আৰু সেই আকৃতি প্ৰকৃতিৰ কাৰণ দিয়া হয় আৰু যি বিলাক স্বাভাৱিক ক্ৰিয়াৰ দ্বাৰা পৃথিবীপৃষ্ঠৰ বিকাৰ ঘটিছে সেই বিলাক চলাৰ নিয়ম আৰু বিবৰণ যত পোৱা যায় আৰু হাৱা-পানী অনুসৰি উদ্ভিজ আৰু প্ৰানীৰ যি প্ৰভেদ আছে তাক যত দেখুৱা হয় সেই শাস্ত্ৰকে প্ৰাকৃত ভূগোল কয়। [  ]   পৃথিবী-প্ৰকৃতিৰ সৰ্ব্ব প্ৰধান কাৰণ সূৰ্য্য, আৰু সূৰ্য্যৰ সম্পৰ্কে পৃথিবীৰ অৱস্থিতি, পৃথিবীৰ আকৃতি, বায়ু, পানী, পৃথিবী-গৰ্ব্ভস্থ অগ্নি, এই বিলাকে পৃথিবী-পৃষ্ঠৰ বৰ্তমান অৱস্থা হোৱাৰ দ্বিতীয় কাৰণ। এই নিমিত্তে কি দৰেনো এই বিলাক কাৰণ গোট খাই পৃথিবী-পৃষ্ঠৰ বৰ্ত্তমাণ ৰূপ উপস্থিত কৰিছে তাক ভাগে ভাগে এই পুথিতে দেখুৱা হব। প্ৰথম প্ৰকৰণত পৃথিবীৰ আকৃতি,পৰিমাণ আরু সূৰ্য্যৰ সৈতে কি ভাৱে অৱস্থিতি কৰে; দ্বিতীয় প্ৰকৰণত বায়ুৰ কথা আৰু তাৰ ওপৰত সূৰ্য্যৰ তাপে কি কৰে; তৃতীয়ত পানীৰ বিবৰণ আরু তাৰ ওপৰত চন্দ্ৰ সূৰ্যই কি কৰে; চতুৰ্থত পৃথিবী গৰ্ভস্থ অগ্নিৰ কথা আরু সকলোবিলাক কাৰণৰ ফল স্বৰুপ পৃথিবী পৃষ্ঠৰ বৰ্ত্তমান অৱস্থা; পঞ্চম প্ৰকৰণত পৃথিবীৰ ওপৰত বাস কৰা উদ্ভিজ প্ৰাণী বিলাকৰ কথা আরু হাৱাপানীৰ পৰা সেই বিলাকৰ কেনে প্ৰভেদ হৈছে আরু সেইবিলাকনো কেনেকৈ আরু এটা কাৰণ হৈ পৃথিবী- পৃষ্ঠৰ অৱস্থা পৰিবৰ্ত্তন কৰিছে ইয়াকে কোৱা যাব।

⸻⸻

[  ]
প্ৰথম প্ৰকৰণ।

পৃথিবীৰ আকৃতি, পৰিমাণ আরু সূৰ্য্যর সহিতে

কেনে ভাৱে অৱস্থিতি কৰে।

ঠক! তুমি যদি কেতিয়াবা মন কৰিছা, জানিব পাৰা যে বহু দূৰত থকা পৰ্ব্বতলৈ চালে তাৰ তল ভাগ দেখা নেযায়; মাজৰ দেশ খন মুকলিএই হক বা হবিএই হক। মুকলি ঠাই নেপালে বৰ ওখ এজোপা গছত উঠি চালেও মুকলি ঠাইত চোৱাৰ সমান। তেনে গছত উঠি চালেও, পৰ্ব্বত বিলাক যেন পৃথিবীৰ এটা গাঁতত সোমাই মুৰ উলিৱাই আছে এনে বোধ হয়। অথচ তুমি যদি পৰ্ব্বতৰ গুৰিলৈ যোৱা তেতিয়া সেই পৰ্ব্বতৰ তল ভাগ কোনো গাতৰ ভিতৰত থকা নেদেখা। সেই দৰে সাগৰত ফুৰা নাৱৰীয়া বিলাকেও দূৰত থকা জাহাজ বিলাকক পানীত সোমাই থকা যেন দেখে। তেওঁবিলাকে সাগৰৰ ওপৰত আপোনাৰ বাটেদি গৈ থাকোঁতে আন জাহাজৰ লগ পাব পাৰো বুলি বৰ আগ্ৰহেৰে আগ, ফাললৈ চাই যায়। সাগৰৰ দাতিত যত আকাশ নামিগৈ সাগৰেৰে মিল যেন দেখি তাতেই প্ৰথমতে তেওঁ বিলাকে কেনো জাহাজৰ মাস্তুলৰ নিচেই আগৰ দুখনি বা তিনি খনি সরু পাল পানীৰ ওপৰে ওলাই থকা দেখিবলৈ পায়। বাকি সমুদায় জাহাজ খন পাৰীৰ তলত থকা যেন দেখে। পাছে যেতিয়া দুই খন জাহাজ লাহে লাহে ওচৰা-উচৰি হয় ক্ৰমে তলৰ পাল বিলাক ওলায়; কিন্তু ভালে খিনি সময়ৰ পাছত যেতিয়া দুই খন জাহাজ দুই কি তিনি মাইলৰ ওচৰ চাপে, তেতিয়াহে সমূ- দায় জাহাজ দেখা পায়। ইয়াৰ কাৰণ কি? দূৰ বুলি গোটেই জাহাজ নেদেখা নহয়; কাৰণ সিমান দূৰত চকুৰ দ্বাৰায় জাহাজত কৈ [  ] অনেক গুণে সরু, পাল দেখিবলৈ পোৱা যায়। আকৌ তোমা- লোকে জানা যে আজি কালি দূৰ্ব্বীন বা দূৰবীক্ষণ নামে এবিধ যন্ত্ৰ ওলাইছে; তাৰে বহুত দূৰৰ বস্তুকে ভালৰূপে দেখা যায়। তাৰ সহায় লৈয়ে বা সুদা চকুৰেই কেতিয়াও বহু দূৰত থকা চাপৰ ৰস্তু বিলাক দেখা নেযায়। গছ বা পাহাৰে আৰ কৰিব নোৱাৰা এনে ওখ ঠাইত উঠিও আসামৰ পৰা কলিকাতা নগৰ, বঙ্গ উপসাগৰ, গঙ্গা নদী, ইত্যাদি ঠাই বিলাক দেখিব নোৱাৰি। ইয়াৰ কাৰণ কি হব পাৰে? আন কাৰণ একো নাই; মাত্ৰ পৃথিবী খন ৰেবাব টেঙ্গাৰ নিচিনা ঘূৰণীয়া। এই কাৰণে যৰে তৰে পৰা ওপৰত কোৱা দৃশ্য দেখিবলৈ পোৱা যায়। তাৰ প্ৰমাণ প্ৰথম প্ৰতিকৃতিৰ পৰা বুজি লবা।

  ক প খ গোলাকাৰ পৃথিবীৰ ওপৰ ভাগৰ এক অংশ; ক খ দুখন জাহাজ অন্তৰত আছে। ক জাহাজৰ নাৱৰীয়াৰ ন ট দৃষ্টি ৰেখা, অৰ্থাৎ সেই ৰেখাইদি তাৰ দৃষ্টি যায়। পৃথিবীৰ কুজ বৰূপ প ঠাইৰ পানী আৰ কৰা বাবে সেই ৰেখাতকৈ তলত থকা প ঠাইৰ সিফালে কোনো বস্তু সেই নাৱৰীয়াই দেখিব নোৱাৰে। জাহাজ খনৰ নিচেই মূৰৰ পাল এখন মাত্ৰ এই ৰেখাৰ ওপৰে ওলাই [  ] আছে; সেই বাবে খ ঠাইৰ কেৱল সেই পাল খনিহে দেখা পাব। সেই জাহাজ গ ঠাই পালেহি তলৰ পাল খন দিয়েককে দেখিব পাৰিব। ক্ৰমে যেতিয়া প ঠাই পাবহি তেতিয়া সমুদায় জাহাজ ঋন পানীৰ ওপৰে ওলোৱা দেখিব। আরু বেলুনত উঠিও যিমান কি ওপৰলৈ যোৱানহক কেতিয়াও সম্পূৰ্ণ পৃথিবী দেখা নেযায়; মাত্ৰ ক্ৰমে দিগ্‌-বলয় বহল দেখি। পৃথিবী খন পিৰাৰ নিচিনা চেপেটা হোৱাহলে ২য় প্ৰতিকৃতিৰ পৰা জনা যাব যে অলপ ওখ ঠাইত উঠি চালেই সমুদায় পৃথিবী খন দেখা পোৱা গল হেতেন।

  পৃথিবীৰ গোলত্ব প্ৰমাণ কৰিবলৈ ওপৰত দিয়া টোৰ বাহিৰেও আৰু আন প্ৰমাণ দিব পাৰি। প্ৰথম। — মেগেলেন, কুক আদি কৰি বৰ্ত্তমান কাললকে অনেক নাৱৰীয়াই পূবৰ পৰা পশ্চিমলৈ বা পশ্চিমৰ পৰা পূবলৈ মুকৈ নোভোতাকৈ একে দিশে সাগৰে দি গৈছিল। শেষত যি ঠাইৰ পৰা গৈছিলে সেই ঠাই পুনৰ পাইছিলহি। দ্বিতীয়। — জ্যোতিষীয়া পণ্ডিত সকলে প্ৰমাণ পাইছে যে পৃথিবীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলে চন্দ্ৰগ্ৰহণ হয়; পৃথিবী যেনে ভাৰে নেথাকক তেও সেই ছাঁ সদায় ঘুৰণীয়া হৈ পৰে; কেৱল বৰ্ত্তালাকাৰ বস্তুৰ সকলো ভাৱতে ছাঁ ঘুৰণীয়া হয়।

  পৃথিবী সম্পূৰ্ণ বৰ্ত্তূলাকাৰ নহয়; দুই মুৰে অৰ্থাৎ উত্তৰে দক্ষিণে হেচা আৰু মাজত ফিক্‌ খোৱা। এই কাৰণে ৰেবাব টেঙ্গাৰ সদৃশ বোলা হয়। সোহৰ বৃত্তাকাৰ মেৰ এটাৰ এফালে এহাতে আৰু অৰ পোমে-পোনে সিফালে এহাতে হেচাজি ওজন মানুহে [  ] ধৰি থাকিলে আরু আন এজনে সেই মেৰ ঘুৰালে যি বৰ্ত্তূলাকাৰ আকৃতিৰ গোলক এটি সজা হব পৃথিবীও ঠিক তদ্ৰূপ। পৃথিবীৰ উত্তৰ-দক্ষিণা ব্যাস ৭,৯০০ মাইল; পূৰ্ব-পশ্চিমা ব্যাস ৭,৯২৬ মাইল।

  এই প্ৰকাণ্ড প্ৰায়বৰ্ত্তুল পৃথিবী স্থিৰ নহয়, লাটুমৰ দৰে ঘুৰি আছে। তাৰ প্ৰমাণ অনেক; কিন্তু সেই বিলাক জ্যোতিষ শাস্ত্ৰ আরু শক্তি শাস্ত্ৰ নেজানিলে বুজা টান। এটি সাধাৰণ প্ৰমাণ এই যে পৃথিবীৰ লগৰ গ্ৰহবিলাক আৰু চন্দ্ৰ সূৰ্য কোনোটিও স্থিৰ নহয়; নিজ মেরুদণ্ডত লাটুমৰ দৰে ঘুৰি আছে। পৃথিবী ও দিনটোত এবাৰ এই দৰে ঘূৰে, এই নিমিত্তে এই গতিক আহ্নিক গতি বলে। ইয়াৰ বাজে পৃথিবীৰ আৰু এটি গতি আছে; সি বাৰ্ষিক অৰ্থাৎ নিজ মেরুদণ্ডৎ ঘুৰিঘুৰি সূৰ্য্যৰ চাৰিও ফালে পৰিভ্ৰমণ কৰি বছৰত এবাৰ তেওঁক প্ৰদক্ষিণ কৰে। যদি এটা লাটুম মেজ এখনৰ ওপৰত ঘুৰি ফুৰোঁতে তাৰ মুখে এটা বৃত্ত সাজে, তেন্তে এই লাটুমৰ গতিৰে সৈতে পৃথিবীৰ গতি তুলনা কৰিব পাৰি। বৃত্তৰ কেন্দ্ৰক সূৰ্য্য স্বরূপ, লাটুক পৃথিবী স্বরূপ, মুখৰপৰা মুৰলৈকে যে কাল্পনিক মধ্যৰেখাৰ চাৰিওফালে লাটুম ঘুৰে তাক পৃথিবীৰ মেরুদণ্ড স্বৰূপ, বৃত্তটিক তাৰ কক্ষ স্বরূপ অনুমান করিলেও পৃথিবীৰ গতি কিছু পৰিমাণে হৃদয়ঙ্গম হব। লাটুম এক আধাৰৰ ওপৰত ঘুৰে; কিন্তু পৃথিবী বিনা আধাৰে সেইরূপে শূন্যেতে ঘুৰিছে।

  তোমালোকে কব পাৰা, যদি পৃথিবী এনে অস্থিৰ জামালোকে গম পাব লাগিছিল আরু তাত থকা জন্তু মানুহ বিলাক সৰি পৰিল হেতেন। তেন্তে কিয় নপৰে আরু গম পোৱা নেয় কিন্তু কওঁ গুনা। বিশ্ব জগতত যত পদাৰ্থ আছে সকলোৰে পৰস্পৰৰ মাজত এটি আকৰ্ষণ শক্তি বৰ্তমান আছে; পদাৰ্থ মাত্ৰৰে ইটো সিটোক আকৰ্ষণ কৰা গুণ আছে। চুম্বক পাৰে যেনেকৈ আলাগতে লোহক আকৰ্ষণ কৰি নিজৰ ফালৰ টানে সেই দৰে এক পদাৰ্থই আন পদাৰ্থক [  ] টানি থাকে। পৃথিবীএও তাৰ ওপৰত থকা বা দূৰত থকা সকলো বস্তুকে আরু সকলো বস্তুএ পৃথিৰীক নিজ নিজ গাৰ ফাললৈ টানি আছে। কিন্তু পৃথিবীৰ এই প্ৰকাণ্ড শৰীৰৰ মানত, আমি সচৰাচৰ দেখা বস্তু বিলাক ইমান ক্ষুদ্ৰ যে ভিতৰৰ কোনো দুই বস্তুৰ পৰস্পৰৰ মাজত থকা আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখিবলৈ- নেপাওঁ। কিন্তু পৃথিবীৰ পৰা বহু দূৰত শূন্য জগতত সকলো পদাৰ্থৰ আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখা গৈছে আক পৃথিবীৰ ওপৰতত পৰ্ব্বত বিলাক কিছু ডাঙ্গৰ বুলি সিহঁতৰ আৰু আন এটা বস্তুৰ মাজত যি আকৰ্ষণ শক্তি থাকে তাৰ কাৰ্য্য দেখিবলৈ পোৱা যায়। এটা পৰ্ব্বতৰ ওচৰত এটি ওলোম ধৰিলে জৰি ডালি আন ঠাইত যেনেকৈ পৃথিবীলৈ লম্ব হয় সেই দৰে তাত নহৈ যৎকিঞ্চিৎ পৰ্ব্বতৰ ফাললৈ ঢাল লয়; কিন্তু ইয়াক চকুৰে ঠাৱৰিব নোৱাৰি। মাত্ৰ পণ্ডিত সকলে যন্ত্ৰ আৰু গণনাৰ আশ্ৰয় লৈ স্থিৰ কৰিছে। পৃথি- বীৰ ওপৰত হলে পৃথিবীৰ আকৰ্ষণ শক্তিহে প্ৰধানকৈ প্ৰকাশ পায়; তাৰ কাৰ্য্য অহৰ্নিশে দেখা পাবই লাগিছোহঁক। জড় পদাৰ্থৰ নিজে লৰিবৰ ক্ষমতা নাই; তাক যতে থোৰা যায় ততে থাকে। বাহিৰৰ পৰা কোনো টান বা ঠেলা নেপালে নলৰে। তেন্তে গছৰ ফল, শেনিৰ পৰা এৰালে যে মাটিলৈ নামি আহে এইটি পৃথিবীৰ আকৰ্ষণ শক্তিৰ বাহিৰে আনৰ কাৰ্য্য হব নোৱাৰে; পৃথিবীৰ ফালৰ পৰা এটা টান নপৰা হলে শেনিত লাগি থাকোঁতে যতে আছিল এৰাতত তুতে থাকিব লাগিছিল; নতুবা আন এফাললৈও যাব পাৰিলে হেতেন। এই টান সকলো বস্তুৰ ওপৰত সদা সৰ্ব্বদা আছে। যেতিয়ালকে আকৰ্ষণ শক্তিৰ বিৰোধে আন এটা সমতুল শক্তিএ বস্তুটিক ৰক্ষা কৰি থয় তেতিয়ালকে মাটিলৈ নপৰে। ৰক্ষা কৰিব নোৱাৰা হোৱা মাত্ৰ মাটিলৈ আহে। গছত ফল ওলোমাই ৰখা শেনি পকি পচি যেতিয়াই আশৰ সমান বলেৰে [  ] ধৰি ৰাখিব পৰা শক্তি নেপোৱা হল তেতিয়াই পৃথিবীএ আপোনাৰ আকৰ্ষণ শক্তি বলেৰে শেনিক পৰাজয় কৰি সেই ফলক টানি আনি নিজ শৰীৰত ৰাখে। এই আকৰ্ষণ শক্তিক মাধ্যাকৰ্ষণ শক্তি বোলে। এই শক্তিৰ নিমিত্তেই কোনো বস্তু পৃথিবীৰ পৰা এৰাব নোৱাৰে। কোনো বিপক্ষ শক্তি, যেনে জাঁপ দিয়া, ওপৰলৈ গুলীওয়া, ইত্যাদিৰ সহায়ত কোনো পদাৰ্থ অলপকালৰ নিমিত্তে এৰাব পাৰিলেও পৃথিবীৰ মাধ্যাকৰ্ষণে পুনৰ তাক পৃথিবীলৈ আনে। তাৰ কাৰণেই পৃথিবী যি দৰে ঘুৰক, যিমান বেগে ঘুৰক, তাৰ ওপৰত থকা বস্তু বিলাকৰ লৰচৰ নহয়; ঠিক যেনেকৈ লোহৰ গুৰি ওপৰত ৰাখি চুম্বক পাথৰ এডোখৰ ললে গুৰি বিলাক নিজ ঠাইৰ পৰা নলৰে। লোহৰ গজাল এটা চুম্বকত লাগি থাকিলে তাক এরুয়াবলৈ আরু এরুৱাই চুম্বকত নপৰাকৈ অতৰত ৰাখিবলৈ কিছু শক্তিৰ আৱশ্যক। সেইদৰে পৃথিবীৰ পৰা কোন বস্তু এরুৱাবলৈ আৰু তাৰ পৰা আত- ৰত ৰাখিবলৈ কিছু শক্তিৰ আৱশ্যক। এই কাৰণেই বস্তুৰ ভাৰ আছে; পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি নথকা হলে কেতিয়াও বস্তুৰ ভাৰ নহল হেতেন; চুম্বকৰ দৃষ্টান্ত দিয়াত তোমালোকে মনত নেভা বিৰা যে চুম্বকৰ আকৰ্ষণ আৰু পৃথিবীৰ মাধ্যাকৰ্ষণ॥ দুইও একে; চুম্বক পাথৰৰ আকৰ্ষণ যাক চৌম্বকাকৰ্ষণ বোলা হয় সি জাতীয় অৰ্থাৎ চুম্বক, নিকল, কবাল্‌ট, ক্ৰমিয়াম আদি গুটি দিয়েক পদাৰ্থত মাত্ৰ পোৱা যায়; আন বস্তুত দেখা নেযায়। কিন্তু মাধ্যাকৰ্ষণ শক্তি জাতীয় নহয়; ই বিশ্বজগতৰ সকলো বস্তুতে আছে আরু চুম্বক নিকল আদিৰ গাতত নিজ জাতীয় আকৰ্ষণ গুণৰ বাহিৰে মাধ্যাকৰ্ষণ শক্তি আছে।

  বিশ্ব জগতত যত গ্ৰহ, নক্ষত্ৰাদি পদাৰ্থ আছে সকলোতে এই আকৰ্ষণ শক্তি বৰ্ত্তমান আছে। পদাৰ্থ মাত্ৰতেই এই শক্তি বৰ্ত্তমান। এই আকৰ্ষণ শক্তিৰ ওপৰতেই গ্ৰহাদিৰ গতি নিৰ্ভৰ কৰে। পৃথিবী [ ১০ ] আরু সূৰ্য্য এই দুইৰ মাজতো মাধ্যাকৰ্ষণ শক্তি থাকি দুইবো গোটাবলৈ উন্মুখ আছে, আৰু তাৰ বিপক্ষে কোনো শক্তি নথকা হলে দুইকো একে লগ কৰিলে হেতেন। সেই বিপক্ষ শক্তি পৃথিবীৰ চক্ৰাকৃতি পৰিভ্ৰমণৰ পৰা ওলাইছে। কুমাৰৰ চাক ঘুৰিলে মাটি বাহিৰলৈ উফৰি যায়; চৰিয়া এটাত পানী ঘুৰালে মাজ এৰি কাস- ৰলৈ যায় মাজত খল পবে; জৰি এডালৰ মুৰত গধূৰ বস্তু এটি বান্ধি ঘুৰালে জৰি ছিগিবৰ ভয় হয়; ছিগিলে বেগেৰে বহু দূৰত পৰে। এইবিলাক ঘটনালৈ মন দিলে সুন্দৰ ৰূপে জনা যায় যে পদাৰ্থ ঘুৰিলে বিকৰ্ষণ শক্তি অৰ্থাৎ বাহিৰলৈ বল এটি উৎপন্ন হয়। যদি এটা গিলাচৰ মুখত জৰি এডাল লগাই সাক তাত পানী ভৰাই প্ৰথমে লাহে লাহে দোলাই শেষত মুৰৰ ওপৰে ঘুৱা যায়, গিলাচ মুৰৰ ওপৰে গৈ উবুৰি হলেও তাৰ পানী এটোপাও নপৰে। কাৰণ গিলাচ আৰু জৰিৰ নিমিত্তে পানী বাহিৰলৈ যাব নোৱাৰে আৰু বিকৰ্ষণ শক্তিৰ নিমিত্তে উবুৰি হলেও পৃথিবীলৈ নপৰে। তদ্ৰুপ মাধ্যাকৰ্ষণ শক্তিৰ নিমিত্তে পৃথিবী সূৰ্য্যৰ পৰা সম্পূৰ্ণ এৰাব নোৱাৰে আরু বিকৰ্ষণ শক্তিৰ বাবে মাধ্যাকৰ্ষণৰ সত্বেও সূয্যত নপৰে। যদি কোনো ঘটনাক্ৰমে পৃথিবীৰ গতি বন্ধ হয় তৎক্ষণাৎ পৃথিবী সূৰ্য্যত পৰি দ্ৰৱ হব। চন্দ্ৰ ও এই মাধ্যাকৰ্ষণ আরু বিকৰ্ষণ শক্তিৰ বশহৈ পৃথিবীক প্ৰদক্ষিণ কৰিছে।

  পৃথিবীএ যি পথেগৈ বছৰত এবাৰ সূৰ্য্যক প্ৰদক্ষিণ কৰে তাক পৃথিবীৰ কক্ষ বোলে। সেই কক্ষ সম্পূৰ্ণে ঘূৰণীয়া নহয়; সি এটা প্ৰকাণ্ড বৃত্তাভাস। তাৰ ব্যাস সকলো ফাললৈ সমান নহয়। সকলোতকৈ যিটো ব্যাস দীঘল তাক গৰিষ্ঠ ব্যাস কয়; তালৈকে লম্বহৈ যি ব্যাস আছে সি সকলোতকৈ ছুটি; তাৰ নাম লঘিষ্ঠ ব্যাস। লঘিষ্ঠ ব্যাস আরু গৰিষ্ঠ ব্যাসৰ সংযোগ স্থলৰনাম বৃত্তাভাসৰ কেন্দ্ৰ। সূৰ্য্য সেই কেন্দ্ৰৰ পৰা কিছু অতৰত অথবা বৃত্তাভাসৰ দুটি অধি[ ১১ ] শ্ৰয়ৰ এটিৰ ওপৰত আছে। সূৰ্য্য, গৰিষ্ঠ ব্যাসক ১৭ ভাগ কৰি ইফালে ৮ ভাগ আরু সিফালে, ৯ ভাগ এৰি দুইৰৰ মাজতে অৱস্থিতি কৰে। এই হেতু পৃথিবী এসময়ত সূৰ্য্যৰ ওচৰ হয় আরু ছমাহৰ পাছত আন সকলো দিনতকৈ আঁতৰ হয়। প্ৰথম স্থলত পৃথিবী সূৰ্য্যৰ পৰা প্ৰায় ৮ কোটি মাইল আরু শেষৰ স্থলত ৯ কোটি মাইলৰ দূৰত থাকে।

  তাপ যিবস্তুৰ পৰা পোৱা যায় অথবা যিবস্তু তাপৰ আকৰ সেই বস্তুৰ পৰা দূৰত থকা বস্তুতকৈ ওচৰত থকা বস্তুএ তাপ অধিক পায় বুলি সকলো জানে। সেই কাৰণে পৃথিবীএ প্ৰথম স্থলত অধিক আৰ শেষৰ সুলত কম তাপ পাব পায়; কিন্তু বৰ্তমান অৱস্থাত জাৰকালি পৃথিবী সূৰ্য্যৰ ওচৰ হয়, জহ কালি আতৰ হয়; জাৰ জহ হোৱাৰ আন কাৰণো আছে।

  এইরূপ বৃত্তাভাস-কমেদি পৃথিবএ নাটুমৰ নিচিনাকৈ ঘুৰি ঘুৰি ৩৬৫ দিন ৬ঘণ্টা ৯ মিনিটত সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰে। যি মেৰুদণ্ডক মাজত ৰৈ পৃথিবী ঘুৰে সি পৃথিবীৰ কক্ষ স্থলৰ প্ৰতি লম্ব নহয় কিন্তু কক্ষ-স্থলৰ সৈতে ৬৬° - ৩২১/২; কোন কৰি তালৈ হেলনীয়া হৈ পৰিভ্ৰমণ কৰিছে। যদি এটি লাটুম কলডিলীযা নহৈ প্ৰায় বৰ্ত্তলাকাৰ হয়, যি হলক আধাৰ কৰি ঘূৰে তাত তাৰ অৰ্দ্ধেক খিনি সোমায়, আৰু তাৰ শলখা সেই স্থলৰ প্ৰতি থিয় নহৈ চিৰকাল একেফাললৈ হেলনীয়া হৈ এটি বৃত্তাভাস সাজে তেনে হলে সেই লাটুমে, তাৰ গতিৰে, আরু তাৰ দ্বাৰায় টানা বৃত্তাভাসৰ এটি অধিশ্ৰয়ে, পৃথিবী পৃথিবীৰ গতি আৰু সূৰ্য্য বুজাব পাৰে। ইয়াত যদি পাঠকৰ মনেৰে সূৰ্য্য আৰু পৃথিবী দুইয়ো পৰস্পৰৰ সম্বন্ধে কেনে ভাৱত আছে এই বিষয় পৰিষ্কাৰ হোৱা নাই তেন্তে পাছত দিয়া তিনটা প্ৰতিকৃতিৰ পৰা সকলো সংশয় ছেদ হব এনে আশা কৰো। এই কিতাপলৈ চোৱাৰ দৰে ওপৰৰ পৰা পৃথিবীৰ কক্ষ [ ১২ ] স্থললৈ চালে কক্ষ স্থলক যেনে দেখা যাব তাক তৃতীয় প্ৰতিকৃতিত দিয়া হৈছে। এই প্ৰতিকৃতিৰ পৰা কক্ষৰ আকৃতি আৰু মেরুদণ্ডৰ ঢাল জনা যায়। ইয়াত স সুমেরু। ২১ চেপ্টেম্বৰত পৃথিবী যি পোনে হব সেই ফালৰ পৰা কক্ষ স্থলৰ দাঁতিয়েদি চালে তাক এটি ৰেখা যেন দেখা যায়; যেনেকৈ বাও নোহাৱা চিলট এখনক তাৰ ধাৰৰ পোনে চালে ৰেখাৰ নিচিনা দেখা হয়। সেই দৰে চালে সুৰ্য্যৰ সম্বন্ধে পৃথিবীৰ অৱস্থিতি যেনে দেখা যাব তাক ৪ৰ্থ প্ৰতি

  ৩য় প্ৰতিকৃতি।

২১ মাৰ্চ
২১ চেপ্টেম্বৰ

কৃতিত দিয়া হৈছে। এই প্ৰতিকৃতিত পৃথিবীৰ মেরুদণ্ড যে কক্ষ স্থলৰ প্ৰতি সদাই একে ফাললৈ হেলনীয়াহৈ ফুৰে, আরু একে দৰে হেলনীয়া হৈ যে কেন্দ্ৰ স্থলৰ সৈতে ৬৬°–৩২ ১/২ কোণ কৰে অথচ সূৰ্যৰ কিৰণৰ সৈতে ২১ জুনতকৈ কোনো তাৰিখতে মেরুদণ্ডই সরূ কোণ আৰু ২১ ডিচেম্বৰ তাৰিখতকৈ ডাঙ্গৰ কৰিব নোৱাৰে, এই প্ৰকাশ হয়। ২১ ডিচেম্বৰ তাৰিখত পৃথিবী যি [ ১৩ ] পোনে হয় সেই পোনৰ পৰা কক্ষৰ দাঁতিয়ে দি চালে যেনে দেখা যাব তাক ৫ম প্ৰতিকৃতিত দিয়া হৈছে। এই প্ৰতিকৃতিৰ সহায়ত জানিব পাৰি যে মেরুদণ্ড কক্ষস্থলৰ প্ৰতি সদাই একে ভাৱে ঢাল- লোৱা হলেও ২১ চেপ্টেম্বৰতে আরূ ২১ মাৰ্চতে মেরুদণ্ড সুৰ্য-কিৰণৰ প্ৰতি লম্ব হয়। ঠাইয়ে নোজাৰাত সূৰ্যৰ আরু পৃথিবীৰ আকাৰ আরু পৰস্পৰৰ মাজত দূৰৰ যথাৰ্থ অনুপাত দেখুৱাব নোৱাৰি; সূৰ্য্যৰ যথাৰ্থ আকাৰ আরু তাৰপৰা আমালৈ দূৰ চাই কলে এই প্ৰতি কৃতিত পৃথিবী আকাৰ এটি ফুটতকৈও সরু হব লাগে।

  মেরুদণ্ড কক্ষস্থললৈ কাতি ভাৱে থকাকৈ পৃথিবীএ পৰিভ্ৰমণ আরু আবৰ্ত্তন কৰাত দিন, ৰাতিৰ আৰু ঋতুৰ পৰিবৰ্ত্তন হব লাগিছে। এখন জাহাজাত উঠি ভুটীয়াই গলে পাৰৰ গৰা, গছ, ইত্যাদি বিলাক উজাই যোৱা যেন দেখি। সেই দৰে পৃথিবী পশ্চিমৰ পৰা পূবলৈ ফুৰাত আৰু তাৰ লগে-লগে আমালোকো পশ্চি- মৰ পৰা পূবলৈ যোৱাত সূৰ্য্য চন্দ্ৰাদিক পূবৰ পৰা পশ্চিমলৈ যোৱা যেন দেখোঁহক। পৃথিবীৰ লগত আমালোকে ঘুৰি যেতিয়া সূৰ্য্যৰ ফাললৈ আহোঁ তেতিয়া আমালোকলৈ দিন হয় আরু যেতিয়া সূৰ্য্য নথকা ফাললৈ যাও তেতিয়া ৰাতি হয়। পশ্চিমৰ পৰা পূবলৈ


  শিক্ষকে যদি এডুখৰি তুলাপাতত তাৰ দাঁতিৰ ভাৱে ভাৱে সমান্তৰালকৈ কেবাটিও কাঁড় ৰেখা টানি লয় আৰু মেজৰ ওপৰত হেলনীয়াকৈ পেঞ্চিল এডাল থিৱ কৰি তাৰ চাৰিওফালে গাতে লগাই তুলাপাত ঘুৰায় আরু কাঁড় ৰেখা বিলাকক সূৰ্য্যৰ কিৰণ বুলি, মেজকে পৃথিবীৰ কক্ষ হল বুলি আরু পেঞ্চিলক মেৰুদণ্ড বুলি মনতে ধৰিবলৈ ছাত্ৰবিলাকক কয়, তেন্তে সিহঁতক বেচকৈ বুজাৰ পাৰিব, কেনেকৈনো মেরুদণ্ড কক্ষৰ প্ৰতি সদাই হেলনীয়া হৈ থাকিও সূৰ্য্যৰ প্ৰতি এসময়ত লম্ব হয় আরু আন সময়ত তাৰে সৈতে সুক্ষ্ম কি স্কুল কোণ কৰিব পাৰে।

[ ১৪ ] পৃথিবী ঘুৰা হেতু চন্দ্ৰ সূৰ্য্যাদিক প্ৰথমে পূবত দেখা যায়; ক্ৰমে আহি পশ্চিমৰ ফালে নেদেখা হয়। সৰ্ব্ব প্ৰথমে সূৰ্য্যক পূবত দেখিলে তেওঁৰ উদয় আরু পশ্চিমত নেদেখা হলে অন্ত হয়। যি পোনে সূৰ্য্যক এবাৰ দেখা হৈছিল সেই পোন পৃথিবী ঘুৰি আকৌ পালেহি এক অহোৰাত্ৰ সম্পূৰ্ণ হয়।

  সকলো কালত আৰু সকলো স্থানত দিন ৰাতি সমান নহয়, আমলোকৰ দেশত জহ কালি দিন দীঘল ৰাতি ছুটি, জাৰ কালি ৰাতি দীঘল দিন ছুটি। 'আন সকলো দিনতকৈ ২১ জুনত দিন আৰু ২১ ডিচেম্বৰত ৰাতি দীঘল কিন্তু ২১ মাৰ্চ আরু ২১ চেপ্টেম্বৰত দিন ৰাতি সমান। কিন্তু নিৰক্ষ বৃত্তত দিনৰাতি, চিৰকাল সমান ইয়াৰ কাৰণ আছে। কোনো ত্ৰিভুজ, বাহু ভূমিতকৈ অনেক গুণে দীঘল হলে বাহুদ্বয় প্ৰায় সমান্তৰাল হয়। সূৰ্য্যৰ যি বিলাক কিৰণ পৃথিবীৰ ওপৰলৈ আহে সেই বিলাক ত্ৰিভুজৰ মুৰৰ পৰা অহা বাহুৰ নিচিনা আরু পৃথিবী ভূমি স্বরূপ। পৃথিবীৰ ব্যাসতকৈ সূৰ্য্যৰ দূৰ অনন্ত গুণে দীঘল হোৱাৰ নিমিত্তে কিৰণ বিলাকক সমান্তৰাল বুলিব পাৰি। সেই কাৰণে সূৰ্য্যৰ কিৰণত পৃথিবীৰ সমানে এফাল মাত্ৰ পোহৰ হয়, বাকি গোলাৰ্দ্ধ আন্ধাৰত থাকে। পোহৰ ভাগ আৰু আন্ধাৰ ভাগৰ মাজত যি সীমা-ৰেখা হয় সেই সীমা-ৰেখা এক গৰিষ্ঠ বৃত্ত আরু সদাই কিৰণ পূঞ্জর প্ৰতি লম্বভাৱে থাকে। কিন্তু পৃথিবীৰ মেরুদণ্ড ২১ চেপ্টেম্বৰ আরু ২১ মাৰ্চ তাৰিখৰ বাহিৰে কেতিয়াও কিৰণ- পূঞ্জৰ প্ৰতি লম্ব নহয়; তাৰ প্ৰমাণ ৪ৰ্থ আৰু ৫ম প্ৰতিকৃতিৰ পৰা পোৱা যাব। সেই হেতু পোহৰ আৰু আন্ধাৰৰ সীমা-ৰেখা কেৱল ২১ চেপ্টেম্বৰ আৰু ২১ মাৰ্চ তাৰিখত মেরুৰ ওপৰে যায়; আন সময়ত মেৰু দুটি সেই সীমাৰেখাৰ অলপ নহয় অলপ ইফালে বা সিফালে পৰে। ২১ ডিচেম্বৰ আৰু ২১ জুনত মেরু দুটি সেই ৰেখাৰ পৰা আন দিনতকৈ বেচি দূৰ হয়। [ ১৫ ]   পৃথিবীৰ প্ৰতিকৃতিত যি ভাগ ঘোৰকৈ লিখা আছে সেই ভাগে আন্ধাৰ আরু যি ভাগ পৰিষ্কাৰ সেই ভাগে পোৰ বুজাইছে। ঘ চ উত্তৰ মেরু-বৃত্ত; ঘ চ দক্ষিণ মেরু বৃত্ত; ঘৰ্ম আন্ধাৰ আরু পোহৰৰ মাজৰ সীমাৰেখা; ম ৰ কৰ্কট ক্ৰান্তি, ম ম মকৰ ক্ৰান্তি;

কাঁড়বিলাকে সূৰ্য-কিৰণৰ গতি দেখাইছে। ৪ৰ্থ প্ৰতিকৃতিত যদি ‘আ’ আখৰেৰে আমাৰ দেশ খন বুজাওঁ পৃথিবী ঘূৰা বাবে ‘আ’ দেশৰ গতি আ ক ৰেখায়দি হব; এই ৰেখা নিৰক্ষ বৃত্তৰ সমান্তৰাল। ২১ জুনৰ অৱস্থিতি দেখা যায় যে আ ক ৰেখাৰ সৰহ ভাগ পোহৰত আরু কম ভাগ আন্ধাৰত আছে। সেই নিমিত্তে সেই দিন। “আ” দেশে সৰহভাগ সময় পোহৰত যাবলৈ পায় অৰ্থাৎ দিন দীঘল হয় আরু কম ভাগ সময় আন্ধাৰত যায় অৰ্থাৎ ৰাতি ছুটি হয়। কিন্তু ২১ ডিচেম্বৰত আ ক ৰেখাৰ সৰহ ভাগ আন্ধাৰত আরু কম ভাগ পোহৰত এই নিমিত্তে “আ” দেশে সৰহ ভাগ সময় আন্ধাৰত আৰু কম ভাগ সময় পোহৰত যায় অৰ্থাৎ ৰাতি দীঘল হয় আৰু দিন ছুটি হয়। দক্ষিণ গোলাৰ্দ্ধত নিৰক্ষ বৃত্তৰ পৰা আ দেশৰ সৈতে সমদূৰ বৰ্ত্তী আ ঠাইত আ দেশৰ বিপৰীত ঘটে। য ৰ্চ সীমাৰেখা ২১ মাৰ্চ আরু ২১ চেপ্টেম্বৰ তাৰিখৰ বাহিৰে আন দিন ত কেতিয়াও দুই মেরুৰ ওপৰেদি নেযায়; এই হেতু আন দিন ত দিন ৰাতি. অসমান থাকে। ২১ ডিচেম্বৰ আরু ২১ জুন [ ১৬ ] তাৰিখত দিন ৰাতি অসমান হোৱা কাৰণৰ যি ব্যাখ্যা দিয়া হৈছে সেই ব্যাখ্যা এই স্থলতো খাটিব। যি দুদিনত মেরুৰ ওপৰেদি ঘ ৰ্চ সীমা-ৰেখা যায় সেই দুদিনত দিন ৰাতি সমান হয়। কাৰণ পৃথিবীৰ আবৰ্ত্তনৰ পৰা যি কোনো দেশে যি গতি লয় সেই গতি সদায় নিৰক্ষ বৃত্তৰ সমান্তৰাল আরু মাধ্যাহ্নিক বা দ্ৰাঘিমা ৰেখাই নিৰক্ষ বৃত্তক সম- দ্বিখণ্ড কৰাৰ দৰে তাৰ সমান্তৰাল ৰেখা বিলাককো সম দ্বিখণ্ড কৰে; এই দুদিনত ঘ ৰ্চ সীমাৰেখা মেরুৰ ওপৰে যায় বুলি মাধ্যাহ্নিক বা দ্ৰাঘিমা ৰেখাৰ সৈতে মিলিপৰে। পঞ্চম প্ৰতিকৃতিৰ পৰা এই কথা পৰিষ্কাৰ হব। ২১ চেপ্তেম্বৰ আৰু ২১ মাৰ্চ তাৰিখত অন্ধকাৰ

আরু পোহৰৰ সীমা-ৰেখা মেরুৰ ওপৰে গৈছে আৰু মাধ্যাহ্নিক বা দ্ৰাঘিমা ৰেখাৰে মিলি পৰিছে। সুমেরুবৃত্ত, আরু আমাৰ দেশেৰ গতি বুজুৱা আ ক বৃত্তক সীমা ৰেখাই সম-দ্বিখণ্ড কৰিছে; সেই নিমিত্তে এই দুই দিনত আমাৰ দেশত দিন টোৰ সমানে এফাল সময় পোহৰত যাব আরু এফাল সময় আন্ধাৰত যাব অৰ্থাৎ দিন ৰাতি সমান হব। আন আন দেশৰো সেই কথা; নিৰক্ষ বৃত্তত সদাই দিন ৰাতি সমান থাকে; কাৰণ খ গ সীমা-ৰেখা এটি গৰিষ্ঠ বৃত্ত বুলি সি সদাই নিৰক্ষ বৃত্তক সমদ্বিখণ্ড কৰে; তাৰ প্ৰমাণ ৪ৰ্থ প্ৰতিকৃতিত পোৱা যায়। ২১ মাৰ্চৰ পৰা ২১ চেপ্টেম্বৰ লকে এই ছমাহত উত্তৰ মেরু সদাই সূৰ্য্যৰ ফালে থাকে এই নিমিত্তে তাত এই কেমাহ সদাই দিন, দক্ষিণ মেরুত ৰাতি। ২১ চেপ্টেম্বৰৰ পৰা ২১ মাৰ্চলকে এই ছমাহত উত্তৰ মেরু সদাই সূৰ্য্য [ ১৭ ] নোহোৱা ফালে থাকে এই নিমিত্তে এই কেমাহ সদাই তাত ৰাতি, দক্ষিণ মেরুত দিন।

  ওপৰত দিয়া কথাৰ পৰা দেখা গল যে কক্ষৰ প্ৰতি পৃথিবীৰ মেরুদণ্ডৰ অৱনতিএই দিন ৰাতি অসমান হোৱাৰ কাৰণ, সেই দৰে ৠতু পৰিবৰ্ত্তনৰো এইএ আদি কাৰণ। যেতিয়া পৃথিবী ২১ জুনৰ অৱস্থিতি পায় অৰ্থাৎ উত্তৰ মেরু যেতিয়া সূৰ্য্যৰ ফালে ঢাল লয়, তেতিয়া “আ” দেশত সূৰ্য্য প্ৰায় ওপৰতে হয়; কিন্তু ২১ ডিচেম্বৰৰ অৱস্থিতিপালে অৰ্থাৎ উত্তৰ মেরু সূৰ্যৰ পৰা আঁতৰিলে সূৰ্য্য আ দেশৰ শিৰোধিন্দু বা ব্ৰাহ্ম্যৰ পৰা অনেক দূৰত থাকে। এই হেতু উত্তৰ মেরু সূৰ্য্যৰ ফালে হালি থকা কেই দিনত অৰ্থাৎ ২১ মাৰ্চৰ পৰা ২১ চেপ্তেম্বৰলকে এই ছমাহ উত্তৰ গোলাৰ্দ্ধত জহ হয় আরু দক্ষিণ গোলাৰ্দ্ধত জাৰ হয়; আরু যি কালত উত্তৰ মেরু সূৰ্য্যৰ পৰা আঁতৰি থাকে অৰ্থাৎ ২১ চেপ্তেম্বৰৰ পৰা ২১ মাৰ্চলকে এই ছমাহ উত্তৰ গোলাৰ্দ্ধত জাৰ হয় আরু দক্ষিণ গোলাৰ্দ্ধত জহ হয়। এই কথাৰ প্ৰমাণ ৪ৰ্থ প্ৰতিকৃতিৰ পৰাও পাব পাৰি; ২১ জুনৰ অৱস্থিতিত ঘ চ, ম ৰ, এই দুই ৰেখাৰ মাজৰ মণ্ডল ২১ ডিচেম্বৰৰ অৱস্থিতিৰ ঘ চ, ম ৰ এই দুই ৰেখাৰ মাজৰ মণ্ডলৰ সৈতে সমান। কিন্তু প্ৰথম অৱস্থিতিৰ মণ্ডলৰ প কাঁড়ৰ পৰা ল কাঁড়লকে যিমানু কিৰণ পৰিছে সেই খিনি কিৰণ, ২১ ডিচেম্বৰৰ অৱস্থিতিৰ মণ্ডলত পৰা প আরু ল কাঁড়ৰ মাজৰ কিৰণখিনিতকৈ সৰহ। এই কাৰণে যিমান দিন পৃথিবী ২১ জুনৰ ভাৱত থাকে, ঘ চ ম ৰ মণ্ডলত জহ হয় আরু যেতিয়া ২১ ডিচেম্বৰৰ ভাৱ পায় তাত জাৰ হয়। জাৰ কালি দিন ছুটি আরু জহ কালি দিন দীঘল হৈও জহৰ তাৰতম্য বেচি; কাৰণ উত্তৰ


  * সূৰ্য্য মুৰৰ ওপৰলৈ আহিলে কিৰণ কিমান প্ৰখৰ বোধ হয় আরু নামত থাকিলে কিমান কম বোধ হয় ৰাতি-পুৱাৰ আরু দুপৰৰ সূৰ্য্যৰ পৰা গম পাব পাৰি। [ ১৮ ] গোলাৰ্দ্ধত সকলো ঠাইতে ২১ মাৰ্চৰ পৰা ২১ জুনলকে দিন দীঘল থকা বাবে দিনত যি খিনি তাপ সূৰ্য্যৰ পৰা পায় ৰাতি চেচা হৈ সেই সমুদায় তাপ খিনি পৃথিবীৰ পৰা ওলাই নৌ যাব পাৰোঁতেই পাচ দিনাৰ সূৰ্য্যৰ তাপ পাবলৈ ধৰে। এই নিমিত্তে দিনে দিনে তাপ বাঢ়ি যায়; কিন্তু ২১ চেপ্টেম্বৰৰ পৰা দিনতকৈ ৰাতি দীঘল হৈ যোৱাত যিমান তাপ দিনত সূৰ্য্যৰ পৰা পৃথিবীএ পায় সেই খিনি ওলাই গৈও ভূমিৰ নিজ তাপ কিছু কমে; এই নিমিত্তে দিনে দিনে জাৰ বাঢ়ি যায়।

  কাল অনুসৰি দেশৰ তাপৰ পৰিমাণ কমি-বেচি হোৱাৰ কথা ওপৰত লিখা হৈছে; তাৰ বাহিৰে স্থান অনুসৰিও তাপ পৰিমাণ কমি-বেচি হোৱা আছে। পৃথিবী যদি বৰ্ত্তূলাকাৰ নহৈ পিৰাৰ নিচিনা চেপেটা হল হেতেন, এ ঠাইত সূৰ্য্য মূৰৰ ওপৰ হলেই সমুুদায় পৃথিবীতে তেওঁক মুৰৰ ওপৰত দেখা গল হেতেন আরু সমুদায় পৃথিবীতে সমান তাপ লাগিল হেতেন। কিন্তু বৰ্ত্তূলাকাৰ হোৱাৰ নিমিত্তে পৃথিবীৰ কোনো ভাগত কিৰণ, লম্ব, কোনো ভাগত কাতি ভাৱে পৰেউ; ত্তৰ মেরু বছৰত এবাৰ ঢল লোৱাত আরু এবাৰ আঁতৰাত মকৰ ক্ৰান্তিৰ আরু কৰ্কট ক্ৰান্তিৰ মাজ-থল খনৰ সকলো অংশ বছৰত দুবাৰ সূৰ্য্য-কিৰণৰ প্ৰতি লম্ব হয় অৰ্থাৎ সকলো অংশতে বছৰত দুবাৰ সূৰ্যক মুৰৰ ওপৰত দেখি, এই কাৰণ এই ভাগ পৃথিবীৰ সকলো ঠাইতকৈ তপত; ইয়াৰ নাম উষ্ণমণ্ডল। উষ্ণ মণ্ডলৰ বাহিৰে কোনো ঠাই কেতিয়াও সূৰ্য্য কিৰণৰ প্ৰতি লম্ব নহয়; কেতিয়াও তাত সূৰ্য্যক মুৰৰ ওপৰত নেদেখি; বৰং উষ্ণমণ্ডলৰ পৰা যিমান আঁতৰ সিমান সূয্য ব্ৰাহ্ম্য বা শিৰো বিন্দুৰ পৰা আঁতৰত থাকে। নিৰক্ষ বৃত্ত দুই ক্ৰান্তিৰ ঠিক মাজত থকা বাবে সৰহ ভাগ সময় সূৰ্য্যৰ ওচৰত থাকে; সেই হেতু সকলো ঠাইতকৈ তাৰ কাসৰৰ দেশ বিলাকত জহ বেচি। নিৰক্ষ বৃত্তৰ উত্তৰ আরু দক্ষিণলৈ ক্ৰমে জহ কমি আরু জাৰ ক্ৰমে বেচি হৈ গৈছে; সৰ্ব্বশেষত দুই মেরুত অত্যন্ত জাৰ।

⸻⸻
[ ১৯ ]
দ্বিতীয় প্ৰকৰণ।

বায়ু আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

দ্বিতীয় অধ্যায়।   বায়ুমণ্ডল।
গতত তিনি অৱস্থাৰ পদাৰ্থ আছে— কঠিন, তৰল, বাষ্পীয়। কঠিন পদাৰ্থ বিলাকৰ প্ৰধান গুণ এই যে তাৰ পৰমাণু বিলাক ইটেসিটে এই দৰে আঁট থোৱা আছে যে তাঁহাতক এরুৱাবলৈ কিছু শক্তি লাগে, যেনে কাঠ, ইটা, শিল, মম, লা ইত্যাদি। তৰল পদাৰ্থৰ পৰমাণু বিলাক আঁট খোৱা নহয়; তাহাতক এরুৱাবলৈ একো শক্তিৰ আৱশ্যক নাই; এক পাত্ৰৰ পৰা আন পাত্ৰলৈ ঢালিলেই বিভিন্ন হয়; যেনে পানী, গাখিৰ, পাৰদ, তেল ইত্যাদি। কঠিন পদাৰ্থৰ আকৃতি পৰিবৰ্ত্তন কৰা টান, কিন্তু তৰল পদাৰ্থে যি পাত্ৰত ৰখা যায় সেই পাত্ৰৰ আকৃতি তেতিযাই লয়; কেৱল তাৰ ওপৰভাগ সদাই সমতল থাকে; বাষ্পীয় বস্তুৰ পৰমাণু বিলাক অকল যে এৰোৱা এনে নহয় তাৰ বাজেও সিহঁতে পৰস্পৰক বাহিৰলৈ ঠেলি থাকে। এই নিমিত্তে সিহঁতক একে লগে ৰখাহে টান। তৰল বস্তুৰ নিচিনাকৈ বাষ্পীয় বস্তুৰো আকৃতি পাত্ৰৰ অনুযায়ী কিন্তু তাৰ ওপৰভাগ সমতল নহয়; বৰং কোনো চাপ বা হেচাদি নথলে তাৰ পৰমাণু বিলাক ক্ৰমে আঁতৰ হৈ ছিন্ন ভিন্ন হয়। প্ৰায় বাষ্পীয় বস্তুৰ বৰণ নাই। মাত্ৰ গোটা দিয়েক বাষ্পৰ বৰণ আছে। বৰণ নথকা বাবে তাক দেখা নাযায়; নেদেখা হেতু তৰল আরু কঠিন পদাৰ্থৰ বাহিৰে যে আরু আন অৱস্থাৰ পদাৰ্থ আছে তাক নজনা মানুহৰ নিমিত্তে পতিওৱা টান। তেও ধোঁৱাৰে পৰা বাস্পৰ আকৃতি প্ৰতি কিছু বুজিব পাৰি। আরু [ ২০ ] বৰণ নথকা ধোৱাঁ অনুমান কৰিব পাৰিলে বাপৰ যথাৰ্থ গঢ় আরু

স্বভাৱ জনা যায়।

  কদম্ব ফুলৰ কেশৰে তাৰ কলিক বেঢ়ি থকাৰ দৰে সকলো পোনে জুৰি বায়ু নামেৰে বাষ্প এবিধে পৃথিবী বেঢ়ি আছে। এই বিধ বাষ্পৰ বৰণ নাই। ই স্বচ্চ আরু নিৰ্গন্ধ; এই কাৰণে আমি ইয়াক চকুৰে দেখা বা নাকেৰে গোন্ধ নাপাও। কিন্তু আন আন পদাৰ্থৰ দৰে তাৰ ভাৰ আছে আরু তাক স্পৰ্শ ইন্দ্ৰিয় দ্বাৰা অনুভৱ কৰিব পাৰি। একেটা বটলকে এবাৰ বাযু ভৰাই এবাৰ বায়ুক যন্ত্ৰেৰে গুচাই জুখিলে বায়ুৰে ভৰি থকা বাৰত গধুৰ হোবা প্ৰমাণ পোয়া যায়।

  বায়ুৰ ভাৰ থকা বাবে পানীএ বওঁতে যেনে কৈ বন ঘাঁহ লৰাই যায়, সেই দৰে বাযুএও বওঁতে গছপাত লৰাই বয়। হাতৰ ওপ-ৰত ফু দিলে অলপ গম পোৱা যায়; ফিচ্‌কাৰিৰে পানী মাৰিলে গাত যেনে গম পোৱা যায় ঠিক তদ্ৰূপ; ফুওৱাত বায়ুৰ পক্ষে ফিচ্‌কাৰীৰ কাৰ্য্য কৰা হয়। কাঁহি এখন থিয়কৈ পাণীত এৰি দিলে যি ভাৱে তললৈ যায় ঠিক তেনে ভাৱে তুলাপাত এখিলা বায়ুত এৰি দিলে মাটিত পৰেহি। যথাৰ্থতে বাষ্প রূপ ধৰা বায়ু আরু তৰল ৰুপৰ পানী এই দুই পদাৰ্থৰ আন ভিন্ন একো নাই; মাত্ৰ আগৰটিৰ পৰমাণু বিলাকৰ বিকৰ্ষণ শক্তি থকা বাবে সি স্থিতি-স্থাপক সেই নিমিত্তে তাৰ ঘনত্ব চাপ অনুসারে কম বা বেচি হব পাৰে; শেষৰ- টিৰ সেয়ে নহয়। আগৰটিৰ স্বভাৱ কাৰ্য্য সকলল শেষৰটিৰ দৰেই। কৰ লাগিলে নিৰ্ম্মল পানীকো দেখা নাযায়। কানৰ সমান কৈ স্বচ্চ গিলাচ এটাত পানী ভৰাই থলে তাৰ ওপৰত ওচৰৰ বস্তুর ছাঁ বা পোহৰ নেদেখিলে পানী আছে নে নাই জানিব নোৱাৰি। পানীৰ ওপৰত আন বস্তুৰ ছাঁ প্ৰতিফলিত হলেহে পানী থকা জানিব পৰি। স্বাভাবিক কাৰ্য্যগতিকে পানীৰ দৰে বায়ুকো কেতিয়াবা [ ২১ ] দেখিব পাৰি; তাৰ দৰে বায়ুতো ওচৰৰ বস্তুৰ ছাঁ প্ৰতিফলিত হয় আরু বতাহত হিল্লোল হৈ দৰ্শকৰ মনোৰঞ্জন কৰে। ইয়াৰ বিষয়ে বাহুল্যকৈ পাছত কোৱা হব।

  এই বাষ্প স্বরূপ বায়ু-সাগৰৰ তলত সমুদায় পৃথিবী, পৰ্ব্বত, গহ্বৰ, নগৰ, সমুদ্ৰ সমম্বিতে সম্পূৰ্ণ তল গৈ আছে। পানীৰ সাগৰত মাছে যেনেকৈ ফান্দেৰে সাঁতুৰি ফুৰে বায়ু-সাগৰত চৰাইএও সেই দৰে পখি মাৰি সাঁতুৰি যায়; আৰু চৰাইএ বায়ুত সাঁতোৰাকে আমি উড়া কওঁ, শামুক, কেকোঁৰা ইত্যাদি প্ৰাণী বিলাকে সাগৰৰ পানীৰ তলত বগাই ফুৰাৰ দৰে মানুহ, পশু আদি প্ৰাণী বিলাকে বায়ু-সাগৰৰ তলীত বিচৰণ কৰে; এই রূপ মনুষ্যাদি স্থলচৰ জন্তুৰে পৰিপূৰ্ণ আরু বিহঙ্গম আরূ পতঙ্গ দ্বাৰা বিলোড়িত বায়ু সমুদ্ৰকে বায়ুমণ্ডল কয়।

  বায়ু স্থিতি-স্থাপক; তাত হেচা বা চাপ দিলে সঙ্কোচ হয় আরু চাপ কমালে ফুলি পৰে। কোনো চাপ নথকাহলে বাষ্পৰ সাধাৰণ ধৰ্ম্ম অনুসৰি বায়ু সম্পূৰ্ণ বিশ্ব জগতত ব্যাপ্ত হল হেতেন; কিন্তু বায়ু পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তিৰ অন্তৰ্গত হৈ সেই দৰে ব্যাপ্ত হব পৰা নাই; যতে পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি আরু বায়ুৰ বিকৰ্ষণ শক্তি সমতুল্য হৈছে তালকে বায়ু আছে, তাতকৈ ওপৰলৈ নাই। পৃথিবীৰ পৰা ৪৫ মাইল ওখলকে বায়ু আছে বুলি পণ্ডিত সকলে অনুমান করে।

  বায়ু সকলো ঠাইতে সমানে ঘন ম হয়। পৃথিবীৰ ওচৰত সকলো ঠাইতকৈ ঘন; তাৰ পৰা যিমান আঁতৰ হয় সিমান সেৰেঙ্গা অৰ্থাৎ ওপৰৰ এক ঘন ফুট বায়ু জুখিলে যিমান পাতল পোৱ হব, তাতকৈ তলৰ এক ঘন ফুট বায়ু সিমান পাতল নহব; তাতকৈ গধুৰ পোৱা যাব। ওখ পৰ্ব্বতৰ টিঙ্গত বায়ু ইমান সেৰেঙা যে তাত মানুহে উসাৰ লবলৈ টান পায়। ওখ পৰ্ব্বতত উঠিবলৈ [ ২২ ] যে বৰ কষ্ট আরু কোনো মানুহে যে আজিলকে অতি ওখ পৰ্ব্বতৰ শিখৰ পোৱাগৈ নাই তাৰ কারণ ইও এটা। অনুমান কৰোঁ ৪৪ মাইলৰ ওপৰত বায়ু ইমান সেৰেঙ্গা হব যে আমালোকৰ ইয়াত হোৱা তুফানৰ বেগেৰে তাত বতাহ বলেও কিজানি গম পোৱা নেযাব। বায়ু ক্ৰমে ওপৰলৈ পাতল হোৱাৰ দুটা কাৰণ আছে; প্ৰথমতে, বায়ুৰ ভাৰ আছে; দ্বিতীয়ত, বায়ু সংক্ৰামক অৰ্থাৎ হেচাদি বায়ুক কোঁচাব পাৰি। বায়ু যে সংক্ৰামক তাক প্ৰমাণ কৰিবলৈ বহু যতন নালাগে। বায়ু ওলাব নোৱাৰা এটা চালৰ ফিচ্‌কা‌ৰিত মুখে দি বায়ু সোমাবলৈ দি আঙ্গুলি টিপাৰে মুখ বন্ধ কৰি লৈ ঠাৰিত যিমান হেচা দিয়া হয় ঠাৰি সিমান সোমাই যাব অৰ্থাৎ বায়ু সিমান কুচি যাব; হাত এৰি দিয়া মাত্ৰ আগৰ ঠাই যুৰি লব; বায়ুৰ এই দুই গুণ জানিলে সি যে ওপৰলৈ ক্ৰমে সেৰেঙ্গা হব তাক বুজা অলপো টান নহয়। তলত থকা বায়ুৰ তৰপে ওপৰৰ তৰপৰ ভাৰ পাই সঙ্কোচ হয় সেই নিমিত্তে তলৰ তৰপ ওপৰৰ তৰপতকৈ ঘন। আকৌ ৩য় তৰপে ১ম + ২য় তৰপৰ হেচা সহিব লগাত সি আরু ঘন হয়। এই দৰে নিচেই তলৰ তৰপে এটাই বিলকাৰ ভাৰ পাই সকলোতকৈ ঘন; আৰু ক্ৰমে ওপৰলৈ ভাৰ কমি যোৱাত বায়ুৰ তৰপ বিলাকো সেৰেঙ্গা হৈ গৈছে। ৪৫ মাইললকে যিমান বায়ু আছে এটাই খিনিৰ ভাৰ যদি সমুদ্ৰজল সীমাত ১ হয়, ১৮০০০ ফুটৰ ওপৰত তাৰ ওপৰৰ খিনি বায়ুৰ ভাৰ প্ৰায় ১/২; এই নিমিত্তে ইমান ওপৰত থকা বায়ু খিনি মাত্ৰ ১/২ পৰিমাণে সঙ্কুচিত হব আৰু সেই হেতু তাৰ বায়ু সমুদ্ৰজল সীমাৰ বায়ুতকৈ ১/২ গুণে সেরেঙ্গা হব। বায়ুৰ ভাৰ জুখিব পৰা এটি যন্ত্ৰ আছে; তাৰ নাম বায়ুমান যন্ত্ৰ; পৃথিবীৰ পৰা দূৰ অনুসৰি বায়ুৰ ভাৰ কম্‌তি হোৱাত এই যন্ত্ৰৰ দ্বাৰায় কোন পৰ্ব্বত কিমান ওখ তাৰ আন্দাজ কৰিব পাৰি; বায়ু মণ্ডল যদিও ৪৫ মাইল ওখ তথাচ পৃথিবীৰ মানত সেই [ ২৩ ] চাকনি স্বরূপ, সমুদায় বায়ুমণ্ডল খনি বৰ ডাঠ নহয়। মাত্ৰ ১ ফুট ব্যাসৰ এটি গোলক চিৰামপুৰিয়া তুলাপাত দুখন মেৰাই ঢাকিলে, দুইৰো মাজত যেনে পৰিমাণ হব পৃথিবী আরু বায়ুৰ মাজত তেনে অনুপাত হব।

  বায়ুমণ্ডলৰ সকলো প্ৰদেশ সমানে তপত নহয়। ক্ৰমে ওপৰলৈ চেচা। এই কথা পাঠক সকলে প্ৰথমতে পতিয়াবলৈ টান পাব। তথাচ ই সঁচা আরু তাৰ কাৰণ আছে; তোমালোকে ভাবিব পাৰা যে সূৰ্য্যৰ ওচৰলৈ যিমান যোৱা হয় বায়ুক সিমান বেচিকৈ তপত পোৱা যায়, চেচা হব নাপাই। যি তাপত বায়ু তপত হয় সেই তাপ বায়ুএ সূৰ্য্যৰ পৰা পোনেই পোৱা হলে তোমালোকৰ অনুমান ঠিক হল হেতেন। কিন্তু বায়ু সূৰ্য্যৰ বিকীৰ্ণ তাপত তপত নহয়। আৰ্চি যেনেকৈ পোহৰৰ নিমিত্তে স্বচ্ছ অৰ্থাৎ তাৰ মাজেদি পোহৰ অবাধে আহিব পাৰে অথচ আৰ্চিক উজ্জ্বল নকৰে সূৰ্য্যৰ বিকীৰ্ণ পোহৰ আরু তাপৰ নিমিত্তে বিশুদ্ধ বায়ুও সেই দৰে স্বচ্চ। বিশুদ্ধ বায়ুক তপত নকৰাকৈ তাৰ মাজেদি অবাধে সূৰ্য্যৰ তাপ আহি প্ৰথমতে পৃথিবী তপত কৰে; আরু তপত ভূপৃষ্ঠৰ সৈতে বায়ুৰ সংস্পৰ্শ হোৱাত তাপ পৰিবাহিত হৈ বায়ু, তপত হয়। পৃথিবীৰ পৰা তাপ পায় বুলি তাৰ পৰা যিমান আঁতৰত থাকে বায়ু সিমান চেচা। ভাপ স্বভাৱতে তাপর পক্ষে স্বচ্চ নহয়; তাপ পালে সি নিজে উত্তপ্ত হয়। এই হেতু বায়ুত ভাপ মিহলি থকা বাবে বায়ুৰ তাপ সম্বন্ধে স্বচ্চ গুণটো কম হৈছে তথাচ ইয়াৰ পৰিমাণ বেচি নোহোৱাত আরু ওপৰলৈ ভাপ প্ৰায় সমূলি নথকাত বায়ুৰ নিজগুণ টোৰ বহুত ন্যূন হোৱা নাই। “ইংলণ্ডৰ গ্ৰেচীয়ৰ নামে পণ্ডিত এজনাই বেলুনত উঠি ওপৰলৈ এইদৰে তাপ কম পালে; প্ৰথম হেজাৰ ফুটত ৭.২ ফা তাপ, দ্বিতীয় হেজাৰ ফুটৰ ভিতৰত ৫.৩ ফা; ১৪০০০ পৰা ১৫০০০ ফুটলকে ২.১ ফা আরু ২৮০০০ পৰা ২৯০০০ ফুটলকে [ ২৪ ] ০.৪ ফা তাপ। জাৰৰ নিমিত্তে তাতকৈ ওপৰলৈ উঠিব নোৱাৰি তেও নামি আহিব লগা হল”।

  মুৰৰ ওপৰত দেখা বায়ু মণ্ডলক আকাশ কয়। আকাশৰ বৰণ নীল; কিন্তু বিশুদ্ধ বায়ুৰ বৰণ নাই; যি নীল বৰণ দেখা যায় সেই বৰণ বায়ুত থকা পানীৰ ভাপৰ পৰা ওলাইছে। ভাপ, পানী, বৰফ, তিনিৰো বৰণ ঈষৎ নীল, বহু পৰিমাণে একেলগে থাকিলে নীলা দেখা যায়। পৃথিবীৰ ওচৰৰ বায়ুত সৰহকৈ ভাপ থকা বাবে আকাশ নীলা যেন দেখি। কিন্তু ওপৰলৈ আকাশৰ বৰণ ক্ৰমে নীল গুচি ঘোৰ কলা হৈছে। বহুত ওপৰত বায়ু মণ্ডলৰ কেনে ভাৱ তাক কিছু পৰিমাণে তলত বৃত্তান্তৰ পৰা জানিব পৰা হয়। প্ৰফেচৰ ডি চঁচ্‌চুর নামে জিনিভাৰ এজন পণ্ডিতে এল্পচ্‌ শ্ৰেণীৰ মণ্টব্লেঙ্কশিখৰত উঠিছিল। তেওঁ দিয়া বিবৰণমতে তেওঁৰ লগত যি বায়ুমান যন্ত্ৰ নিছিল, জিনিভাত তাৰ পাৰা ৩০ ইঞ্চিত আছিল। উঠি যাওঁতে ক্ৰমে কমি শিখৰৰ ওপৰত ১৬ ইঞ্চিত ৰৈছিল। মণ্টব্লেঙ্ক সাগৰৰ জল সীমাৰ পৰা ১৫,৭৩০ ফুট বা প্ৰায় ৩ মাইল ওখ। সিমান ওপৰত বায়ু যে অত্যন্ত সেৰেঙ্গা তেওঁ তাৰ প্ৰত্যক্ষ প্ৰমাণ পালে। তেওঁৰ চাৰিওফালে জগৎ সম্পূৰ্ণ নিস্তব্ধ; তলৰ জনপূৰ্ণ সংসাৰ যেন একেবাৰে স্পন্দ হীন হৈ অমাত হল। তেওঁৰ ওচৰতে লগৰ মানুহে গোটেইে বলেৰে চিঞৰাতো সিহঁতৰ মাত মৃদু স্বৰ যেনহে লাগিছিল। ওপৰলৈ চায়, আকাশ ঘোৰ কৃষ্ণবৰ্ণ তলত থাকি আকাশৰ যি মনোৰঞ্জন নীলবৰণ দেখা- গৈছিল, সেই বৰণ আৰু নাই, তাৰ পৰিবৰ্ত্তে জানিবা ৰাতিকালৰ ঘোৰ কলা অন্ধকাৰ আকাশ কিন্তু সেইয়ে চন্দ্ৰ তাৰা বিহীন*।


 * মণ্টবেঙ্ক পৰ্ব্বততকৈও ওখ ঠাইলৈ যাব পৰা হেতেন ঘোৰ কলা অন্ধকাৰ আকাশত দিনতে তৰা দেখা গল হেতেন। মাত্ৰ পৃথিবীৰ ওচৰত ভাপ পূৰ্ণ বায়ু নিজে উজ্জ্বল হৈ থকাত দিনতে তৰা

বিলাক প্ৰকাশ নাপায়। [ ২৫ ]
 

কেবা জনৰ অঙ্গ প্ৰত্যঙ্গ উখহিল, আৰু কাৰো কাৰো নাকে মুখে তেজ ওলাল। প্ৰফেচৰ ডি চঁচ্‌চু‌ৰ নিজৰ শৰীৰ নিচেই লঘু যেন পাইছিল; তেঁওৰ উসাহ প্ৰায় বন্ধ হৈছিল। তেঁওৰ নাৰিয়ে আগৈয়ে যত ৭০ বাৰ কোবাইছিল তেতিয়া ১০০ বাৰ কোবাইছিল।

 পুৰাতন হিন্দু সকলে আৰু পূৰ্ব্বৰ গ্ৰীক ৰোমান ইত্যাদি জাতি বিলাকে বায়ুক এট রুঢ় পদাৰ্থ বুলি মানিছিল। কিন্তু নব্য পণ্ডিত বিলাকৰ মাজত কেবাটাও রুঢ় পদাৰ্থেৰে মিহলি বুলি গণ্য হৈছে। আগৰ পঞ্চভূতৰ স্থলত ৬৪ ভূত আছে বুলি তেওঁ বিলাকে মানে; এই ৬৪ ভূতৰ মাজৰ প্ৰধানকৈ অম্লজান আরু যবজান নামেৰে দুটি বাস্পীয় রুঢ় পদাৰ্থৰ মিশ্ৰৰ পৰা বিশুদ্ধ বায়ু উৎপন্ন হৈছে। কোনো এটিৰো সোৱাদ, গন্ধ, বৰণ নাই, সেই নিমিত্তে ৰস, ঘ্ৰাণ, আরু দৰ্শন তিনিও ইন্দ্ৰিয়ৰ বাহিৰ। কিন্তু দুইকো স্পৰ্শ-ইন্দ্ৰিয়ৰ দ্বাৰায় অনুভব কৰিব পাৰি। আরু উপায়ান্তৰ দ্বাৰা দুইকো এরুৱাব আরু জুখিব পাৰি। এই দুটি বাষ্পক দ্ৰৱ বা কঠিন কৰা ইমান টান যে অলপ্ দিনলকে সিহঁতক চিৰস্থিত বাষ্প বুলিছিল। অম্লজান আৰু যবজানৰ বাহিৰে বায়ুত পানীৰ পৰা উঠা ভাপ থাকে। এই ভাপ আন একো নহয় মাত্ৰ বাষ্প অৱস্থা পোৱা পানী।

  বায়ুৰ নমুনা যৰে পৰা আনি পৰীক্ষা কৰি চোৱা যায়, তাত থকা অম্লজান অৰু যবজানৰ সমানুপাতিক পৰিমাণ সকলোতে একে হোৱাৰ প্ৰমাণ পোৱা গৈছে; কিন্তু ভাপৰ অনুপাতিক পৰিমাণ একে নাথাকে আরু সি সহজে দ্ৰৱ হয় আরু সেই দ্ৰৱ-পানী সহজে আকৌ ভাপ হব পাৰে। তাপ অনুসৰি বায়ুত কম বা বেচি পানীৰ ভাপ থাকিব পাৰে। কোনো নিৰ্দ্দিষ্ট তাপ পৰিমাণত বায়ুএ ভাপৰ কোনো নিৰ্দ্দিষ্ট পৰিমাণতকৈ বেছি পৰিমাণ ধৰিব নোৱাৰে আরু যেতিয়া ধৰিব পৰা এটাই খিনি ভাপ নিজৰ লগত মিহলাই ৰাখে তেতিয়া বায়ু পূৰ্ণসিক্ত বুলি কয়। বায়ুৰ তাপ বেচি হলে সৰহকৈ [ ২৬ ] পানী ভাপ স্বরূপে ৰাখে; যেতিয়া তাৰ তাপ কম হয় কমকৈ অৰ্থাৎ সিমান কম তাপ পৰিমাণত পূৰ্ণসিক্ত হবলৈ যিমান লাগে সিমানকৈ ভাপ ৰাখে; বাকি খিনি কণিকারূপে পানী হয়। কিছুদিনৰ নিমিত্তে ঘৰৰ ভিতৰত এটা বাটিত পানী থৈ দিলে সেই পানী দিনে দিনে শুকাই যায়; কাৰণ পানী খিনি নেদেখা ভাপ হয়। ছাঁত তিতা কাপোৰ এখন মেলি দিলেও সেই দৰে তাৰ পানী খিনি ভাপ রূপলৈ পৰিবৰ্ত্তণ হোৱাত কাপোৰ শুকায়। যদি সেই পানীৰ পাত্ৰটো বা কাপোৰ খন ৰদত দিয়া হয় তেন্তে তাহাতৰ পৰা খৰকৈ ভাপ উঠিবলৈ ধৰাতে সোনকালে শুকায়। কাৰণ ৰদৰ তাপ পোৱাত বাযুৰ ভাপ ধৰিব পৰা ক্ষমতা বাঢ়ে। কিন্তু কেবা দিনো একে লেথাৰিকৈ বৰষুণ দিওতে ঘৰৰ ভিতৰত কাপোৰ মেলি থলে অথবা পানীৰ বাটি ৰাখিলে বায়ু আগৰে পূৰ্ণসিক্ত থকাত আরু সেই নিমিত্তে নতুনকৈ বেচি ভাপ ধৰিব পৰা ক্ষমতা প্ৰায় নথকাত সেই কাপোৰ বা পানী বাটি দুদিনেও নুশুকায়।

  বায়ুত্ৰ যে তপত অৱস্থাত ৰাখিব পৰা এটাই খিনি ভাপ চেচা- হলে ৰাখিব নোৱাৰে, তাৰ প্ৰমাণ চাবলৈ পোনে-পোনে আসাত বহোৱা চেচা টৌ এটা লৈ মন কৰিলেও যথেষ্ট হয়। প্ৰথমতেই টৌৰ তলী খন সা দিলে যেনে বগা হয় তেনে বগা হয়। তাৰ পাছত তাৰ গাত টোপা-টোপা পানী হয়,সেইয়ে হলে আমালোকে টৌ ঘামে বুলি কওঁ। কিন্তু এক দুই মিনিটৰ পাছত আৰু টৌ নঘমা হয়। খেৰ খৰিৰ পৰা ওলোৱা ভাপ খিনিক জুইৰ সংসৰ্গত তপত হোৱা বায়ুএ নি চেচা টৌৰ গাত লগায়। কিন্তু টো পাই বায়ু নিজে অলপ চেচা হোৱাত পূৰ্ব্বৰ সমান ভাপ ধৰিব নোৱাৰি টোপা-পানীরূপে কিছুমান ভাপ টৌৰ গাত থৈ যায়। কিন্তু যেতিয়া অলপ সময়ৰ পাছত টৌও বায়ুৰ সমান তপত হয় ক্ৰমে টৌৰ গাৰ পানী খিনি লোপ পায় আরু বায়ুক চেচা কৰিব নোৱাৰি ভাপকে পানী কৰিবৰ [ ২৭ ] নোৱাৰা হয়। তলত দিয়া পৰীক্ষাত ইয়াৰ প্ৰমাণকে পোৱা যায়— এডোখৰ ডাঙ্গৰ বৰফ লবা আরু তাক ভাঙ্গি সরু-সরু কৰি পিতলৰ বা টিনৰ পাত্ৰ এটাত মুখলঁকে ভৰাবা, দেখিবা যেন কানত একণো বৰফ লাগি নাথাকে। পাত্ৰৰ বাহিৰ খন মছি, ছাঁ ঠাইত থবা। বৰফ থকা বাবে পাত্ৰ টো সোনকালে চেচা হব কিন্তু দুই এক মিনিটৰ নিমিত্তে পৰীক্ষা পতা ঠাই শুকান থাকিব; অলপৰ পাছত পাত্ৰৰ বাহিৰ খনৰ উজ্জলতা হ্ৰাস হৈ অলপ বগা হব আরু তাৰ ওপৰত আঙ্গুলি ফুৰাই চালে সেমেকা পোৱা যাব। আরু এফেৰা সময়ৰ পাছত পাত্ৰৰ গাই দি টোপাটোপে পানী বাগৰি যোৱা দেখিবলৈ পাবা। এই পানী পিতল বা টিন ফুটি নোলায়; কেবল ওচৰত থকা বায়ু চেচা পাত্ৰৰ গাত লাগি চেচা হোৱাত আগেয়ে ধৰা পৰিমাণে ভাপ ধৰিব নোৱাৰাত কিছু মান ভাপ পানীৰ রূপলৈ পৰিবৰ্ত্তন হয়। যদি পুনৰ এই পৰীক্ষা কৰা আরু বৰফৰ লগতে অলপ লোণ মিহলাই দিয়া তেন্তে পাত্ৰটো বেচি চেচা হব। এই বাৰ পানীৰ টোপাৰ সলনি বগা কঠিন গুৰি যেন এবিধ বস্তুএ কঁড়াল মাৰি থকা দেখা যাব। হঠাৎ বৰকৈ চেচা হলে ভাপো পানীৰূপ নৌপাওতেই কঠিনরূপ ধৰে।

  ওপৰত দিয়া কথাৰ পৰা পাঠক সকলে অলপ বুজ পাব পায় যে কুঙলি নিয়ৰ, মেঘ, বৰষুণ এই দৰেই উৎপন্ন হয়। বায়ুৰ সদাই কিছু পৰিমাণে পানীৰ ভাপ ধৰিব পৰা আৰু পানীৰ, যেনে জাৰ নহক সকলো সময়তে ভাপ হব পৰা ক্ষমতা থকা বাবে বায়ুমণ্ডলৰ সকলো প্ৰদেশতে অলপ নহয় অলপ ভাপ সদাসৰ্ব্বদা আছেই। পৃথিবীৰ ওচৰত, বায়ু-মণ্ডলৰ নাম প্ৰদেশত, ভাপেরে মিহলি হৈ থকা বায়ুৰ তাপ সূৰ্য্য অস্ত গলে কম হয়; সেই নিমিত্তে পূৰ্ব্বৰ সমান ভাপ ৰাখিব নোৱাৰাত তাৰে কিছুমান কণিকারূপে পানী হয়। আগেয়ে বাষ্প বুলি নেদেখা থাকে, পাছে কণিকা [ ২৮ ] পানী হোৱাত দেখা যায় আরু বগা হয়। এই ক্ষুদ্ৰ কণিকা- কণিকা পানীৰ সমষ্টিকে মানুহে কুঙলি কয়। মেঘ বা ডাৱৰৰ উৎপত্তিও তদ্ৰূপ; মাত্ৰ সেইয়ে বায়ু মণ্ডলৰ ওপৰ ভাগত বা আকাশত হয়। সূৰ্য্যৰ তাপ সাগৰৰ পানীত পৰি প্ৰথমে পানীক তপত কৰে আরু কিছু ম ন ভাপ রূপলৈ পৰিবৰ্ত্তন কৰে। বাযুও তপত পানীৰ সংসৰ্গত তপত হৈ যথাসাধ্য ভাপ গ্ৰহণ কৰে। তপত হৈ বায়ু পাতল হোৱাত কুহিলা গানীৰ তলৰ পৰা ওপৰলৈ ওপঙ্গি অহাৰ দৰে বায়ুও ওপঙ্গি ওপৰলৈ উঠি যায়। কিন্তু পূৰ্ব্বে কোৱা হৈছে যে বায়ু মণ্ডলৰ ওপৰখন বৰ চেচা। ভাপেৰে প্ৰায় পূৰ্ণসিক্ত হোৱা তপত বায়ু সেই চেচা প্ৰদেশ পালে নিজে চেচা হয় আরু পূৰ্ব্বৰ সমানে ভাপ ৰাখিবলৈ অক্ষম হোৱাত কিছু মান ভাপ কণিকা পানী হয়। এই কণিকা-কণিকা পানীৰ সমষ্টিকে মেঘ কয়। ওপৰত বৰ্ণোৱা কণিকা-কণিকা পানী হয়, এই পৰীক্ষালৈ মন কৰিলে দেখা যাব যে প্ৰথমতে পাত্ৰৰ ওপৰ ভাগ অলপ বগা হয়; তাৰ পাছত তাত কোনো বিন্দু-বিন্দু বস্তু থকা যেন দেখি; কিছু সময়ৰ পাছত পানীৰ কণিকা বুলি চিনিব পাৰি; ভালে মান সময়ৰ পাছত হে পানীৰ টোপা বিলাক গোট খাই পানী ববলৈ ধৰে। এই স্থলত বগা বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পানী কণিকাৰ সমষ্টিক মেঘৰ প্ৰতিরূপ বুলিলে অত্যুক্তি নহয়; আরু শুকুলা মেঘৰ পৰা কি রূপেনো ডাৱৰ আৰু তাৰ পৰা বৰষুণ হয় তাৰ সরু দৃষ্টান্ত এটি ইয়াতেই পোৱা যায়। অতি চেচা বায়ু এতৰপৰ মাজে দি আহিবলৈ পালে বৰষুণৰ পানী গোট মাৰি কঠিন বৰফ হয়। আরু তাকে বৰষুণৰ শিল বোলে। মেঘ নাইকিয়া পৰিষ্কাৰ ৰাতিত পৃথিবীৰ পৰা তাপ বাহিৰ হৈ যোত গছ বনৰ পাত অত্যন্ত চেচা হয় সেই কাৰণে সেই পাত বিলাকৰ ওচৰত যি ভাপ থাকে সি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা পানী হৈ পাতৰ ওপৰত ৰয়; এই বিলাক পানী [ ২৯ ] কণিকাক মানুহে নিয়ৰ বোলে। কেতিয়াবা নিয়ৰ বিলাক বৰ জাৰত গোট মাৰি পাতৰ ওপৰত কঁড়ালৰ দৰে ধৰে; ইয়াৰ দ্বাৰা ইংলণ্ড আদি উত্তৰৰ দেশ বিলাকত শস্যৰ বৰ হানি হয়। আমাৰ দেশত ইয়াক দেখিবলৈ নাই।

⸻⸻
তৃতীয় অধ্যায়।
প্ৰবাত বায়ু।

  বৃষ্টি আৰু বাত দুইৰো মূল কাৰণ সূৰ্য্য। সূৰ্য্যৰ কিৰণ সমুদ্ৰৰ পানীত পৰিলে কিরূপে সেই পানী মেঘ বৰষুণ, নিয়ৰ ইত্যাদি রূপলৈ পৰিবৰ্ত্তন হয় তাক ওপৰৰ অধ্যায়ত দেখুৱা হৈছে। এই অধ্যায়ত দেখা যাব যে সূৰ্য্যৰ কিৰণেই বায়ুৰ গতি হোৱাৰো আদি কাৰণ। সকলো বস্তু তপত হলে বাঢ়ে; এই কথাৰ প্ৰমাণ পদাৰ্থদৰ্শনত আছে। এই গুণটি কঠিন পদাৰ্থতকৈ তৰল বস্তুৰ বেচি, তাতোকৈ বাস্পীয় বস্তুৰ আরু বেচি। বায়ু সূৰ্য্যৰ তাপত উতপ্ত হলে তার আকাৰ বাঢ়ে আরু আকাৰ বঢ়াত ওচৰৰ চেচা বায়ুতকৈ লঘু হয়; সেই নিমিত্তে আকাশলৈ উঠে আরু তাৰ ঠাই লবলৈ তলত চাৰিও দাঁতিৰ পৰা বায়ু চাপি আহে। এই দৰেই বায়ুৰ গতি হয় আরু গতি থকা বায়ুকে বাত, বা বতাহ বোলে। পানী এথালিৰ তলত জুই দিলে যি রূপে পানীৰ সঞ্চালন হয় সেই দৰে ভূপৃষ্ঠৰ তাপ লাগি বায়ুৰ সঞ্চালন হয়। তাপ লাগিলে যে বায়ুৰ গতি হয় ইয়াৰ প্ৰমাণ সাধাৰণ জুই একুৰা ধৰিলেই পোৱা যায়। বতাহ নথকা সময়ত এসোপা খেৰ বা শুকান কলামাৰলি পুৰিলে দেখা যাব যে ঠিক মাজৰ পৰা ধোৱাঁৰ স্তম্ভ এটি ওপৰলৈ উঠে; কিছু দূৰ গৈ অন্তত ধোৱাঁ বিস্তাৰিত হৈ পৰে। জুইৰ ওপৰৰ পৰা যোৱা তপত ধোঁৱা ওচৰৰ [ ৩০ ] বায়ুৰ সংসৰ্গত ক্ৰমে চেচা হৈ যিমান ওখত কাসৰৰ বায়ুৰ সমানে চেচা হয় আরু সেই কাৰণে তাৰ সমানে লঘু হয় তিমান ওখতকৈ ওপৰ নুঠে; তাতে বিস্তাৰিত হৈ পৰে। তলত জুইৰ পৰা কিছু আঁতৰত চাৰিও ফালে আধা পোৰা খেৰ বা কলামাৰলি থাকিলে তাৰ ধোঁৱা, থিয় হৈ নুঠে কিন্তু মাজৰ ধোৱাঁৰ স্তম্ভৰ ফাললৈ হালি গৈ তাৰে মিলি ওপৰলৈ যায়। বতাহ নহলে ধোৱাঁ পোনে পোনে উঠে ঢাল খাই নাযায়; অৱশ্যে চাৰিও ফালৰ আধা পোৰা খেৰ ৰা কলামাৰলিৰ পৰা মাজৰ ধোঁৱা-স্তম্ভৰ গুৰিলৈ অলপ বতাহ বলে; এই কাৰণেই কাসৰৰ পৰা মাজলৈ ধোৱাঁ হালি যায় এই স্থলত ওপৰত কৈ অহা ক্ৰম ঘটিছে। মাজৰ বায়ু তপত হৈ প্ৰথমে ওপৰলৈ উঠে তাৰ পাছত তাৰ ঠাই লবলৈ ওচৰৰ বাযু যায়। সেই কাৰণে গাওঁ ৰা নগৰ পুৰিলে জুইৰ ফাললৈ বতাহ বয়। ইউনাইটেডষ্টেটচ্‌ ৰাইজৰ চিকাগ নগৰ আৰু ১৬৬৬ খ্ৰীঃ অব্দত লণ্ডন নগৰ পোৰোঁতে কাসৰৰ পৰা জুইৰ ফাললৈ বৰ ধুমহাৰ বেগেৰে বতাহ বৈছিল। আমেৰিকাৰ প্ৰেৰী নামে বতানিত দাৱাগ্নি হলেও তদ্ৰূপ ধুমুহা হয়।

  যদি জুইৰ তাপত বায়ুৰ গতি সাধন হব পাৰিলে, সূৰ্য্যৰ তাপত হবলৈ কোনো বাধা নাই। দুই কাৰণৰ মাজত ভিন্ন এই যে জুইৰ তাপ যিমান টান সূৰ্য্যৰ সিমান তাপ পৃথিবী পৃষ্ঠত পোৱা নাযায়। সুতৰাং সূৰ্য্যৰ তাপত উৎপন্ন হোৱা বতাহৰ গতিও সিমান বেগৰ নহয়; আৰু সূৰ্য্য ভাপে একে সময়তে বহুত বহল ঠাই যুৰি ধৰে বুলি তাৰ উৎপন্ন তাপত হোৱা বতাহৰ খেলোৱা ঠাইও বৰ বিস্তীৰ্ণ। যতে ততে, বায়ুএ অসমান রূপে তাপ পালেই বাযুৰ সোঁত হয়। কলামৰলিৰ জুইৰ দৃষ্টান্তত জুইৰ ওপৰৰ বায়ু যিমান তপত কাসৰৰ খিনি সিমান তপত নহয় বৰং চেচা। পৃথিবীৰ বায়ু স্বভাৱতে এনে; অৰ্থাৎ অসমানকৈ তপত হয়। তাৰ এক কাৰণ [ ৩১ ] প্ৰথম অধ্যায়ত কৈ অহা হৈছে; অৰ্থাৎ পৃথিবী গোলাকাৰ হোৱাত তাৰ সকলো ভাগ সূৰ্য্যৰ ৰশ্মিত সমানে তপত নয়। দ্বিতীয় কাৰণ এই যে সমান বেলি সমান তাপ পালেও মাটি আৰু পানী সমানে তপত নহয় আরু সমান বেলিত চেচা হবলৈ দিলেও, সমানে চেচা নহয়। এসেৰ ইটা আরু এসেৰ পানীক সমান সময় জুই একুৰাৰ ওপৰত তপতালে ইটা পানীত কৈ বেচি তপত হব। আরু চেচা হবলৈ দিলে সমান সময়ৰ ভিতৰত বেচি চেচা হব। এই কাৰণতে সাগৰত বা সাগৰৰ কাৰত জাৰ জহৰ বৰ তাৰতম্য নহয় কিন্তু সাগৰৰ পৰা আঁতৰ দেশত হলে হয়। কলিকতা আরু পূৰিতকৈ বঙ্গ দেশৰ অন্তৰ-প্ৰদেশত আরু বঙ্গদেশতকৈ মুলতান আরু দিল্লীৰ অঞ্চলত জাৰ কালি অধিক জাৰ আরু জহ কালি অধিক জহ হয়। যদি পৃথিবীৰ বায়ু সদা সৰ্ব্বদা স্বভাৱতে অসমান রূপে তপত হৈ থাকে তেনে হলে বিশেষ প্ৰতিবন্ধকতা নহলে যে সদা সৰ্ব্বদা বায়ু চঞ্চল হব, ই একো আচৰিত নহয়।

মাটি আরু পানী তপত হোৱা স্বভাৱত যি লৰ দেখা গৈছে তাৰ কাৰণে দিনৰ বেলা সাগৰতকৈ সাগৰৰ পাৰ বেচি তপত হৈ উঠে কিন্তু ৰাতি হলে মাটি একে সময়ৰ ভিতৰতে পানীতকৈ বেচি চেচা হয়। এই হেতু সিহতৰ সংসৰ্গত বায়ুও এঠাইত তপত এঠাইত চেচা হয়। তপত বায়ু পাতল হৈ ওপৰলৈ উঠে চেচা বায়ু তপত বায়ুৰ ঠাই লবলৈ বৈ আহে। এই বাবে দিনত সাগৰৰ পৰা বামলৈ বায়ুৰ সোঁত বয় আরু ৰাতি বামৰ পৰা সাগৰলৈ বা বলে। সাগৰৰ পৰা বলা বাৰ নাম সাগৰৰ বা, আরু পাৰৰ পৰা যোৱা বাৰ নাম পাৰৰ বা দিয়া হয়। দিনত সূৰ্য্যৰ তাপত জৰাবস্থা পোৱা মানুহৰ পক্ষে সাগৰৰ বা বৰ সুখ জনক। সাধাৰণতে সূৰ্য্য উদয় হোৱাৰ কিছু সময়ৰ পাছৰ পৰা অলপ-অলপ সাগৰৰ বা গাত লাগে; কিন্তু ক্ৰমে বেগ টান হৈ তিনি বজাত বৰ প্ৰবল [ ৩২ ] হয়; তাৰ পৰা ঢিলায়। সন্ধ্যাভাগলৈ পৃথিবীএ বিকিৰণৰ দ্বাৰা শূন্যলৈ তাপ বিক্ষিপ্ত কৰাত পাৰৰ বায়ু সাগৰৰ ওপৰৰ বায়ুৰ সমান চেচা হলে ঘণ্টা দিয়েকৰ নিমিত্তে নিৰ্ব্বাত হয়। ৰাতি হলে পুনৰ বায়ুৰ দ্বাৰা উদ্ঘা‌টন হয় ক্ৰমে পাৰৰ পৰা সাগৰলৈ বায়ু বৈ যায়। কোনো কোনো ঠাইত সাগৰৰ বা সাগৰৰ পৰা ৬০ মাইল ভিতৰলকে আহে।

 সাগৰৰ কাষৰত যেনে সাগৰৰ বা আছে অন্তৰ প্ৰদেশ বিলাকত আরু পৰ্ব্বত উপত্যকাৰ মাজতো পৰ্ব্বতৰ পৰা অহা আৰু পৰ্ব্বতলৈ যোৱা বা আছে। এই বিধ বতাহ আসামৰ নিচিনা ডাঙ্গৰ বা সরু সকলো উপত্যকাত পোৱা যায়। দিনত মাটিৰ লগে-লগে মাটিৰ ওচৰত থকা বায়ু খিনি সৰ্ব্বপ্ৰথমে তপত হয়। সেই দৰে ৰাতি সি সৰ্ব্ব প্ৰথমে চেচা হয়। এই হেতু দিনত পৰ্ব্বতৰ গাত যি বায়ু লাগি থাকে সেই বায়ু তাৰ সাৰিতে সমানে ওখ উপত্যকাৰ বায়তকৈ তপত আৰু সেই বুলি পাতল হয়। সেই কাৰণে উপত্যকাৰ পৰা পৰ্ব্বতৰ ফাললৈ আরু তাৰ গায়দি ওপৰলৈ বায়ুৰ সোঁত বয় কিন্তু ৰাতি উপত্যকাৰ বাযুতকৈ তাৰ সমানে ওখ ঠাইত থকা পৰ্ব্বতৰ ওপৰৰ বায়ু চেচা আরু গধুৰ হয়। এই নিমিত্তে ৰাতি উপত্যকালৈ চেচা বায়ুৰ এটা সোঁত পৰ্ব্বতৰ গায়দি বৈ আহি উপত্যকাৰ নাম ভাগত গোট খায় আরু তাত থকা পূৰ্ব্বৰ তপত বায়ু এই চেচা বায়ুৰ সৈতে মিহলি হৈ নিজে চেচা হোৱাত পূৰ্ব্বৰ সমান তাপ অদৃষ্ট কৰি ৰাখিব নোৱাৰা হয়। ভাপ খিনি দৃষ্ট কণিকা পানী হৈ ঘন কুঙলি রূপে গোটেই উপত্যকাক আবৰি থয়। পৰ্ব্বতীয়া ঠাইত যি ফুৰিছে তেওঁ মন কৰিলে দেখিব পাৰে যে নিচেই ৰাতি পুৱা পৰ্ব্বতৰ ওপৰৰ পৰা চালে গোটেই খন উপত্যকা নেদেখা থাকে; বোধ হয় যেন পৰ্ব্বতটি শুকুলা সমুদ্ৰৰ মাজত এটি দ্বীপ। কিন্তু সূৰ্য্যোদয়ৰ পাছত উপত্যকাৰ কুঙলি খণ্ড খণ্ড হৈ পৰ্ব্বতৰ [ ৩৩ ] ফাললৈ আহিবলৈ ধৰে ক্ৰমে পৰ্ব্বত আচ্ছন্ন হয়। আরু কুঙলিৰ খণ্ড বিলাক পৰ্ব্বতেদি ওপৰলৈ বগাই গৈ থাকে। তলৰ পৰা এনে বোধ হয় যেন মেঘ বিলাকে পৰ্ব্বতত থাকিবলৈ বৰ ভাল পায়। এই স্থলত মেঘ বা কুঙলিৰ গতিয়েই বায়ৰ গতি।

 সাগৰৰ-বাকে আদি কৰি যি যি বতাহ কাল অনুসৰি এটা নিয়ম- লৈ আৰম্ভ আরু সমাপ্ত হয়, সেই বিলাক বতাহক সাময়িক বাত নাম দিব পাৰি। যি বতাহ বাৰেও কাল একেদিশে বৈ থাকে তাৰ নাম স্থিৰ বাত, আরু যাৰ কোনো দিশ নিৰূপিত নাই তাৰ নাম অস্থিৰ বাত।

  সাগৰৰ বা আরু পাৰৰ বা এই দুইৰ বাহিৰে আন আন সাময়িক বাত আছে তাৰ ভিতৰত প্ৰধান মৌচুম বাত। ইয়াৰ খেলোৱা স্থান বঙ্গ উপসাগৰ, আৰব সাগৰ, ভাৰতবৰ্ষ, চিন সাগৰ, অষ্ট্ৰেলিয়া আরু তাৰ উত্তৰে থকা স্থিৰ সমুদ্ৰৰ এক অংশ। দিন আরু ৰাতিৰে সৈতে সাগৰৰ বা আরু পাৰৰ বাৰ যি সম্পৰ্ক, জহ আরু জাৰ কালিৰ সৈতে মৌচুম বাতৰ সেই সম্পৰ্ক। অৰ্থাৎ জহ আরু জাৰ কালিৰ সময় অনুসৰি মৌচুম বাতৰ দিশ সলনি হয়। যেতিয়া বহাগ, জেঠ, আহাৰ, শাওন মাহত সূৰ্য্যৰ প্ৰখৰ কিৰণত পঞ্জাব, মধ্য ভাৰতবৰ্ষ, উত্তৰ-পশ্চিম প্ৰদেশ বৰ তপত হয়, তাৰ ওপৰত থকা বায়ু সেই তাপ সংবৰণ কৰি, পাতলহৈ ওপৰলৈ উঠে আরু ইয়াৰ ঠাই লবলৈ নিৰক্ষ বৃত্তৰ দক্ষিণফালে থকা সাগৰ আরু দ্বীপ বিলাকৰ ওপৰৰ অপেক্ষা- কৃত চেচা বায়ু, ভাগ উত্তৰলৈ হুহকি আহে এই দৰে বায়ুৰ যি সোঁত হয় তাক নৈৠত্য মৌচুম বাত কয়। দক্ষিণৰ পৰা অহা সাগৰৰ ভাপেৰে ভৰা বায়ু খিনিও পাছে ভাৰতবৰ্ষ পাই তপত হয় আরু সেই হেতু ওপৰলৈ উঠে। যেতিয়া আকাশৰ চেচা প্ৰদেশ পায় তেতিয়া আগৰ পৰিমাণে পানীৰ ভাপ ৰাখিবৰ নিমিত্তে অক্ষম হয় আরু সৰহ খিনি ভাপ বৰষুণ হৈ তললৈ পৰে; তাতে ভাৰতবৰ্ষত বাৰিষা কাল হয়। পৃথিবী-পৃষ্ঠ সাগৰৰ ওপৰ ভাগৰ নিচিনা সমতল হোৰা হেতেন বায়ুর [ ৩৪ ] গতি সকলো ঠাইতে একে দিশে হল হেতেন কিন্তু খলা-বমা বুলি পৰ্ব্বত উপত্যকার দিশ ধৰি ঠাইয়ে ঠাই মূল গতির কিছু লৰ হয়। আসাম উপত্যকাৰ ভাটী ভাগ পূবা-পশ্চিমা আৰু উজান ভাগ প্ৰায় নৈঋত্য-ঈশানা; এই হেতু ভাটী আসামত নৈঋত মৌচুম বাত পশ্চিমৰ পৰা পূবলৈ বয় আরু উজনিত প্ৰায় নৈঋত কোণর পৰা ঈশান কোণলৈ বয়। প্ৰধানকৈ পশ্চিমৰ পৰা বয় বুলি নৈঋত্য মৌচুমক আমাৰ মানুহে পচোৱা বতাহ বোলে। পৰ্ব্বতৰ গাত বায়ুৰ সোঁতৰ ঠেলা লাগিলে বায়ু, অতি বেগেৰে তাৰ শিখৰৰ ফাললৈ উঠি যায় আরু শীঘ্ৰ বেচি চাপ পৰা ঠাই এৰি কম চাপ পৰা ঠাইলৈ ওফন্দি পৰে আরু সোনকালে বৰ চেচা হয় তাতেই অনেক অংশে ভাপ খিনি বৰষুণ হৈ তললৈ পৰে। এই নিমিত্তে পৰ্ব্বতীয়া ঠাইত বৰষুণ সৰহকৈ পৰে। চিৰাপূঞ্জীত ইমান বেছি বৰষুণ হোৱাৰ কাৰণ এই এটা। “চিৰা পুঞ্জীর পৰ্ব্বত বিলাক দক্ষিণ ফালৰ পৰা একেবাৰে থিয় হৈ উঠিছে; এই নিমিত্তে নৈঋত্য মৌচুম বাত,তপত বঙ্গ সম থলৰ ওপৰেদি আহি প্ৰথমে সেই পৰ্ব্বতৰ গাত খুন্দা খাই আরু বেগে ওপৰলৈ উঠি লগত থকা পানীৰ ভাপ খিনি বৰষুণ কৰি মূষলৰ ধাৰে পৰ্ব্বতত ঢালি দিয়ে। ” কোনো স্থলত পৰ্ব্বতৰ গাত ঠেলা লাগি বায়ুৰ সোঁত উভতি আহে। আসাম দেশত এনে ঘটনা প্ৰায় দেখা যায়। যদি বতাহ মাটিৰ ওচৰত পূবলৈ বয় ওপৰৰ ডাৱৰ বিলাক বতাহৰ কোবত পশ্চিমলৈ চলা দেখা যায়। কেতিয়াবা ওপৰৰ আরু তলৰ ডাৱৰ দূতৰপ দুই বিপৰীত দিশৰ পৰা চলাও দেখি কিন্তু বায়ুৰ বিপক্ষ গতি অকল এই দরেই নহয়। নৈঋত্য মৌচুম বলোতে যি বায়ু ভাৰতবৰ্ষত তপত হৈ ওপৰলৈ উঠে সি আকৌ নৈঋত্য কোণত কম্‌তি হোৱা বায়ুৰ ঠাই ভৰিবলৈ ওপৰে দি ঈশান কোণৰ পৰা যায়। বায়ুৰ এইটি সোঁতক বিপক্ষ মৌচুম কয়। [ ৩৫ ]   আকৌ, নিৰক্ষবৃত্ত পাৰ হৈ দক্ষিণলৈ সূৰ্য্য গলে যেতিয়া কাতি, আঘোন্‌, পুহ, মাঘ মাহত, ভাৰতবৰ্ষ, ব্ৰহ্ম প্ৰভৃতি দেশ বিলাক চেচা হয় আরু নিৰক্ষবৃত্তৰ দক্ষিণে থকা অষ্ট্ৰেলিয়া প্ৰভৃতি ঠাই বিলাক তপত হয়, দক্ষিণ ফালৰ পৰা ওপৰলৈ উঠা তপত বায়ুৰ ঠাই লবলৈ হিমালয়ৰ উত্তৰৰ পৰা আরু ভাৰতবৰ্ষ, ব্ৰহ্মদেশ, বঙ্গ উপসাগৰ ইত্যাদি ঠাইৰ পৰা চেচা বায়ুৰ এটি সোঁত বয়। ইয়াৰ গতি ভাৰতবৰ্ষ আরু বঙ্গোপসাগৰত ঈশান কোণৰ পৰা নৈঋত কোণলৈ; এই কাৰণে এই বায়ু প্ৰবাহক ঐশানিক মৌচুম কয়। “আসাম দেশত ইয়াক কুরুৱা বতাহ বলে। এই সময়ত হিমালয়ৰ তুষাৰাবৃত শিখৰাগ্ৰ চুই অহা বাবে ঐশানিক মৌচুম বৰ চেচা আরু শুকান আরু সেই বতাহৰ বেগ যিমান বেচি হয় সিমান জাৰ টান হয় আরু মানুহৰ গা ফাটে। ঐশানিক মৌচুম বা কুরুৱা বতাহ বোৱাৰ আৰম্ভৰে পৰা নৈৰ পানী শুকাবলৈ ধৰে আরু গগণমাৰ্গ নিৰ্মেঘ হৈ ক্ৰমে উজ্জ্বল নীল বৰণ ধাৰণ কৰে। কাৰণ উত্তৰৰ চেচা প্ৰদেশৰ পৰা চেচা বায়ু, দক্ষিণলৈ আহি আগতকৈ তপত হোৱাত ভাপ ধৰিব পৰা ক্ষমতা বাঢ়ে আরু মেঘ স্বরূপ দৃষ্ট ভাপ অৰ্থাৎ পানীৰ কণিকা বিলাকক পুনৰ অদৃষ্ট কৰি নতুনকৈ অহা বায়ুক সেই কাৰ্য্য আরম্ভ কৰিবলৈ ঠাই দি দক্ষিণলৈ হুহকি যায়। ঐশানিক মৌচুমৰো বিপক্ষ মৌচুম আছে অৰ্থাৎ আকাশৰ ওপৰেদি নৈঋত্য কোণর পৰা মৌচুম বাত বয়। ইয়াৰ লগতে কিছুমান সাগৰৰ ভাপ আহি আমালোকক পুহ, মাঘ, ফাগুণ, চত মাহতো বৰষুণ দিয়ে। এক মৌচুম বাত স্থগিত হৈ আন মৌচুম বাত আৰম্ভ হোৱাৰ সময়ত দুই বিপক্ষা গত বাতৰ পৰস্পৰৰ আঘাতত ধুমুহা, তুফান আদি ঘূৰ্ণী-বাতৰ বেগ সাধাৰণ বায়ুৰ সোঁতৰ বেগতকৈ টান হয়। চতমহীয়া যি ধুমুহা আমাৰ দেশত হয় তাক কৰি কল্পনা মতে বিহু খাবলৈ যোৱা বৰদৈচিলাৰ যাত্ৰা বুলি জনা আছে। ঘুৰ্ণী [ ৩৬ ] বাতৰ বিষয়ে বিশেষকৈ পাছে কোৱা হব। অষ্ট্ৰেলিয়াত যি মৌচুম ৰাত আছে তাৰ দিশ অগ্নিকোণ আরু বায়ুকোণ।

  আগেয়ে কৈ অহা হৈছে যে পৃথিবীৰ সকলো ঠাইত কৈ উষ্ণমণ্ডল তপত আরু দুই কাসৰত থকা দুই সমমণ্ডল আরু দুই শীত মণ্ডল তাতকৈ অনেক গুণে চেচা। উষ্ণ-মণ্ডলৰ পৰা উঠা তপত্‌ বায়ুৰ ঠাই লবলৈ কাজেই দুই ফালৰ পৰা অৰ্থাৎ উত্তৰ আরু দক্ষিণৰ পৰা উষ্ণ-মণ্ডলৈ সদা সৰ্ব্বদা বায়ুৰ দুটি সোঁত বৈ থাকিব। কিন্তু এই দুই বায়ু-সোঁতৰ গতি সম্পূৰ্ণে উত্তৰা-দক্ষিণ নহয়। পৃথিবী পশ্চিমৰ পৰা ঘুৰা বাৰে তাৰ লগতে কিছু পশ্চিমলৈ ঢাল লোৱাত উত্তৰ গোলাৰ্দ্ধত ঐশানিক আরূ দক্ষিণ গোলাৰ্দ্ধত অগ্নিকোণী হৈবয় বাৰ এই দুইটি সোঁত সদাই একে দিশে বৈ থাকে বুলি ইয়াৰ নাম গতি— নিবন্ধবাত। ঐশাণিক গতি— নিবন্ধ বাত আরু অগ্নিকোণী গতি— নিবন্ধ বাত যতে মিলিছে ততে স্থিৰ বা নিৰ্ব্বাত, কিন্তু সময়ে সময়ে তাত বৰ ধুমুহা হয়। এই কাৰণে এই ঠাইক নিৰ্ব্বাত আৰু “অস্থিৰ বাত মণ্ডল” নাম দিয়া হয়। এই মণ্ডল নিৰক্ষ বৃত্তৰ ঠিক ওপৰত নহয়, তাৰ পৰা উত্তৰে তৃতীয় অক্ষাংশৰ পৰা ১০ অক্ষাংশলকে যুৰি আছে। এই খিনি ঠাইৰ ভিতৰত সমুদ্ৰৰ পানী আৰ্চিৰ নিচিনা সমান আরু তাত যি প্ৰতিবিম্ব পৰে আৰ্চিৰ ওপৰত পৰা দৰে পৰিষ্কাৰ। সমুদায় জাহাজ খনি মাস্তুলৰ মুৰৰ পৰা তলী- লকে পৰিষ্কাৰ রূপে সম্পূৰ্ণ প্ৰতিফলিত হয়। যি জাহাজ অলপৰ পূৰ্ব্বে বায়ুৰ বলত পাল ভিড় খাই কাঁৰৰ বেগেৰে ঢৌ ভঙ্গি কল কল শব্দ কৰি আহে, এই মণ্ডল প্ৰবেশ কৰা মাত্ৰ তাৰ পাল তললৈ ওলমি মাস্তুলত লাগি ৰয় আরু ক্ৰমে জাহাজৰ গতি বন্ধ হয়; শেষত একেবাৰে লঙ্গৰ কৰাৰ নিচিনা একেভাৱে একে ঠাইতে ৰয়। ওপৰে সূৰ্য্যে অগ্নি বৰিষণ কৰে, জাহাজৰ তক্তাপাট ভৰি দিব নোৱাৰা তপত হয়। চাৰিও দিশে আকাশ আরু সাগৰৰ সন্মীলন হোৱা [ ৩৭ ] ঠাইলকে যুৰি আৰ্চিৰ নিচিনা সমান আরু বহল সাগৰ বিস্তাৰিত আছে। এদিন যায়, চাৰি দিন যায়, সপ্তাহ দিন যায়; তেও জাহাজ একে ঠাইতে, অলপো লৰ চৰ নাই। প্ৰথমে যদি জাহাজৰ আগ টিং উত্তৰলৈ, এতিয়াও উত্তৰলৈকে মু; সেই সুবিস্তীৰ্ণ আৰ্চিৰ নিচিনা মহাসাগৰ বৰ্ত্তমান; সেই অগ্নি-পিণ্ডবৎ সূৰ্য্য মণ্ডল অগ্নিপিণ্ডৰ দৰে সাগৰৰ পৰা ওলায় আকৌ সেই দৰেই সাগৰতে সোমায়। কিন্তু অকস্মাৎ এদিন দূৰত গভীৰ নিনাদ হয়; অলপৰ পাছতে জাহাজ লৰিবলৈ ধৰে আরু শেষত হুৰ হুৰ শব্দ কৰি মহা ভয়ানক বেগেৰে চলিবলৈ ধৰে। পাল ভিড় হৈ অন্তত ছিৰা ছিৰ হৈ ফাটে। ফটা পালে দি, জৰিৰ মাজেদি বতাহে সো সোৱাবলৈ ধৰে। যত মাস্তুল ভাগি ধুমকৈ পৰে, তত জৰি ছিগি পাল উড়ি যায়। জাহাজ তল যাওঁ ওপঙ্গো হৈ এফাললৈ লৰ দিয়ে।

 গতি-নিবন্ধ বতাহৰৰ ওপৰেদি বলোৱা বিপক্ষগতি-নিবন্ধ বতাহ আছে। ইয়াৰ প্ৰমাণ স্বরূপ তলে যি ফাললৈ বতাহ বয়, সেই দিশৰ পৰা উভতি ওপৰে দি মেঘ চলা দেখি। টেনেৰীফ পৰ্ব্বতৰ মূল দেশত যদি ঐশাণিক গতি-নিবন্ধ বা গাত লাগে শিখৰলৈ গলে তাত নৈঋত্য কোণৰ পৰা বায়ুৰ শ্ৰোত পোৱা যায়, নিৰ্ব্বাত আরু অস্থিৰ বায়ু মণ্ডলৰ ওচৰত বিপক্ষ-গতি নিবন্ধ বতাহ অনেক ওপৰেদি বয়; কিন্তু ক্ৰমে ক্ৰমে চেচা হৈ নামি যায় আরু ক্ৰমে পশ্চাত্য হৈ ইউৰোপ, উত্তৰ আশিয়া, উত্তৰ আমেৰিকা আরু দক্ষিণ মহাসাগৰত দেখা দিয়ে। এই পশ্চাত্য, বা বিপক্ষ-গতি- নিবন্ধ বতাহৰ লগত সাগৰৰ পৰা যি ভাপ আহে তাৰ পৰাই ইউৰোপ আদি দেশত বৰষুণ আরু তুষাৰ পৰে। পাশ্চাত্য বতাহ গতি-নিবন্ধ বতাহ এই দুই বতাহক স্থিৰ বাতৰ শ্ৰেণীত ধৰা হয়।

  বায়ুৰ সোঁতৰ সম্পৰ্কে পৃথিবী পৃষ্ঠ যিমান ভাগ কৰা হব পাৰে তাৰ বিষয়ে সংক্ষেপে কব লাগিলে মাজতে নিৰক্ষ বৃত্তৰ উত্তৰে তৃতীয় [ ৩৮ ] অক্ষাংশৰ পৰা ১০ অক্ষাংশলৈকে “নিৰ্বাত আৰু অস্থিৰ বাত মণ্ডল। ” এই মণ্ডলৰ উত্তৰে দক্ষিণে ১০ উত্তৰ অক্ষাংশৰ পৰা ২৫ উত্তৰ অক্ষাংশলকে আরু ৩ উত্তৰ অক্ষাংশৰ পৰা ২৩ দক্ষিণ অক্ষাংশলকে দুটি “গতি-নিবন্ধ বাত মণ্ডল। ” ২৫ উত্তৰ অক্ষাংশৰ পৰা ৪০ উত্তৰ অক্ষাংশলকে আরু ২৩ দক্ষিণ অক্ষাংশৰ পৰা ৪৬ দক্ষিণ অক্ষাংশলকে আকৌ দুটি “নিৰ্বাত আরু অস্থিৰ বাত মণ্ডল” আৰু ৪০ অক্ষাংশৰ পৰা ৫৫ অক্ষাংশলকে উত্তৰ আরু দক্ষিণ গোলাৰ্দ্ধত বিপক্ষ-গতি- নিবন্ধ বতাহৰ পৰা ওলোৱা দুটি “পাশ্চাত্য বতাহৰ মণ্ডল⸺”।

  গতি-নিবন্ধ, মৌচুম আদি বতাহৰ যি স্বভাৱ ওপৰত কৈ অহা হল তাক মাত্ৰ মুকলি সমুদ্ৰত সম্পূৰ্ণ পোৱা যায়; পৃথিবীৰ পৃষ্ঠ অসমান হোৱাৰ নিমিত্তে বামত তাহতৰ প্ৰকৃত স্বভাৱৰ অনেক অংশে লৰ হয়; আঘাত আৰু প্ৰতিঘাতত অস্থিৰ বাত রূপে প্ৰকাশ পায়। পৃথিবীৰ ভিতৰত যত বিধ অস্থিৰ বতাহ আছে সকলোৰে বৰ্ণনা দিয়া বাহুল্য; সকলোৰে উৎপত্তি কাৰণ একে আরু ঠাই অনুসৰি সিহঁতৰ প্ৰাকৃতিক স্বভাৱ লৰ হয়। বালীয়া মরু ভূমিত এবিধ তপত বতাহ স্বজন হয়। আৰব দেশত তাৰ নাম “চিমুম,” চাহাৰা মরুভূমিত “হম্মাটান,” ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত “লুঃ,” ভূমধ্য সাগৰত “চিৰক” আরু স্পেন দেশত তাৰ নাম “চলেন”। পিরু দেশত এণ্ডিস্ পব্বতৰ ওপৰে দি এবিধ বৰ চেচা বতাহ বয়। সি ইমান চেচা আৰু শুকান যে গাত লগা মাত্ৰ সকলো ৰস শুকাই যায় আরু শৱ মাত্ৰে নপচি কাঠৰ নিচিনা টান আরু শুকান হয়।

  চিমুম বতাহ কেনে ভয়ানক যি এবেলি তাৰ গম পোৱা নাই তেওঁক সেই বিষয় বৰ্ণনাৰে বুজোৱা টান। চিমুম আৰম্ভ হোৱাৰ পৰা আকাশে ক্ৰমে ঘোৰতৰ মুৰ্ত্তি ধৰে। উজ্জ্বল নীল বৰনীয়া আকাশে হাবিজুইৰ ধোৱাৰে ৰঙ্গচুৱা হোৱা মেঘৰ নিচিনা বৰণ লয়। সূৰ্য্য সিন্দুৰৰ নিচিনা ৰঙ্গা হয়; আরু ক্ৰমে জ্যোতিহীন [ ৩৯ ] হৈ কোনো বস্তুৰৰ ছাঁ নেপেলায়। সৌজীয়া গছ গছনি বিলাক অপৰিষ্কাৰ নীলবৰণৰ হয়। আৰু চৰাই পহুএ ভয়ত ইফালে সিফালে ধাপলীয়াবলৈ ধৰে। নতুনকৈ এনে দৃশ্য দেখা মানুহৰ মানত সংসাৰ যেন লোপ পাব খোজে। আকশেই যেন যম দ্বাৰ হৈ তেও ক গ্ৰাস কৰে। বায়ুৰাশি অতি ক্ষুদ্ৰ মিহি বালিৰে পৰিপূৰ্ণ। বতাহে পাগহালিৰ জুইৰ দৰে মুখত ধৰে। সেই বতাহ ইমান তপত আৰু ইমান শুকান যে মানুহৰ গাত লগা মাত্ৰকে চাল, খৰ খৰীয়া হয়, ডিঙ্গি জলিবলৈ ধৰে, উসাহ ঘন হয় অন্তৰ দাহ কৰে আরু বৰ হুতা- হে ধৰে। নিৰৰ্থক অভাগা নৰে ঢোক-ঢোকে পানী গিলে, কেতিয়াও শৰীৰ ঘামি, চাল, কোমল নহয়। নিৰ্গক পুৰি ডেই মৰা মনুষ্যে চেচা বিচাৰি শিল, পানী, লল, পিত্তলত হাত বুলায়; কিন্তু সকলো তপত। ঘাট বাট জনশূন্য, জগতত মাজ নিশাৰ নিস্তব্ধতাই বিৰাজ কৰে। নগৰৰ আরু গাৱঁৰ মানুহ বিলাকে নিজৰ ঘৰে ঘৰে দুৱাৰ ডাঙ্গ মাৰি কিছু ৰক্ষা পায়। পথিকে তম্বুঘৰত বা গাত খানি সোমাইহে তত পায়। উট বিলাকে ছিৎ হৈ পৰি মাটিত মুৰ গুজি প্ৰাণ ৰাখে। এই দৰে কিছু সময় মৰা প্ৰায় জীৱ জন্তুৰ ওপৰে ধীৰে ধীৰে ভাপ প্ৰবাহ বৈ শেষ হলে আকৌ আকাশ নিৰ্ম্মল হয়; আরু প্ৰাণী বিলাকে প্ৰায় পুণৰ জন্ম ধৰে। আন আন তপত বতাহৰ ভাৱো ইয়াৰ পৰা বুজিব পাৰি।

 ওপৰত যি যি বতাহৰ কথা লিখা হল সকলোৰে গতি সৰল ৰৈখিক অৰ্থাৎ পোনে পোনে বয়। কিন্তু বা মাৰলি ঘূৰ্ণীবাত, ধুমুহা, তুফান ইত্যাদিৰ গতি চক্ৰাকার। বা-মাৰলি, ধুমুহা, তুফান ইত্যাদি সকলো একে, মাত্ৰ সরু ঘূৰ্ণীবাতক বা-মাৰলি বোলে, ডাঙ্গৰ ঘূৰ্ণীবাতক ধুমুহা, তুফান ইত্যাদি নাম দিয়া হয়। বা-মাৰলি অথবা ঘৰ্ণীবাতৰ পৰিসৰ ৫|৬ হাতৰ পৰা ৫০০|৬০০ মাইল পৰ্য্যন্ত হব পাৰে।

[ ৪০ ]  দুই বিপক্ষাগত বতাহৰ হঠাৎ আঘাত প্ৰতিঘাত হলে ঘুৰ্ণী বাত উৎপন্ন হয়। ডেৱাল বা বেৰ এখনলৈ দলি এটা মাৰিলে যেনেকৈ উভতি আহে সেই দৰে কেতিয়াবা পৰ্ব্বতত ঠেলা লাগিলে বতাহ উভতি বয়; আগৰ গতিত আহি থকা বায়ু আরু উভতি বোৱা বায়ু দুইৰৰ আঘাতত ঘূৰ্ণী বাত হয়। নতুবা গতি-নিবন্ধ বতাহৰ বিপক্ষ হৈ, নৈঋত্য মৌচুম বলেও হব পারে। কিম্বা আগেয়ে আকাশৰ এক প্ৰদেশ ভাপেৰে ভৰি আছিল, কিন্তু হঠাৎ ঘনীভূত হৈ পানী হোৱাত সেই প্ৰদেশ প্ৰায় শূন্য হয়। এই নিমিত্তে সেই ঠাই পুৰ কৰিবলৈ সকলো দিশৰ পৰা বায়ু বেগেৰে আহোঁতেও এই বিধ বতাহৰ স্ৰজন হয়। নিৰক্ষ বৃত্তৰ উত্তৰত চীন সাগৰ, বঙ্গ উপসাগৰ আরু ওয়েষ্ট ইণ্ডিয়ান দ্বীপ সাগৰত হোৱা তুফানৰ এইয়ে মূল কাৰণ বুলি অনেকে ভাবে; কাৰণ প্ৰায় সকলো তুফানে প্ৰথমে নিৰ্ব্বাত আরু অস্থিৰ বাত মণ্ডলত দেখা দি উত্তৰ ফাললৈ যায় আরু এই মণ্ডলতে অনেক খিনি ভাপ হঠাৎ ঘনীভূত হৈ বৰষুণ হয়। তুফানৰ প্ৰধান লক্ষণ এই:—(১) উত্তৰ গোলাৰ্দ্ধত তুফানৰ গতি পশ্চিমৰ পৰা দক্ষিণে দি পূব আরু উত্তৰলৈ ঘুৰা; আরু দক্ষিণ গোলাৰ্দ্ধত পশ্চিমৰ পৰা উত্তৰে দি পূব আরু দক্ষিণলৈ ঘুৰা। (২) তুফানে এটি কেন্দ্ৰ লৈ তাৰ চাৰিও ফালে ঘুৰে আরু ক্ৰমশঃ আগবাঢ়ি যায়। (৩) সকলো দিশৰ পৰা কেন্দ্ৰৰ ফাললৈ বায়ু বেগে বয় আরু কেন্দ্ৰৰ অলপ্‌ আঁতৰত বায়ুৰ অত্যন্ত বেগ হয় কিন্তু কেন্দ্ৰত বায়ু প্ৰায় স্থিৰ থাকে। (৪) কেন্দ্ৰত বায়ুৰ ভাৰ অতি কম। কেন্দ্ৰত বায়ুৰ ভাৰ কম্‌তি আরু কাসৰত বেচি থকা হেতু কেন্দ্ৰৰ তলত থকা পানী, ধুলী, আরু উভালিব পাৰিলে গছ, পাত, সকলোকে ঘুৰ্ণী বাতে তুলি ওপৰলৈ লৈ যায়। কেতিয়াবা কেন্দ্ৰৰ তলত সাগৰ পৰি ২০|২৫ হাত ওখ আরু ৫০|৬০ বৰ্গ মাইল যোৰা এনে প্ৰকাণ্ড ঢৌ সাগৰৰ পৰা উঠি আরু কেন্দ্ৰৰ লগে লগে বামলৈ গৈ মানুহৰ মহা প্ৰলয় [ ৪১ ] কৰে। এই দৰে ৩০ শালত এটা বৰ ঢৌ উঠি তাৰ লগত সাগৰৰ জাহাজ লৈ গঙ্গা-সাগৰ দ্বীপৰ গছৰ আগত তুলিছিল। “ইংৰাজী ১৮৬৬ সনৰ ৫ অক্টোবৰ তাৰিখত এটা ভয়ানক তুফান কলিকাতাৰ ওচৰে যায়। এই তুফানৰ কেন্দ্ৰ কলিকতাৰ পৰা মাইল দিয়েকৰ পশ্চিমে দি গৈছিল। সেই দিন গঙ্গা নদীৰ জাহাজ আরু নাৰ বিলাকৰ মহা প্ৰলয় হয়। ৩১ খন জাহাজ (তাৰ ভিতৰৰ ৯ খন, ২৫ হাজাৰ মোনীয়াত কৈও ডাঙ্গৰ) মৰা পৰে। লঙ্গৰৰ পৰা এৰাই এটাই বিলাক চিন্ন ভিন্ন হল আরু “পি ও কোম্পানীৰ” এখন বৰ ডাঙ্গৰ ডাক জাহাজ হুগলী নদীৰ সিপাৰে শালিমাৰ টেকৰ ওচৰত পৰেগৈ। কেবা সপ্তাহলকে বামত,উফৰি ছেদেল বেদেল হৈ থকা ভগা নাৱ আৰু জাহাজ মাস্তুল, মাল ইত্যাদি—বস্তুৰ নিদানে আলিয়ে দি যাব নোৱাৰা হৈছিল। কিন্তু সকলো ঠাইতকৈ মেদিনিপুৰ আরু চৌব্বিশ পৰগণাৰ উৎপাত আতি ছৰিল। তুফানৰ লগত সাগৰৰ পৰা ঢৌ আহি সকলোকে উটাই কোন ঠাইত ২০ হাত কোন ঠাইত ২৫ হাত দ হৈ ইয়াৰ ওপৰেদি বাগৰি গল। এই জল প্লাবনত ৪৮,০০০ হাজাৰতকৈও ওপৰ মানুহ মৰে। তাৰ পাছত এই প্ৰলয়ৰ ফল স্বরূপ মাহ দিয়েকলকে যি জ্বৰ আরু আকাল হৈছিল তাত পৰি আৰু ২৫,০০০ হাজাৰ মান মানুহ মৰে। ঘূৰ্ণী বাতৰ কেন্দ্ৰ বালীয়া মরু ভূমিৰ ওপৰে গলে বালি, স্তম্ভৰ দৰে ওপৰলৈ উঠি দেশ পৰিভ্ৰমণ কৰে; ইয়াকে বালিগছা বা বালি-স্তম্ভ কয়। তুফানৰ আকৃতি আরু স্বভাৱ, পানীৰ চাকনৈয়া চাই কিছু বুজিব পাৰি।

  আমাৰ দেশত ঘুৰ্ণী-বাতৰ বিষয়ে অনেক কথা শুনা যায়। কিন্তু আমালোকৰ ধুমুহা বা তুফান অতি ক্ষুদ্ৰ। বঙ্গ দেশত আরু আন আন ঠাইত যেনে তুফানৰ কাণ্ড শুনা যায় সি অতি আচৰিত। “বঙ্গ দেশত ১২৪৪ শালত এটা তুফান ধাপা-বলীয়া-ঘাটৰ পৰা [ ৪২ ] আৰম্ভ হৈ, দক্ষিণৰ বেনিয়া-পুকুৰলকে দীঘলে প্ৰায় ১৬ মাইল বাট, বহলে ঠাইয়ে ঠাইয়ে পোৱা মাইল, ইহাৰ ভিতৰত, ঘৰ, দুয়াৰ, গছ যি পালে সকলোকে গুৰিতে উভালি চূণ-স্যাৎ কৰিলে। ইয়াৰ বেগতে পৃনচেপ্‌ চাহাবৰ লোনৰ কুঠিৰ পৰা ২০ মোণতকৈ গধুৰ এনে ডাল দিয়ে লোহাৰ ডাঙ্গো উড়ি গল আরু এটা ইটাৰ ডাঙ্গৰ পিল্‌পা ভাগি দুই তিন শ হাতৰ অন্তৰত পৰিছিল। ” ওয়েষ্ট-ইণ্ডিজ দেশত যি ঘুৰ্ণী বাত প্ৰায় হৈ থাকে তাৰ নাম “হৰিকাণ” এই ঘূৰ্ণী বাতৰ পৰাক্ৰম আরু আশ্চৰ্য্য; লোকে কয় যে, যি পথে এই ঘুৰ্ণী বাত যায় তাত অট্টালিকা বা কাঠৰ ঘৰ থাকিলে সকলোকে ভাঙ্গি সমান কৰি ১০০ হাত মান বহল আৰু কেবা মাইল দীঘল এনে এটা বাট কৰি দিয়ে।

[ ৪৩ ]
তৃতীয় প্ৰকৰণ।

পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।
চতুৰ্থ অধ্যায়।
সমুদ্ৰ।

নী মানুহৰ অনেক প্ৰকাৰ সুখৰ মূল। পানীৰ দ্বাৰায় শস্য উৎপন্ন হৈছে, তাৰ ওপৰতে দূৰ দেশলৈ গৈছে আৰু ও তাতে খাদ্যদ্ৰব্যাদি সিদ্ধ কৰি জীবন ৰক্ষা কৰিছে এই নিমিত্তে পানীৰ শাস্ত্ৰীয় নাম জীবন। নদী, সমুদ্ৰই বেপাৰৰ আরু তাৰ লগে-লগে সভ্যতাৰ বাট; যদিও আজি কালি অনেকে ক্ৰোড়-পতি হৈ ৰেলগাড়ী উলিয়াই দেশ বিদেশৰ দূৰ গুচাই বামদি বেপাৰৰ সুচল কৰিছে তেও পানীত ওপোঙ্গাই অতি গধুৰ বস্তুকো অলপ খৰছতে নিচেই দুখীয়াটায়েও নিব পাৰে বুলি, বামে পানীক চেৰ পেলাব পৰা নাই আরু নোৱাৰেও। এই হেতু পুৰণা কালৰ পৰা আজিলকে সভ্য আরু বেপোরেৱা ঠাই বিলাক সাগৰৰ সমীপত দেখা যায়। আরু, অন্তঃ-প্ৰদেশতো নৈ বা হ্ৰদৰ পাৰত হে নগৰ স্থাপন হয়। জীৱ পালন আরু সিহঁতৰ উন্নতি সাধন এই দুই কথা এৰিও পানীৰ পৰা স্বভাৱৰ এটি মহৎ ইষ্ট সাধন হৈছে। পানী সমকৰ্ত্তা, অৰ্থাৎ ই নিজে যেনেকৈ সমোচ্চ থাকে লোককো সমান কৰিবলৈ পুরুষাৰ্থ কৰে। যদি আমাৰ পাঠকে এদিন বৰষুণ দিওঁতে পিড়ালিত বহি চোতাললৈ চায়, এই কথাৰ প্ৰমাণ হাতে হাতে পাব। তেওঁ দেখিব যে বৰষুণৰ টোপাই পতি অলপ বালি ধুলি চোতালৰ সকলো ঠাইৰ পৰা এৰাই আরু মিহলি হৈ ওপৰৰ পৰা ফটিকৰ ধাৰেৰে পৰা পানীক ঘোদা কৰে আরু সেই [ ৪৪ ] ঘোদা পানী ওচৰৰ লোৰ এটাত গোট খাই সেইয়েদি বৈ যায়। যদি লোৰটো আওগড়ীয়া হয় তেনে হলে এটাই খিনি বোকা আরু বালি লৈ ওচৰৰ জান এটাত পৰিব আরু জানটোও তেনে আও- গড়ীয়া হলে নতুনকৈ আরু কিছু মন্ত বোকা তাৰ লগতে লৈ নৈ এখনত অন্ত হবগৈ। যদি বৰ আওগড়ীয়া নহয়, প্ৰায় সমান হে থাকে তেনে হলে কিছু মান বোকা আরু বালি ঠাইয়ে ঠাইয়ে ৰৈ যাব বাকি খিনি নৈত পৰিব। পাছৰ বৰষুণ এজাকে পূৰ্ব্বে ৰৈ যোৱা বোকা খিনিক ঠেলি কিছু নামত ৰাখিব; আরু এজাকে কিজানি একেবাৰে নৈতহে এৰিব। এই দৰে যদি নৈৰৰ বালি- খিনি উটি ভটীয়াই নগল হেতেন, পাৰৰ মাটি বালি বৰষুণ জাকে পতি ক্ষয়গৈ নৈত গোট খাই ক্ৰমে নৈ বাম হে আহিল হেতেন। কিন্তু আমাৰ পাঠকে বৰষুণ এৰাবৰ পাছত যদি নৈৰ পাৰলৈ গৈ চায়, দেখিব যে তাতত সেই দৰে পৰিবৰ্ত্তন হব লাগিছে। বৰং নৈত সেই কাৰ্য্য বাহুল্য রূপে ঘটিছে। ঘোদা পানীএ বেগেৰে বৈ বালি গৰা বা চট অলপ অলপ ভাঙ্গি নিছে কিন্তু অলপ ভাটিতে এটা টেকৰ পাছত যত পানীৰ সোঁত প্ৰায় নাথাকে তাত পানী শুকালে বা তেতিয়াই নামি চালে পোৱা যাব যে তাত পলশ নামেৰে বোকা আরু বালি কিছু মান গোট খাইছে। এই বোকা পূৰ্বে একে পাৰতে উজনিত দেখি অহা চট খহনিয়াৰ পৰা আহিছে। ইও কেতিয়াবা এসময়ত খহি ভাটীত ৰবগৈ। ব্ৰহ্মপুত্ৰ নদত চট পতা ভঙ্গা কাম দিনে ৰাতিয়ে হবই লাগিছে আরু আন আন সকলো নদীতে এই কাম হয়ে আছে। এই দৰে বামৰ মাটি আরু বৰষুণৰ পানী গোট খাই বাগৰি গৈ পৃথিবীৰ সকলোতকৈ চাপৰ ঠাই সমুদ্ৰত গোট খাইছে। সমুদ্ৰৰ ঢৌএ মাজলৈ চলাই নি তলীত বালি আরু বোকা খিনি সমানকৈ পাতিছে আৰু দিন দিন তলী ওখ হবলৈ ধৰিছে। পানীৰ লগত মাটি বালি যি যায় সকলো তাতে ৰয়, কিন্তু বিশুদ্ধ [ ৪৫ ] নিৰ্ম্মল জল ভাপ হৈ আহি বৰষুণ রূপে আকৌ কিছুমান মাটি বালি উটাই নিয়ে। এই দৰেই অত্যুচ্চ গৰ্ব্বিত ভূধৰ লঘু ক্ষুদ্ৰ বৰষুণৰ টোপাৰ দ্বাৰা দৰ্প চূৰ্ণ হৈ ক্ৰমে মুৰ চাপৰাই লুকাই গৈছে। বৰষুণৰ প্ৰতাপত বাম খাল হৈছে, খাল বাম হৈছে সাগৰ ক্ৰমে তৰাং হৈছে পৰ্ব্বত ক্ৰমে সাগৰৰ সমান হৈছে। কিন্তু এই ক্ৰম অতি লাহে- লাহে ঘটিছে এই নিমিত্ত মানুহে তাক মন নকৰিলে জানিব নোৱাৰে।

  সমুদ্ৰ কি? ওপৰতে উল্লেখ কৰা হৈছে। পৃথিবী পৃষ্ঠ খলা বমা; তাৰে চাপৰ তিনি চতুৰ্থাংশ ঠাই যুৰি সকলো ঠাইৰ পৰা পানী বৈ আহি অখণ্ড জলৰাশি হৈ যত গোট খাই আছে তাৰ নাম সমুদ্ৰ। সমুদ্ৰৰ ওপৰে যি এক চতুৰ্থাংশ ঠাই ওলাই আছে তাৰ নাম ভূভাগ। সমুদ্ৰৰ এখণ্ডই উত্তৰ মেৰুৰ পৰা দক্ষিণ মেরুলকে, আকৌ তাৰ পৰা উত্তৰ মেরুলৈ ঘুৰি সমুদায় পৃথিবী প্ৰদক্ষিণ কৰি, পৃথিবীৰ ভূভাগক পুৰাতন মহাদ্বীপ, আরু নতুন মহাদ্বীপ নামেৰে প্ৰধান দুই খণ্ড কৰিছে। এই সমুদ্ৰ আঙ্গঠিৰ এখন চাকি স্বরূপ: যি ভাগ পানী সুমেৰুৰ চাৰিওফালে আছে তাক সুমেরু সমুদ্ৰ আরু কুমেরুৰ চাৰি ও ফালে দ্বিতীয় চাকিস্বরূপ যি পানী আছে তাক কুমেরু সমুদ্ৰ কয়। কুমেরু আরু সুমেরুৰ সমুদ্ৰৰ মাজত আঙ্গঠিৰ গা স্বরূপ যি দুভাগ আছে তাৰ এভাগৰ নাম স্থিৰ সমুদ্ৰ, আন ভাগৰ নাম আটলান্টিক সমুদ্ৰ। পুৰাতন মহাদ্বীপৰ দক্ষিণ পাৰ মাজতে ঘোৰ খাই কিছু উত্তৰলৈ সোমাই আছে; এই দৰে যি ভাগ সমুদ্ৰ এই ভাঁজ লোৱা পাৰ আরু কুমেরু সমুদ্ৰৰ মাজত পৰিছে সেই ভাগৰ নাম ভাৰত সমুদ্ৰ।

  ভূভাগ যেনে অসমান, সমুদ্ৰৰ তলী খনো তেনে অসমান। তাতো পৰ্ব্বত,উপত্যকা,অধিত্যকা আছে। আরু বায়ু সাগৰ যেনেকৈ অসমান আধাৰৰ ওপৰ ভৰ দি চলে সেই দৰে পানী সাগৰ পৰ্ব্বত উপত্যকাৰে [ ৪৬ ] গঠিত আধাৰৰ ওপৰত ভৰদি বৈ যায়। “সমুদ্ৰৰ তলী অনেক ঠাইত লেজু পেলাই জোখা হৈছে; কিন্তু কোনো কোনো ভাগ অতলস্পৰ্শ। পাঁচ হেজাৰ হাত দীঘলজৰিৰেও ঢুকি পোৱা নাই ইয়াৰ পৰা ভাবিব নালাগে যে সমুদ্ৰৰ তলী নাই বা থাউনি পাব পৰাকৈ দীঘল জৰি যোৰা দিব নোৱাৰি। আটলান্টিক সমুদ্ৰ এঠাইত ২০০০০ হাতত- কৈও দ। তাত হিমালয় পৰ্ব্বতৰ অতি ওখ একোটা শিখৰ ডুবি থকা হলেও শিখৰৰ আগৰ ওপৰত তেও ৬০০ হাতৰ পৰা ১২০০ হাত- লৈকে পানী থাকিল হেতেন। দক্ষিণ সমুদ্ৰৰ কোনো কোনো ভাগ ইয়াতকৈও দ। বঙ্গোপসাগৰৰ তলী খন দক্ষিণাত্য আরু বঙ্গ- দেশৰ পৰা পূব আরু দক্ষিণলৈ ক্ৰমে চাপৰ হৈ উপসাগৰৰ মাজ ঠাইৰ পৰা পূবলৈ ৫০ মাইল মান অন্তৰত এটাইতকৈ দ হৈছে। তাত ৫০০০ হেজাৰ মান ফুট দ হব। কিন্তু তাৰ তলীতে হুগলী মুখৰে আরু মেগ্না মুখৰে মাজত এঠাইত “চোয়াচ্‌” নামে এটা বৰ দ হোলা আছে; সেই ঠাই কাৰো মতে ৮০০০ হাততকৈ বেচি দ হব। ” সমুদ্ৰৰ তলী সমুদ্ৰ তটৰ ভূমিৰে একে আৰ্হি; এই নিমিত্তে যত পাৰ, ক্ৰমে হেলনীয়া তত সাগৰ তলীও ক্ৰমে দ হৈ গৈছে; যত পাৰ থিয় গড়াৰ নিচিনা তাৰ ওচৰৰ সমুদ্ৰ তলীও ঠাইতে দ।

  সমুদ্ৰৰ পানী মাজত ঘোৰ নীলা আরু এনে ফট্‌ফ‌টিয়া যে কাঁহি এখন পৰিলে বহুত হাতৰ দ লকে দেখিবলৈ পোৱা যায়। কিন্তু কাসৰৰ পানী প্ৰায় ঈষৎ সৌজীয়া; কাৰণ তাত নদী বিলাকৰ ঘোলা পানী সাগৰৰ পানীৰে সৈতে মিল হৈ থাকে। সমুদ্ৰৰ পানী নীলা হোৱাৰ কাৰণ শুধিলে, মাত্ৰ ইয়াকে কব পাৰি যে স্বচ্চ পৰিষ্কাৰ পানীৰ স্বাভাবিক বৰণেই ঈষৎ নীল; বৰ দ পানীত নীল বৰণ ওলায়; অলপ পানীত হলে তাক নেদেখি যেনেকৈ বৰণ নথকা আৰ্চি এডোখৰ দীঘে দীঘে তাৰ ভিতৰেদি চালে কোনো এটা ৰঙ দেখি অথচ পথালিকৈ ওপৰেদি চালে বৰণ নথকা যেন অনুমান হয়। [ ৪৭ ] সাগৰৰ কাসৰলৈ পানীও তৰাঙ্গ বুলি তাত নীল ৰঙ নোলাব পাৰে। সাগৰৰ কোনো কোনো ভাগত বাহিৰা আন পদাৰ্থ ওপঙ্গি বা মিহলি হৈ থকা বাবে তাত সাধাৰণ নীল বৰ্ণৰ ব্যতিক্ৰম ঘটে। এবিধ ৰঙ্গা কীটাণু পানীত থকা নিমিত্তে কালিফৰ্ণীয়াৰ ওচৰৰ সাগৰে সিন্দুৰ সাগৰ, আরু আৰব আরু আফ্ৰিকাৰ মাজৰ উপসাগৰে লোহিত সাগৰ নাম পাইছে। হোৱাঙ্গহো বা পীত্‌ নদীএ হালধীয়া বোকা এবিধ উটাই আনি সাগৰ হালধীয়া কৰাত, চিন দেশৰ ওচৰৰ সমুদ্ৰ এভাগৰ নাম পীত সাগৰ হৈছে। তেনে কাৰণ তেই গিনি উপসাগৰৰ বৰণ ধলা, কৃষ্ণ সাগৰৰ আরু মালদ্বীপৰ ওচৰৰ পানী কৃষ্ণবৰ্ণ; কানাৰী আরু এজৰ্চ দ্বীপৰ কাসৰৰ সমুদ্ৰ সৌজীয়া। কোনো ঠাইত কেতিয়াবা সমুদ্ৰৰ পানী ৰাতি দ্ৰৱ কাঞ্চন বা দ্ৰৱ অগ্নিৰ নিচিনা দেখা যায়। ইয়াৰ কাৰণ এই যে জোনাকি পরুৱাৰ নিচিনা এবিধ জিলিকা কীটাণুএ সমুদ্ৰৰ পানী উজ্জ্বল কৰে।

  সমুদ্ৰৰ পানী বিশুদ্ধ নহয়; তাৰ সোৱাদ লোণীয়া আরু যৎকিঞ্চিৎ খারুয়া-তিতা। -লোন আরু মেগ্নেচীয়াৰ যৌগিক পদাৰ্থ থকাই তাৰ কাৰণ। লোন আৰু মেগ্নেচিয়াৰ বাহিৰেও চূণ, গন্ধক-দ্ৰাৱক, লবণ-দ্ৰাৱক, উদ্ভিদ পদাৰ্থ ইত্যাদি নানাবিধ বস্তু তাত থাকে আরু এই দৰে বাৰেমিহলি বস্তু থকাৰ নিমিত্তে সাগৰৰ পানী অৱশ্যে নৈৰ পানীতকৈ গধুৰ। সকলোতকৈ লোণৰ ভাগ অধিক; আরু সাগৰৰ পানীৰ পৰা মান্দ্ৰাজ আদি অনেক ঠাইত লোণ উলিওৱা হয়; কিন্তু সমুদ্ৰৰ পানী সকলো ঠাইতে সমানে লোণীয়া নহয়। সাগৰৰ দাঁতিত যত ডাঙ্গৰ নদী আহি পৰিছে তত মাজ ঠাইতকৈ পানী কম লোণীয়া; আরু বৰফ গলি বহুত মিঠা পানী মিহলি হোৱাত দুই মেরুৰ ওচৰলৈ সমুদ্ৰৰ পানী নিৰক্ষ বৃত্তৰ ওচৰৰ পানীতকৈ মিঠা। আরু লোণ পানীতকৈ গধুৰ বুলি সাগৰৰ ওপৰতকৈ তললৈ [ ৪৮ ] পানী লোণীয়া। স্থল-বেষ্টিত সাগৰ বিলাকৰ পানী কোনো খনত মুকলি সমুদ্ৰতকৈ লোণীয়া কোনো খনত বা মিঠা। যি বিলাকত নদীএ অনা পানী ভাপ হৈ উঠি যোৱা খিনিতকৈ সৰহ, সি বিলাকৰ পানী-মুকলি সমুদ্ৰৰ পানীতকৈ মিঠা; কিন্তু যাৰ ভাপ হৈ উঠি যোৱা পানীহে সৰহ, সি বিলাক সাগৰ তাতকৈ লোণীয়া। লোহিত সাগৰত নদী নামৰ যোগ্য নৈ এখনো পৰা নাই; আরু সি পৃথিবীৰ অতি তপত এখণ্ডত থকা বাবে তাৰ পৰা অধিক পৰি- মাণে ভাপ উঠে। এই হেতু সি সমুদ্ৰতকৈ লোণীয়া। কিন্তু বল্টিক সাগৰ চেঁচা প্ৰদেশত পৰিছে; সেই বাবে তাৰ পৰা কম ভাপ উঠে; তাতে আকৌ কেবাখনো ডাঙ্গৰ নে উত্তৰ ইউৰোপৰ পৰা আহি পৰিছে। এই হেতু ই সমুদ্ৰৰ পানীতকৈ মিঠা। শেষত কব লগীয়া যে সাধাৰণতে আটলান্টিক সমুদ্ৰ স্থিৰ সমুদ্ৰতকৈ বেচি লোণীয়া।

  ওপৰত কৈ অহা বস্তু বিলাক সাগৰতনো কেনেকৈ গোট খালে তাক সহজে জানিব পাৰি। বৰষুণৰ বা বৰফ দ্ৰৱ হোৱা পানীৰে সৈতে মাটিৰ লগত মিহলি হৈ থকা লোণ, ক্ষাৰ, চূণ আদি বস্তু বিলাক সাগৰত পৰে; মাটি বালি খিনি নিগৰি সমুদ্ৰ তলীত, পতা হয়। লোণ, ক্ষাৰ আদি বস্তু বিলাক পানীত মিহলী হৈ থাকে। এই বিলাক বস্তু আঁতৰাবৰ কোনো নৈসৰ্গিক উপায় নথকা হলে ক্ৰমে গোটই সাগৰৰ পানী দিন দিন বেচি পৰিমাণে লোনীয়া আরু খারুৱা হৈ উঠিল হেতেন। কিন্তু যাতে গোট খাব নোৱাৰে এনে উপায় আছে। নৈএ যেনেকৈ সুতি বা খাড়ী এৰে সেই দৰে সমুদ্ৰয়ো কোনো কোনো ভাগ এৰে। আরু সেই ভাগ ক্ৰমে শুকালে লোণ অৱশেষ থাকে আরু টান হৈ খনিজ লোণ হয়; চূণ ভাগ, সাগৰত থকা প্ৰাণী কেত বিলাকে কাঢ়ি লয়। শঁখ, শামুক, আদি অনেক প্ৰাণীৰ এক ৰকম টান চোকোৰা বা বাহ আছে, [ ৪৯ ] সি চূণৰ এক যৌগিক পদাৰ্থৰ পৰা হোৱা। সেই প্ৰাণী বিলাকে এই চূণ, সাগৰৰ পানীৰ পৰা পায়। এবিধ প্ৰাণী আছে সিহতৰ নাম পোৱাল আরু সিহেতৰ শৰীৰৰ সৰহ ভাগ চুণৰে গঠন হয়। সিহতে লৰিচৰি নুফুৰে কিন্তু গছৰ নিচিনাকৈ একে ঠাইতে স্থিৰ থাকে। সিহত মৰিলে তাহতৰ হাৰ পৰি থাকে আৰু সাগৰ ঢৌত ভাগি নকৈ কঁড়াঁল মাৰি বৰ ডাঙ্গৰ চুণশিল হয়। তাৰ ওপৰত নকৈ পোৱাল গজি তাতে আকৌ গোট খাই টান হয়। এই দৰে প্ৰকাণ্ড শিল বিলাক গোট খাই নতুন দ্বীপ হব লাগিছে ভাৰতবৰ্ষৰ দক্ষিণ পশ্চিমৰ মালদ্বীপ আরু লাক্ষাদ্বীপ সম্পূৰ্ণ এই দৰে উৎপন্ন হয়।

  সাগৰ ক্ৰৌৰ-ক্ৰোৰ প্ৰাণীৰ বাসস্থান। মাচ আদি কৰি কোনো বিলাকে তাত স্বচ্ছন্দে সাতুৰি ফুৰিছে। কেকোৰা, শামুক, কড়ি, আদি প্ৰাণীবিলাকে তলীত বগাই ফুৰিছে; আকৌ পোৱাল আদি কৰি কিছু মানে তলীত গছৰ নিচিনাকৈ গজি আছে। তিমি আদি কোনো কোনো বিধ মত্ত গজেন্দ্ৰতকৈও পাঁচ ছয় গুণে ডাঙ্গৰ আরু তাৰ দৰেই স্তন্যজীবী আৰু সম্পূৰ্ণ গঠন বিশিষ্ট আরু ইপিনে কতো বিলাক ইমান ক্ষুদ্ৰ যে বিনা যন্ত্ৰেৰে চালে সিহতৰ অস্তিত্বৰে সন্দেহ হয়। আরু আন বিলাক গঠনত ইমান সামান্য যে যদিও সিহতৰ লৰিবৰ আৰু ভোজন কৰিবৰ ক্ষমতা আছে, তেও তাহতৰ অঙ্গ প্ৰত্যঙ্গৰ একো ভাগ বিভাগ পোৱা নাযায় কেৱল এসোপা লপ্‌থপীয়া বিজৰ নিচিনা। সাগৰত থকা সকলো বিলাক প্ৰাণীএ পানীৰপৰা কাঢ়ি লৈ বায়ু সেৱন কৰে। এই বায়ু, সাগৰৰ ওপৰে বতাহ বোৱাত ঢৌ চলোঁতে পানীৰ লগত মিহলি হয়। সাগৰত অসংখ্য পৰিমাণে বামৰ গছ আদি উদ্ভিদ্‌ পদাৰ্থও আছে। কিছু মানে বামৰ গছ-গছনিৰ নিচিনাকৈ সাগৰৰ তলীত গজি আছে, কতোএ স্বচ্ছন্দে পানীত ওপঙ্গি ফুৰিছে কিন্তু সাগৰৰ উদ্ভিজ্জ বামৰ উদ্ভিজ্জৰ সৈতে এটি বিষয়ত নিমিলে; সি এই, সাগৰৰ তলীত [ ৫০ ] লাগি থকা বিলকে মাত্ৰ লাগিহে আছে বামৰ উদ্ভিজৰ দৰে সিপাই দি ৰস টানি বৃদ্ধি নাপায়। সিহতক বেঢ়ি থকা পানীৰ পৰাহে তাহতে তাহতৰ আহাৰ পায়। সিহতৰ বৰণ আরু, আকাৰ নানাবিধ। কিন্তু পিঙ্গল বা মহৰজীয়া বৰণেই ঘাই। সিহঁত শেলায়, কাঠ ফুলা ইত্যাদিৰ নিচিনা ফুল নধৰা সামান্য উদ্ভিজ্জ শ্ৰেণীৰ লগৰ। কোনো কোনো ঠাইত সোত নাই যেনে এজৰ্স দ্বীপৰ দক্ষিণে থকা আটলান্টিক সমুদ্ৰৰ এক অংশ; কিয়নো তাত বহু যোজনো যুৰি চাৰ্গচা নামে এবিধ সাগৰৰ বন পিতনীৰ দৰে আছে; এই বিলাক বনৰ মাজত অসংখ্য মাচ আরু সমুদ্ৰ-জন্তুএ বাস লয়; প্ৰথমতে দেখিলে অনুমান হয় যেন কোনো এখন হাবিহে তল গৈ বনৰ আগ বিলাক ওলাই আছে।

  যি নিমিত্তে ভূভাগ আন ঠাইত কৈ নিৰক্ষ বৃত্তৰ কাসৰলৈ তপত আরু তাৰ পৰা যিমান উত্তৰ বা দক্ষিণ হয় সিমান ক্ৰমে চেঁচা বুলি আগেয়ে কৈ অহা হৈছে, সেই একে কাৰণতেই সমুদ্ৰৰ পানীও নিৰক্ষ বৃত্তৰ কাসৰত সকলে অংশত কৈ তপত আরু তাৰ পৰা উত্তৰে দক্ষিণে যিমান আঁতৰ সিমান চেঁচা। বায়ু মণ্ডলৰো সেই ক্ৰম; কিন্তু যি স্থলত বায়ু মণ্ডল তললৈ ক্ৰমে বেচি তপত সমুদ্ৰৰ পানী ওপৰলৈ হে বেচি তপত; যিমান তললৈ যোৱা হয়। সিমান চেঁচা লাগে। তথাপি এই নিয়মৰ লঙ্ঘন মাজে সময়ে হব। মগ্ন গিৰিৰ প্ৰতিঘাত আদি নানা কাৰণত সমুদ্ৰ তল ভাগতো তপত পানীৰ সুতি পোৱা হয়। সেই দৰে বায়ু মণ্ডলৰ অনেক ওপৰত তপত বায়ুৰ তৰপ লগ পোৱা হৈছে। দক্ষিণ গোলাৰ্দ্ধৰ কোনো অক্ষাংশৰ ওপৰৰ পানীতকৈ উত্তৰ গোলাৰ্দ্ধৰ সমান অক্ষাংশৰ পানী তপত। পানীৰ এই এটা স্বাভাবিক ধৰ্ম্ম আছে যে ফাৰেনহিট তাপ মানৰ ৩৯.২° অপ পৰিমানত পানীৰ আকাৰ সৰ্ব্বাপেক্ষা সরু হয়। এই অংশৰ তাপতকৈ যিমান বেচি বা কম তাপ পায় [ ৫১ ] সিমান আকাৰ বাঢ়ে। আৰু ৩২° অংশৰ তলে পানী দৈ মাৰি, শিলৰ নিচিনা টান হলে, বৰফ বোলে (বৰষুনৰ শিল একো ডুখৰি সৰু সরু বৰফ)। এই কাৰণে বৰফ বা ৩৯.২° অংশৰ নামে চেঁচা পানী, ৩৯.২° অংশৰ ওপৰৰ পানীত ওপঙ্গে। সুমেরু আরু কুমেরুৰ কাসৰত পানীৰ তাপ ৩২° অংশত কৈও কম্, অনেক ঠাইত তাপ- মান যন্ত্ৰৰ পাৰা দৈ মাৰি সিহৰ নিচিনা টান হোৱাত চিৰ্কাৰ তাপ- মান যন্ত্ৰ ব্যৱহাৰ কৰিব লগা হয়। তাৰ দ্বাৰা দ্ৰৱনাঙ্কৰ (অৰ্থাৎ যি তাপ অংশত পানী টান গুচি দ্ৰৱ হয় বা দ্ৰৱ অৱস্থাৰ পৰা কঠিন অৱস্থা পায় সেই অংশৰ) পৰা ১০০° অংশ নামলকে চেঁচা দেখা গৈছে। এই বিলাক ঠাইত বছৰ যুৰি সমুদ্ৰৰ সহস্ৰ মাইল ব্যাপি বৰ ওপঙ্গি থাকে; আরু ইয়াৰ ওপৰতে দমাদমে তুষাৰ পৰি সিও বৰফৰ নিচিনা টান হোৱাত ক্ৰমে সমুদ্ৰৰ বৰ ডাঠ হৈ কোনো কোনো ঠাইত ১০|১৫ হাত পৰ্যন্ত ওখ হয়; আৰু কোনো কোনো ঠাইত বৰফৰে পব্বত হয়। ইয়াত জল স্থলৰ ভেদ প্ৰায় দেখিবলৈ নাই; কোনে ঠাইতনো সমুদ্ৰা অন্ত হৈ ভূভাগ আৰম্ভ হৈছে, তাক জহ কালিৰ বাহিৰে আন দিন ঠিক কৰিবলৈ টান হয়। তথাপি বৰফৰ ঢাকনি খন ওপঙ্গা বাবে আরু সেই ঢাকনি কাপোৰৰ দৰে তাপ বা জাৰ সোমাব নিদিয়াত তলত সাগৰৰ প্ৰাণী বিলাকে জাৰত নমৰাকৈ স্বচ্ছন্দে সাতুৰি আহাৰ বিহাৰ কৰে।

  ওপৰত কোৱা পানীৰ সেই অসাধাৰণ গুণ থকা বাবেই সুমেরু আরু কুমেরু সমুদ্ৰত বাৰ্ষিক গড় তাপ ৩৯.২° অংশত কৈও কম্‌। তাত সমুদ্ৰৰ ওপৰ ভাগৰ পৰা তললৈ তাপ ক্ৰমে বঢ়া প্ৰমাণ পোৱা যায়; কিন্তু নিৰক্ষ বৃত্তৰ দুই পাশে থকা সমুদ্ৰত, বাৰ্ষিক গড় তাপ ৩৯.২° অংশৰ পৰা ৮৫° অংশলকে ছৰে। তাত সমুদ্ৰৰ পানীৰ তাপ ক্ৰমে ওপৰলৈ বাঢ়ি যোয়া দেখা গৈছে। তাপ বঢ়া তুটাৰ লগে লগে

পানী পাতল বা ঘন হোৱাৰ কাৰণে, নিৰক্ষ বৃত্তৰ উত্তৰে দক্ষিণে [ ৫২ ]

৫০° অংশৰ ভিতৰত তলেদি নিৰক্ষ বৃত্তৰ ফাললৈ আরু ওপৰেদি তাৰ পৰা দক্ষিণ আৰু উত্তৰলৈ সমুদ্ৰত দুটি সোত সদা সৰ্ব্বদা বৈ থাকে। ইয়াৰ বিপক্ষে ৫০° অংশৰ পৰা তেহেত, ওপৰেদি দুই মেরুৰ পৰা নিৰক্ষ বৃত্তৰ ফাললৈ আরু তলে দি মেরুৰ ফাললৈ দুটা সোঁত আছে; তলৰটো তপত পানীৰ আৰু ওপৰৰটো চেঁচা পানীৰ আরু বৰফৰ। পানীৰ তাপ কলো অংশতে একে নহয় বুলি যি যি সোঁত হয় তাৰ কাল্পনিক প্ৰতিকৃতি উপৰত দিয়া গল। আন আন সোঁতৰ কথা পাছৰ অধ্যায়ত দিয়া হব।

 
পঞ্চম অধ্যায়।
সমুদ্ৰ সঞ্চালন।

সমুদ্ৰৰ পানী প্ৰায় কেতিয়াও স্থিৰ নাথাকে। বতাহত যে ওপৰ ভাগ প্ৰায় সম্বনে কম্পমান হৈ থাকেই তাৰ বাহিৰেও সমুদ্ৰৰ গোটেই খিনি পানী তলীলকে সোঁত স্বরূপে এঠাইৰ পৰা এঠাইলৈ গৈ থাকে। তৰল বস্তুৰ গুণ এই যে, তাৰ ওপৰ ভাগ সদাই সমানে ওখ হৈ থাকে; আরু কোনো ৰকমে সেই অৱস্থা লৰিলে তাক আকৌ পাবৰ নিমিত্তে পুরুষাৰ্থ কৰাত ঢৌ উৎপন্ন হয়। পুখুৰিৰ পানীলৈ দলি এটা মাৰিলে সেই দলি পৰতেই পানীৰ ওপৰত আক অলপ ঠাই [ ৫৩ ] লাগে; সেই ঠাই প্ৰথমতে ওপৰৰ পানী এৰি দি কাসৰত দম বান্ধে; দলি তললৈ গলে পুনৰ পানী আহি সেই ঠাই ভৰে। এই দৰে পানী হঠাৎ সঞ্চালিত হোৱা বাবে ঢৌ উৎপন্ন হয়, তদ্ৰুপ বাযু বওঁতে তাৰ হেচাত এঠাইত পানী চাপৰ হলে আন ঠাইত ফিক্‌ খাই উঠে। বাৰম্বাৰ এই দৰে জোকাৰ খোৱাত ঢৌ বিলাক ডাঙ্গৰ হৈ যায়। বহল সাগৰত যিমান ডাঙ্গৰ ঢৌ দেখিবলৈ পোৱা যায় ঠেক সাগৰত সিমান নাযায়। হৰণ্‌ অন্তৰীপৰ আৰু উত্তমাশা অন্ত- ৰীপৰ কাসৰত সকলো ঠাইতকৈ বৰ ডাঙ্গৰ ঢৌ হয়। তাত ৩০|৪০ ফুট পৰিমিত ওখ ঢৌ দেখা হৈছে। যদিও বতাহে ক্ৰমাগত লৰাই থকা বাবে ঢৌ বাঢ়ি গৈ থাকে, তেও তাৰ সীমা আছে; যেতিয়া সেই সীমা পায় তাৰ আগ ভাগি ফেন হয় আৰু বতাহত সেই ফেন উড়ি সাগৰৰ পৰা ৩০। ৪০ ফুট ওপৰলকে যোৰে। আরু তৰাঙ্গ পানী পালে ঢৌ চাপ খাই গুৰি ঠেক আৰু গা দুগুণ বা তিনি গুণ ওখ হোৱাত তাৰ আগটো ভাগি সহস্ৰ কণা হৈ পানীক শুকুলা কৰে, আৰু বাযুক একন একন পানী কণিকাৰে পৰিপূৰ্ণ কৰে। ঢৌ- বিলাক ক্ৰমে আগবাঢ়ি বতাহ নোহোৱা ঠাইত ওলাই গৈ আৰু অন্তত সাগৰৰ পাৰত খুন্দালাগি ছিন্ন ভিন্ন হয়। বতাহ সাম কটাৰ পাছতো অনেক ক্ষণলকে ঢৌ থাকে। বতাহত যি ঢৌ হয় তাৰ দ্বাৰা পানীৰ বহুত তললৈ লৰ চৰ নহয়; বৰ ধুমুহাতত ৩০০ ফুট মানৰ তললৈকে হে পানী লৰে আরু তৰা পানীত বাজে আন ঠাইত কত ঢৌৰ নিমিত্তে সোঁত নহয়। সমুদ্ৰৰ ওপৰত কেৱল ঢৌৱা আকৃতিটোৰ পৰিচালন হব, তাৰ লগত পানীৰ গতি নহয়।

  ঢৌৰ বাজেও সমুদ্ৰৰ পানীৰ আৰু এবিধ সঞ্চালন আছে; এই সঞ্চালন সামুদ্ৰিক সোঁতৰ পৰা হয়। ইয়াৰ কাৰণে এক গোলাৰ্দ্ধৰ পৰা আন গোলাৰ্দ্ধলৈ, আটলান্টিক সমুদ্ৰৰ পৰা স্থিৰ সমুদ্ৰলৈ, আকৌ তাঁৰ পৰা আটলান্টিক সমুদ্ৰলৈ, বৰফাবৃত্ত কেন্দ্ৰৰ ওচৰৰ পৰা [ ৫৪ ] উষ্ণ মণ্ডলৰ তপত প্ৰদেশলৈ অবিচ্ছেদে, কতত অতি দ্ৰুত বেগেৰে, কতো ধীৰে ধীৰে, কতো বহু ঠাই যুৰি, কতো ঠেক হৈ, নদীৰ স্ৰোতেৰে সমুদ্ৰৰ পানীৰ সোঁতা বিলাক বব লাগিছে। সমুদ্ৰত সোঁত হোৱাৰ প্ৰধান কাৰণ, প্ৰথম, বায়ুৰ গতি, দ্বিতীয়, তপত বা চেঁচা হোৱা বাবে পানীৰ গা বৃদ্ধি বা হ্ৰাস; তৃতীয়, সমুদ্ৰৰ পানী ভাপ হৈ ওপৰলৈ উঠা। একে দিশে কেবা দিনে বাযু বৈ থাকিলে বতাহৰ লগত পানীৰো সেই ফাললৈ সোঁত বলে। নৈঋত্য কোণৰ ফালৰ পৰা বহু বতাহ বলালে বাল্টিক সাগৰৰ ভিতৰলৈ সোঁত হোৱা দেখা গৈছে, সেই দৰে মৌচুম বাতৰ দিশৰ লগে-লগে বঙ্গ-উপসাগৰৰ সোঁতৰো দিশ সলনি হয়। উষ্ণ মণ্ডলত বহুত পানী মুহূৰ্ত্তে মুহূৰ্ত্তে ভাপ হৈ উঠাত তাত পানী কিছু খাল পৰে, সেই খাল পুৰাবলৈ উত্তৰ আৰু দক্ষিণৰ পৰা নিৰক্ষ বৃত্তৰ ফাললৈ পানী অহাত দুটা সোঁত সদা-সৰ্ব্বদা আছে। কিন্তু ইয়াৰ পূৰ্ব্বৰ অধ্যায়ত দিয়া কাৰণ অনুসৰি এই সোত তলে তলে আছে। দীৰ্ঘাকৃতি লোহিত সাগৰৰ পৰা বহু ভাপ উঠাত তাৰ মুখৰ জল-শীমাতকৈ সুয়েজ উপ- সাগৰৰ জল-সীমা প্ৰায় দুফুট চাপৰ এই নিমিত্তে সদাই বেবেল- মেণ্ডেব প্ৰণালীৰ মাজেদি ভিতৰলৈ আৰব সাগৰৰ পৰা ঘণ্টাত এক মাইল মানকৈ বেগে পানী বৈ আছে।

  এইৰূপে নানা কাৰণত সমুদ্ৰৰ পানীত নিৰক্ষ বৃত্তৰ তলে তলে এটি প্ৰধান সোঁত উৎপন্ন হৈছে। এই সোতক নিৰক্ষ বৃত্তৰ সোঁতা বোলে। প্ৰথমে কুমেৰু সমুদ্ৰত উৎপন্ন হৈ, ঈশান কোণলৈ পোনাই আহি দক্ষিণ আমেৰিকাৰ পশ্চিম পাৰ পাইছে, আরু তাতে বাধা পাই দুভাগ হৈ এটি সরু সোঁতা হৰণ্‌ অন্তৰীপে দি ঘুৰি ঈশান কোণৰ ফাললৈ গৈছে আনিটি সোঁতা পিৰু দেশৰ পাৰে গৈ বিষুব ৰেখা পাই তাতে পশ্চিমা হৈছে; আরু ঐশানিক আরু অগ্নি কোণ গতি-নিবন্ধৰ সহযোগত বেগবান হৈ বিষুব ৰেখাৰ লগে লগে এফালে [ ৫৫ ] তাৰ পৰা ২০° অংশলৈকে আৰু অন্য ফালে তাৰ পৰা ২০° অংশলৈকে যুৰি মহা প্ৰবাহ হৈ, স্থিৰ সমুদ্ৰ পাৰ হৈছে। কিন্তু আশিয়াৰ কঠিন পাৰ পাই আৰু তাৰ অগ্নিকোণে থকা অষ্ট্ৰেলিয়া আদি দ্বীপ শ্ৰেণীৰ প্ৰতিবন্ধকতা পাই কেবা সোঁতা হয়। তাৰে এসোতা জাপাল দ্বীপৰ পাৰে উলটি গৈ সেইএ আকৌ দোসোঁতা হৈ এঠাল বেহাৰিং প্ৰণালী ভেদ কৰি সুমেরু সমুদ্ৰত লয় পাইছে; আন ঠালে স্থিৰ সমুদ্ৰ ঘুৰি পাৰ হৈ, উত্তৰ আমেৰিকাৰ পাৰে পাৰে দক্ষিণ লৈ গৈ পুনৰ ঘাই সোঁতাতে পৰিছে। ঘাই নিৰক্ষ বৃত্তৰ সোঁতাৰে আন এসোঁতা বৰ্ণীও আরু অষ্ট্ৰেলিয়া দ্বীপৰ মাজেদি সৰকি ক্ষীণ কলেৱৰ হৈ, নিৰক্ষ বৃত্তৰ দক্ষিণে ভাৰত সমুদ্ৰ পাৰ হৈছে। কিন্তু মাডাগাস্কৰ দ্বীপ থকা গুণে অন্তৰতে দোসোঁতা হয়; এসোঁতা এই দ্বীপ আরু আফ্ৰিকা দুইৰো মাজে গৈ মজাম্বিক সোঁতা নাম লৈ, ই সোঁতা উত্তমাশা অন্তৰীপলৈ পোনাই গৈ দুইও তাতে আকৌ লগ লাগিছে। তাৰ পাছে উত্তমাশা অন্তৰীপেদি ঘূৰি আফিকাৰ পশ্চিম পাৰে পাৰে গৈ অগ্নিকোণী গতি-নিবন্ধ বতাহৰ পৰা নতুন বল পাই নিৰক্ষ বৃত্তৰ ওচৰেদি আটলান্টিক সমুদ্ৰ পাৰ হয়। কিন্তু ব্ৰেজীলৰ বঠিৰ মুৰৰ নিচিনা জোঙ্গা পাৰে পাই তাক দুভাগ কৰি এসোঁতাক তাৰ উত্তৰে আৰু আন সোঁতাক তাৰ দক্ষিণ পাৰে পঠাইছে। দক্ষিণৰ সোঁতাই পূৰ্ব্বে কৈ অহা হৰণ্‌ অন্তৰীপেদি ঘুৰা সোঁতাৰ ওভোতা সোঁতা পাই, উভতি আহি উত্তমাশা অন্তৰীপৰ দক্ষিণে, পাৰৰ পৰা কিছুমান অন্তৰেদি, অষ্ট্ৰেলিয়া পৰ্য্যন্ত পূবলৈ বৈ গৈ বৰ পকনীয়াৰ দৰে আকৌ নিৰক্ষ বৃত্তৰ সোঁতাত মিল হৈছে। এই হেতু এই সেতাক দক্ষিণৰ “যোৰ” সোঁতা কয়। ব্ৰেজীলৰ উত্তৰ পাৰে দি যোৱা সোঁতা কেৰিবিয়েন সাগৰে গৈ মেক্সিকো উপসাগৰ সোমাই তাৰ পাৰৰ ভাঁজে ভাঁজে গৈ “মোড়” সোঁতা নাম লৈ ফ্লৰিডা উপদ্বীপৰ দক্ষিণে ওলাই ইউনাইটেড্‌ষ্টেটৰ পাৰে [ ৫৬ ] পাৰে গৈ আরু অন্তত নভাঙ্কচিয়া দ্বীপৰ পোনে উত্তৰ আটলান্টিক সমুদ্ৰ পাৰ হৈ ইউৰোপৰ কিছু অন্তৰতে দোসোঁতা হইছে। উত্তৰলৈ যোৱা সোঁতা ব্ৰিটেনীয়াৰ কাসৰ ধুই সুমেরু সমুদ্ৰত লয় হৈছে; দক্ষিণলৈ যোৱা সোঁতা এজৰ্স্‌ দ্বীপৰ পূবে দিনি আফ্ৰিকাৰ পাৰে পাৰে গৈ গিনি উপসাগৰ সোমাই লয় প্ৰাপ্ত হৈছে; অৰ্থাৎ মানুহে নেদেখা কৈ সমুদ্ৰৰ ওপৰভাগে নবৈ তলে-তলে বোৱাত লয় হোৱা যেন দেখা গৈছে। মোড় সোঁতাৰ বেগ প্ৰথমতে মেক্সিকো মোড়ৰ ভিতৰতে দেখা যায় আরু সেই কাৰণে তাৰ পৰা ওলাইছে যেন বোধ কৰাত সেই নাম দিয়া হয়। মোড় সোঁতাৰ বেগ ক্ৰমে বেচি হৈ ফ্লৰিডা আরু বাহামা পুঞ্জৰ মাজত ঘণ্টাত পাঁচ মাইলকৈ বয়। এই সোঁতাৰ পানী লোনীয়া, নীল, আরু আদি মুল উষ্ণ মণ্ডলত হোৱা বাবে ওচৰৰ সাগৰতকৈ ইয়াৰ পানী ৭° কোনঠাইত ৮ বেচি তপত। ইয়াৰ তপত পানীএ ব্ৰিটেনীয় দ্বীপ আরু ইউৰোপৰ পশ্চিম দেশ বিলাকৰ বায়ুক তপত কৰাত এই বিলাক দেশৰ জাৰ জহ একে অক্ষাংশত থকা আন বিলাক দেশৰ জাৰ জহতকৈ মৃদু। এই সোঁততে উটি প্ৰতি বছৰে ইউৰোপত নোপোৱা নানা বস্তু, গছ, ফল, বন, গুটি, আমেৰিকাৰ পৰা গৈ নৰওয়ে দেশত ওলায় আৰু আমেৰিকা আবিষ্কাৰ কৰোতা কলম্বস্‌, চাহাবে হুনো পৰ্টুগেল দেশৰ পাৰত ওলোৱা এনে কুৱা বস্তু বিলাকৰ পৰাই আটলান্টিক সমুদ্ৰৰ পাৰ আছে আৰু সেই পাৰত মানুহৰ বসতি হোৱা দেশ আছে বুলি অনুমান কৰিছিল।

  যি বিলাক সোঁতৰ দ্বাৰায় সমুদ্ৰ সঞ্চালিত হৈ থাকে বুলি ওপৰত কোৱা হৈছে সেই বিলাকৰ নাম স্থানীয় সোঁত। স্থানীয় সোঁতৰ বাহিৰেও আন এবিধ সোঁত আছে সেই বিধ সোঁতৰ কাৰণে স্থানীয় সোঁতৰ গঢ় গতি দিনটোত লৰি থাকে। কোনো ঠাইত্‌ সেই বিধ সোঁতৰ বেগ বৰ টান আরু সমুদ্ৰত পৰা নৈ বিলাকৰ মোহনা পাৰ [ ৫৭ ] হৈ, নৈৰ কেবা মাইল ভিতৰলকে তাৰ বেগ যায়। যদি আমাৰ পাঠকে কেতিয়াবা কলিকতালৈ গৈছে বা তালৈ যোৱা পথুকৰ মুখে সেই ফালৰ বিবৰণ শুনিবলৈ পাইছে তেন্তে আমাৰ কথা বুজিব পায়। তেও জানিব পাৰে যে কলিকতাৰ ওচৰত হুগলী নৈৰ পানী ২৫ ঘণ্টাৰ ভিতৰত দুবাৰ বাঢ়ে আরু দুবাৰ শুকায়; বাঢ়োতে উজাই আরু শুকাওতে ভটীয়াই বয়। এই দৰে মেগ্না, মন্টা আৰু সুন্দৰ বনৰ আন আন নৈৰো পানীৰ হ্ৰাস বৃদ্ধি আছে আৰু ঔজনি ভটীয়নি দুটা সোঁত হৈ থাকে। নদী বিলাকৰ এই উজনি ভটীয়নি সোঁতৰ আদি মূল সমুদ্ৰত। দিনটোৰ ভিতৰত দুবাৰ সমুদ্ৰ ওফন্দে আরু দুবাৰ খাল পৰে বুলিয়েই সমুদ্ৰৰ এবিধ দৈনিক সোঁত উৎপন্ন হয় আরু তাৰ দ্বাৰায় সমুদ্ৰ স্থানীয় সোঁতৰ গঢ় গতি দিনটোত লৰি থাকে আরু নৈৰ মুখৰ পানীৰে তেনে ৰীতি হয়। সমুদ্ৰৰ এনে উখালনীৰ মূল কাৰণ চন্দ্ৰৰ আকৰ্ষণ। পূৰ্ব্বে কৈ অহা হৈছে পদাৰ্থ মাত্ৰৰে মাধ্যাকৰ্ষণ শক্তি আছে। আৰু তাৰ লগতে ইয়াকো জানিব লাগে যে সেই শক্তি পদাৰ্থৰ দূৰতাৰ বৰ্গৰ চাৰি ভাগৰ এক ভাগকৈ কমি যায়। অৰ্থাৎ এক মাইল অন্তৰত যদি দুই বস্তুৰ পৰস্পৰৰ আকৰ্ষণ ১ হয় দুই মাইলত ৪ ভাগৰ ১ ভাগ আকৰ্ষণ হয় ৩ মাইল অন্তৰত ৯ ভাগৰ ১ ভাগ, ৪ মাইলত ১৬ ভাগৰ ১ ভাগ, এই অনুক্ৰমে কমি যাব এই নিয়মৰ বশ হৈ চন্দ্ৰৰ আকৰ্ষণে কিরূপেনো ওপৰত লিখা ক্ৰিয়া ঘটাব পাৰে, তাক তলত দিয়া কথাৰ পৰা বুজিব পাৰিব।

  সহজে বুজিবৰ অৰ্থে প্ৰথমতে ধৰা যাওক, পৃথিবী খন জানি ৭ম প্ৰতিকৃতিত দেখুৱাৰ দৰে সম্পূৰ্ণ পূৰ্ব পশ্চিমাকৈ এক মহা সমুদ্ৰৰে বেঢ়া আছে; মাজত কতো দ্বীপাদিৰ বাধা নাই। [ ৫৮ ]   ক জানিবা চন্দ্ৰৰ অবৰ্ত্তমানে পৃথিবীৰ কেন্দ্ৰৰ স্থান, প ৰ্প পৃথিবীৰ সৈতে একে ক কেন্দ্ৰী হৈ তাৰ ওপৰত সমভাৱে থকা সমুদ্ৰৰ বৃত্ত। ক বিন্দুৰ পৰা প বিন্দুলৈ ৩,৯৫৬ মাইল, বা কেন্দ্ৰৰ পৰা চন্দ্ৰলৈ যি দূৰ

তাৰ ৬০ ভাগৰ এভাগ। এই নিমিত্তে ওপৰতকৈ অহা আকৰ্ষণ শক্তিৰ নিয়ম অনুসৰি ক বিন্দুতকৈ প বিন্দুত, ৰ্প বিন্দুতকৈ ক বিন্দুত বাহিৰৰ কোনো পদাৰ্থৰ বেচি আকৰ্ষণ হব। আৰু পানীৰ তলৰ পৃথিবীখন কঠিন পদাৰ্থ বুলি তাৰ কেন্দ্ৰই ঠাই লৰালে সমুদায় পৃথিবীএ কেন্দ্ৰৰ সমানে দূৰ গৈ ঠাই সলাব; কাৰণ কঠিন বস্তুৰ এক অংশই আন অংশক এৰি যাব নোৱাৰে; গলে গোটেইটো বস্তু যাব। কিন্তু প ৰ্প পানীএ পৃথিবীৰ পৰা বা এক অংশই আন অংশৰ পৰা এৰাবলৈ একো টান নহয়। এনে স্থলত যদি চন্দ্ৰৰ নিচিনা এটা বস্তু থাকে বা নতুনকৈ উপস্থিত হয়, অৱশ্যে পৃথিবী আৰু তাৰ সমুদ্ৰৰ আকৃতি ৮ম প্ৰতিকৃতিত দিয়াৰ নিচিনা হব। কাৰণ সমুদ্ৰ বৰফৰ নিচিনা কঠিন হোৱা হলে চন্দ্ৰৰ আকৰ্ষণত ৭ম প্ৰকৃতিত দেখুৱাৰ দৰে পৃথিবীৰ কেন্দ্ৰ ক বিন্দুৰ পৰা ৰ্ক বিন্দুলৈ আহিব আরু তাৰ লগে-লগে আগৰ দৰেই সমভাৱে একে কেন্দ্ৰী হৈ প ৰ্প সমুদ্ৰ ফ ৰ্ফ ঠাইলৈ আহিল হেতেন। (পৃথিবী চন্দ্ৰৰ আকৰ্ষণত যদিও কিছু আগ বাঢ়িৰ তথাপি দুযো একে লগ নহব; তেনে নোহোৱাৰ অনেক কারণ আছে; যেনে পৃথিবীৰ চাৰিও, কাসৰে ঘুৰি চন্দ্ৰৰ [ ৫৯ ] প্ৰদক্ষিণ। পৃথিবীৰ ওপৰত সূৰ্য্য আরু আন গ্ৰহৰ আকৰ্ষণ ইত্যাদি। ) কিন্তু সমুদ্ৰ বৰফৰ নিচিনা কঠিন বস্তু নহয়; এই কাৰণে, ক বিন্দুতকৈ প বিন্দুত বেচি আকৰ্ষণ হোৱা বাবে কঠিন অৱস্থাত পৃথিবীৰ লগতে যি দূৰ আহিল হেতেন সেই দূৰ আহিও তাৰ বাহিৰে ফ বিন্দুৰ পৰা ব বিন্দুলৈ এই ফেৰা আগ বাঢ়িব। ইফালে ক বিন্দুতকৈ প বিন্দুত কম আকৰ্ষণ হোৱা বাবে বৰফৰ নিচিনা টান হলে যিমান দূৰ আহিব লাগিছিল সিমান নাহি ফ বিন্দুৰ পৰা ৰ্ব বিন্দুলৈ এই ফেৰা পৃথিবীৰ পৰা অন্তৰতে থাকিব। ব ৰ্ব এই দুইঠাইত পানী ওখ কৈ তুলিবৰ নিমিত্তে তৰল বস্তুৰ স্বধৰ্ম্মৰ বশ হৈ শ শ এই দুই কাসৰৰ পৰা তালৈ পানী অহাত শ ৰ্শ এই দুই ঠাইত পানী খাল পৰিব। এই দৰেই চন্দ্ৰ বৰ্তমানে সমুদ্ৰই ৮ম প্ৰতিকৃতিৰ ভাজ লয়।

অৰ্থাৎ পৃথিবীৰ দুফালে দুটা প্ৰকাণ্ড, ঢৌ উৎপন্ন হয়। চন্দ্ৰ আরু পৃথিবী দুইও দুইৰ মানত স্থিৰ থকা হলে সমুদ্ৰৰ এনে ভাঁজটোও স্থিৰ থাকিল হেতেন। দ ৰ্দ দেশত চিৰকাল সমুদ্ৰ অতি দ বোধ হল হেতেন আরু ত ৰ্ত দেশত চিৰকাল তৰাঙ্গ হল হেতেন। কিন্তু দুই ও ঘুৰি থকাত চন্দ্ৰই পৃথিবীৰ ওপৰে গৈ ২৪ ঘণ্টা ৫৪ মিনিটত পূৰ্ব্বৰ ঠাই পায় আৰু তেওঁৰ লগে-লগে সমুদ্ৰৰ ভাঁজো পৃথিবীৰ চাৰিও ফালে সেই সময়তে ঘূৰি গৈ পূৰ্ব্বৰ ঠাইত থিয় হয়। এই হেতু ২৪ ঘণ্টা ৫৪ মিনিটৰ ভিতৰত ত ঠাইৰ [ ৬০ ] ওচৰে সমুদ্ৰৰ ওখ ভাঁজ দুবাৰ অ রু চাপৰ ভাঁজ দুবাৰ হয়; সেই নিমিত্তে তাত পানী দুবাৰ বঢ়া আরু দুবাৰ টুটা দেখা যায়। এই দৰে সমুদ্ৰৰ ভাঁজটো ফুৰে বুলি ওপৰত কোৱা হৈছে কাৰণ কেৱল ভাঁজটোএ বা প্ৰকাণ্ড ঢৌ দুটাই মাত্ৰ সেই দৰে ফুৰে কিন্তু সমুদ্ৰৰ সমুদায় পানীখিনি সেই দৰে ২৪ ঘণ্টা ৫৪ মিনিটত গোটেই পৃথিবী অৰ্থাৎ মিনিটত ১৬ মাইলকৈ বেগে নুঘূৰে। তেনে বেগেৰে যোৱা হলে ভূভাগ বুলিবলৈ বাম মাটি আরু সমুদ্ৰৰ তলীখন যে খলা বমা এনে এটা কথা নে থাকিল হেতেন। চন্দ্ৰৰ আকৰ্ষণত এই দৰে সমুদ্ৰৰ কোনো ভাগৰ পানী এবাৰ বঢ়াক জোৱাৰ আরু আকৰ্যণ নহলে পানী বহি যোৱাক ভাটা বোলে; দুইকো। একেলগ কৰি ‘বেলা’ বোলে। জোৱাৰ হবৰ সময়ত এঠাইত পানী ওখ কৰিবৰ নিমিত্তে কাসৰৰ পৰা পানীৰ সোঁত আহে আরু ভাটা হলে তাৰ বিপৰীত ফাললৈ বয়। এই দৰে দিনটোত দুফা- ললৈ বেলাৰপৰা উৎপন্ন হোৱা সোঁতৰ দ্বাৰায় সমুদ্ৰ সঞ্চালিত হৈ থাকে।

  মাহৰ সকলো দিনত বেলা সমানে ডাঙ্গৰ নহয়। পূৰ্ণিমা আরু আউঁসী তিথিত আন দিনতকৈ ডাঙ্গৰ হয় আরু অষ্টমী তিথিত সকলো দিনতকৈ সরু হয়। ইয়াৰ কাৰণ আছে; চন্দ্ৰৰ আকৰ্ষণে যেনেকৈ সমুদ্ৰত বেলা উৎপন্ন কৰে সেই দৰে সূৰ্য্যেও সমুদ্ৰত বেলা তোলে। কিন্তু সূৰ্য্যৰ পৰা উৎপন্ন হোৱা বেলা, চন্দ্ৰে উৎপন্ন কৰা বেলাতকৈ অনেক গুণে সরু। কাৰণ, যদিও চন্দ্ৰতকৈ সূৰ্য্য বহু গুণে ডাঙ্গৰ তথা পৃথিবীৰ পৰা চন্দ্ৰতকৈ সূৰ্য্য ৪৫৫ গুণে দূৰ হোৱা বাবে পৃথিবীৰ ওপৰত সূৰ্য্যৰ আকৰ্ষণ চন্দ্ৰৰ আকৰ্ষণতকৈ ৬ গুণ কম। অষ্টমী তিথিত চন্দ্ৰ আরু সূৰ্য্য, পৃথিবীৰ পক্ষে নৱম প্ৰতিকৃতিত দিয়া ভাৱত অৱস্থিতি কৰে। নৱম প্ৰতিকৃতিত চ চন্দ্ৰ, প পৃথিবী আরু কাঁড়টিএ সূৰ্য্য থকাৰ দিশ দেখুৱায়। চন্দ্ৰৰ আকৰ্ষণত যি দুটা [ ৬১ ] বেলা হব তাৰ আকৃতি চ ন ৰ্চ ৰ্ন ৰেখা আরু সূৰ্য্যৰ নিমিত্তে উৎপন্ন হোৱা বেলাৰ আকৃতি স ৰ্ম ৰ্স ম ৰেখা। এনে স্থলত সূৰ্য্যই তোলা বেলাৰ চাপৰভাগ চন্দ্ৰই তোলা বেলাৰ ওখ ভাগৰ সৈতে আরু চন্দ্ৰই তোলা বেলাৰ চাপৰভাগ সূৰ্য্যই তোলা বেলাৰ ওখ ভাগৰ সৈতে সংস্থান হোৱাত দুইৰো বেলাই পৰস্পৰক কমাই সংঘাত বেলা সরু কৰে। তাক ল হ ৰ্ল ৰ্হ চক্ৰ দ্বাৰা বুজোৱা গৈছে। এই দৰে অষ্টমী

তিথিত জোৱাৰ ভাটা নিচেই সরু হয় আরু সেই সরু জোৱাৰক নাৱৰীয়া বিলাকে “মৰা কোটাল” কয়। কিন্তু যেতিয়া পূৰ্ণিমা হয়, চন্দ্ৰ, সূৰ্য্যৰ বিপৰীত ফালে থাকে আরু আউসী তিথিত দুইও একে- পোনে থাকে। উভয় স্থলতেই দুইও উৎপন্ন কৰা বেলাৰ ওখ ভাগে ওখ ভাগে আরু চাপৰ ভাগে চাপৰ ভাগে মিলি পৰে। এনে লত বিয়োগ নহৈ যোগ হোৱাত বেলা বৰ ডাঙ্গৰ হৈ উঠে আরু সেই দুই তিথিৰ যোৱাৰক নাৰৰীয়া বিলকে “কোটাল” বোলে। আন আন তিথিৰ জোৱাৰ, “মৰা কোটাল” আরু “কোটাল” দুই মাধ্যমিক। [ ৬২ ]   ওপৰত আমালোকে পৃথিবী সম্পূৰ্ণ সমুদ্ৰৰে বেঢ়া আছে বুলি ধৰিছিলোঁ। কিন্তু যথাৰ্থত তেনে নহয়; ঘৰং আটলান্টিক সমুদ্ৰৰ পৰা স্থিৰ সমুদ্ৰলৈ বেলা বাগৰিব নোৱাৰাকৈ নতুন পৃথ্বী নামে দুই মহাদ্বীপ পুঞ্জ থাকি সমুদ্ৰক গড় স্বরূপে ভেটি আছে। কেৱল দক্ষিণতহে মুকলি বিস্তীৰ্ণ সমুদ্ৰ এখণ্ডই, পূৰ্ব-পশ্চিমাকৈ গোটেই পৃথিবী বেঢ়ি আছে। তাতেই ওপৰত কৈ অহা বেলাৰ সম্পূৰ্ণ প্ৰকৃতি পোৱা যায়। সেইয়েহে বেলাৰ প্ৰধান উৎপত্তি স্থান। তাৰ পৰাই আটলান্টিক সমুদ্ৰ, ভাৰত সমুদ্ৰ আরু স্থিৰ সমুদ্ৰলৈ ঢৌ খেলায়, যেনেকৈ পুখুৰি এটালৈ দলি মাৰিলে চাৰিও দাতিলৈ ঢৌ বিলাক যায়, সেই দৰে সমুদ্ৰৰ বেলা উজাই আহে।

  যদিও বেলা যথাৰ্থতে এটা বৰ ডাঙ্গৰ ঢৌ তথাপি তাক মানুহে ঢৌ বুলি জানিব নোৱাৰে। কাৰণ সি ইমান ডাঙ্গৰ যে পৃথিবীৰ আধাভাগ যুৰি যায় আৰু মানুহে পৃথিৰীৰ কুজ যেনেকৈ আকলিব নোৱাৰে সেই দৰে বেলাৰ ঢৌ-আকৃতিকো দেখিব নোৱাৰে; মাত্ৰ তাৰ শিৰোভাগ আহি যেতিয়া মাটি বা শিলৰ ওচৰ পায় তেতিয়া তাৰে সৈতে তুলনা কৰি পানী ওখ হোৱা জানিব পাৰে আরু চাপৰ ভাগ ওচৰ পালেহি আগৰ চিনতকৈ পানী কেবা হাতত বহি যোৱা দেখে। ওচৰত পাৰ, মাটি বা শিল নাথাকিলে, সমুদ্ৰৰ মাজত এই ফেৰা গমকো মানুহে নাপায়; বেলা উজাই আহি যেতিয়া তাৰ শিৰোভাগ কোনো নৈৰ মুখ পায় নৈৰ ভিতৰতকৈ তাত পানী ও হোত নৈয়েদি, উজাই পানীৰ সোঁত হয় আরু তাৰ লগে-লগে নৈৰ জল-সীমাও ক্ৰমে ওখ হৈ যায়। পুনৰ যেতিয়া বেলাৰ চাপৰ ভাগ আহে মোহনাৰ জল সীমা বহি যায় আৰু নৈৰ ভিতৰৰ পৰা ভটীয়নি পানী দ্বিগুণ বেগেৰে বাহিৰলৈ বয়। কেতিয়াবা, এই দৰে পানী বেগেৰে ভটীয়াই বৈ থাকোতে হঠাৎ দক্ষিণৰ পৰা আন- এটা জোৱাৰ উপস্থিত হৈ মোহনাৰ পানী ক্ষণতেকর ভিতৰতে কেবা [ ৬৩ ] হাতো ওখ কৰি দিএ। এই লোৱাৰ উজাই যাওঁতে আরু নৈৰ ভটীয়নি পানী বাহিৰলৈ ওলাওঁতে দুইৰ প্ৰতিঘাতত জোৱাৰ হঠাৎ চাপ খাই ১০|১২ হাত ওখ গড়াৰ নিচিনা হৈ নৈয়েদি প্ৰচণ্ড বেগেৰে উজাই যায়। আরু বাটত যি পায় সকলোকে নষ্ট কৰি যায়। এইরূপে জোৱাৰ অহাক বঙ্গালা কথাত ‘বান’ কয় অসমীয়াত জোৱাৰ-গঁড়ীলা বোলে। কলিকতাত হুগলী নৈৰ পানী হঠাত পাঁচ ফুট ওখ হৈ পৰা এটা ইতৰ কথা।

  কোনো কোনো নৈৰ জোৱাৰ-গঁড়ীলা হুগলীৰ টোত কৈও ডাঙ্গৰ। সমুদ্ৰৰ সকলো অংশতে জোৱাৰ একে দৰে নহয়। বেলেগ হোৱাৰ নানা কাৰণ আছে প্ৰথমে, দক্ষিণ সমুদ্ৰৰ উত্তৰলৈ বেলা উজাই আহে বুলি দক্ষিণ মুখীয়া উপসাগৰ আ{বঙালী ৰু}} নদীৰ মুখ বিলাকত যিমান প্ৰবল জোৱাৰ হয়,পূব বা পশ্চিমলৈ মুখ কৰা বিলাকত সিমান নহয়। ভুমধ্যস্থ সাগৰৰ মুখ পশ্চিমলৈ বুলি তাত জোৱাৰ দুৰ্ব্বল। বাল্টিক সাগৰ অগ্নি-কোণ মুখীয়া, এই নিমিত্তে তাতো জোৱাৰৰ গম পোৱা নাযায়। দ্বিতীয়, সমুদ্ৰৰ তলী অসমান হোৱাত আ{বঙালী ৰু}} ভূমি খণ্ডৰ নানা বাধা পোৱাত সকলো সাগৰত বেলা সমান বেগেৰে বা সমান ডাঙ্গৰ হৈ নচলে। স্থিৰ সমুদ্ৰৰ দক্ষিণত অষ্ট্ৰে- লীয়াদি অসংখ্য দ্বীপপুঞ্জৰ বাধা থকাত তাত জোৱাৰ দুহাততকৈ ওখ নহয়। তাত বায়ুৰ কাৰণেও বৰ ওখ ঢৌ নুঠে আ{বঙালী ৰু}} ধুমাহাদি প্ৰবল বাতো কম। এই নিমিত্তেই সেই সমুদ্ৰৰ নাম প্ৰশান্ত বা স্থিৰ সমুদ্ৰ, আট্লা‌ন্টিক আৰু ভাৰত সমুদ্ৰৰ দক্ষিণে এনে কোনো বাধা নথকাত এই দুই সমুদ্ৰৰ জোৱাৰ বৰ ডাঙ্গৰ হয়। তৃতীয়, সাগৰৰ পাৰৰ গঢ় লৈ, উপসাগৰ, মোড়, দ্বীপ, উপদ্বীপৰ আকৃতি লৈও জোৱাৰৰ উচ্চ, গতি, দিশ আৰু বেগ লৰে। ব্ৰিটেনীয়া বাহকত, ফ্ৰান্স দেশৰ চেন্ট আৰ্লৰ কাসৰত জোৱাৰ কেতিয়াবা কেতিয়াবা ৫০ ফুট ওখ হয়। উত্তৰ আমেৰিকাৰ ঈশান [ ৬৪ ] কোণত থকা ফণ্ডি উপসাগৰত যি জোৱাৰ হয় সি অতি ভয়ানক আৰু আচৰিত ভাটাৰ সময়ত কেবা মাইল দূৰলকে সাগৰৰ তলী ওলায় থাকে। কিন্তু যেতিয়া জোৱাৰ আহে ৩০ মাইল যান দূৰৰ পৰা ভয়ঙ্কৰ শব্দ কৰি, কেতিয়াবা ১০০|১২০ ফুট পৰিমিত ওখ হৈ এটা বৰ ঢৌ গড়াৰ ফাললৈ লৰি অহা দেখা যায় আৰু কোনো সময়ত পাৰত চৰি থকা জন্তু বিলাকক আহি সেই ঢৌএ সামৰি লয়। এই দৃশ্য নতুনকৈ দেখা মানুহৰ মনত পৃথিবীৰ যেন প্ৰলয়ৰ প্লাবন কাল উপস্থিত হল হি এনে বোধ হয়। চতুৰ্থ, দ পানীৰ পৰা তৰাঙ্গ পানীলৈ ঢৌ আহিলে যেনেকৈ তাৰ বেগ কমে আরু ওখ হয় সেই দৰে বেলাৰো বেগ কমে আরু ওখ হয়। দক্ষিণৰ পৰা বেলা উজাই আহোতে যদি বাটত চট বা তৰাঙ্গ পানী পায় তেন্তে জোৱাৰৰ সন্মুখ ভাগৰ বেগ কম হোৱাত পাছৰ ভাগে আহি তাৰ লগ লয়; আৰু যেনেকৈ ধেনু এখনৰ মুৰ দুটা বেচিকৈ চপালে ধেনুখনো বেচিকৈ ফিক খাই পৰে, ঠিক সেই দৰে পানী সঙ্কুচিত হোৱাত বৰ ওখ হৈ পৰে।

  যদিও ওপৰত লিখা তিনি বিধেই সমুদ্ৰ সঞ্চালিত হোৱাৰ ঘাই কারণ তথাচ আরু যি এবিধ কাৰণ আছে তাক ক্ষুদ্ৰ বুলি এৰি যাব নোৱাৰি। সেইবিধ সাগৰৰ চাক-নৈয়া। ইটালিৰে আৰু চিচিলিৰে মাজত ছেৰিবডিছ নামেৰে, আৰু নৰওয়েৰ উত্তৰে, পাৰৰ পৰা কিছু আঁতৰত, মেলষ্ট্ৰম নামেৰে, দুটা সাগৰৰ চাকনৈয়া আছে। চাক-নৈয়াত পানী ঘুৰি থাকে আৰু তাত কোনো বস্তু পৰিলে তাক তৎক্ষণাৎ তললৈ সুমাই নি বহুত দূৰত উলিয়াই দিএ। মেলষ্ট্ৰম চাকনৈয়া বৰ ভয়ানক; তাৰ ব্যাস তেৰ মাইলতকৈও বেচি হব আরু তাৰ বৌ-নৌৱনি ৭|৮ মাইলৰ পৰা শুনা যায়।

⸻⸻
[ ৬৫ ]
ষষ্ঠ অধ্যায়।
পানীৰ রূপ ভেদ।

মুদ্ৰই সকলো পানীৰ ভড়াল। তাৰ পৰাই পানী ওলাই নানা রূপ ধৰি বায়ু প্ৰদেশ আৰু ভূ-ভাগ পৰিভ্ৰমণ কৰি আকৌ তালকে গৈ তাতে লয় পাইছে। সমুদ্ৰৰ পানী যি যি রূপলৈ পৰিবৰ্ত্তন হয় তাৰ ভিতৰত প্ৰধান এই কেইটা; ভাপ, মেঘ, কুঙলি, নিয়ৰ, বৰফ, তুষাৰ। এই বিলাকৰ উৎপত্তি বিষয়ে দ্বিতীয় অধ্যায়ত উল্লেখ কৰা হৈছে। এই অধ্যায় এই বিলাকৰ বিশেষ বিবৰণ দিয়া যাব। সমুদ্ৰৰ পৰা ভাপ উঠি বায়ুমণ্ডলৰ ওখ প্ৰদেশ পালে মেঘ হয়। মেঘ অতি ক্ষুদ্ৰ পানী কণিকাৰ সমষ্টি। জুইৰ ওপৰৰ পোৰা-টেকেলিৰ মুখৰ পৰা ওলোৱা শুকুলা ভাপ আরু মেঘ দুইয়ো একে বস্তু। পোৰা- টেকেলিৰ মুখৰ ভিতৰত থাকোতে ভাপ দেখা নাযায়, কিন্তু মুখৰ বাহিৰলৈ আহিলে শুকুলা ধোঁৱা যেন দেখি। কাৰণ ভিতৰত থাকোতে যথাৰ্থ ভাপ বা পানীৰ বাষ্প আছিল; বাষ্পক দেখা নাযায় কিন্তু যেতিয়া বাহিৰ হল চেঁচা বায়ু লাগি নিজে চেঁচা হোৱাত ভাপ গুচি ক্ষুদ্ৰ ক্ষুদ্ৰ পানী-কণিকা হয় আরু শুকুলা ধোঁৱাৰ দৰে উড়ি যায়। স্বচ্চ আৰ্চি এডোখৰ খুলিলে তাৰ গুৰি যি কাৰণত বগা হয় সেই একে কাৰণতেই পোৰা টেকেলি মুখৰ পৰা উঠা ধোঁৱা স্বরূপ কণিকা কণিকা পানীও বগা হয়। কিন্তু এই বিলাক শুকুলা ভাপ (যথাৰ্থত পানী-কণিকা) কিছু ওপৰলৈ উঠিলে বায়ু দ্বাৰা সঞ্চালিত হৈ, চাৰিও ফালৰ অপূৰ্ণ সিক্ত-বায়ুৰ লগত মিহলি হোৱাত পুনৰ নেদেখা হয়। এই কাৰণে আকাশত মেঘৰো আবিৰ্ভাব আৰু অন্তৰ্দ্ধ্যান দেখিবলৈ পোৱা যায়। [ ৬৬ ]   পাঠকে মন কৰিলে দেখিব পাৰে যে বৰষুণ-বাদল নোহোৱা দিনত, যেতিয়া আকাশ প্ৰায় পৰিষ্কাৰ থাকে, দুপৰীয়া ৰদত মেঘ বিলাক ক্ৰমে পানী যোৱাদি নাই কিয়া হৈ, চাৰি বজামানলকে আকাশে সম্পূৰ্ণ নিৰ্ম্মল আৰু নীল বৰনীয়া বেশ লয়। তাৰ পাছত বিনা বতাহত চাই থাকোতেই ক্ৰমে ঠাইয়ে ঠাইয়ে শুকুলা হয়, ৰাতি হলে আকৌ সম্পূৰ্ণে পৰিষ্কাৰ আকাশ দেখি। কোন সময়ত মেঘে কি অৱস্থা পায়, আরু সৰ্ব্বদা চঞ্চল প্ৰকৃতি বায়ুৰ কোবত কোন আকৃতিৰ হয় তাৰ এটি নিয়ম উলীয়াবলৈ যত্ন কৰা বৃথা। মেঘৰ স্থান, আকৃতি বা অৱস্থা পৰিবৰ্ত্তন যে অনায়াসে হব পাৰে, তাক বুঝি বলৈ মাত্ৰ জানিব লাগে; বায়ুমণ্ডলত মেঘ বা ভাপ সদা সৰ্ব্বদা সকলে অংশতে কমকৈ বা সৰহকৈ মিহলি হৈ আছেই; কেৱল কেতিয়াবা কোনো বিশেষ কাৰণত দেখা পোৱা হয় আৰু কেতিয়াবা নেদেখা হয়; দেখা হলে মেঘ বোলোহক; নেদেখা হলে ভাপ নাম দিওঁহক। তলত দিয়া তিনটাই মেঘ উৎপত্তি বা ভাপ দৃষ্টিগোচৰ হোৱাৰ প্ৰধান কাৰণ :-

  ১। তলৰ পৰা আপেক্ষিক তপত বায়ু, সমুদ্ৰ, নদী, মাটি, পাতি ইত্যাদিৰ পৰা উঠা ভাপেৰে প্ৰায় পূৰ্ণ-সিক্ত হৈ, ওপৰলৈ গৈ চেঁচা প্ৰদেশ পালে মেঘ হয়।

  ২। বেগেৰে বায়ু তলৰ পৰা ওপৰলৈ উঠি গলে ওপৰত লঘু চাপ পোৱা মাত্ৰ স্ফীত হয় আরু আয়তন বঢ়াত চেঁচা হৈ পূৰ্ব্বৰ সমান ভাপ ৰাখিব নোৱাৰাত কিছুমান পানী-কণিকা বা মেঘ হয়।

  ৩। তপত বায়ুৰ সোঁত আরু চেঁচা বায়ুৰ সোঁত মিহলি হলেও মেঘ হয়। কাৰণ উপলব্ধ মিশ্ৰ বায়ুৰ তাপ দুইৰো গড়।

  মেঘ বিলাকৰ আকৃতি অনুসৰি হাৱাৰ্ড চাহাবে প্ৰধান কৈ চাৰি বিধ কৰে; সংস্কৃতত সেই কেবিধৰ নাম অলক, স্তুপ, স্তৰ আরু বৰ্ষপ্ৰদ। বৰ্ষপ্ৰদ মেঘক অসমীয়াত ডাৱৰ বোলে। যাক অলক [ ৬৭ ] বোলা যায় সি সকলোতকৈ ওখত থাকে আরু দেখিবলৈ কমোৱা তুলা বা চুলিৰ নিচিনা; সেই নিমিত্তেই অলক নাম দিয়া হয়। অলক মেঘ থকা সিমান ওখৰ জাৰলৈ মন কৰিলে অনুমান হয়, অলক মেঘ বৰফৰ দৰে টান হোৱা কণিকা পানীৰ সমষ্টি; সেই কাৰণেই বৰফৰ দানাত দেখাৰ দৰে তাত মড়ল, কিৰীটাকৃতি, কাম চৰাই পাখিৰ বৰণাদি ৰঙ্গযুক্ত দৃশ্য বিলাক দেখা যায়। এই বিধ মেঘ ওলায়ে বতৰ সলনি হব বুলি জনা যায়।

  স্তুপ মেঘ বিলাক দেখিবলৈ ওপৰে ধুনীয়া আৰু তলী সমান, আকৃতি উঠি যোৱা ধোঁৱাৰ নিচিনা। কেতিয়াবা শুকুলা পৰ্ব্বত বিলাক থকাৰ দৰে থাকে। জাৰ কালিতকৈ জহ, কালি ইয়াক সৰহকৈ দেখা যায়। ৰাতিপুৱা ভাগত ওলায় আৰু সন্ধ্যা ভাগলৈ পমি নাইকিয়া হয়। কিন্তু নপমি যদি ক্ৰমে বাঢ়ি থাকে আরু ঘাইকৈ যদি তাৰ ওপৰত অলক মেঘ ওলায় তেন্তে বৰষুণ বা ধুমুহা হবৰ সম্ভব।

  স্তুপ মেঘ সূৰ্য্য অস্ত হোৱাৰ পাছত ওলায় আরু সূৰ্য্যোদয়ৰ সময়ত গুছে। ই তৰপে তৰপে সমান হৈ পথালি ভাৱে থাকে। ইয়াক ওপৰত কৈ অহা দুইও বিধতকৈ চাপৰত দেখি। ইয়াক শৰৎ কালত সৰহকৈ দেখা যায়; আরু ই বসন্তত প্ৰায় নাথাকে।

  বৰ্ষপদ মেঘ বা ডাৱৰ; যদিও কোনো ইয়াক মূল মেঘ বুলি ধৰে, ই যথাৰ্থ পক্ষে ওপৰৰ তিনিও বিধৰ যোগৰ পৰা উৎপন্ন হয়। ইহাৰ কোনো নিশ্চিত আকৃতি নাই অৱস্থামতে নানা আকৃতি লয়। ইয়াৰ বৰণ ভস্মৰ নিচিনা আরু কাসৰটো উঠা-নমা। দেখিবলৈ জুইৰ ধোঁৱাৰে সৈতে একে; ই এটাই বিধতকৈ তলত থাকে; মাটিৰ ওপৰৰ পৰা ১০০০|১৫০০ হাতৰ অন্তৰতে ধোৱাৰ দৰে কেতিয়াবা বেগে উড়ি যোৱা দেখি। প্ৰথমে উৎপন্ন হওতে এই মেঘৰ বৰণ ঘোৰ কৃষ্ণবৰ্ণ বা বেঙ্গুনীয়া ৰঙ থাকে; কিন্তু বৰষুণ রূপলৈ পৈণত [ ৬৮ ] হলে মিহি ভস্মৰ বৰণ লয়। বৰষুণৰ পূৰ্ব্বে বা বৰষুণ দি থাকোতে ডাৱৰৰ মাজত বিজুলি ঘনে ঘনে খেলে, সেই নিমিত্তে অনেকে ভাবে যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী কণিকা বিলাক গোট নাখাই মেঘ স্বরূপে থাকে আরু আন কোনো অৱস্থাত সেই এ গোট খাই বৰষুণ হয়।

  ওপৰত দিয়া চাৰিবিধ মেঘৰ যোগত আরু তিনি বিধ মেঘ হয় তাৰ নাম অলক-স্তুপ, অলক-স্তৰ আরু স্তুপ-স্তৰ। নামৰ পৰা যেনে অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক- স্তুপক জহ কালি বেচিকৈ দেখি; গৰম খৰাঙ্গ দিনত ই ওলায়; সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ হয়।

  আকাশত মেঘ ওপঙ্গি থকাৰ কাৰণ, অনেকে অনেক প্ৰকাৰে দিএ। কিন্তু তলত দিয়াটি এই যথাৰ্থ বুলি, বহুতৰ মনে ধৰে। তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি সরু সরু পানী কণিকাৰ সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই মেঘ রূপত থকা পানী-কণিকা বিলাকো উড়ি ফুৰে। তললৈ যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে। যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত আরু মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়। ”

 মেঘৰ বৰণ সদাই একে নাথাকে, নানা সময়ত নানা ৰঙ ধৰে। ৰৰণৰ সৰ্ব্ব মূল সূৰ্য্যৰ কিৰণ। সূৰ্য্য-কিৰণৰ শ্বেতবৰ্ণ, সাত মূলবৰ্ণৰ [ ৬৯ ] পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়। সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আরু প্ৰতিফলিত হৈ কোনোটী প্ৰকাশ পায় আরু কোনোটী বিলুপ্ত হয়। যি বৰ্ণ ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্য-রূপে জানিবলৈ হলে পদাৰ্থ-বিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ কৰা উচিত।

 মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহোঁতে বাটত খৰাঙ্গ এতৰপ বায়ুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে শোহে বা পুনৰ ভাপ হয়; নামি অহা বৰষুণৰ টোপা বিলাক অতি ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় :—

 (১) উষ্ণ-মণ্ডলত ভাপ বেচি এই নিমিত্তে তাত তাপো বেচিকৈ উঠে আরু বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ ক্ৰমে কম।

 (২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ কাৰণ ওপৰত উল্লেখ কৰা হৈছে।

 (৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়; এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- মাণৰ প্ৰভেদ হয়।

  মোঙ্গলীয়াৰ গোবি মরু প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা মরুভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ নহয়। এই বিলাকৰ কোনো ঠাইত ২০। ৩০ বছৰৰ অন্তৰত দুজাক বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পিরু দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ [ ৭০ ] নেদেখা কৈয়ে বুঢ়া হৈ মৰি গৈছে। বৰষুণৰ পৰিবৰ্ত্তে তাত ডাঠ কৈ হিম পৰে। এই বিলাক দেশক “নিৰ্ব্বৰ্ষ” বা “বৰষুণ নোহোৱা” দেশ বোলে।

  একে সময়তে একে দেশৰে এফালে বাৰিষা, এফালে খৰালি হোৱাও আছে; দাক্ষিণাত্যৰ পশ্চিম পাৰ অৰ্থাৎ মালৱাৰ প্ৰদেশত নৈঋত্য মৌচুম বাতৰ সময়ত বাৰিষা হয়, কিন্তু তেতিয়া কৰমণ্ডল দেশত খৰালি হয়। কাৰণ পশ্চিম ঘাট পৰ্ব্বতত নৈঋত্য মৌচুম বাত প্ৰথমে লাগি তাৰ লগত অনা সৰহ খিনি ভাপ বৰষুণরূপে তাতে পৰে। ঐশানিক মৌচুমৰ সময়ত কৰমণ্ডল প্ৰদেশত বাৰিষা হয়। বঙ্গ উপসাগৰৰ পৰা সেই বতাহে ভাপ আনি প্ৰথমে সেই প্ৰদেশ পায় আরু তাতে সৰহ খিনি ঢালে। বতাহ স্বরূপ সোঁতৰ ভাটী ভাগত কৈ উজান ভাগত বেচি বৰষুণ পৰে। গতি-নিবন্ধ বাত উত্তৰ-পূৰ্ব্ব আৰু দক্ষিণ-পূৰ্ব্বৰ পৰা বয়; এই নিমিত্তে গতি- নিবন্ধ বাত মণ্ডলত থকা দেশ বিলাকৰ পশ্চিম ভাগতকৈ পূব ভাগত বেচি বৰষুণ পৰে। পাশ্চাত্য বায়ু পশ্চিমৰ পৰা বয় এই হেতু পাশ্চাত্য বায়ু-মণ্ডলত থকা দেশ বিলাকৰ পূব ভাগতকৈ পশ্চিম ভাগত বৰষুণ বেচি। পৃথিবীৰ সকলো ঠাইতকৈ আসাম দেশত বৰষুণ বেচি বুলি প্ৰসিদ্ধ আছে।

  কোন ঠাইত কিমান বৰষুণ পৰে তাক ঠিক কৰা এটা যন্ত্ৰ আছে। তাক বৃষ্টি-মান যন্ত্ৰ কয়। সাধাৰণতে সি এটা থিয় কৰিয়াৰ নিচিনা পাত্ৰ; তাৰ মুখ তলী সমান বহল; তাৰ গাৰ পৰা ওলোৱা সরু এটী আৰ্চিৰ নলী আছে; কৰিয়াটো বৰষুণত থলে তাৰ ভিতৰত যিমান ওপৰলৈ পানী উঠে নলীটোতো সিমান ওপৰলৈ উঠে; সেই নলীৰ গাতে এটা ইঞ্চিয়া স্কেল আছে। যাতে সহজে কৰিয়াটোৰ ভিতৰত বৰষুণৰ পানী ভাপ উঠি পানী নুশুকায় এনেকৈ সেই পাত্ৰৰ মুখত এটা ফণ্ডিল আকৃতিৰ সোপা আছে; তাৰ মুখে সেই কৰিয়াৰ মুখৰ [ ৭১ ] সমান বহল। বৃষ্টিমান যন্ত্ৰৰ নক্সা ১০ম প্ৰতিকৃতিত দিয়া হৈছে। * বৰষুণ দিবৰ সময়ত এইটী যন্ত্ৰ চোতালত বহুৱাই থলেই, কিমান বৰষুণ পৰিল, নলীৰ গাত দিয়া স্কেল চাই জানিব পাৰি। এই যন্ত্ৰত যিমান বৰষুণ পৰে অৱশ্যে সিমান বৰষুণ ওচৰৰ ঠাইতত পৰে। তাত যদি ৩ ইঞ্চি দেখুৱাই, জনা যাব যে সেই ঠাইত মাটিএ নুশুহিলে, নৈএ আঁতৰাই নিনিলে বা খাল পুখুৰিত গোট নেখালে ৩ ইঞ্চি দ বৰষুণৰ পানী সৰ্ব্বত্ৰে পোৱা যাব। তলত দিয়া সমাচাৰ পত্ৰিকাৰ পৰা কোন ঠাইত কিমান বৰষুণ হয় তাক জানিব পাৰি।

ঠাইৰ নাম বৰষুণৰ পৰিমাণ  ঠাইৰ নাম বৰষুণৰ পৰিমাণ
গোৱালপাড়া ৯৮  ইঞ্চি  গাৰো পৰ্ব্বত ১৩৪.২৩ ইঞ্চি
গুৱাহাটী ৭০.১২ {{{1}}}  চামগুটিং ৬৩.৬৩ {{{1}}}
তেজপুৰ ৭৬.৮২ {{{1}}}  শিলং ৮৫ {{{1}}}
নগাওঁ ৬৯.৫৯ {{{1}}}  চিৰাপুঞ্জি ৫৯২ {{{1}}}
শিৱসাগৰ ৯৪.১৬ {{{1}}}  কলিকাতা ৬৩{{{1}}}
লক্ষীপুৰ (ডিব্ৰুগড) ৯৯  {{{1}}}  বোম্বাই ৮০ {{{1}}}
মান্দ্ৰাজ ৪৮  {{{1}}}  হাভাণা ৯১.২ {{{1}}}
লণ্ডন ২৩  {{{1}}}  চেণ্ট্‌ডমিঙ্গো ১০৭.৬{{{1}}}

 কুঙলিও এবিধ মেঘ; দুইৰো মাজত প্ৰভেদ এই মাত্ৰ যে কুঙলি বায়ু-মণ্ডলৰ তল ভাগত, মাটিৰ ওচৰত, আরু মেঘ বায়ুমণ্ডলৰ ওপৰ ভাগত, আকাশত উৎপন্ন হয়। বায়ু-মণ্ডলৰ তলভাগ পূৰ্ণ- সিক্ত আরু চেঁচা, আৰু তলত মাটি জেকা আৰু তপত, থাকিলেই


 * বৃষ্টিমান যন্ত্ৰ আন দৰেও সাজিব পাৰি।

[ ৭২ ] কুঙলি উৎপন্ন হয়। কাৰণ আগেয়ে পূৰ্ণসিক্ত থকা বাবে মাটিৰ পৰা যিমান ভাপ ওলায়, সকলো পানী-কণিকা হয়। নৈৰ ওপৰত বা পাৰত কুঙলি বেচিকৈ দেখা যায়, কাৰণ ৰ পৰা ভাপ বেচি পৰিমাণে উঠে।

  হিমালয় পৰ্ব্বতৰ শৃঙ্গ বিলাকত আরু কাশ্মীৰ, তিব্বত, ইংলণ্ড ইত্যাদি উত্তৰৰ দেশ বিলাকত জাৰ কালি ওপৰৰ পৰা তুলাৰ নিচিনা শুকুলা আরু কোমল এবিধ ঘন পানী পৰে। চত মহীয়া তুলা সৰিবৰ সময়ত সিমলু গছনিৰ তললৈ গলে ইয়াৰ কিছু ভাৱ পোৱা হয়। এই ঘন পানীৰ টোপা বিলাকসিমলু তুলাৰ দৰে লাহে লাহে নামি আহি ঘৰ, চোতাল, বননি, গছনি, খাল, বাম সকলোকে ঢাকি শুকুলা কৰে, কিন্তু সেইয়ে ঘণকৈ আরু কণ-কণকৈ সোপা-সোপে পৰে। এই দৰে কেবা দিনো ৰাতিপুৱা আরু ৰাতি এই তুলা সদৃশ পানী বৰষি অন্তত খাল বাম সমান কৰে। ধূনা-তুলা, উড়ি যোৱাৰ দৰে বাতাহত কেতিয়াবা দমে দমে এঠাইৰ পৰা আন ঠাইলৈ উড়ি যায় আরু এনে এটা দম যদি উড়ি গৈ কোনো দুৰ্ভগীয়া পথুকৰ ওপৰত পৰে তেন্তে তেওঁ প্ৰাণলৈ আশা এৰি দিএ। কেতিয়াবা দুখীয়া মানুহৰ পঁজা ঘৰ এনেকুৱা দমৰ তলত পৰি পোত যায়। বাটত গাড়ি ঘোড়া মানুহ যাবৰ নিমিত্তে মহা সঙ্কট হয়; পলশত লাগি থকাৰ দৰে এই বিলাকে কেতিয়াবা শুকুলা পানীৰ পলশত লাগি প্ৰাণ হেরুয়াই। কোনো কোনো নগৰত ৰাতি-পুৱা ইয়াক বাটৰ পৰা গুচাবলৈ মানুহ নিয়োজিত থাকে। কিন্তু প্ৰায় অহা যোৱা বাটত গছকত টান মাৰি সুন্দৰ শিলাময় পথ এটি হয়, আরু তাৰ ওপৰে চকা নোহাৱা এবিধ শকটত মানুহ উঠি কুকুৰৰ হতুৱাই ঘোড়াৰ বেগেৰে টনাই যায়।

  সিমলু তুলাৰ নিচিনা আকাশৰ পৰা নামি অহা ঘন পানীকে তুষাৰ কয়। পৃথিবীৰ পৰা উঠি যোৱা ভাপ বিলাক হঠাৎ বৰকৈ চেঁচা [ ৭৩ ] হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ। তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছটি, ছটি পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাঁড়ব নিচিন। এই অনুক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা। শুক্‌লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আরু ঈষৎ সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ ওপৰত গজে।

  মেরুৰ কাসৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে; আরু সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে আরু য়াতকৈ চাপৰত বছৰ যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ বৃত্তত এই সীমা সাগৰৰ জল সীমাৰ পৰা ১৬০০০ ফুট ওখ। তাৰ পৰা দক্ষিণ আরু উত্তৰলৈ নামিগৈ প্ৰায় ৭৮° অক্ষত সাগৰৰ জল সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ ভাপেৰে পৰিপূৰ্ণ নৈঋত্য মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে দক্ষিণ গড়াত খুন্দা খায় আরু তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ [ ৭৪ ] হৈ পৰে; অলপমান মাত্ৰ হিমালয় পাৰ হৈ উত্তৰ গড়াত তুষাৰ বৰষিব পাৰে গৈ। যদিও ঐশানিক মৌচুমে প্ৰথমতে উত্তৰ গড়াকে চোৱেহি তত্ৰাচ সি শুকান বুলি তাৰ পৰাও বহুত তুষাৰ নপৰে। দ্বিতীয়, তিব্বৎ দেশ খৰাঙ্গ আরু তাৰ বায়ুও খৰাঙ্গ; যিবা অলপ তুষাৰ উত্তৰ গড়াত পৰে তাৰো সৰহ ভাগক খৰাঙ্গ বায়ুএ শুহি নেদেখা ভাপ কৰে। কিন্তু দক্ষিণ গড়াৰ বায়ু প্ৰায় পূৰ্ণ-সিক্ত থাকে বুলি সৰহ কৈ তুষাৰ শুহিব নোৱাৰে। তৃতীয়, উত্তৰ গড়াৰ খৰাঙ্গ বায়ুৰ মাজেদি বেচিকৈ সুৰ্যৰ কিৰণ আহিব পাৰে; কাৰণ তাপৰ নিমিত্তে ভাপ নথকা বায়ু সম্পূৰ্ণ স্বচ্চ আরু তাপ বেচি আহে বুলি বেচি তুষাৰ দ্ৰৱ হয়। কিন্তু দক্ষিণ গড়াৰ বায়ুত থকা ভাপেই সূৰ্য্যৰ কিৰণ কিছু সংবৰণ কৰে; সেই নিমিত্তে উত্তৰ গড়াতকৈ দক্ষিণ গড়াত তাপ কম আরু তুষাৰ দ্ৰৱ হয়।

  পূৰ্ব্বে কোৱা হৈছে যে চিৰ-নিহাৰ-সীমাৰ ওপৰে বছৰ যুৰি তুষাৰ থাকে। ই বছৰৰ তুষাৰ সমুদায় খিনি দ্ৰৱ নৌ হওঁতেই সিবছৰৰ তুষাৰ পৰে; এই দৰে বছৰে বছৰে তুষাৰ গোট খাই পৰ্ব্বতৰ ওপৰত দম হৈ শিখৰ বিলাকৰ খাল বাম সমান কৰি থয় আরু তেনে পৰ্ব্বতৰ ওপৰত তুষাৰ পৰি পৰি দুটা তিনটা তুষাৰৰ ওখ পৰ্ব্বত হল হেতেন। কিন্তু যাতে সেই দৰে সৰহকৈ গোট খাব নোৱাৰে এনে দুটা উপায় আছে। প্ৰথম, তুষাৰ বৰফ হৈ বৈ আহে, দ্বিতীয়, বাগৰি আহে। প্ৰথমতে শিখৰৰ গুহা, খাল বা উপত্যকাত গোট খোৱা তুষাৰৰ ওপৰ ভাগ দিনৰ ৰদত দ্ৰৱ হয় আরু তলৰ তুষাৰৰ সুরুঙ্গাৰ মাজে মাজে তাৰ পানী সোমাই সেই পানীও গোট মাৰে। তাৰ বাহিৰে ওপৰৰ তুষাৰ দমৰ হেচা পায়ো তলৰ তুষাৰ খিনি টান হয়। কালত এই দৰে সমুদায় তুষাৰ বৰফ হৈ পৰে। বৰফেৰে ভৰি থকা গুহা, খাল, বা উপত্যকা বিলাকৰ তলী যদি আওগড়ীয়া হয় তেন্তে ওপৰত থকা হাজাৰ-বাৰ-শ ফুট তুষাৰৰ কেচা পৰি তলত থকা বৰফ নামি [ ৭৫ ] আহে আরু ক্ৰমে ইভাগে সি ভাগক ঠেলি আনি নৈৰ দৰে বৈ আহি চিৰ-নিহাৰ-সীমাৰ বাজ হয় আরু তাৰ পৰা কেবা মাইলৰ নামলকে বৈ যায়। বৰফৰ নৈ বাটত আহোতে সূৰ্য্যৰ কিৰণত অলপ অলপ দ্ৰৱ হয় আৰু ৰাতি কঠিন হয়। ওপৰত কৈ অহা হৈছে যে বায়ু মণ্ডলৰ তললৈ ক্ৰমে তপত; সেই নিমিত্তে বৰফ যিমান নামি আহে দ্ৰৱ হোৱাটো ক্ৰমে বেচি হয় আৰু কঠিন হোৱাটো কমে। এই দৰে যিমান তললৈ আহি বৰফ সম্পূৰ্ণ দ্ৰৱ হয়, তাতে এই বৰফ নৈৰ অন্ত পৰে। এইৰূপ বৰফৰ নৈক ইংৰাজীতে “গ্লেচিয়ৰ” আৰু সাধু ভাষাত চিৰ-নিহাৰ-বাহু কয়; চিৰ-নিহাৰ-সীমাৰ ওপৰলৈ থকা বৰফ, যি নিহাৰ-বাহুৰ আদি তাক “নিৱী” কয়। কঠিন বৰফৰ নৈ! অথবা বৰফ বৈ আহে! পাঠক, আচৰিত নেমানিব। যদি তলত দিয়া কথা পৰীক্ষা কৰি চোৱা আৰু তাৰ পৰা জানা যে দুডোখৰ বৰফ লগাই থলেই আপুনি যোৰা খায় তেন্তে আমাৰ কথাত তোমাৰ সম্পূৰ্ণ বিশ্বাস হব। যদি দুডাল ডাঙ্গৰ ওপৰত কোমোৰা এটাৰ সমান এডোখৰ বৰফ পথালি কৰি তাৰ ওপৰেদি পিত্তল বা লোহাৰ গুণ এডাল ঘুৰাই সেই গুণাত এটা গধুৰ শিল ওলোমাই দিয়া হয় তেন্তে দেখা যাব যে কেই দাঁড় মান বেলিৰ পাছত সেই গুণাই বৰফ কাটি গৈ বৰফৰ মাজ পাইছে, কিন্তু কটাৰ চিন কতত একো নাই। এই পৰীক্ষা আৰু ঘণ্টাদিয়েকৰ নিমিত্তে ৰাখিলে দেখা যাব যে গুণা বৰফৰ মাজে সৰকি বাহিৰ হোৱাত, শিল মাটিত পৰি আছে, অথচ গুণাই কেনি কাটিলে তাৰ একো চিন নাই। বৰফৰ এইটো গুণ যে, তাৰ দুডোখৰ হেচি লগাই থলে দুইয়ো গোট খাই এডোখৰ হয়। সাধাৰণতে কঠিন বস্তুৰ এইটি গুণ নহয়; কেৱল তৰল বস্তুৰ দুটোপা গোট খাই এটোপা হোৱা স্বভাৱ। বৰফৰ এনে গুণ থকাত তোমালোকে শিলা বৃষ্টিৰ সময়ত কেবা ডোখৰ বৰষুণৰ শিল মুঠিত ৰাখি ডাঙ্গৰ এডোখৰ কৰি ৰঙ্গ কৰিৰ পাৰা। এইটো বিশেষ গুণৰ কাৰণেই বৰফ [ ৭৬ ] যদিও কঠিন বস্তু তথাপি নামি অহাৰ পক্ষে সম্পূৰ্ণ তৰল বস্তু নিচিনা। পানী বোৱা দৰে সঘনে এৰাই আৰু সঘনে যোবা খাই; যত বাট ঠেক তাত বেগাই আরু যত বহল তাত বেগ ঢিলাই আৰু কাশৰতকৈ মাজত বেগ বেচি কৰি বৰফ বব পাৰে; আরু নৈৰ দৰে পৰ্ব্বত উপত্যকাৰ ভাঁজ লৈ চিৰ-নিহাৰ বাহু বয়। কিন্তু চিৰ- নিহাৰ-বাহুৰ গতি অত্যন্ত ধীৰ, চকুৰে ঠাবৰিব নোৱাৰি, কেৱল শিলেৰে বৰফৰ ওপৰত চিন দি, কেইবা দিনে চালেহে ঠিক কৰিব পৰা হব। বিজ্ঞান-নিপুন টিনটন চাহাবে এই দৰে জোখ কৰি কৈছে যে নিহাৰ বাহুএ দিনটোত ৫ ইঞ্চিৰ পৰা ৩৬ ইঞ্চিলকে আগ বাঢ়িব পাৰে। নদী বিলাকৰ দস্তুৰেৰে চিৰ-নিহার-বাহুৰো শ খা আরু কৰতলীয়া চিৰ-নিহাৰ-বাহু থাকে; আরু কেবা খনো সৰু সৰু জুৰিস্বৰূপ নিহাৰ বাহু গোট খাই ডাঙ্গৰ নিহাৰ বাহু বিলাক কৰে। কোনো খন ইমান ডাঙ্গৰ যে দেখিলে এখন ব্ৰহ্মপুত্ৰ দৈ মাৰি আছে এনে বোধ হয়। হিমালয় আরু আল্‌পচ্‌ পৰ্ব্বতৰ অতি ওখ উপত্যকা বিলাকত এনেকুৱা চিৰ নিহাৰ-বাহুৰেই বৃহৎ বৃহৎ পথাৰ স্বৰূপ হৈ আছে। কোনো খন ডাঠে কেবা শ ফুট, দীঘলে অনেক মাইল যুৰি বয়। ইয়াৰ কণ্ড আৰু তিব্বৎ দেশৰ মাজত থকা কাৰকৰম পৰ্ব্বত শ্ৰেণীৰ পৰা নামি অহা বালটৰৰ চিৰ নিহাৰ বাহু বহলে ২। ৩ মাইল আরু দীঘলৈ ৩৬ মাইলতকৈ কম নহয়। চিৰ-নিহাৰ বাহু যতে অন্ত পৰে, তাৰ পরা বৰফ দ্ৰৱ হোৱা পানীৰ জুৰি আৰম্ভ হয়। হিয়ালয়ৰ পৰা ওলোৱা প্ৰধান প্ৰধান নদী বিলাক এই দৰে চিৰ-নিহাৰ-বাহুৰ মূৰৰ পৰা আৰম্ভ হৈছে। “সিন্ধু নদী মুস্তাক্ষ চিৰ- নিহাৰ-বাহুৰ পৰা, যমুনা নদী যমুনোত্তৰি পৰ্ব্বতৰ চিৰ-নিহাৰ-বাহুৰ পৰা আৰু গঙ্গা গঙ্গোত্তৰি পৰ্ব্বতৰ চিৰ-নিহাৰ-বাহুৰপৰা উৎপন্ন হৈছে। তিস্তা নদী আরু তাৰ কৰলীয়া নদী বিলাকো কাঞ্চনজঙ্ঘা, [ ৭৭ ] চমিৱম, দনকিয়া ইত্যাদি পৰ্ব্বত বিলাকৰ পৰা নমা নিহাৰ-বাহুৰ অন্তৰ পৰা উৎপন্ন হৈছে। ”

 চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে সরু ডাঙ্গ নানা আকাৰৰ শিল পৰি থকা দেখা যায়। আরু তাৰ দীঘে দীঘে ওপৰতো সাৰি সৰি শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় পৰ্ব্বত তুষাৰৰ দ্বাৰায় আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে। কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে সূৰ্য্যৰ তাপ পালে দ্ৰৱ হৈ বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই নিৱী হয়। টিং বিলাক সম্পূৰ্ণ শিলৰ, তাত মাটিৰ লেশো নাই। এই শিলক স্বভাৱৰ এক মহৎ কোশলেৰে, পানীএ (তুষাৰৰ পানীএ) ভাঙ্গি চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল আরু ই বেচি ঠাই যোৰে। চাৰি আঙ্গল মান ডাঠ এটা লোহৰ কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি স্ক্ৰপ ঠিলা মাৰি যদি তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ ওফন্দি ঠিলাকে ওফোৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম পৰ্ব্বতৰ টিংঙ্গতো সদা সৰ্ব্বদা ঘটি আছে।

 শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা ছিদ্ৰ আছে; সম্পূৰ্ণ নিটহ বা ছিদ্ৰ হীন বুলিব পাৰি এনে কোনো বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি ডোখৰ ডোখৰ হৈ তলৰ [ ৭৮ ] বৰফৰ জুৰি এটাৰ ওপৰত পৰে আরু বৰফৰ লগেলগে সাৰি পাতি নামি আহে। অন্তত গৈ যিটো বৰফৰ ঘাই নৈ তাত জুৰিটে পতি এসাৰি এৰি শিল থকা দেখিবলৈ পোৱা হয়। বায়ুত আঙ্গাৰক-জাত এবিধ বাষ্প আছে; ইয়াক ইংৰাজীত কাৰ্বণিক এচিড্‌ গ্যেশ্‌ বোলে; এই বাষ্প, পানীৰ সংযোগত এবিধ দ্ৰাৱক হয়। ইয়াৰ কাৰণতত শিল ক্ৰমে কোমল হৈ অন্তত নিজৰ ভাৰত খহি পৰে। হিমালয় পৰ্ব্বতৰ টিংবিলাক, এইৰূপেই সঘনে খহি থাকে আরু তাত ফুৰা পথিক সেই কাৰণে সদাই মহাত্ৰাস যুক্ত।

 চিৰ-নিহাৰ-বাহু নিজে কঠিন বস্তু; তাত বাজে তাৰ মাজত অনেক টান শিল শোমাই থাকে। এই নিমিত্তে যি গুহাৰ বা যি উপত্যকাৰ ওপৰেদি চিৰ-নিহাৰ-বাহু নামি আহে, তাৰ মাটি বা শিলে ঘঁহনি পাই গুৰি হৈ যায়। কোনো ডোখৰ বৰ টান শিল থাকিলে তাৰ ওপৰত আঁক আরু ফাট বহে। এনেকুৱা কোনো ডোখৰ শিল আচৰিত ৰূপে মিহি আরু ৰেখা বিশিষ্ট; এই বিলাক শিলক ‘ঘৃষ্ট-প্ৰস্তৰ’ নাম দিয়া হৈছে। কোনো এটা নিহাৰ-বাহুৰ পোন ধৰি চালে তাৰ অন্তৰৰ বহুত নামতে ঘৃষ্ট-প্ৰস্তৰ আৰু পথালি কঙ্কৰ দেখিবলৈ পোৱা যায়। তাতে অনুমান হয় যে আজিকালিৰ চিৰ-নিহাৰ-বাহু বিলাকতকৈ আগৰ দিনৰ চিৰ-নিহাৰ-বাহু বিলাক বহুত নামলৈকে গৈছিল অৰ্থাৎ দীঘল আছিল। হিমালয় পৰ্ব্বতৰ বৰ্ত্তমান কালৰ নিহাৰ-বাহু বিলাকৰ ভিতৰত কোনো টোয়েহে মাত্ৰ সাগৰৰ, জল সীমাৰ পৰা ১১,০০০ ফুটৰ ওখ ঠাই চুই ছেহি। কিন্তু আগৰ দিনৰ নিহাৰ-বাহুৰ চিন স্বৰূপ পথালি- কঙ্কৰৰ দম চিকিমত সাগৰৰ জল সীমাৰ পৰা ৬০০০ ফুট ওপৰতে দেখা হৈছে। নগা পৰ্ব্বততো (যত আজি কালি কোনো ঠাইতে নিহাৰ-বাহু নাই তাতো) ৪০০০ ফুট ওখত কঙ্কৰ পোৱা যায়। হিমালয় আৰু আলপ্‌চ পৰ্ব্বতৰ নামত থকা অনেক উপত্যকাত [ ৭৯ ] ঘৃষ্ট-প্ৰস্তৰ পোৱা যায়; তাতে অনুমান হয় যে এই বিলাক উপত্যকা অতি প্ৰাচীন কালৰ চিৰ-নিহাৰ-বাহুৰ দ্বাৰায় খনা হৈছিল। পৃথিবী কক্ষৰ কেন্দ্ৰ-বিভিন্নতা বৰ্তমান কালতকৈ অলপ বাঢ়িলে, আরু কক্ষৰ প্ৰতি তাৰ মেরু দণ্ড আৰু অলপ হেলনীয়া হলে, আরু আমা লোকৰ গোলাৰ্দ্ধত জাৰ হবৰ সময়ত বৰ্ত্তমান কালৰ দৰে পৃথিবী ওচৰ নহৈ বৰং সূৰ্য্যৰ পৰা দূৰ হলে, পৃথিবীত প্ৰধান কৈ উত্তৰ গোলাৰ্দ্ধত, জাৰ জহৰ বেচি তাৰতম্য হব; আরু তেতিয়া জাৰ কালিৰ চিৰ-নিহাৰ-বাহু বৰ্ত্তমান কালৰ বিলাকত কৈ বহুত তললৈকে নামি আহিব আরু দীঘল হব যে তাৰ একো সন্দেহ নাই। যথাৰ্থতে এনে লৰ এসময়ত আছিল।

 বিজ্ঞান-বিৎ স্যৰ স্যি লায়েল চাহাবে জ্যোতিষৰ গণনা কৰি কৈ গৈছে যে ২,১০,০০০ হেজাৰ বছৰৰ পূব্বে, ওপৰত কোৱা ভাৱটো পৃথিবীৰ আছিল। আরু সেই সময়তে বহুত তললৈকে বৰ বিস্তীৰ্ণ হৈ চিৰ-নিহাৰ-বাহু নামিছিল আৰু যত বৰ্ত্তমাণ কালত নাই ততো আছিল। এই দৰেই, জনা গল যে আগৰ দিনৰ পৰা পানীৰ সকলো রূপৰ ভিতৰত তুষাৰ আরু বৰফ রূপেই ভূমিৰ বৰকৈ রূপান্তৰ কৰিছে।

 পৰ্ব্বতৰ গড়া যদি বৰকৈ হেলনীয়া হয় তেন্তে দিনে দিনে গোট খাই স্তুপাকাৰ হোৱা বৰফে নিহাৰ-বাহু হৈ লাহে লাহে, নামি আহিবলৈ অপেক্ষা নকৰি যথেষ্ট রূপে ডাঙ্গৰ আরু গধুৰ হলেই পৰ্ব্বতৰ গড়াৰ ওপৰে অতি ভয়ঙ্কৰ শব্দ কৰি বাটত গছ আদি যি থাকে সকলোৰে প্ৰলয় মিলাই, ভয়ানক বেগেৰে বাগৰি আহে। বাগৰি অহা বৰফৰ দম বিলাকক হিম-শিলা কয়। এই কাৰণে পৰ্ব্বতীয়া ঠেক বাটে বা উপত্যকায় দি যোৱা বৰ ভয় জনক। এনে ঠেক ঠাইত বায়ুৰ সঞ্চালন নাই; সকলো নিষ্কম্প অলপ শব্দ কৰিলেই ওপৰৰ পৰা হুৰ-হুৰকৈ হিম-শিলা বিলাক খহি শব্দ কৰোতাক [ ৮০ ] পুতি পেলাই। অনেকে ইয়াক দেওৰ কাম বুলি মানে; কিন্তু যথাৰ্থতে কেৱল শব্দৰ কোবত বায়ু লৰি হিম-শিলা বিলাক খহি পৰে। শুনা আছে কাঙ্গৰা দেশৰ এজন ৰজাই হিন্দুকুচ পৰ্ব্বতৰ এনেকুৱা গিৰি-সঙ্কট এটাৰ মাজেদি যুঝলৈ যাওতে, লোকে হাক দিয়াতে দেওক নামানো বুলি গণ্ডপ মাৰি তোপ ফের কৰাত সসৈন্যে পোত গল। তেতিয়াৰ পৰা হুনো সেই পৰ্ব্বতৰ নাম হিন্দুকুচ বা হিন্দু মৰা পৰ্ব্বত হল। এই দৰে সুইজেৰ্লেণ্ড দেশৰ অনেক গাওঁ বাগৰি পৰা হিম শিলাৰ দ্বাৰায় পোত গৈছে।

 মেরুৰ কাশৰত যি বিলাক দ্বীপ আছে, তাৰ পৰ্ব্বত বিলাকৰ পৰাও নিহাৰ-বাহু নামে; কিন্তু তাত চিৰ-নিহাৰ সীমা সমুদ্ৰ জলসীমাৰে সৈতে একে হৈছে বুলি নিহাৰ-বাহু পৰ্ব্বতৰ গাইদি নামি আহি সমুদ্ৰৰ পানীত সোমায়। কিন্তু বৰফ পানীত কৈ পাতল এই নিমিত্তে যি ডোখৰ পানীৰ তলত সোমায় সেই ডোখৰ ওপঙ্গিবৰ কাৰণ ওপৰলৈ এটা টান দিএ; তাতে নিহাৰ-বাহু ভাগে আরু ভগা ডোথৰ সোঁতৰ লগত নিৰক্ষ বৃত্তৰ ফাললৈ উটি আহে। এই দৰে উটি অহা বৰফ খণ্ডকে ইংৰাজীত “আইচ্‌-বৰ্গ” বোলে আমালোকে “উটা বৰফ” বুলি নাম দিব পাৰোহক। দুই মেরুৰ পৰা, ক্ৰমাগত নৈত খৰি উটি অহাৰ দৰে, ডোখৰে ডোখৰে উটা বৰফ বিলাক নিৰক্ষ বৃত্তৰ ফাললৈ সাগৰত উটি আহি থাকে; কোনো কোনো ডোখৰ একোটা পৰ্ব্বতৰ-সমান ডাঙ্গৰ আরু ওখ; আৰু দাঁতি বিলাক দেওৱালৰ দৰে থিয় কোনো ডোখৰে সাগৰৰ দ্বীপৰ নিচিনাকৈ বহু যোজন ব্যাপি আহে। সূৰ্য্যৰ কিৰণ পৰি আৰ্চি যেন স্বচ্ছ বা ফটিক যেন বগা সেই উটা বৰফ খণ্ড বিলাকে উৎকৃষ্ট শ্যামল বৰণ ধৰি চিক্‌মিকাই থকা দেখা যায়। কিন্তু সেই বিলাক পদাৰ্থ জাহাজৰ সৰ্ব্বনাশক। যদি কোনো জাহাজ অকস্মাত নেদেখাকৈ আহি সিহতৰ মাজত সোমাইহি তেন্তে অতি কষ্টেৰে প্ৰাণ ৰাখি ওলাই [ ৮১ ] যাব পাৰে। এই বিলাকে জাহাজত খুন্দা মাৰে নতুবা জাহাজৰ ওচৰতে লুটি খাই পৰিলে পানীৰ ইমান আস্ফালন হয় যে জাহাজ সঙ্কটত পৰে এই বিলাক বস্তু লুটিয়া-লুটি নোহোৱা কৈ একে ভাৱে নাথাকে কাৰণ সূৰ্য্যৰ তাপত, আৰু তাৰ পানীৰ উষ্ণতা পাই ঠাইয়ে ঠাইয়ে দ্ৰৱ হোৱা বাবে উটা বৰফৰ সাম্য ভাৱ সঘনে নষ্ট হয় সেই নিমিত্তে বাৰম্বাৰ অতি ভয়ঙ্কৰ শব্দেৰে সাগৰ আস্ফালন কৰি লুটি লয়। নিহাৰ-বাহুৰ লগত যিরূপে মাটি আৰু শিল আহে সেই দৰে উটা বৰফৰ লগতো আহে আৰু সূৰ্য্য কিৰণে উটা বৰফক দ্ৰৱ কৰিলে ঘি বাটে যায় সেই গোটেই বাটতে অলপ অলপকৈ শিল মাটি সৰি গৈ থাকে। এই দৰেই বেফিনচ্‌বে, উত্তৰ আটলাণ্টিক ইত্যাদি সমুদ্ৰৰ ঠায়ে ঠায়ে তলীত অনেক তৰপ পৰি ডাঠ হৈ বোকা অ রু শিল গোট খাইছে। ইংলণ্ডৰ মাজ টাঙ্গনি (বা কাউণ্টি) বিলাকত আয়ৰ্লণ্ডৰ পূৰ্বভাগত, আৰু রুশিয়া আৰু উত্তৰ জৰ্ম্মানি সমস্থল বিলাকত ওপৰতে ডোখৰা ডোখৰ শিলেৰে মিহলি হৈ ভালে মান ডাঠ এতৰপ মাটি আছে এই শিলক বল্ডাৰ শিল বা শিল গুটি কয় আৰু মাটিক বল্ডাৰ মাটি কয়। ভূতত্ত্ববেত্তা সকলে ইয়াৰ একো তত্ত্ব ধৰিব নোৱাৰিছিল। তাতে আকৌ এই বিলাক শিল ওচৰৰ কোনো পৰ্ব্বতৰ শিলৰ সৈতে নিমিলে এই নিমিত্তে অধিক শঙ্কাৰ স্থল হৈছিল। বৰং সেই বিলাক ইংলণ্ড দেশৰ কম্বৰ লেণ্ড বিভাগৰ পৰ্ব্বত বিলাকত পোৱা আৰু স্কটলেণ্ডৰ হাইলেণ্ডৰ পৰ্ব্বতত পোৱা শিলৰ সদৃশ আরু তাৰ পৰাই এই অহা যেন অনুমান হয়; জৰ্ম্মানি আরু রুশিয়াৰ শিলবিলাক তাতকৈ দূৰ স্কেণ্ডেনেভীয়াৰ পৰ্ব্বতৰ পৰা অহা যেন লাগে। কিন্তু একো ডথৰ ইমান ডাঙ্গৰ যে সাধাৰণ শক্তিৰে কঢ়িওৱা নাছিল। অন্তত এই বিলাক পৰ্ব্বতৰ গাত বহুত নামলকে ঘৃষ্ট প্ৰস্তৰ, পথালি কঙ্কৰ ইত্যাদি প্ৰাচীন কালৰ নিহাৰ-বাহুৰ চিন পোৱা হল। তেতিয়াৰে পৰা সকলো [ ৮২ ] সংশয় ছেদ হল। জনা গল যে ওপৰত লিখা মাটি আরু শিল-তৰপ সম্পূৰ্ণে সমুদ্ৰ দ্বাৰা প্ৰক্ষিপ্ত; আরু তাৰ প্ৰমাণ স্বরূপ মাটিৰ লগে লগে শামুক ইত্যাদি সামুদ্ৰিক জন্তুৰ শৰীৰৰ অৱশিষ্ট মিহলি হৈ থকা পোৱা যায়। যেতিয়া এই মাটি পতা হয়, উত্তৰ ইউৰোপৰ আরু উত্তৰ আশিয়াৰ সমুদায় চাপৰ ভূমি খিনি সমুদ্ৰৰ তলত আছিল। পূৰ্ব্বে উল্লেখ কৰি অহা পৰ্ব্বত বিলাকে ওপৰে ওলাই থাকি নিহাৰ-বাহু নমাইছিল আৰু বেফিনচ্‌-বেৰ বৰ্ত্তমান উটা বৰফ খণ্ড বিলাকৰ দৰে, তেতিয়াৰ দিনৰ উটা বৰফেও মাটি আরু শিল আনি ইংলণ্ড, মধ্য ইউৰোপ আরু উত্তৰ আশিয়াৰ সমথল বিলাকত সৰাই দিছিলহি। ভাৰতবৰ্ষৰো কোনো কোনো ঠাইত অনেক দত এনেকুৱা বল্ডাৰ শিলেৰে মিহলি বল্‌ডাৰ মাটি এতৰপ পোৱা গৈছে; ইংলণ্ডৰ বল্ডাৰ মাটিৰে সম্পূৰ্ণে মিলে। তাৰ মাজৰ কোনোটো হত শিলত, পথালি কঙ্কৰ বা ঘৃষ্ট প্ৰস্তৰত পোৱা মিহি লুৰি আৰু আঁক দেখা হয়। ইয়াতে অনুমান হয় অতি প্ৰাচীন কালত, ইউৰোপৰ বল্ডাৰ মাটি পতা কালত কৈ আগেয়ে, গ্ৰীষ্ম- প্ৰধান ভাৰতবৰ্ষতো উটা বৰফ ওলাইছিলহি।

[ ৮৩ ]

সপ্তম অধ্যায়।

নদী; হ্ৰদ আৰু উৎস।

পৰৰ কেই অধ্যায়ত বৰষুণ আরু তুষাৰৰ বিষয়ে যি কথা কৈ অহা হৈছে, তাৰ পৰা জনা যাব পাৰে যে বৰষুণৰ পানী আরু তুষাৰ দ্ৰৱ হোৱা পানী এই দুইও নদীৰ মূল! যত যত বৰষুণ পৰে বা তুষাৰ দ্ৰৱ হয় সেই সকলো ঠাইৰ পৰা পানীৰে সৰু সৰু জান হয় আরু কেবাটাও জান গোট খাই নৈ হয়। পৰ্ব্বতৰ পৰা যি বিলাক জান নামে তাক জুৰি বোলে। ক্ৰমে নৈ যিমান আগ বাঢ়ে, ইখনৰ পাছত সিখন সৰু নৈ বা জান পাই ডাঙ্গৰ হৈ সাগৰত অন্ত হয়। এই নিমিত্তে মুখত নৈ বহল থাকে আরু ক্ৰমে উজাই ঠেক। যি ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ কথমপি দেখি তেনে নৈ মূল প্ৰদেশত ইমান ঠেক যে তাক ডেই পাৰ হব পাৰি। যিমান ঠাইৰ পৰা পানী আহি এখন নৈত পৰে সেই সকলো ঠাইকে মুঠ কৰি সেই নৈৰ জল-সত্ৰ বুলিব পাৰি। জল-সত্ৰৰ ভিতৰত যত যি এটোপা পানী পৰে গছ-বনে নুশুহিলে বা ভাপ হৈ উঠি নগলে সি অৱশ্যে আহি সেই জল-সত্ৰৰ নৈয়েদি সাগৰত পৰিব। জল-সত্ৰৰ ভূমি তাৰ নৈৰ ফাললৈ ক্ৰমে হেলনীয়া আরু যি ফাললৈ নৈ বয় সেই ফাললৈও আওগড়ীয়া। আসাম দেশ খন ব্ৰহ্মপুত্ৰৰ ফাললৈ দুই দাঁতিৰ পৰা ক্ৰমে চাপৰ অথচ ভাটী ফাললৈও আওগড়ীয়া, এই নিমিত্তে দক্ষিণ পাৰত থকা ব্ৰহ্মপুত্ৰৰ কৰতলীয়া নদী বিলাক উত্তৰলৈ, অথচ যৎকিঞ্চিৎ অগ্নিকোনী হৈ, আৰু উত্তৰ পাৰত থকা [ ৮৪ ] বিলাক দক্ষিণলৈ, অথচ অলপমান ঐশানিক হৈ বৈছে। যথাৰ্থতে মানচিত্ৰৰ নদী বিলাকৰ দিশলৈ মন কৰিলেই কব পাৰি ভূমি কোন ফাললৈ দ আরু কোন ফাললৈ ওখ। দুখন ওচৰা-উচৰি জল-সত্ৰৰ মাজত এনে এক ঠাই থাকে যাৰ অলপমান ইফালে বৰষুণ পৰিলে বা তুষাৰ দ্ৰৱ হলে এখন নৈলৈ আহিব আরু অলপ সিফালে পৰিলে সিখন নৈলৈ যাব; এই ঠাইৰ নাম জলকৰ ভূমি জলকৰ ভূমিৰেই জলসত্ৰৰ সীমা। এই নিমিত্তে প্ৰধান নদীৰ আৰু তাৰ কৰতলীয়া নদী বিলাকৰ মূল এক ৰেখাৰ দ্বাৰা সংযোগ কৰিলেই জলকৰ ভূমি পোৱা যায়। জলকৰ ভূমি কেতিয়াবা ও পৰ্ব্বতৰ ওপৰতত হব পাৰে নতু সমান মাটিৰ ওপৰতত হব পাৰে।

 তুষাৰাবৃত পৰ্ব্বতৰ সংযোগ, দেশৰ বৰষুণৰ পৰিমাণ, প্ৰধানকৈ জল-সত্ৰৰ পৰিমাণ অনুসাৰে নদ নদী ডাঙ্গৰ সরু হয়। এমেজন নদীৰ জল-সত্ৰৰ সমান ডাঙ্গৰ আরু কোনো নদীৰ জলসত্ৰ নহয় এই নিমিত্তে সেই নদীও অতুল্য। ভাৰত বৰ্ষত গঙ্গা, ব্ৰহ্মপুত্ৰৰ, জল সত্ৰৰ সমান নম্মদাৰ খন নহয় এই নিমিত্তে নৰ্ম্মদা নদী সেই দুই ও নদীতকৈ সরু। অত্যন্ত বিস্তীৰ্ণ, কোনো ঠাইত ইপাৰ সিপাৰ নেদেখা নানা সুতিৰে অহৰহ, অবিচ্ছেদে, দ্ৰুত গতিৰে বৈ থকা ব্ৰহ্মপুত্ৰৰ পানী অতবোৰ কৰ পৰা আহে ইয়াক ভাবি একো স্থিৰ কৰিব নোৱাৰি, অনেকে আচৰিত হৈ ব্ৰহ্মপুত্ৰকে দেৱতাৰ সকলো গুণৰ আধাৰ বুলি মানিছে। তেঁওৰ পৰাক্ৰম দেখি সকলে আসামবাসী তম্মান্‌। তৰৰ ভীম গৰ্জ্জন, হুৰ হুৰ শব্দেৰে তট স্খলন দেখি, পানীত ওপঙ্গিথকা ইকৰা পাখিৰ নিচিনা ব্ৰহ্ম পুত্ৰৰ গৰ্ভত থকা নাৱৰ মাজি বিলাক ভয়তে অত্ৰাহিত। কিন্তু অলপ গধুৰকৈ ভাবি চালে পোৱা যাব যে ব্ৰহ্মপুত্ৰ আসাম প্ৰদেশৰ এটি বাড়িয়লীয়া খালৰ নিচিনা মাথোন। সমুদায় আসাম দেশৰ পান ব্ৰহ্মপুত্ৰেই অকলে টন হলে এনে দুখন ব্ৰহ্মপুত্ৰই হে আঁটিলে [ ৮৫ ] হেতেন। কিন্তু যেই সেই জলসত্ৰতে যিমান পানী ৰৰষুণ বা তুষাৰ স্বরূপে পৰে তাৰ ভালেমান খিনি গছ বনে শোহে আরু ভাপ হৈ উড়ি যায়, কিছু মানে মাটিৰ ভিতৰে নিজৰি গৈ বৰষুণৰ পাছতো, বহু দিনলকে গোটেই খৰালি কালটো নৈক সজীব ৰাখে। কি জানি আধা মান মাত্ৰ ওপৰে বাগৰি গৈ ঢল হয়। ভোঠ তিব্বৎ (যি দুই দেশৰো বৰষুণ বা তুষাৰ স্বরূপে পৰা পানী ব্ৰহ্মপুত্ৰেদি সাগৰলৈ যায় সেই দুই ঠাইৰ কথাকে নকওঁ) কেৱল যদি আসাম দেশৰ বৰষুণৰ পানীৰ লেখ ধৰা যায়, জন যাব যে সেইএ ব্ৰহ্মপুত্ৰত যোৱা পানী খিনিত কৈ সৰহ। চিৰা পুঞ্জি এৰি আসাম দেশত, গড়ে বছৰত ৮৮ ইঞ্চি পানী,বৰষুণ রূপে পৰে ব্ৰহ্মপুত্ৰৰ জল-সত্ৰৰ যি ভাগ আসামৰ ভিতৰত ধৰিব পাৰি তাৰ পৰিমাণ ফল ৩৯,২১৫ বৰ্গ মাইল; ইমান ঠাইৰ ওপৰত যদি এমাহতে সমানে মুঠ বৰষুণ ১২ ইঞ্চিকৈয়ে পৰে, তেও সৰ্ব্ব মুঠ পানী ১,০৯,২২৬ কোটি ঘন ফুট হব। গোৰালপাড়ত ব্ৰহ্মপুত্ৰৰ বেগ আরু ছেদ, মুখৰ পৰিমাণ মাপি জনা গৈছিল যে খৰালি কালি এই নৈএদি সেকেণ্ডত ১৪৬,১ ৮ ঘন ফুট পানী বৈ যাব। এই নিৰিখত পূব্বোক্ত ঘন ফুট পানীৰ বোৱাই নিবলৈ ব্ৰহ্মপুত্ৰক খৰালি কালিৰ ৩ মাহৰ কমে নাটে। বছৰেকত মুঠ বৰষুণ ৪৮ ইঞ্চি পৰিলেও খৰালি কালিৰ দৰে নিবলৈ এবছৰৰ আৱশ্যক কিন্তু প্ৰায় তাৰ দুগুণ বৰষুণ পৰে; তেনে হলে সকল আসাম গৰ্ব্ভৰ পানীয়েই বাৰিষা তিনি মাহত, সেকেণ্ডত চাৰিগুণকৈ বলেও যে বছেৰেকলৈ আঁটি, ভাপহৈ উডি যাবলৈ আরু গছ বনৰ বৃদ্ধি সাধন কৰিবলৈ বাকি থাকিব, তাৰ আশ্চৰ্য কি! সমুদায় জলসত্ৰৰ পানী একে খন নৈত গোট খাই বুলি সৰহ দেখুৱায় কিন্তু লেখত কম হয়। আন অন নৈৰ সম্পৰ্কে ব্ৰহ্মপুত্ৰৰ উদাহৰণেই যথেষ্ঠ হব। জানিব লাগে যে সকলো ঠাইতে নৈৰ গৰ্ভ তাৰ জন্ধসত্ৰত কৈ অনেক গুণে সরু। আরু জল সত্ৰত পৰা সমুদায় পানীৰ [ ৮৬ ] ভিতৰৰ ভাপ হৈ উঠি আরু উদ্ভিজ বস্তুএ টানি নিয়াৰ পাছত, যিখিনি পানী বাকি থাকে এটাই খিনি এসময়ত প্ৰধান নদীয়ে দি গৈ সাগৰত পৰে।

 নদী বিলাকৰ সকলোৰে একে পতি নহয়। কোনো খন নদী ভয়ঙ্কৰ তৰ্জ্জন গৰ্জ্জন কৰি ফেনে ফোলোকাৰে উপচি বৰ বেগেৰে সাগৰত সোমাইছে। কোনো খনে বা অতি মৃদু গতিৰে অনেক পাকলৈ, তাৰ কৰ যোগাইছে। কোনো বাৰিষা অত্যন্ত প্ৰবল বেগেৰে পাৰ ওপোচাই বৰ পানী কৰি ৰৈ যায়, কিন্তু খৰালি শুকাই প্ৰায় সম্পূৰ্ণ তলীৰ পকা বালি ওলায়। অষ্ট্ৰেলিয়া আরু স্পেন দেশৰ নদী বিলাকেই ইয়াৰ দৃষ্টান্ত। কেনেডাৰ চেণ্ট্‌লৰেঞ্চ প্ৰভৃতি কোনো কোনো নদীৰ পানী গোটেই বছৰ সমানে বৈ থাকে, জলসত্ৰৰ ঢাল অনুসাৰে নদী বিলাকৰ গতি পৃথক হয়। যি নৈৰ জলসত্ৰৰ ঢাল প্ৰায় সমান অৰ্থাৎ যাৰ জল-সত্ৰ ক্ৰমে চাপৰ হৈ আহে সেই নদীৰ গতিও ধীৰ; আরু সেই নিমিত্তে বওঁতে অলপ বাধা পালেই পাক লয়। যি নৈৰ জলসত্ৰ গড়ণীয়া তাৰ পানী অত্যন্ত বেগেৰে ৰৈ যায়, আরু বৰষুণ পৰা মাত্ৰ বান স্বরূপে বাগৰি যায়, কিন্তু খৰালি তাৰ তলী ওলায়। চেণ্ট্‌ লৰেঞ্চৰ নিচিনাকৈ যদি কোনো নৈ ডাঙ্গৰ হ্ৰদ, বিল বা পিটনিৰ মাজে আহে তেন্তে তাৰ পানীৰ গতি গোটেই বছৰৰ নিমিত্তে সমান বা প্ৰায় সমান থাকে। কাৰণ ঢল আহি প্ৰথমে সেই জলাধাৰৰ জল-সীমা ওখ কৰে আ{{বঙালী ৰু} তাৰ পৰাই গোটেই বছৰ অলপ অলপকৈ পানী সমানে ওলাই থাকে।

 জলাধাৰৰ বাহিৰেও, জল-সত্ৰৰ বৰ বহল বিস্তাৰ, তুষাৰ আৰু নিহাৰ-বাহ, পৰিশোষণ-শীল ভূমি আদি আ{{বঙালী ৰু} অনেক “বান কমাওঁতা” আছে। কিন্তু সকলোৰে ভিতৰত জলাধাৰেই এই বিষয়ত পকা। মিচিচিপি নদীৰ জল-সত্ৰৰ নিচিনা বৰ বহল হলে, এঠাইৰ খৰাঙ্গ অৱস্থায় আন ঠাইৰ বাৰিষাক কটাব পাৰে; সেই [ ৮৭ ] নদীত এই নিমিত্তে বান কচ্চিৎ হয়। তুষাৰ আরু নিহাৰ বাহুৰ উৎপত্তি আৰু দ্ৰৱ হোৱাৰ সময়, প্ৰায় বাৰিষাৰ অন্তত হয় বুলি, বৰষুণৰ অভাৱত পানী কমিলেও তুষাৰ আৰু নিহাৰ-বাহু নদীৰ গোৰত থাকি নদী পূৰাই ৰাখে। এই নিমিত্তে খৰালি আরু বাৰিষাৰ নৈৰ বহুত তাৰতম্য নেদেখি। এই নিমিত্তেই ব্ৰহ্মপুত্ৰ আৰু গঙ্গা নদীৰ পানী খৰালি ও বেচি থাকে। বালি-মাটি কঙ্কৰ, খড়ি, ভগ্ন চূৰ্ণ-প্ৰস্তৰ ইত্যাদি, পৰিপোষণ-শীল ভূমি জল-সত্ৰত থাকিলে, বাৰিষাৰ পানী কিছুভাগ শুহি ৰাখে আৰু খৰালি অলপ অলপকৈ পানী নিজৰাই নৈক সজীব ৰাখে। প্ৰায় সকলো নৈতে দুটা তিনটা বান কমাওঁতা থাকে আৰু তাৰ পৰা মানুহৰ বহুত উপকাৰ হয়। যদি এনেকুৱা নৈ এখন কল্পনা কৰা যায় যাৰ জল-সত্ৰ ঠেক, আওগড়ীয়া, আৰু টান শীল বা সম্পূৰ্ণ আলটীয়া মাটিৰে সজা, যি কোনো জলাধাৰৰ মাজে যোৱা নাই, যাৰ গুৰিত নিহাৰ সীমা বা তুষাৰ দ্ৰৱ নহয়, তেন্তে সেই নদীত বৰষুণ জাকে পতি এটা এটা চল আহিব আন সময়ত শুকান তলী ওলাই থাকিব; তাক বুজা নিচেই সহজ।

 কিন্তু এই বিলাক বান কমাওঁতা থাকিলেও কোনো কোনো নদীৰ আকস্মিক মহাবান হয়। সিন্ধু নদৰ এই দস্তুৰ। হিম- শিলা পৰি বা পৰ্ব্বতৰ আগ ভাগি কেতিয়াবা নৈৰ গোৰালি বন্ধ কৰে, তাতে সেই ভেটাৰ সিফালে পানী গোট খাই ক্ৰমে বাঢ়ি এটা সৰোবৰ হয়। এই দৰে পানীৰ বল বাঢ়ি, অন্তত এবাৰ সেই ভেটা ভাগে আৰু পানী পৰ্ব্বতাকাৰ হৈ অত্যন্ত বেগেৰে নৈয়েদি বাগৰি আহে। ১৮৪১ সনৰ জুন মাহত সিন্ধু নদৰ এনে এটা ভয়ানক বান হয়। সেই সময়ত গোলাপ চিং নামে পঞ্জাবৰ সৈন্য এদলে মচলমান সৈন্য এদলক খেদি সিন্ধু নদৰ পকা বালিত বাহৰ কৰি আছিল। এনেতে অকস্মাৎ ওখ ঘোদা [ ৮৮ ] পানীৰ দেওৱাল স্বৰূপে এই মহা বান আহি সকলোকে গ্ৰাস কৰিলে। কোনোএ ৰক্ষা পাওঁ বুলি পাৰৰ গছত উঠিছিল; কিন্তু পানীৰ বেগত গছ উভলি মানুহ মৰিল, কোনো ওখ শিলৰ ওপৰত উঠি সাৰিব খুজিছিল, কিন্তু সি তৎক্ষণাৎ তল গৈ মানুহ উটি গল, যি লৰ মাৰি ওচৰৰ ওখ পৰ্ব্বতত উঠিবলৈ সময় পালে সি মাত্ৰ সাৰিল।

 বান পানী আৰু ঢলৰ ভিন্ন আছে; খৰালি কালিতকৈ পানী লাহে লাহে ওখ হৈ বাঢ়িলে ঢল অহা কয়, কিন্তু অকস্মাৎ বেগেতে পানী বাঢ়িলে, বান অহা কয়। জোৰহাটৰ কাসৰৰ দিচৈ * নদীৰ বানৰ কথা প্ৰায় সকলোএ বুজ পায়। বান নহলেও প্ৰায় সকলে নৈতে ঢল আহে। বছৰৰ কোনো এসময়ত পানী বাঢ়ি পাৰ উপচি যায়। এই সময় সকলো নৈতে একে নহয়। বাৰিষা আৰু তুষাৰ দ্ৰৱ হোৱাৰ সময় অনুসৰি, এই সময় লৰ হয়। উত্তৰ গোলাৰ্দ্ধত যেতিয়া বাৰিষা হয়, তেতিয়া দক্ষিণ গোলৰ্দ্ধতে খৰালি এই নিমিত্তে তাত ঢল অহা সময়ে ওলোটা। যিবিলাক নৈএ অকল বৰষুণৰ পৰাই পানী পায় সেই বিলাকৰ ঢল অহা সময় উত্তৰ গোলাৰ্দ্ধত আহাৰ শাওন মাহ; কিন্তু যিবিলাক নৈৰ উৎপত্তি প্ৰধান তুষাৰৰ পৰা হইছে, (যেনে ইউৰোপ আরু উত্তৰ আশিয়াৰ নদী বিলাক) সেই বিলাক নদীৰ ঢল সময় ঠিক জাৰ আরু জহৰ যোৰাতে অৰ্থাৎ চত বহাগ মাহত। কাৰণ এই সময়তে বেচিকৈ তুষাৰ দ্ৰৱ হয়। রুশিয়া


 * ইয়াকে ভোগদৈও বোলে। নগা পৰ্ব্বতৰ পৰা ওলায় আহি, জোৰ হাটৰ দাঁতিএ দি গৈ তাৰ অলপ নামতে টোকোলাই নামে ক্ষুদ্ৰ নৈত মিলি ব্ৰহ্মপুত্ৰত পৰিছে। ইয়াৰ গতিৰ একো স্থিৰ নাই। প্ৰায় বাট সলায় থাকে, আরু ওচৰত থকা গাওঁ, ঘৰ, পথাৰ বুড়ায়, ৰাইতৰ প্ৰায় বৰ পইমাল কৰে। চকুৰ আগতে, এক নিমিষতে আগ-ইতীয়া হৈ যাকে যত পায় উটায় নি কৰবাত পেলায় দিএ গৈ। ইয়াৰ বেগ বৰ প্ৰকোপান্নিত।

[ ৮৯ ] আরু ইউৰোপৰ উত্তৰ খণ্ডত জাৰ বেচি দিন থাকে বুলি তাৰ তুষাৰ জেঠ মানহে বেচিকৈ দ্ৰৱ হয় এই কাৰণে এই বিলাক দেশত ঢল অহা সময় জেঠ মাহ। ইটালি স্পেন, গ্ৰীচ, আদি দক্ষিণে থকা দেশ বিলাকত সোনকালে অৰ্থাৎ মাঘ ফাগুণতে তুষাৰ বেচিকৈ দ্ৰৱ হবলৈ ধৰে এই নিমিত্তে এই বিলাক দেশৰ নৈত ঢল মাঘ ফাগুণতে আহে; অহাৰ শাওন মহীয়া সিহঁতৰ পকা বালি ওলাই থাকে। বৰষুণ আরু তুষাৰ দুইৰো পৰা পানী পোযা, ব্ৰহ্মপুত্ৰ আদি নৈ বিলাকৰ ঢল প্ৰায় ফাগুণৰ পৰা আৰম্ভ হৈ অহাৰ শাওন মহীয়া ভৰপূৰ হয়। সাইবেৰীয়াৰ নৈ বিলাক দক্ষিণৰ পৰা উত্তৰলৈ বৈ যায় বুলি প্ৰথমতে নৈৰ গোৰালিত ঢল আৰম্ভ হয়, কিন্তু মুখত বৰফ তেতিয়াও গোটমাৰি ভেটা স্বৰূপে থকাত দুই পাৰৰ ওপৰে পানী বাগৰি গোটেই দেশ জলাহ কৰি ৰাখে।

 প্ৰত্যেক ডাঙ্গৰ নদীকে স্বভাৱ অনুসাৰে তিনি খণ্ড কৰিৰ পাৰি। পাৰ্ব্বত্যাংশ বা গোৰালি, মধ্যমাংশ বা মাজালি আৰু সঙ্গমাংশ বা আগালি। পাৰ্ব্বত্যাংশ অতি বেগবান্ আৰু ঠেক তাত নাওঁ চলোৱা অসাধ্য। মাটি বালি ধুই উটাই পঠোৱা তাৰ প্ৰধান কাম। এই অংশত অন যি সরু জুৰি পৰে সকলো এই কামকে কৰে। শিল- মাটি ক্ষয় কৰা শক্তি ইয়াৰ ইমান বেচি যে কোনো ঠাইত শিলাময় অধিত্যকাৰ ওপৰে অনেক দিন বৈ থকাত শিল ক্ষয় গৈ নদী বহি গৈছে আৰু পানীৰ পৰা অধিত্যকাৰ ছাদলকে, কেতিয়াবা ৬০০০ ফুট পৰ্যন্ত দুকাশে দেৱালৰ নিচিনা শিলৰ থিয় গৰা হৈ থকা দেখা যায়। ওপৰে চুঙৰী পহু, পৰ্ব্বতীয়া ছাগলি জাঁপদি জুৰি পাৰ হয় তলে অন্ধকূপত ক্ষুৰৰ ধাৰেৰে পানী বৈ থাকে। উত্তৰ আমেৰিকাৰ কেলিফৰ্ণীয়া উপসাগৰত পৰা কলৰেড্‌ নৈৰ ঠেক” এনেকুৱা। কিন্তু জানিব লাগে যে এই কাম অনেক কালৰ মূৰতহে হৈছে। মধ্যমাংশ [ ৯০ ] ভৈয়ামত; পৰ্ব্বতীয়া ঠাইৰ পৰা নামিয়েই ইয়াক পোৱা যায়। ইয়াৰ বেগ বৰ কম আরু গতি সৰ্পাকৃতি। যথেষ্ট পানী থাকিলে ইয়াত নাওঁ চলাব পাৰি। পাৰ্ব্বত্যাংশই অনা মাটি বালি ইয়াৰ পৰাই পাতিবলৈ আৰম্ভ কৰা হয় কিন্তু নদী-গৰ্ব্ভ ঠেক বুলি ইয়াত সৰহকৈ গোট খাব নোৱাৰে; যি অলপ চাপৰি বা চট-স্বরূপে গোট খাই সিও ক্ৰমে ভটীয়াই যায়। সঙ্গমাংশত এখন নদী আন এখন নদীৰ সৈতে বা সাগৰৰ সৈতে মিলে। এই ঠাইতে সমুদায় উটি অহা বালি মাটি খিনি পতা হয়। সাগৰে বা প্ৰধান নদী উটাই নিনিলে তাত পলশ গোট খাই নতুন ভূমিৰ স্বজন হয়। সমুদায় বঙ্গপ্ৰদেশ ব্ৰহ্মপুত্ৰ আরু গঙ্গা নদী এই দৰে উটাই অনা মাটিৰ পৰা উৎপন্ন হয় আরু সুন্দৰ-বনো ক্ৰমে এই দৰেই বাঢ়িব লাগিছে। ব্ৰহ্মপুত্ৰৰ ভিতৰৰ মাজুলি নামে প্ৰখ্যাত দ্বীপটোও এই দৰে সুবন শিৰি নৈএ কঢ়িওৱা মাটিৰ পৰাই সজা হল বুলি ৰবিণচন চাহাবে কয়। সঙ্গমাংশত নদী প্ৰায় বহুধাৰা হয় আৰু দুই ফালে দোসোঁতা বৈ আগত সাগৰৰ সৈতে এডোখৰ ত্ৰিভুজৰ নিচিনা ভূমি পৰিবেষ্টন কৰে। এই ভূমিক “ত্ৰিকোণ-মণ্ডল” নাম দিয়া হয়। যি বিলাক নৈ সাগৰৰ দাতিত থকা পৰ্ব্বতৰ পৰা ওলাই সাগৰত পৰে সেই বিলাক সরু আৰু সিহতৰ মধ্যমাংশ বুলিব পৰা এনে কোনো ভাগ নাই। সঙ্গমাংশ ভাগকো পাৰ্ব্বত্যাংশৰ পৰা ভিন্ন নেদেখি। সিহঁতৰ মুখত ত্ৰিকোণ-মণ্ডল ভূমিও নাথাকে। নৰওয়ে দেশৰ পশ্চিমলৈ বোৱা। নৈ বিলাক এই শ্ৰেণীৰ।

 প্ৰায় নদীৰ গৰ্ব্ভ সদা সৰ্ব্বদা একে ঠাইতে নাথাকে। আসাম প্ৰদেশত “মৰ-নৈ” নামে অনেক বিল আছে। মৰি দিখৌ, মৰি কলঙ্গ, এৰা সুতি ইত্যাদি নাম অলেখ। তিস্তা নৈ পূৰ্বে জাফৰগঞ্জৰ ওচৰে গঙ্গা নদীত পৰিছিল কিন্তু ইংৰাজী. ১৭৮৭ সনত অকস্মাৎ সেই বাট এৰি, পূৰলৈ বৈ দেৱানগঞ্জৰ ওপৰে ব্ৰহ্মপুত্ৰত মিলিলহি। [ ৯১ ] পূৰ্বে ব্ৰহ্মপুত্ৰ মৈমনসিঙ্গে দি ঢাকাৰ কিছু পূবে বৈছিল; এতিয়া সেই টো মৰা-সুতি। আজি কালি গোয়ালণ্ডৰ পোনে বয়। নৈয়ে বাট সলোৱাৰ উদাহৰণ অনেক দিব পাৰি। কোনো বিলাকৰ কাৰণ ভূমিকম্প আরু আগ্নেয় গিৰিৰ উৎপাত। তাৰ কথা পাছে বৰ্ণোৱা হব; কিন্তু সাধাৰণ যিবিলাক পৰিবৰ্ত্তন ঘটে তাৰ কাৰণ “গড়া খহনীয়া” গড়া খহনীয়া কি বস্তু, নৈ দাতীৰ সকলো মানুহৰে জনা আছে। গড়া খহাৰ তিনি কাৰণ আছে। (১) পানীৰ তলত থকা মাটি সোঁতত উটি যোৱা; (২) বৰষুণৰ পানী বা দূৰৰ বিল বা খাল পৰা জৰি অহা পানীৰ দ্বাৰা গড়া কোমল হোৱা; (৩) পৃথিবীৰ মাধ্যাকৰ্ষণ। বালি বা বোকাক থিয় খুটাৰ নিচিনাকৈ দম কৰি ৰাখিব নোৱাৰি। সিহঁতৰ মাজত সংহতি শক্তি প্ৰায় নথকাত আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ অৱশ্যে সিহতৰ পাৰ্শ বিস্তৃত হৈ অৰ্থাৎ হেলনীয়া হৈ পৰিব। গড় টান বা শিলাময় হলে, সোঁতে ঠিক তললকে খানিলেও ওপৰত গড়া ওলমি বা লম্ব হৈ থাকিব পাৰে; কিন্তু নিজৰা পানীৰ দ্বাৰায় বা বৰষুণৰ পানীৰ দ্বাৰায় গড়া পূৰ্বৰে কোমল হৈ থাকিলে, দুই তিনি নলৰ আঁতৰতো যদি তলত সোঁতে অলপকৈয়ে গোৰ খানে, তেও এদম ধানৰ তলৰ পৰা আঁতৰতে যনেকৈ গোটাদিয়ে কাঢ়ি নিলে, ওপৰৰ ধান খহি পৰে, গড়াও ঠিক সেইদৰে নিজ ভৰত খহি পৰিব। এই তিনি কাৰণৰ প্ৰতীকাৰ কৰিব পাৰিলে গড়াখহা নিবাৰণ কৰিব পাৰি। অনেকে বাঁহৰ হেঙ্গাৰ দি নৈৰ বেগ কমাই তাক নিবাৰণ কৰিবলৈ পুরুষাৰ্থ কৰে। কিন্তু তাৰ পৰা বিশেষ ফলোদয় নহয়। গড়াখহি আপুনি হেলনীয়া হলে বা মানুহে ৪৫ মান হেলনীয়া কৰিলৈ সেই গড়াৰ ওপৰত নল, খাগৰি, গেন্ধালি বন প্ৰভৃতি পানীত নমৰা বন কিছুমান, খৰালি কালিৰ পানীৰ জুঙ্গলীৰ পৰা গছৰ ওপৰলকে যোৰাকৈ রুই দিলে বহুত উপকাৰ হবৰ সম্ভব। আৰু নৈৰ ওচৰত [ ৯২ ] খাল বা বিল থাকিবলৈ দিব নালাগে থাকিলেও তাৰ পৰা নৈলৈ জান থাকিব লাগে, যাতে তাৰ পানী নিজৰি নাহি ওপৰেদি বৈ যায়। বন ৰোৱাত পানীৰ সোঁত গড়াত নালাগিব, সেই নিমিত্তে আরু বনৰ সিপাৰ দ্বাৰা সংসক্ত হোৱা বাবে গড়াৰ মাটি উটি নোযোৱা হব; আরু গড়া হেলনীয়া কৰি দিলে সেইএ কোমল মাটি থাকিবৰ স্বাভাৱিক ভাৱ বুলি খহি নপৰিব। স্বভাৱতে নৈৰ যি ভাগ ওপৰত দিয়া ভাৱত আছে তাত গড়া খহা দেখিবলৈ নাই। দিখৌ নৈৰ মুখৰ পৰা দুই এক মাইল মানৰ উজনিত কেবা মাইলো এই অৱস্থাত আছে। পানী বাঢ়িলে তাত হাবিৰ গাইদি পানী পিচলি যোৱা দৰে বৈ যায়।

 আমাৰ ঘাই কথা-সুত্ৰৰ পৰা অনেক আতিৰিলোঁ। গড়া খহনীয়াই মৰ-নৈ, এৰা সুতি ইত্যাদিৰ কাৰণ। গড়া খহাই নৈএ এফাললৈ ক্ৰমে ঠেলি যদি আন নদী বা নিজৰ এক অংশ পাই। পূৰ্ব্বৰ গৰ্ভ এৰি নতুন পথেদি পোনাই যায়। ১১শ আরু ১২শ চিত্ৰ চালে আমাৰ কথা সহজে বুজা হব।

১১ চিত্ৰৰ গ ক ব চ খ ল এক সৰ্পাকৃতি নৈ। সেই নৈৰ গ ক খণ্ডে যদি সোঁ হাতলৈ গড়া খহাই আৰু বাওঁ হাতলৈ টুপ পাতি ফুট ফুটীয়া ৰেখাৰ নিয়মেৰে বছৰে বছৰে আগ বাঢ়ি এবাৰ চ ল খণ্ডৰ খ ঠাই পায়, তেন্তে নৈ এ গ ক ব চ খ ল এই বক্ৰগতি নলৈ গ ল এই বাটে দি পোনাই যাব। তেনে হলে পাঠকে ভাবিব পাৰে যে এই দৰে অন্তত নৈ গোটেইখন এ সময়ত পোন হব গৈ। কিন্তু তেনে হব নোৱাৰে। কাৰণ, [ ৯৩ ] পোন হোৱা ভাগো গড়া খহি আকৌ বেকা হব পাৰে। আরু স্বভাৱতো পূৰ্ব্বে পোন থকা নৈৰ কোনো ভাগ বেকা হোৱা দেখা গৈছে। ১২ চিত্ৰত ব হ ম প নৈৰ ম অংশে যদি বাওঁ হাতলৈ গড়া খহাই আরু সোঁ হাতলৈ চাপৰি পাতি বছৰে পতি ফুট ফুট ৰেখাৰ নিয়মেৰে আগ বাঢ়ি, একালত দ ৰ ল নৈৰ ৰ ঠাই পায় তেন্তে অৱশ্যে ইখন নৈৰ ম প এই গতি এৰি দৰ ল, নৈৰ গতিকে লব। কি জানি ব্ৰহ্মপুত্ৰ আরু তিস্তা নদীৰ গতি এই দৰেই লৰিছিল। তেনেহলে দ ৰ ল নদীএ ব্ৰহ্মপুত্ৰ, আরু ব হ ম প নৈএ তিস্তা বুজাব।

  কোনো কোনো নৈ আছে যি বাটত পৰ্ব্বতাদিৰ বাধা পালে আরু পৰ্ব্বতৰ তলৰ মাটি কোমল থাকিলে বা কঙ্কৰ ময় হলে, সেই মাটি ধুই পৰ্ব্বতৰ তলেদি বৈ সিফালে ওলায়। এই বিলাক নদীক “অন্তঃসলিল-বাহিনী” বোলে। শুনা যায় যে ফ্ৰাঞ্চ দেশেৰ রুণ নদী চিনেন আরু লেকলিউচ গাৱঁৰ মাজত এই দৰে মাটিৰ তলে বৈছে। কোনো নদীৰ বাটত যদি বালিয়া মৰুভূমি থাকে তেন্তে সেই নদী বালিৰ তলে কিছুমান বাট গৈ নেদেখা স্বরুপে বয় আরু বালি খানিলে ওপৰতে পানী পোৱা যায়। ভাৰতবৰ্ষৰ ৰাজ স্থানৰ সৰস্বতী নদী আরু গয়া ধামৰ ফল্গু নদী এই শ্ৰেণীৰ ভিতৰত পৰে। দৰঙ্গ জিলাৰ জেলা আরু লক্ষ্মী নদী এখন পৰ্ব্বতৰ পৰা ওলায়েই কেবা মাইলো এই দৰে.অন্তঃসলিল-বাহিনী হৈ বৈছে।

 যদি কোনো পাৰ্ব্বতীয়া প্ৰদেশৰ নদী এখনে এক ওখ অধিত্যকাৰ [ ৯৪ ] পৰা নামোতে জখলা খপীয়া গড়াৰ ওপৰে দি বাগৰিব লগা হয় তেন্তে এটি অপূৰ্ব মনোহৰ আরু মহৎ ৰূপ ধাৰণ কৰে। ইয়াক জল-প্ৰপাত বোলে। এটা আলি বা ভেটাৰ ওপৰে পানী ভাগি এখন ওখ পথাৰৰ পৰা দ পথাৰ এখনলৈ গলেই যদি বৰ শব্দ হয় আৰু দেখিবলৈ সুন্দৰ হয়, তেনে হলে এখন নৈ হঠাৎ থিয় পৰ্বতৰ গড়াৰ ওপৰে দি আকাশৰ পৰা ভাগি পৰা দৰে পৰিলে, কিমান যে মনোৰম্য আরু মহৎ হব তাক সহজে ভাবনা কৰি জানিব পাৰি। জল- প্ৰপাত ঠাইয়ে ঠাইয়ে অনেক আছে আৰু কোনোটো বৰ ওখ। খাচীয়া পাহাৰত, চিৰা পুঞ্জিৰ ওচৰত যি মা-স্বামী নামে জলপ্ৰপাত আছে, সি ১৮০০ ফুট ওখ। বুণ্ডেল খণ্ডৰ টনম্‌ নদীৰ জলপ্ৰপাত ২০০ ফুট ওখ। গইৰ্চপা নগৰৰ ওচৰত সৰবতী নদী পশ্চিম ঘাট পৰ্ব্বতৰ ওপৰে, ৮৮৮ ফুটৰ থিয় গড়াই দি বাগৰে। কাপ্তান নিউ- বলচৰ মতে এই জলপ্ৰপাতত সেকেণ্ডত ৪৬,০০০ হাজাৰ ঘন ফুট পানী পৰে। মহাবালেশ্বৰ পাহাৰত য়ীনা নদীৰ জল প্ৰপাত ৬০০ ফট ওখ। কাবেৰী নদীৰ জলপ্ৰপাত ৩০০ ফুট ওখ। জেম্বেজী নদীৰ ভিক্টৰিয়া জল প্ৰপাত সকলোতকৈ মহৎ। জেম্বেজী নদী প্ৰায় এক মাইল বহল হৈ বাচাল্ট প্ৰস্তৰৰ ৪০০ ফুট ওখ এক অধিত্যকাৰ ওপৰে আহি, হঠাৎ সেই অধিত্যকাৰ থিয় গড়া পাইহি আৰু তাৰ পৰা একে জাঁপত তলৰ উপত্যকাত আহি পৰে আৰু সেইএ দি পূবলৈ বৈ যায়। যদি ৪০০ ফুট ওখ অৰ্থাৎ জোৰাদিয়া ৭ জোপা কাকিনী তামোল মান ওখ এঠাইৰ পৰা বৰ বহল পানী এডৰা কলহৰ মুখে পৰাদি এমাইল যুৰি পৰেহি, তাক দেখিবলৈ কিমান মহৎ হব পাঠকে মন কৰি চাব। এই প্ৰপাতৰ পৰা যি ভাপ ধোঁৱাৰ দৰে উঠে, তাক ৭/৮ মাইলৰ পৰা দেখা যায়। নীল নদীৰ আগৰ পৰা গুৰিলকে অঠোটাৰ ওপৰ জল প্ৰপাত লেখি পোৱা হৈছে। [ ৯৫ ]  অনেক নদীৰ গুৰি বা মূল বিচাৰি গলে অন্তত পৰ্ব্বতৰ তলৰ পৰা নিজৰি অহা পানীৰ সুতি পোৱা যায়। এই বিলাক সুতিক জৰণী কয়, অথবা কোনো নদীৰ আদিত এটি কুণ্ড পোৱা যায় তাৰ পৰা পানী ওপৰলৈ অত্যন্ত বেগেৰে উৎক্ষিপ্ত হয়। ইয়াক উৎস বা ভূমুক কয়। উৎস আৰু জৰণীৰ মূল একে; বৰষুণ তুষাৰ আদিৰ পানী প্ৰথমে পৰিশোষণ-শীল প্ৰস্তৰে শুহি ৰাখে; পাছে ভাৰ পৰা উৎস বা জৰণী রূপে বাহিৰ হয়। কিন্তু উৎস হবৰ নিমিত্তে পৰিশোষণ-শীল প্ৰস্তৰত কোনো বিশেষ ভাজ থাকিব লাগে। পাছত দিয়া ১৩শ প্ৰতিকৃতিৰ সোঁ হাতে উপত্যকা এটিৰ চিত্ৰ আছে। সেই উপত্যকা, ক আরু খ পৰ্বতৰ মাজত। নৱম অধ্যায়ত ভূ-ভাগ সম্পৰ্কে লিখা কথাত পোৱা হব যে পৃথিবীৰ ওপৰ ভাগ নানা বিধ মাটি শিল বালি ইত্যাদিৰ তৰপেৰে গঠন হইছে। ক খ পৰ্ব্বতৰ মাজৰ উপত্যকাটো তৰপ চেৰেক কঙ্কৰ, বালি, আলটীয়া মাটিৰে গঠিত; ৮, ৯, তৰপ দুটা কঙ্কৰ আরু বালিৰ; তাৰ তলত থকা কলা তৰপ দুটা আলটীয়া বা কুমাৰ মাটিৰ। দুই আলটীয়া মাটিৰ তৰপৰ মাজত থকা তৰপপা কঙ্কৰৰ। পৰ্বতৰ ওপৰত যি বৰষুণ পৰে তাৰ সৰহ ভাগ ওপৰে দি বৈ তেতিয়াই নৈত পৰেগৈ। কিছুমান ৮, ৯, তৰপ বিলাকত সোমাই থাকি বাৰিষাৰ পাছতত লাহে লাহে পৰ্ব্বতৰ তল ভাগৰ পৰা জ ঠাইত নিজৰি ওলায়। এইরূপে নিজৰি ওলালে পানীৰ যি সুতি এটি হব সেইয়ে জৰণী। জৰণীত বৰষুণৰ পাছতেহে সৰহ কৈ পানী ওলায়; পাছলৈ কম হয়। আলটীয়া মাটি দুই তৰপৰ মাজত থকা কঙ্কৰ তৰপৰ মুৰ দুটা ই পোনে খ পৰ্ব্বতৰ বাওঁফালে সিপোনে ক পৰ্ব্বতৰ শিখৰত ওলাইছে। এই মুৰ দুটাত যি বৰষুণ পৰে বা তালৈ আন ঠাইৰ পৰা যি পানী বাগৰি আহে তাৰ কিছুমান মুৰ দুটাই সোমাই দ্বিতীয় আলটীয়া মাটি তৰপৰ ওপৰে বাগৰি [ ৯৬ ] আহি তাৰ চাপৰ ভাগত ক্ৰমে গোট খায়; তলত এতৰপ আলটীয়া মাটি আছে বুলি, পৃথিবীৰ অন্তৰলৈ সোমাই নাযায়। অনেক বছৰ বৰষুণ পৰি এই আলটীয় মাটিৰ স্বাভাবিক থালিৰ মুখলকে পানীৰে পৰিপূৰ্ণ হয়। তৰল পদাৰ্থৰ যে সকলো ঠাইতে সমোচ্চ থকা নিয়ম আছে, সেই নিয়মৰ বশ হৈ ওপৰৰ দ্বিতীয় ধৰপ আলটীয়া মাটি নথকা হলে সম ৰেখাৰ সমানে হ্ৰদত যিদৰে থাকে সেই দৰে পানী গোট খাই এই উপত্যকাতো থাকিল হেতেন। কিন্তু ওপৰৰ তৰপ আলীয়া মাটি বুলি, তাক পানী ভেদ কৰি ওপৰলৈ উঠিব নোৱাৰে। তথাপি সেই তৰপৰ সকলো ভাগতে তাৰ পানীৰ পৰা এটা উৰ্দ্ধচাপ পৰে আৰু যদি কোনো উপাযে ওপৰৰ আলটীয়া তৰপৰ পৰা উপত্যকালকে এটা ফুটা হয় তেন্তে অৱশ্যে সেই ফুটায় দি পানী এথালিৰ ওপৰত তাৰ বুকত সোমৱা আন সুদা থালি এটা হেচা দি বহুৱাই লৈ, তাত ফুটা এটা দিলে পানী উঠাৰ দৰে ওপৰলৈ বেগেৰে সম ৰেখাৰ সমান ওখ হৈ উঠি আহিব। অনেক দেশত অতি দ নাদ খানোতে অৱশেষত এনে ঠাই ফুটাত বেগেৰে পানী আহি নাদ ভৰি পৰে; আরু কেতিয়াবা মাটিৰ পৰাও কেবা হাত ওখহৈ পানী উৎক্ষিপ্ত হয়। এই বিলাক নাদক অৰ্টিঠীয়া নাদ কয়; কাৰণ প্ৰথমে ফ্ৰাঞ্চ দেশৰ অৰ্টিঠীয়া প্ৰদেশত এই বিধ নাদ খনা হয়। সেই দৰে, মানুহে নখনাকৈ কোনোবা প্ৰকাৰে ভূমি-কম্পত যদি এটা ফাট হয়, তেন্তে সেয়ে দি পানী উঠি স্বাভাবিক উৎস বা ভূমুক হয়। আলটীয়া মাটিৰ থালিত যিমান ওপৰলকে পানী থাকে সিমান ওখহৈ উৎসৰ উৎক্ষেপণ হয়; ১৩শ চিত্ৰত যদি স ম ৰেখাই থালিৰ জল সীমা বুজায় তেনে হলে উৎসৰ উৎক্ষেপণ স ম ৰেখাৰ সমান ওখ হব। উপত্যকাৰ ওপৰ ভাগ যদি স ম ৰেখাৰ সমানে হয় তেন্তে উৎক্ষেপণ দেখা নাযায়; নাদৰ মুখত পানী উত্তলি থাকিব; স ম ৰেখাত কৈ চাপৰ হলে, যিমান [ ৯৭ ] চাপৰ, উৎক্ষেপণ সিমান ওখ হৰ। গোলাঘাটৰ ওচৰৰ নামবৰ হাবি পুং আরু মুঙ্গেৰৰ সীতাকুণ্ড নামে উৎস প্ৰথম বিধৰ; আইচলেণ্ডৰ গাইচৰ নামে উৎস বিলাক দ্বিতীয় বিধৰ।

 নৱম অধ্যায় বিশেষকৈ কোৱা হব যে ভূমি তললৈ ক্ৰমে তপত; প্ৰায় ৬০ ফুটত ১০ ফা. নিৰিখে তাপ বাঢ়ি যায়। এই দৰে প্ৰায় ১৩,০০০ ফুট দত উত্তলা পানীৰ সমান তাপ আছে। পৃথিবীৰ স্তৰ-ৰূপ সন্নিবেশ প্ৰায় ৬০,০০০ ফুটৰ তললকে থকাৰ প্ৰমাণ আছে। যদি কোনো রূপে উৎসৰ পথ এনে তপত স্তৰৰ মাজেদি হয় তেন্তে তাৰ পানী উত্তলা পানীৰ সমান তপত পোৱা যাব। নানা বিধ স্তৰৰ মাজে আছে দেখি উৎসৰ পানী লোণ, লো, গন্ধক, চূণ ইত্যাদি নানাবিধ খনিজ বস্তুৰে মিহলি থাকে। লোণ, লো, গন্ধক, আদি মিহলি থকা পানীৰ উৎসক ঔষধীয়া উৎস কয়; কাৰণ ইয়াৰ পানীত গা ধুই মানুহে অনেক ৰোগৰ পৰা মুক্ত হৈছে। কোনো উৎসৰ পানী বিশুদ্ধও আছে। কোনো কোনোটোত চুণ ইমান থাকে যে তাৰ পানীত গছৰ ঠাল বা পাত পেলোৱা মাত্ৰ তাৰ ওপৰত চূণৰ এটা কলপ হৈ সেই বস্তু তৎক্ষণাৎ শিল যেন টান হয়। ৰোম ৰাজ্যৰ প্ৰসিদ্ধ চক্ৰবৰ্ত্তী টেজানে, ডেনিউব নৈৰ ওপৰত কাঠৰ এখন সাঁকো পাতে; সেই সাঁকো এই রূপেই এতিয়া শিলাময় হৈ আছে। টষ্কেনি দেশৰ চেণ্ট-ফিলিপ নগৰৰ গোটা দিয়েক উষ্ণ উৎসৰ পানীত ইমান চূন আছে যে তাত সাঁচ পেলালে তাৰ ভিতৰত ঠিক এখন শিলৰ আদৰ্শ তৈয়াৰ হয়। কাছাৰৰ ফালে কপিলি নৈৰ, কানত সুমিৰ নামে ঠাইত এটা তপত উৎস আছে; তাতে বিস্তৰ চূণ উঠে।

 ভাৰত বৰ্ষৰ ঠায়ে ঠায়ে অনেক তপত উৎস আছে। সীতাকুণ্ড এটাইতকৈ বিখ্যাত; সীতা দেবীএ লঙ্কাৰ পৰা উভতি অহাৰ পাছত এই কুণ্ডত বুৰ দি সতীত্ব প্ৰমাণ কৰিছিল, এই অনুমান [ ৯৮ ] কৰি তাক সীতা-কুণ্ড বলে। আইচলেণ্ডত গোটাদিয়েক গাইচৰ নামে উষ্ণ উৎস আছে সিহঁতৰ উৎক্ষেপণ অতি আশ্চৰ্য্য। মান্যবৰ শ্ৰীযুক্ত বাবু ৰাজেন্দ্ৰলাল মিত্ৰে, তেওঁৰ প্ৰাকৃত ভূগোলত উদ্ধৃত কৰা, তত্ত্ব বোধিনী পত্ৰীকাত দিয়া মহা গাইচৰৰ বিৰৰণ আমিও পাঠকৰ উপকাৰাৰ্থে অসমীয়াত ভাঙ্গি তলত দিলো।

 “তাত মাটি বেঢ়ি থোৱা এটা ডাঙ্গৰ কুণ্ড আছে; যেতিয়া স্থিৰ থাকে তাৰ পানী অত্যন্ত তপত, আৰ্চিৰ নিচিনা নিম্মল, তাৰ পৰা সদাই ভাপ উঠি থাকে আৰু অলপ অলপ ফুট উঠে। কুণ্ডৰ মেৰ কমকৈও ১০০ হাত হব কিন্তু তাৰ পানী বৰ দ নহয় পূৰ থাকিলে ৩ হাততকৈ সৰহ পানী নাথাকে। সোঁ মাজতে কমকৈও ৫৪ হাত দ এনে এটা নাদ আছে; তাৰ ব্যাস প্ৰায় ৬ হাত কিন্তু মুখলৈ ক্ৰমে বহলহৈ কুণ্ডৰ সৈতে মিলিছেহি।

 যেনেকৈ আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত হয়, সেই দৰে এই প্ৰবল উৎসৰো অকস্মাৎ পানী ভাপ ইত্যাদিৰ প্ৰচণ্ড বেগে উৎক্ষেপণ হয়। প্ৰথমতে বৰ তোপৰ শব্দৰ নিচিনা ঘনে ঘনে দ গাজনী শুনা যায়, অলপৰ পাছতে ভূমিকম্প হয়; কিছু ক্ষণৰ পাছত কুণ্ডৰ পানী উত্তলি বলৈ ধৰে। অন্তত কেত খিনি ভাপ পানী অকস্মাৎ ওপৰলৈ উঠি চাৰিওফালে আছাৰ খাই পৰে। ভাপ, পানী ইমান ওপৰলৈ উঠে যে ১৬ মাইল মান দূৰৰ পৰাও তাক দেখি। কেবা বাৰ এই দৰে ভাপ, পানী, উঠাৰ পাছত পানীৰ এটা প্ৰকাণ্ড সোঁত, বহুত ভাপেৰে সৈতে আবৃত হৈ, কুণ্ডৰ মুখৰ পৰা বহুত ওপৰলৈ উঠে। দমে-দমে ভাপ তাৰ পৰা ঘূৰি ঘূৰি উঠি আকাশ আছন্ন কৰে। বহুত ওপৰলকে স্তম্ভকাৰে পানী উঠি কিছু দূৰত ভাঁজ লৈ ফুল-জাৰীৰ ফিৰিঙ্গটি পৰাৰ দৰে পানী খিনি ফেণ-কনিকা হৈ পৰি অপূৰ্ব্ব শোভা ধৰে। ইয়াৰ সমান সুদৃশ্য আশ্চৰ্য্য স্বাভাবিক কাৰষণা কি হব পাৰে! কুণ্ডত উঠোতে পানীৰ ধাৰ বিলাক কেতিয়াবা ঘোৰ নীল বৰনীয়া, [ ৯৯ ] কেতিয়াবা সৌজীয়া হয়;. অনেক ওপৰত পানীৰ ফেণ-কণিকা বিলাক শুকুলা ৰূপৰ বা মুকুতাৰ বৰৈৰ দৰে জিলিকি পৰে। পানীৰ ধাৰ ইমান টান যে তাৰ ওপৰত শিল বা চপৰা পেলালে তল নগৈ বৰং বহুত ওপৰলৈ উফৰি যায়। কিছুমান বেলি এই দৰে ওপৰলৈ পানী উঠি পাছত নিবৃত্ত হয়। তেতিয়া কুণ্ডৰ পানী সমুলি শুকাই যায়; পাছত আকৌ পানী উঠি কুণ্ড ভৰি আগৰ দৰে স্থিৰ থাকে। এই কুণ্ডৰ পানী ইমান তপত যে ওচৰৰ মানুহে তাত মাংস সিজাই খায়। সিহঁতে এটা টৌত চেঁচা পানী দি তাত মাংস থয় আৰু সেই টো কুণ্ডৰ তপত পানীৰ ওপৰত ৰাখে। তাতেই মাংস সিজে আরু জুইৰ আবশ্যক নাই। ” কুণ্ডক বেঢ়ি থকা যিটো মাটিৰ ঢিপৰ কথা কোৱা হৈছে, সেই টিপ উৎসৰ পানীৰ লগত অহা চূণ আদি বস্তু পৰি উৎপন্ন হৈছে।

 সেই দ্বীপতে ‘স্ক্ৰটৰ’ বা ‘খ’ নামে আন এটা তপত উৎস আছে। তাক জোকাবলৈ বৰ ভাল; কাৰণ তাৰ বৰ খঙ্গ। এনেকৈ তাৰ নিচেই শান্ত মূৰ্ত্তি; আছে নে নাই তাৰ উম-ঘামেই নাই। কিন্তু যদি কোনো মানুহে তাৰ মুখত চপৰা দলি কিছুমান পেলাই দিএ সেই চপৰা দলি তাৰ পেটত মহা অজিন হয়। তেতিয়া ভয়ঙ্কৰ রূপে তজ্জন গৰ্জ্জন আৰম্ভ কৰে। পাছত এবাৰ খঙ্গেৰে এটাই খিনি চপৰা দলিয়ে সৈতে ওপৰলৈ ৪০ ফুট ওখকৈ পানীৰ স্তম্ভ এটা পঠাই দিয়ে। কিছুমান বেলি পানীৰ সোঁত ওপৰলৈ বেগেৰে বৈ আরু দেখিবলৈ ফুল-জাৰীৰ নিছিনা হৈ পুনৰ শান্ত হয়। উত্তৰ আমেৰিকাৰ ৰকি পৰ্ব্বতৰ পূব পয়ৰাৰ পৰা ওলোৱা ইয়েলষ্টন নামেৰে মিচিচিপিৰ কৰতলীয়া নৈৰ জল-সত্ৰৰ যি গোটা দিয়ে গাইচৰ আছে সি আইচলেণ্ডৰ উৎস বিলাকতকৈও ডাঙ্গৰ আরু মনোহৰ।

 সকলো উৎসৰ পৰা সমান পানী মুঠে; আয়ৰ্লণ্ডৰ হলি-ওয়েল নামেৰে উৎসৰ পৰা মিনিটত ৫০০ মোন পানী উঠে। দেখিলে [ ১০০ ] বোধ হয় যেন মাটিৰ তলৰ পৰা এখন নৈহৈ ফুটি ওপৰলৈ উঠিছে কোনোটোৰ পৰা অত্যন্ত কম পানী উঠে; কোনো মতে সৰু চিৰ্চিৰিয়া জান এটিকহে তাৰ পানীএ যোৰে। সকলো উৎস চিৰোদগমন বা চিৰকাল পানী উৎক্ষেপণ কাৰী নহয়; কোনোটোৰ মাহ দিয়েক পানী উঠি আন কিমাহ বন্ধ থাকে। কম নগৰত এটি উৎস আছে ঘণ্টাই পতি তাৰ পানীৰ হ্ৰাস বৃদ্ধি হয়। ফ্ৰাঞ্চ দেশৰ কল-মাৰ নগৰত এটা উৎস আছে সি ঘণ্টাত আঠ বাৰ মুকলি হয় আৰু কাঠ বাৰ বন্ধ হয়। ওপৰত লিখা মহা গাইচৰ আৰু খঙ্গাল উৎস দুটা ক্ষণোদগমন শ্ৰেণীৰ। পৃথিবীৰ স্তৰৰ, বিশেষ ভাজৰ কাৰণে এনে ক্ষণোদগমন হয়। কিন্তু গাইচৰ আৰু খঙ্গ ক্ষণোদ্গত উষ্ণ উৎসৰ আন কাৰণ আছে। চূণ, বালি ইত্যাদি যি বস্তু উৎসৰ নলীৰ মাজে আহে তাৰ দ্বাৰা নলী বন্ধ হলে উৎস বন্ধ হয়; কিন্তু সেই সোপাৰ তলত তপত পানীৰ ভাপ গোটই অন্তত প্ৰবল হৈ ভূমিকম্প, গৰ্জ্জন ইত্যাদি কৰি সোপা ওফৰাই পঠায়; আৰু লগত পানী কিছুমান লৈ ওপৰলৈ ওলায়। নলী এই দৰে মুকলি হলে কিছুক্ষণ উৎস উঠি থাকে; সোপা লাগিলে পুনৰ বন্ধ হয়।

 পৃথিবীৰ গৰ্ভত কতবিধ আচৰিত ৰসায়নিক আৰু যৌগিক পদাৰ্থ উৎপন্ন হয়, তাৰ অন্ত নাই কোনো উৎসৰ পানীত তেল পোৱা যায়; কোনোটো বা শুদ্ধ তেলৰেই। এই তেলক সাধাৰণত কেৰচিন বা সীতা-তেল কয়। জয় পুৰৰ ফালে মাকুমত সীতা-তেলৰ পুঙ্গ থকা কথা সকলোৰে জনা আছে। নিজ দেশৰ এই বিলাক স্বাভাৱিক সম্পত্তি মোল নজনাত আমাৰ মানুহে একোটো উপকাৰ লৰ জনা নাই কিন্তু উত্তৰ আমেৰিকাত এই তেলৰ পৰা লক্ষ কোটি টাকা মানুহে আৰ্জিছে *। মাটিৰ তললৈ না খানি এই তেলৰ


 * সম্প্ৰতি মাকুমৰ তেল পুঙ্গৰ পৰাও আসাম ট্ৰেডিং ৰেল-কোম্পানীএ, বছৰেকত কম টাকা লাভ কৰা নাই।

[ ১০১ ]
 

আধাৰ পৰ্শ কৰা মাত্ৰ বেগেৰে উৎস হৈ তেল ওপৰলৈ উঠে; কোনো ঠাই সীতা-তেলৰ উৎস উঠি তেলতেই একবাৰে ডুব যোৱা শুনা আছে।

 ভূ-ভাগত থকাৰ দৰে সাগৰৰ তলতো উৎস থকাৰ প্ৰমাণ, পোৱা যায। সাধাৰণতে এই বিলাক উৎস মিঠা পানীৰ। ভূমধ্যস্থ সাগৰৰ কাসৰত ফ্ৰাঞ্চ, ইটালী, জেনৱা আরু গ্ৰীচ্‌ দেশৰ দক্ষিণে এনে উৎস আছে। কোনোটো ইমান ডাঙ্গৰ দেখিলে বোধ হয় যেন ভূ গৰ্ভৰ পৰা একোখন ডাঙ্গৰ নদীহে সাগৰ ভেদ কৰি ওপৰলৈ উঠিছে।

 পৃথিবীৰ যি যি স্বাভাৱিক দ ঠাই আছে তাত পানী গোট খালেই হ্ৰদৰ উৎপত্তি হয়। যি পৰ্য্যন্ত সেই দ ঠাইত পানী গোট খাই বাঢ়ি এটা বাট নাপায় বা ইমান বহল নহয় যে তালৈ সোমোৱা পানীৰ জোখাৰে তাৰ পৰা ভাপ উঠি যাব পাৰে, সেই পৰ্য্যন্ত তাত পানী গোট খাই থাকে। নদীৰ সম্বন্ধে হ্ৰদ বিলাকক চাৰি বিধ কৰিব পাৰি:—
(১) যি হ্ৰদত কোনো নৈ নপৰে ও, যাৰ পৰা নোলায়ও।
(২) যত নৈ পৰে ও যাৰ পৰা ওলায়ও।
(৩) যত নৈ পৰে কিন্তু যাৰ পৰা নোলায়।
(৪) যত নৈ নপৰে কিন্তু যাৰ পৰা ওলায়।

 প্ৰথম বিধ হ্ৰদৰ দেখিব পৰা, তালৈ অহা বা তাৰ পৰা ওলোৱা নদী নাথাকে। উৎসৰ মুখত কোনো বহল শাত থাকি বা মুমুৱা আগ্নেয় গিৰিৰ গহ্বৰ পানীৰে পুৰ থাকিও এই বিধ হ্ৰদ উৎপন্ন হয়। এই বিলাক অতি সৰু আৰু প্ৰায় লোণীয়া। ৰাজপুতনাৰ সম্ভাৰ হ্ৰদ আৰু বিৰাৰ প্ৰদেশৰ লুণাৰ হ্ৰদ এই শ্ৰেণীৰ। শেষোক্ত টোৰ গৰ্ভ আগ্নেয়গিৰিৰ গৰৰ নিচিনা; তাতেই অনুমান হয় যে এই হ্ৰদ পূৰ্ব্বে আগ্নেয়-গিৰিৰ মুখ আছিল। উৎসৰ পানী যদি ইমান [ ১০২ ] সৰহ হয় যে কাসৰৰ মাটিএ সুহি আরু সূৰ্যই বাষ্পীভূত কৰিও বাকি থাকে, তেনে হলে সেই পানী উৎসৰ কুণ্ডৰ পৰা বাহিৰ হৈ চতুৰ্থ শ্ৰেণীৰ হ্ৰদ উৎপন্ন কৰে। কেতিয়াবা সাগৰে ঘুলি এৰি গলেও এই শ্ৰেণীৰ হ্ৰদ উৎপন্ন হোৱা আছে। ভাৰতবৰ্ষৰ চিল্কা হ্ৰদ আৰু পলিকাট হ্ৰদ ইত্যাদি সাগৰৰ দাতিৰ হ্ৰদ বিলাক সাগৰে এৰা ঘূলি মাত্ৰ। সাগৰৰ পৰানো কিরূপে ঘূলি এৰা পৰি হ্ৰদ উৎপন্ন হয় তাৰ বিশেষ বিবৰণ ৮ম অধ্যায়ত দিয়া হল।

 চতুৰ্থ শ্ৰেণীৰ হ্ৰদত যদি এখন নৈ পৰেহি নতুবা এখন নৈ বৈ আহোতে বাটত অনেক গুণে বহল আৰ আপেক্ষিক দ জল-সত্ৰৰ এখণ্ড পায়হি, তেন্তে সেই ঠাইত নৈ বিস্তাৰিত হৈ দ্বিতীয় বিধৰ হ্ৰদ উৎপন্ন কৰে। এই বিধ হ্ৰদ মিঠা, ওপৰৰ দুই বিধতকৈ বহল; আরু ডাঙ্গৰ নদী বিলাকৰ সৈতে তাহতৰ সংযোগ আছে। সুইজলেণ্ড, আৰু উত্তৰ আমেৰিকাৰ সকলো হ্ৰদ আরু আশিৰিয়াৰ বৈকাল হ্ৰদ এই বিধৰ। সকলোৰে মাজত চুপিৰীয়াৰ হ্ৰদ ডাঙ্গৰ। কাস্পীয়ান হ্ৰদ, আৰাল হ্ৰদ, মরু হ্ৰদ, পাৰস্য দেশৰ উরুমীয়া হ্ৰদ প্ৰভৃতি তৃতীয় শ্ৰেণী ভুক্ত। ইহতৰ পানী লোণীয়া। তাৰ কাৰণ স্পষ্ট আছে। এই বিলাক হ্ৰদত পৰা নৈ বিলাকে মাটি ধুই খাৰ, লোণ আনি হ্ৰদত থয়। হ্ৰদৰ পৰা বিশুদ্ধ পানী ভাপ হৈ উঠি যায়, লগত অহা সকলো লোণ খাৰ ৰৈ যায়। এই দৰে এই শ্ৰেণীৰ হ্ৰদত লোণ পৰিমাণ বাঢ়ি যাব লাগিছে। মরু হ্ৰদত পানীৰ শত কৰা ২০ ভাগ লোণ। তাত প্ৰাণী বাস কৰা সম্পূৰ্ণ অসাধ্য। এই নিমিত্তেই সেই হ্ৰদৰ নাম তেনে দিয়া হৈছে। অনুমান হয়, এসময়ত জোৰডান নদী লোহিত সাগৰত পৰিছিল কিন্তু ভূমিকম্প আদি পাৰ্থিব উৎপাতত মরু হ্ৰদৰ দক্ষিণে থকা পেট্ৰিয়া মরু ভুমি লোহিত সাপৰৰ তলৰ পৰা উঠে। তেতিয়াৰ পৰা লোহিত সাগৰে সৈতে জোৰডাম নদীৰ সম্পৰ্ক গুছিল আরু তাৰ পানী গোট খাই [ ১০৩ ] মরু হ্ৰদ উৎপন্ন হল। নতুনকৈ উৎপন্ন হোৱা সেই মরু হ্ৰদ ক্ৰমে শুকাই সাগৰৰ জল সীমাত কৈ চাপৰ আরু বেচি লোণীয়া হবলৈ ধৰিলে। এতিয়া তাৰ পানী সমুদ্ৰ জল-সীমাতকৈ ১,৩১২ ফুট চাপৰত আছে। কাস্পীয়ান আরু আৰাল হ্ৰদে পূৰ্ব্বে কৃষ্ণ সাগৰৰ সৈতে সংলগ্ন আছিল আরু মরু হ্ৰদৰ দৰেই তাৰ পৰা ভিন্ন হয়। ভিন্ন হবৰ পৰা দুই হ্ৰদলৈ নৈ বিলাকে অনা পানীত কৈ সিহতৰ পৰা বেচি বা কম পানী ভাপ ৰূপে আকাশলৈ উঠা অনুসৰি, এই দুই হ্ৰদৰ জলসীমা কৃষ্ণ সাগৰৰ জল সীমাত কৈ চাপৰ বা ওখ হৈছে। কৃষ্ণ সাগৰৰ জল সীমাতকৈ কাস্পীয়ান হ্ৰদৰ পানী ৩৩ ১/২ ফুট ওখ। হ্ৰদৰ ভিতৰত কাস্পীয়ান হ্ৰদ সকলোত কৈ ডাঙ্গৰ। দ্বিতীয় শ্ৰেণীৰ হ্ৰদৰ পৰা ওলোৱা নৈ শুখাইও এই বিধ হ্ৰদ উৎপন্ন হয়। লাখ প্ৰদেশেৰ পেঙ্গঙ হ্ৰদ এই দৰে হোৱাৰ সম্ভৱ। সিন্ধুনদীৰ বান সম্পৰ্কে কওঁতে, পৰ্ব্বতৰ শিখৰ খহি কোনো জুৰি বন্ধ হৈ এবিধ হ্ৰদ উৎপন্ন হয় বুলি পূৰ্বে কোৱা হৈছে। কোনোটো হ্ৰদ কাসৰৰ পৰ্বতৰ জুৰি এটাই মাটি আনি তাৰ প্ৰধান নদী ভেটা দিয়াতে উৎপন্ন হোৱা আছে। ৰাক্ষু প্ৰদেশৰ চাওমুৰাৰি নামে হ্ৰদ এই দৰে উৎপন্ন হয়। নতুবা পুৰণা কালৰ চিৰ-নিহাৰ-বাহু খনা পৰ্বতৰ গহ্বৰ পানীৰে ভৰিও হদ উৎপন্ন হয়। হিমালয় পৰ্ব্বতৰ হ্ৰদ বিলাক এই তিনি কোনো এটা উপায়ৰ দ্বাৰা উৎপন্ন হৈছে। কাৰো কাৰো মতে উত্তৰ আমেৰিকাৰ এটাই বিলাক হ্ৰদক, ফিন্‌লেণ্ড, আলপচ্ পৰ্বতৰ হ্ৰদ বিলাকক, স্কট্‌লেণ্ড, আয়ৰলেণ্ড আৰু কম্বৰলেণ্ড প্ৰভৃতিৰ হ্ৰদ বিলাককো আগৰ দিনৰ চিৰ-নিহাৰ বাহুএ এই দৰে উৎপন্ন কৰিছে।

[ ১০৪ ]

চতুৰ্থ প্ৰকৰণ।
⸺⸺
ক্ষিতি।
অষ্টম অধ্যায়।
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

গে উল্লেখ কৰি অহা হৈছে যে পৃথিবীৰ এক চতুৰ্থাংশ ঠাই সমুদ্ৰৰ ওপৰে ওলায় আছে, তাকে ভূ-ভাগ বুলি জনা আছে। ভূ-ভাগ পৃথিবীৰ ওপৰত সমভাৱে কা নাই অৰ্থাৎ এফালে সৰহকৈ আন ফালে নিচেই কমকৈ আছে। যাতে সৰহভাগ ভূমি একে গোলাদ্ধত পৰে এনেকৈ সমুদায় পৃথিবীক দুই খণ্ড কৰিব পাৰি। ভূমি গোলাৰ্দ্ধৰ মেরু বা কেন্দ্ৰ গ্ৰেটব্ৰিটেন দ্বীপত পৰিব। পানী গোলাৰ্দ্ধৰ মেরু বা কেন্দ্ৰৰ স্থান নবজিলণ্ডৰ দক্ষিণে থকা এণ্টিপডিচ বা পাদবিপক্ষ দ্বীপত পৰিব। পানী গোলৰ্দ্ধত দক্ষিণ আমেৰিকাৰ শেষৰ খণ্ড, অষ্ট্ৰেলিয়া আদি স্থিৰ সমুদ্ৰৰ দ্বীপ বিলাক আরু কুমেৰুৰ চাৰিও ফালে থকা সম্ভাবিত ভূমি খণ্ডৰ বাহিৰে সমুদায় পানী।

 বৰ্গমাইল
ভূমি গোলাৰ্দ্ধত ভূমিৰ পৰিমাণ ••• ••• ••• ৪,৬৬,০০,০০০
  পানীৰ  ••• ••• ••• ৫,১৭,০০,০০০
পানী গোলাৰ্দ্ধত ভূমিৰ পৰিমাণ ••• ••• ••• ৫৩,০০,০০০
  পানীৰ  ••• ••• ••• ৯,৩০,০০,০০০
মুঠতে পানীৰ পৰিমাণ ••• ••• ••• ১৪,৪৭০০,০০০
মুঠতে ভূমিৰ   ••• ••• ••• ৫,১৯,০০,০০০
মুঠতে সমুদায় পৃথিবী পৃষ্ঠৰ পৰিমাণ ••• ••• ••• ১৯,৬৬,০০,০০০
[ ১০৫ ]  অনেক অসম ভাৱে ভূমি ভাগ থকাত, অনেকে অনুমান কৰে যে

পানী গোলাৰ্দ্ধৰ তলৰ মাটি তৰপ বিলাক ভূমি, গোলাৰ্দ্ধৰ তলৰ বিলাকত কৈ ঘন; নহলে পৃথিবীৰ ভাৰ কেন্দ্ৰ আরু ৰৈখিক কেন্দ্ৰ একে হব নোৱাৰে।

 ভূমি-ভাগক সমুদ্ৰই প্ৰধান দুইখণ্ড কৰিছে:—প্ৰাচীন পৃথ্বী আৰু নতুন পৃথ্বী; প্ৰত্যেক পৃথীথ্বীখণ্ডেই এটি এটি মহাদ্বীপ আৰু অপেক্ষাকৃত দুটা সরু দ্বীপৰ সংযোজনৰ পৰা উৎপন্ন। আশিয়া, ইউৰোপ, এই দ্বীপ আফ্ৰিকা দ্বীপৰ সৈতে সুয়েজ যোজকৰ দ্বাৰা সংলগ্ন হৈ প্ৰাচীন পৃথী হৈছে; আৰু উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাৰে পানামা যোদি গোট পাই নতুন পৃথ্বী সম্পূৰ্ণ কৰিছে। দুই পৃথ্বী- খণ্ড অনেক বিষয়ত অমিল। প্ৰথম, প্ৰাচীন পৃথ্বীৰ দুই দ্বীপ যোগ কৰোতা সুয়েজ যোজক বালিময় সমস্থল আৰু অনেক কালৰ পূৰ্ব্বে তাৰ ওপৰত সাগৰ আছিল। আফিকাক এৰি এই পৃথ্বি খণ্ডৰ পৰ্ব্বত শ্ৰেণীৰ দণ্ড পূৰ্ব-পশ্চিমা বা নিৰক্ষবৃত্তৰ সৈতে সমান্তৰাল; আফ্ৰিকাৰ সৈতে ধৰি সমুদায় পৃথ্বী-খণ্ডৰ ওখ ঠাই পশ্চিম ফালে আছে। নতুন পৃথ্বীৰ দিশো উত্তৰ-দক্ষিণা কিন্তু প্ৰাচীন পৃথ্বীৰ দিশ নৈঋত্য-ঈশান এই দুই পৃথীখণ্ডত বাস কৰা প্ৰাণী বিলাকৰে। অনেক ভেদ আছে। তাক পাছে বৰ্ণোৱা হব।

 ইউৰোপ যদিও প্ৰাকৃত বিষয়ত আশিয়াৰ সৈতে একে, ইউৰাল পৰ্ব্বত আৰু কাস্পিয়ান হৃদৰ মাজেদি ইউৰোপৰ পৰা আশিয়ালৈ আহিলে যদিও এখন নতুন ঠাইত সোমোৱা যেন নালাগে, যদিও ‘ষ্টিপিচ’ নামে একে খন সমস্থলেই আশিয়ীক ৰুশিয়াৰ পৰা ইউৰোপান রুশিয়ালৈ বিস্তৃত আৰু ইউৰাল পৰ্বতৰ দুই কাসৰে দেশৰ প্ৰাকৃতিক নক্সা একে তথাপি ব্যৱহাৰিক ভূগোলত ইউৰোপ খন সুকীয়া মহাদেশ বুলি গণ্য হয় অৰ্থাৎ ৰাজকাৰ্য, বাণিজ্য ইত্যাদি সুবিধা চাই আরু তাত বাস কৰা মানুহৰ বিভিন্নতালৈ মন কৰিলে [ ১০৬ ] এনে ভাব হয়। কিন্তু যথাৰ্থত কব লাগিলে ভাৰতবৰ্ষ, আৰব এই বিলাকৰ নিচিলা ইউৰোপো আশিয়াৰ এক উপদ্বীপ মাত্ৰ কেৰল তাৰ এটাই কিটা উপদ্বীপত কৈ ইউৰোপান উপদ্বীপটো ডাঙ্গৰ। সচৰাচৰ চলি অহা নামাৱলিক লৰাব নুখুজি, আমিও ইউৰোপক সুকীয়া মহাদেশ বুলি ধৰিলো। এই দৰে প্ৰাচীন মহাদ্বীপত তিনি মহাদেশ—আশিয়া, আফ্ৰিকা, ইউৰোপ। নতুন মহাদ্বীপত দুই— উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। এই দুই মহাদ্বীপৰ মাজৰ অষ্ট্ৰেলিয়াকো এক মহাদেশ বুলিব পাৰি। সৰ্ব্বমোট ৬ খন মহাদেশ পৃথিবীৰ ওপৰত আছে।

 অষ্ট্ৰেলিয়া সকলোতকৈ সৰু; তাৰ পৰিমাণ ৪২,০০,০০০ বৰ্গ মাইল; ইউৰোপ তাৰ ১॥ গুণ, আফ্ৰিকা ৪ গুণ; আমেৰিকা ৪১/৩ গুণ আরু আশিয়া ৪৫/৬ গুণ মান হব। পৃথিবীৰ সমুদায় সরু সরু দ্বীপৰ পৰিমাণ বা জোখ অষ্ট্ৰেলিয়াই হয়। প্ৰত্যেক মহাদেশক হ্ৰদ, নদী, পৰ্ব্বত-শ্ৰেণী, উপসাগৰ প্ৰভৃতি স্বাভাৱিক প্ৰতিবন্ধক কৰোতা বস্তু বিলাকে ভাগ ভাগ কৰি নানা দেশ কৰিছে। অনেক স্থলত ব্যবহাৰৰ নিমিত্তে প্ৰাকৃতিক দেশৰ সীমাই সীমা হয়। উপদ্বীপ বিলাক মহা দেশৰ শাখা প্ৰশাখা স্বৰূপ। প্ৰত্যেক মহাদেশত সৰহ বা তাকৰ কৈ উপদ্বীপ আছে, কিন্তু ইউৰোপত সকলোতকৈ সৰহ, আফ্ৰিকাত সকলোতকৈ তাকৰ। এই কাৰণেই ইউৰোপ সকলোতকৈ বানিজ্য আরু সভ্যতাত আগ। কাৰণ, সাগৰ ও সমুদ্ৰ বেপাৰৰ বৰ আলি; আৰু সভ্যতা বেপাৰৰ লগৰীয়া; যি ঠাইত সৰহ উপদ্বীপ থাকে তাত সাগৰ অনেক ভিতৰল'কে প্ৰবেশ কৰে বুলি প্ৰায় কোনো ভাগ সাগৰৰ পৰা বহু আঁতৰ নহয়। ইউৰপৰ উত্তৰত জট্‌লেণ্ড, মেকচিকত য়ুকাটান এই দুই উপদ্বীপৰ বাদে সকলো প্ৰধান উপদ্বীপ বিলাক মহাদেশৰ পৰা দক্ষিণলৈ ওলোৱা আৰু সেই দুইত বাজে সকলোটি পৰ্ব্বতময়; পৰ্ব্বত বিলাকে উপদ্বীপৰ দিশলৈ [ ১০৭ ] সাৰি পাতি আছে। জটলণ্ড আরু য়ুকাটান সমস্থল পলশুৰা মাটিৰ।

 পৃথিবীৰ পৰ্ব্বত আরু ওখ ঠাই বিলাকৰ সন্নিবেশ দেখিলে এনে বোব হয় যেন স্থিৰ-সমুদ্ৰ আৰু ভাৰত সমুদ্ৰ বেঢ়ি ৰাখিবৰ নিমিত্তে স্বভাএ পৃথিবী যোৰাকৈ মাটি আরু শিলৰ এটা গৰ সাজি থৈছিল; কিন্তু কালক্ৰমে অনেক ঠাইত ভগত ওপৰ ভাগ অসমান হৈ আছে। যতে যতে তাগিছে মাত্ৰ সেই বিলাক বাটেদি এই দুই সমুদ্ৰৰ ফাললৈ থিয় আৰু বাহিৰলৈ অৰ্থাৎ আট্‌লাণ্টিক সমুদ্ৰ আৰু সুমেরু সমুদ্ৰ ফাললৈ ক্ৰমে হেলনীয়। ই হৰণ অন্তৰীপৰ পৰা আৰম্ভ হৈ পৰ্ব্বতাকাৰে আমেৰিকাৰ পশ্চিম কাসৰে গৈ এলিউটীয়ান দ্বীপ ব্যুহৰ ওপৰে আশিয়ালৈ পাৰ হৈছে। আরু তাৰ পৰা কামস্কটকাই দি আশিয়াৰ মাজে মাজে অধিত্যকা পৰ্ব্বত আদিৰ রূপ ধাৰণ কৰি আফগানিস্থান আরু পাৰস্যতে দুই শাখা হয়। এক শাখা আশিয়া মাইনৰে দি ইউৰোপলৈ যায়, আন শাখা আৰব অধিত্যকা আৰু মিশৰ দেশৰ পৰ্ব্বত স্বৰূপে আফিকালৈ পাৰ হয়; তাৰ পৰা আফিকাৰ পূবে- পূবে গৈ আবিচিনিয়াৰ আরু দক্ষিণ আফ্ৰিকাৰ অধিত্যকা বুলি প্ৰকাশ পাই, উত্তমাশা অন্তৰীপত অন্ত হৈছে।

 পৰ্বত বিলাক পৃথিবীৰ ৰাজ-হাৰৰ নিচিনা। সিহতৰ দিশৰ ওপৰতে দেশ বিলাকৰ দিশ নিৰ্ভৰ কৰে। ইউৰোপ আশিয়া পূবা- পশ্চিমা; এই নিমিত্তে তাৰ পৰ্ব্বত শ্ৰেণীৰ দণ্ডও পূবা পশ্চিমা। এই দণ্ডৰ নিচেই পশ্চিম অংশ পিৰেনিজ, তাৰ পূবে আল্‌পচ্‌, পৰ্ব্বত শ্ৰেণী, তদনন্তৰ কাৰ্পেথিয়ান ট্ৰেনচিলভেনিয়ান, আৰু বল্কান পৰ্ব্বত-শ্ৰেণী। তাৰ পাছত এই দণ্ডই কন্‌ষ্টেন্‌টিনোপলত সাগৰ পাৰ হৈ টচ আরু ককেচচ্‌ নাম লৈ আশিয়াত প্ৰথমে ওলায় তাৰ পৰা গৈ পাৰস্য আফগানিস্থানত চাপৰ হৈ পৰ্ব্বতীয়া ঠাই হৈছে। হিন্দুকুশ আরু হিমালয় পৰ্ব্বত শ্ৰেণী এই দণ্ডৰ সৰ্ব্ব প্ৰধান [ ১০৮ ] ভাগ। সৰ্ব শেষত তাৰ পূৰ্ব্ব অংশ স্বৰূপ এশ্ৰেণী পৰ্ব্বত হিমালয়ৰ পৰা চীন দেশৰ মূৰলকে থকা অনুমান হয় কিন্তু চীন দেশৰ ৰাজ শাসন ইমন সংশয় পূৰ্ণ যে বিদেশী মানুহক সেই ঠাই বিলাকে চাবলৈ যাব নিদিএ এই নিমিত্তে তাৰ বিষয়ে ভালকৈ একো জনা নাযায়। এই দণ্ডৰ পৰা নানা শাখা প্ৰশাখা ওলাইছে। মহাদেশৰ শাখা স্বৰূপ উপদ্বীপ বিলাকৰ দিশেই সেই বিলাক পৰ্ব্বত শাখাৰ দিশ। স্পেইন-দেশৰ পৰ্ব্বত বিলাক পিৰেনিজৰ শাখা, এপিনাইনচ্‌ পৰ্ব্বত আলপচ্‌ পৰ্ব্বত শ্ৰেণীৰ শাখা। ইউৰাল পৰ্ব্বত শ্ৰেণী আল্টাইপব্বত, আৰু কৈলাস (কিউন লন্) পব্বত এই দণ্ডৰ উত্তৰ শাখা আরু চলিমান, হালাশ্ৰেণী, আৰাৱেলী, আশিয়াত থকা দক্ষিণ শাখা। সমুদায় আমেৰিকাক উত্তৰৰ পৰা দক্ষিণলকে সেই মহাদেশৰ দিশেদিশে এক পৰ্ব্বত শ্ৰেণীএ অবিচ্ছেদে আক্ৰান্ত কৰিছে। আৰু তাৰ শাখা স্বৰূপ এলেঘেনি পৰ্ব্বত আৰু ব্ৰেজীলৰ পৰ্ব্বত শ্ৰেণীএ ভূমিক কিছু পূবলৈ ঠেলি আগবঢ়াই থৈছে। আফ্ৰিকা, আৰব, ভাৰতবৰ্ষৰ দক্ষিণাত্য, আৰু অষ্ট্ৰেলিয়া এই বিলাক ঠাইৰ পৰ্ব্বত বিলাকৰ ভাৰ ওপৰত লিখা চাৰি মহাদেশৰ পৰ্ব্বত বিলাকৰ নিচিনা নহয়। ইয়াৰ পৰ্ব্বত বিলাক ভুমিৰ কাসৰ দিশে দিশে অৱস্থিতি কৰি সেই বিলাক ঠাইক প্ৰায় সম্পূৰ্ণ বেঢ়ি থৈছে।

 পৰ্ব্বত দুবিধ:—এবিধৰ ওপৰ ভাগ যদিও কুজা তথাচ বৰ ওখ- চাপৰ নহয়, তৰপা তৰপি মাটিৰে ঢকা, আৰু গছ গছনিৰে ভৰি প্ৰায় সম্পূৰ্ণ সৌজীয়া আৰু দেখিবলৈ সেই নিমিত্তে বৰ মনোৰ। দ্বিতীয় বিধৰ ওপৰ ভাগ অত্যন্ত অসমান; কোনো ঠাইত দলৰ চুড়াৰ নিচিনা জোঙ্গা; কোনো ঠাইত ঘূৰনীয়া বা কাচি-দৰী। বা ভগা বৰ মুৰৰ স্বৰূপ নানা ভঙ্গি ধৰা। এই বিধ পৰ্ব্বত খণ্ডিত বা অখণ্ড এটা বৃহৎ টকলা শিল মাত্ৰ। এই দুই বিধৰে আধা [ ১০৯ ] আধিকৈ স্বভাৱ থকা আরু তৃতীয় এবিধৰ নাম কৰিব পাৰি। প্ৰথম বিধত আসাম দেশৰ সকলে পৰ্ব্বত বিলাক পৰে। দ্বিতীয় আরু তৃতীয় বিধত হিমালয় পৰ্ব্বত, এণ্ডিচ্‌ পৰ্ব্বত, আলপচ্‌ শ্ৰেণী প্ৰভৃতি ডাঙ্গৰ-ডাঙ্গৰ পৰ্ব্বত বিলাক পৰে। যথাৰ্থতে সকলো পৰ্ব্বত, পৰ্ব্বত কিয়! সমুদায় পৃথিবীৰ তল শিলাময়। দুই শ্ৰেণীৰ পৰ্ব্বতৰ মাজত প্ৰকৃত ভিন্ন এই যে এবিধৰ ওপৰৰ সহস্ৰ ফুট তৰপীয়া মাটি বিলাক, বায়ু আরু পানীৰ বলৰ দ্বাৰাই ক্ষয় পাই, এতিয়া সিহতৰ তলৰ জকা স্বরূপে টকলা শিল ওলাই আছে; আন বিধৰ মাটিৰ তৰপ বিলাক ক্ৰমে ক্ষয় হৈছে কিন্তু সম্‌পূৰ্ণ নাইকিয়া নাই হোৱা, এক সময়ত হব। প্ৰায় সকলে পৰ্ব্বত এফাললৈ হেলনীয়া আৰু আন ফাললৈ থিয়। পৰ্ব্বত বিলাক প্ৰায় অকল সৰীয়া হৈ নাথাকে; কেবা সাৰিও হৈ থাকে আরু মাজলৈ এসাৰিত কৈ এসাৰি ক্ৰমে ওখ। পৰ্ব্বতৰ সাৰি বিলাকৰ পৰা আকৌ শাখা পৰ্ব্বতৰ সাৰিও থাকে আরু দুই সাৰিৰ মাজত একোখন নৈ বা জুৰি বয়।

 পূব্বে কৈ অহা হৈছে বায়ুমণ্ডল ওপৰলৈ ক্ৰমে চেঁচা আরু নিৰক্ষ বৃত্তৰ ওপৰত চিৰ-নিহাৰ-সীমা সকলোতকৈ ওখ আরু তাৰ পৰা উত্তৰ-দক্ষিণলৈ ক্ৰমে নামি, মেরু বৃত্ত দুইৰ কাসৰত সাগৰে সৈতে মিলিছে। এই নিমিত্তে যি কোনো পৰ্ব্বত চিৰ- নিহাৰ-সীমাৰ ওপৰতকৈ ওখ হৈছে তেনে কোনো এটা পৰ্ব্বততে অক্ষাংশৰ পৰা মেরুলকে যি যি দেশ থাকে সেই সকলো দেশৰ প্ৰাকৃত-ধৰ্ম্ম অৰ্থাৎ হাৱা-পানী আরু উদ্ভিজ প্ৰাণী সকলো পোৱা যায়। হিমালয় পৰ্ব্বতৰ গোৰত ভাৰতবৰ্ষৰ মহা জহ অনুভৱ কৰিবলৈ পোৱা যায় আরু তাৰ উদ্ভিজ প্ৰাণীও ভাৰত বৰ্ষৰ বিলাকৰ নিচিনা। মাজ ভাগত ইউৰোপৰ গছ গছনি আরু জন্তু দেখিবলৈ পোৱা যায়; ওখ শিখৰ বিলাক চিৰ কাল তুষাৰেৰে আবৃত। সেই বিলাক ঠাই দেখিলে সুমেরুৰ বৰফাবৃত্ত প্ৰদেশ বিলাকলৈ মনত পৰে আরু [ ১১০ ] তাৰ দৰেই প্ৰায় উদ্ভীজ জীৱ শূন্য। ওখ পৰ্ব্বতৰ ওপৰত উঠিলে চাৰিও ফালৰ স্বভাৱ কেনে দেখি মণ্টবেঙ্ক আৰোহণ কৰা কথাৰ পৰা কিছু বুজা যাব পাৰে। তলত আন এটা পৰ্ব্বতাৰোহণৰ বিষয়ে যি লিখা হৈছে তাৰ পৰা কিছু বিশেষকৈ জনা হব।

 জনচেৰেক ইংৰাজে প্ৰমাণ কৰিবৰ অৰ্থে টেনেৰিফ পৰ্ব্বত আৰোহণ কৰিছিল। তেওঁবিলাকে এক মাইল মান উঠি এড়োখৰ ঘন ফুঙলিৰ মাজত সোমাল গৈ; তেতিয়া তেওঁবিলাকৰ কাপোৰ কানি সেমেকিল কিন্তু সেই কুঙলি ক্ষণ-স্থায়ী। কুঙলি গলত ৰঁদ পালে। তাৰ পাছত আকৌ কুঙলিএ ছাটিলে; দ্বিতীয় বাৰ আকৌ ৰঁদ। এই দৰে ভয়ানক ধুমুহাৰ লগত কুঙলিৰ মাজে মাজে ৰঁদ পাইছিল, ডাৱৰেই ইখনৰ পাছত সিখন অলপ সময়ৰ অন্তৰে অন্তৰে বতাহত উড়ি গৈ কুঙলি যেন লাগিছিল। এইরূপে কুঙলিৰ আরু ৰঁদৰ পৰিবৰ্ত্তন পাই পোৱা মাইল মান উঠিল। তাৰ পাছত ডাৱৰ তলত ৰঁল। যেতিয়া পৰ্ব্বতৰ শিখৰ পালে তাৰ পৰা চাই দেখে যে পৃথিবী সম্পূৰ্ণে অদৃশ্য; তাৰ পৰিবৰ্ত্তে এক বিস্তীৰ্ণ অপাৰ তৰঙ্গ পূৰ্ণ শুকুলা সমুদ্ৰ আছে; তাৰ ওপৰত অকল-সৰীয়া হৈ তেওঁ বিলাক থকা পৰ্ব্বতৰ শিখৰ থিয় হৈ ওলাই আছে। পূৰ্ব্বে যি পৃথিবীৰ কোলাহল শুনিবলৈ পাইছিল এতিয়া সি সম্পূৰ্ণ নিস্তব্ধ যেন বোধ হল। আগৰ দৰে তেও বিলাক এতিয়া কুঙলিৰে সৈতে আচ্ছন্ন হোৱা নাই কিন্তু প্ৰখৰ ৰৌদ্ৰ কিৰণ আরু নিৰ্ম্মল আকাশ পাই তেওঁ বিলাকৰ মন প্ৰফুল্ল হঁল। শৰীৰৰ যি অংশত ৰঁদ পৰিছিল তাত অত্যন্ত রূপে ৰঁদে ধৰিছিল কিন্তু যি ভাগ ছাঁত আছিল তাত ভয়ানক জাৰ লাগিছিল। এই শিখৰ ১২,২৩৬ ফুট বা ২। ০ মাইলতকৈও অলপ ওখ। তলত যি শুকুলা সমুদ্ৰ তেওঁবিলাকে দেখা পাইছিল সি ধোঁৱাময় ডাৱ- ৰৰে বা মেঘেৰে আচ্ছন্ন হোৱা আকাশ; পৰ্ব্বতৰ মেঘ থকা ওখ ঠাই পাওতে ধনচেৰেক মেঘ দেখা পাইছিল; অলপৰ পাছত [ ১১১ ] ডাৱৰ চঁলি সম্পূৰ্ণ আকাশক আচ্ছন্ন কৰিলে। পৰ্ব্বতৰ পৰা নামি আহি শুনে যে তেওঁবিলাক উঠাৰ পাছত ভৈয়ামত বৰ তুফান আরু বৰষুণ হৈ গঁল। ভাৰতবৰ্ষৰ আগৰ মানুহ বিলাকে এই কথা উত্তমরূপে জানিছিল। হিমালয় পৰ্ব্বতৰ ওপৰ প্ৰদেশলৈ উঠি, ঋষি সকলে বাৰিষাৰ বৰষুণৰ আপদ সৰাকথা কালিদাসে কুমাৰ সম্ভৱত কৈ গৈছে। পৰ্ব্বতেই স্বভাৱৰ ক্ষমতা আরু মাহাত্ম্য প্ৰকাশ কৰাৰ প্ৰধান ঠাই। অনেক কবিএ পৰ্ব্বতৰ বিষয়ে লিখি গৈছে; এই ক্ষুদ্ৰ পুথীত তেনে বাহুল্য বৰ্ণনা দিবৰ নিমিত্তে ক্ষান্ত থাকিলোঁ।

 প্ৰাচীন পৃথ্বীৰ পৰ্ব্বত দণ্ডৰ উত্তৰে আরু নতুন পৃথ্বীৰ পৰ্ব্বত দণ্ডৰ পূবে অনেক ঠাইত বিস্তীৰ্ণ সম থল আছে। আশিয়াৰ সাই- বেৰীয়া, ইউৰোপৰ সমুদায় রুশিয়া আরু জৰ্ম্মানিৰ এক অংশ কাস্পীয়ান হ্ৰদৰ উত্তৰ প্ৰদেশ বিলাক সমথল। শেষোক্ত সমথলৰ নাম ষ্টিপিচ আরু সাইবেৰিয়াৰ সমথলৰ উত্তৰ ভাগৰ নাম ‘তন্দ্ৰা’। উত্তৰ আমেৰিকাৰ হডুচন উপসাগৰৰ চাৰিও কাসৰত ২০০ ৰ পৰা ৭০০ মাইললঁকে যুৰি এক দৃহৎ সমথল আছে। এলেঘেনী আরু ৰকি পৰ্ব্বতৰ মাজত ‘প্ৰেৰী’ বা ‘চাবানা’ নামে এক সমথল আছে; সি সম্পূৰ্ণে সহস্ৰ সহস্ৰ মাইল যোৰাকৈ বতা-খেৰ উলু এনেকুৱা বনেৰে ঢকা। দক্ষিণ আমেৰিকা প্ৰায় সম্পৰ্ণে সম থলৰেই।

 সাইবেৰিয়াৰ নদীৰ সম্পৰ্কে কওঁতে লিখা হৈছে যে তাৰ নৈ বিলাকৰ মুখত বৰফৰ ভেটা থকা বাবে পানী ওফন্দী গোটেই দেশক সাগৰলঁকে জলাহ আরু পিটনি কৰি থয়। •এই কাৰণেই সেই খণ্ডৰ নাম তন্দ্ৰা। যি অলপ বাম মাটি আছে, সি প্ৰায় টকলা আরু এবিধ শেলাই আরু বৰফৰ দ্বাৰা প্ৰায় বাৰেও মাহ ঢকা থাকে। ষ্টিপিচ নামে সমথলৰ স্বভাৱ ঋতু অনুসৰি লৰ হয়। বসন্ত কালত সৌজীয়া ঘাঁহেৰে অপাৰ সাগৰ হৈ থাকে। জহৰ আৰম্ভত ঘাঁহ- বিলাক ৰঁদত ডেই টকলা মাটি ওলায়। জাৰ কালি ছ-মাহ সম্পূৰ্ণে [ ১১২ ] তুষাৰেৰে আবৃত থাকে। অৰ্থাৎ বননিৰ সাগৰৰ ঠাইত কপাহৰ নিচিনা শুকুলা তুষাৰৰ সাগৰ উপস্থিত হয়। বতাহৰ লগত তুষাৰ দঁমে দঁমে উড়ি পথুকৰ মহা বিপদ-জনক হয়। সেই কিমাহত কঁতো এই তুষাৰ সাগৰ পাৰ হব পৰা বাট পথৰ চিন পোৱা নাযায়; কেবা দিনৰ বাট গলেও চকু জিৰাবলৈ এজুপি গছ বা এটি পৰ্ব্বত নাই। ইংলণ্ড আরু ফ্ৰাঞ্চ দেশৰ সৈতে রূশিয়াৰ যুদ্ধ হওঁতে ক্ৰিমিয়ালৈ পঠোৱা সৈন্য এদল নীপৰ আরু ডন নদীৰ মাজৰ ষ্টিপিচতে সম্পূৰ্ণে বিনষ্ট হয়। এই সমথলৰ মাজত ঠাইএ ঠাইএ ৫০। ১০০ ফুট দ ডোবা আছে। তাৰ ওপৰত গাওঁ আরু প্ৰাণীৰ আবাস স্থান।

 প্ৰেৰী নামেৰে আমেৰিকাৰ সমথল আন বিধৰ। ইয়াৰ মাটি বৰ সাৰুৱা এই নিমিত্তে, তাত গজা বঁতা-উলু প্ৰভৃতি বন বিলাক ইমান ওখ যে তাৰ ওচৰত অশ্বাৰোহী মানুহো লুকায়। ইয়াত লক্ষ কোটী বঁনঁৰীয়া ঘোৰা, মঁহ, মেঠোন ইত্যাদি তৃণ-জীবি জন্তু বিলাক চঁৰি ফুৰে আরু ঘাঁহ বিচাৰি জাকে-জাকে এক প্ৰদেশৰ পৰা আন প্ৰদেশলৈ যায়; আরু ইহঁতৰ শত্ৰু বৃক, ভালুক, জাগুৱাৰ বা আমেৰিকাৰ বাঘ ইত্যাদি মাংসাহাৰী জন্তু বিলাকে ইহঁতক বিচাৰি ফুৰে। কিন্তু সৰ্বহস্তা দাৱাগ্নি কেতিয়াবা কেতিয়াবা ওলাই সকলো জন্তুৰে মহা প্ৰলয় কৰে। প্ৰেৰীৰ দাৱাগ্নি ভয়ানক। যেতিয়া চঁত মহীয়া ৰঁদত তাৰ হাবি বিলাক শুকাই খড়-খড়ীয়া হৈ থাকে তেতিয়া তাত জুইৰ প্ৰভাৱ দেখি বিস্ময় হব লাগে। জলন্ত অনল-সাগৰৰ তৰঙ্গ বিলাক উঠি এক মুহুৰ্ত্তৰ ভিতৰতে সমুদায় হাবি যুৰি লয়। ওখ হাবিৰ নিমিত্তে আরু প্ৰায় কঁতো এজুপি গছ বা ওখ ঠাই নথকাত, দাৱাগ্নিৰ গতি কাণেৰে অনুমান কৰাৰ বাহিৰে, চকুৰ দ্বাৰা জানিব নোৱাৰি; যদি কোনো মানুহ এনে সময়ত সেই তৃণাৰণ্যৰ মাজত থাকে তেনে তাৰ সৰ্ব্বনাশ। অনেক স্থলত হতভগীয়াই সেই অগ্নি [ ১১৩ ] গড়ৰ দ্বাৰ কোন ফালে আছে জানিব নোৱাৰি বৰং জুইৰ ফাললৈকে লৰ দিয়ে। বঁতানিৰ বাহিৰে প্ৰেৰীৰ কোনো কোনো ভাগ জলাহ বা কটুৰ কোনো ভাগ বালিময়। প্ৰত্যেক খণ্ডেই ইমান ডাঙ্গৰ যে তাত কি জানি ৪। ৫ খন আসাম দেশ ধৰিব। কেনো অংশত গছ পোৱা যায়, আরু কোনো অংশ সম্পূৰ্ণ সমান নহৈ টো- কটা আছে।

 দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা মেগেলহিন প্ৰণালীলকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়। এই বৃহৎ সমস্থলক হাফলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্বরূপে বিভক্ত কৰিছে। অঁৰিনঁ কৰ, জল-সত্ৰৰ নাম লেনচ্; এমেজনৰ জল-সত্ৰৰ নাম চিল্‌ভাচ্ আরু লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পাচ। লেনচৰ পৰিমান ফল ২,৬০,০০০ বৰ্গ মাইল অৰ্থাৎ ৮ খন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায় চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কেবা মাইলো যুৰি অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ- শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। ষ্টিপিচ্‌ সমস্থলৰ দৰে ইয়াৰৰ গঢ় ৠতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ কুম্ভীৰ আরু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। বাৰিষাৰ অন্তত সৌজীয়া বানতৰে ঢকা-স্বরূপ ঘাহৰ কোটি-কোটি মালৌ পথাৰ; * তাত চৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগরুৰ মহা ভোজ। জাৰকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱা পূৰ্ব্বৰ অজগৰ, গ্ৰাহ, কুন্তীৰ বিলাক বোকাত সোমাই ঘোৰ নিদ্ৰাত অভিভূত হয়।


 * মালৌ জোৰ হাটৰ অঞ্চলত, বৰনৈৰ দাঁতিত এখন বৰ বহল ঘাঁহনি পথাৰ। [ ১১৪ ]
 

সমুদায় লেনচ আফ্ৰিকাৰ সাহাৰা মৰুভূমিৰ ৰূপ ধাৰণ কৰে। তাৰ দৰে এই সময়ত বায়ুৰ বেগ প্ৰবল হয়। সমুদায় বায়ু-মণ্ডল ধুলিৰে সৈতে পৰিপূৰ্ণ হয়। গগন-মাৰ্গ সদাই ধূলিময় মেঘেৰে আচ্ছন্ন থাকে। সূৰ্য্যৰ কিৰণ ৰঙ্গচুৱা আৰু বৰ তপত হয়। সময়ে সময়ে ডাঙ্গৰ বা-মাৰলি উঠি ধূলিৰ স্তম্ভ বিলাক তুলি লৈ গোটেই জগৎ বিচৰণ কৰে আৰু অন্তত ছিন্ন ভিন্ন কৰি ধূলি বৰ্ষণ কৰে।

 যদি এই সময়ত ধুমুহা হয় দিগ্‌‌বলয় চাপ খাই, আকাশ ৰঙা হৈ দৰ্শকক যেন গ্ৰাস কৰে এনে বোধ হয়। বাৰিষা হলে জাক চেৰেক বৰষুণতে সাম কাটে; আকাশ নিৰ্ম্মল হয়। পুনৰ ভূমিৰ ওপৰত সৌজীয়া বৰণ ওলায়; আৰু কুম্ভীৰ, জল-গ্ৰাহ ইত্যাদি জন্তু বিলাকে ছ-মহীয়া নিদ্ৰাৰ পৰা সাৰ পাইন মাটি তলৰ পৰা আস্ফালন; কৰি উঠি মহা আনন্দে অ'ৰ ত'ৰ ডোবা বিলাকত নানা ক্ৰীড়া কৰি বলৈ ধৰে।

 চিলভাচ, প্ৰায় ১০,০০০০০ বৰ্গ মাইল ঠাই অৰ্থাৎ ৩০ খন মন আসাম দেশৰ ঠাই যোৰা এক বৃহৎ কৰণি আরু কাঠনি হাবি। ডাঙ্গৰ গছৰ মাজে মাজে লতা, বন, বেত ইত্যাদি গজি আকাশ এনেকৈ ঢাকিছে যে তলৰ মাটিএ সূৰ্য্য কোনো কালত দেখিবলৈ পোৱা নাই; আসামৰ ঝাৰণি হাবি ইয়াৰ মানত অত্যন্ত তুচ্ছ। তাত নানাবিধৰ চৰাই আরু বান্দৰ থাকি মহা কোলাহল কৰি সমুদায় অৰণ্য সজীব কৰি ৰাখিছে।

 পাম্পচ সমথল ঠায়ে-ঠায়ে সম্পূৰ্ণ টকলা; তাৰ ভিতৰৰ ১৫০ মাইল মান বহল, ২০০ মাইল মান দীঘল, এনে এভাগ লোনাময় মরু; আরু চোতালৰ নিচিনা সম্পূৰ্ণে সমান; আরু যৱক্ষাৰ আদি বস্তু তাৰ ওপৰত ওলোৱাত দেখিবলৈ সম্পৰ্ণে শুকুলা। ইয়াত বৰষুণ প্ৰায় নহয়; আরু নিয়ৰ কি বস্তু তাক জনাই নাযায়। কোনো কোনো ভাগ এবিধ টান, ক'লা, চকচকীয়া বস্তুৰে কেবা মাইলো আবৃত হৈ [ ১১৫ ] আছে, দেখিবলৈ লোহৰ তক্তা পাটৰ নিচিনা। ই অত্যন্ত প্ৰাচীন কালৰ আগ্নেয় গিৰিৰ পৰা ওলোৱা লাৱা কি লোৱাচুৰ।

 আট্লাণ্টিক সমুদ্ৰৰ পৰা আৰম্ভ হৈ ইজিপ্ত, নিউবীয়া পৰ্য্য়ন্ত মকৰ-ক্ৰান্তিৰ তলে-তলে উত্তৰলৈ ৪০০/৫০০ মাইল, দক্ষিণলৈ ২০০/৩০০ মাইল যুৰি এক বিস্তীৰ্ণ সমথল আছে; সি সম্পূৰ্ণ মরু আরু শিলাময় বা বালিময়। পশ্চিম ভাগৰ নাম সাহাৰা মরু, পূব ভাগৰ নাম লিবিয়ান মরু। ব্ৰহ্মপুত্ৰৰ বালিৰ ওপৰে যি কেতি- য়াবা গৈছে তেওঁ এই মরু ঠাইৰ বিবৰণ অলপ বুজিৰ পাৰিব; এই মরুৰ ওপৰে উটৰ বিনা সহায়ে অহা যোয়া কৰা অসম্ভৱ। খোজৰ তলত বালি পিছলি যোৱাত আগ বঢ়া বৰ দুষ্কৰ। বতাহত বালি সদাই উড়িবই লাগিছে; কেতিয়াবা দূৰত বিচৰণ কৰা বালি-স্তম্ভ পৰি পোত যাওঁ, এইয়ে পথুকৰ মহা চিন্তা। বালি ভৰি দিব নোৱাৰা তপত; আৰু বাযুও তাৰ ওপৰত থকা বাবে, পাগহালিৰ মুখৰ বায়ুৰ নিচিনা গৰম। চাইমুম নামে তপত বতাহ যেতিয়া ইয়াৰ ওপৰে বয়, পথুকে উটৰ পিঠিত নিয়া চালৰ মোটত থকা পানীও কেতিয়াবা শুকাই নাইকিয়া হয়। এই বিলাক মরুভূমিত, যেতিয়া বালি প্ৰখৰ সূৰ্য্য-কিৰণত ভয়ানক তপত থাকে, বায়ু নিষ্কম্প হয়, পিয়াহত পথুকৰ ওঁঠ-কণ্ঠ জলে, তেতিয়া আরু আন এবিধ আপদে তেওঁ বিলাকক পায়। এক মাইল মান আতৰত বা দিগ- বলয়ৰ কাসৰত, শুকুলা সুন্দৰ ওখ ওখ অট্টালিকাৰে পৰিবেষ্টিত, নাৰিকল খাজুৰি গছ ইত্যাদিৰে পূৰ্ণ, নানা ফলে-ফুলে লম্বমান গছৰ উদ্যানেৰে সুশোভিত এখন সৰোবৰ দেখে। উদ্যান আরু অট্টালিকাৰ প্ৰতিবিম্ব দ্বাৰা সুশোভিত সেই সৰোবৰে তৃষ্ণাৰ্ত্ত পথুকৰ ফাললৈ গা-জুৰনী আৰু অমৃতময় কটাক্ষ নিৰীক্ষণ পঠাই দিএ; কেতিয়াবা সেই সৰোবৰে বতাহত হিল্লোল হৈ দূৰৰ পথুকক লৰা- লঁৰি কৰি আহি নিৰ্ম্মল পানীত অবগাহন কৰিবলৈ আরু পানী [ ১১৬ ] খাই তৃষ্ণা দূৰ কৰিবলৈ আহ্বান কৰে। কিন্তু কি আশ্চৰ্য্য! তাৰ ওচৰ পথুকে কেতিয়াও চাপিব নোৱাৰে। দুৰ্ভগীয়াই যিমান লৰ দি আগ বাঢ়ে মিচা সৰোবৰেও সিমান হুহঁকি আতৰি যায়। চাৰি পাঁচ মাইল এই দৰে পাছে-পাছে খেদি গৈ থাকোতে অকস্মাৎ সেই সৰোবৰ অন্তৰ্দ্ধ্যান হয়! পথুক হাৰা-শাস্তি হৈ অন্তত জ্ঞান পাই বালিতে বিশ্ৰাম কৰে। যি বিলাকে এনে দৃশ্য ঘনে-ঘনে দেখি টেঙ্গৰ হঁল তেওঁ বিলাকক এই মৃগ তৃষ্ণা বা মৰীচিকাই তু-তুৱাব নোৱাৰে। ৰঁদৰ তাপত বালিৰ পৰা ভাপ উঠে; এই ভাপ-বায়ু নিষ্কম্প থকাত বহুত ওপৰলৈ নাযায়; মাজতে ওলমি থাকে। এই ভাপ-বায়ুৰ নিচিনা অদৃশ্য, কিন্তু ঘন। অথবা তলৰ বায়ু তৰপ তপত বালিত লাগি থাকি ওপৰৰ তৰপতকৈ আপেক্ষিক সেৰেঙ্গা হয়। ওপৰৰ বায়ু তৰপ বা ভাপ খিনি ঘন হোৱা বাবে তাক পৃথিবীৰ সমান্তৰালকৈ ওপৰত আৰিথোৱা এখন আৰ্চিৰ নিচিনা বুলিব পাৰি। কাৰণ আলোক কিৰণৰ প্ৰতি নিৰ্ম্মল আৰ্চি, নিৰ্মল পানী আরু বায়ু বা ভাপ একে অৰ্থাৎ স্বচ্চ, মত্ৰ ভিন্ন এই বায়ু পাতল বা সেৰেঙ্গা, আৰ্চি আরু পানী ঘন। তেনে হলে যদি কোনো কাৰণত বায়ু বা ভাপ, দৰ্শকৰ ওচৰৰ ভাপ বা বায়ুত কৈ ঘন হয় তেন্তে অৱশ্যে পানী আরু আৰ্চিৰ গুণ সিহতেও পাব। এই নিমিত্তে দূৰত সৰোবৰ বা উদ্যান থাকিলে ওপৰত ওলমি থকা ঘন বায়ু বা ভাপৰ তৰপৰ ওপৰত সেই বিলাক প্ৰতিফলিত হৈ ওচৰত থকা যেন দেখা যায়। কেতিয়াবা বালিৰ ওপৰতে কেবা মাইলো যুৰি ঘনকৈ এতৰপ ভাপ থাকিও এডৰা পানীৰ নিচিনাকৈ ওচৰৰ বস্তুৰ বা মেঘৰ প্ৰতিবিম্ব ধাৰণ কৰে। সেই তৰপ ভাপৰ মাজে পথুক গঁলে দূৰত পানীডৰা যেন দেখে; কোনো বৈজ্ঞানিক নিয়ম মতে ওচৰত দেখিব নোৱাৰে। গৈ থাকোতে সেই ভাপ তৰপ অন্ত পৰে; তেতিয়া সৰোবৰ যেন দৃশ্য [ ১১৭ ] টোও অন্ত পৰে। কেতিয়াবা যথাৰ্থতে পথুকে সেই মৰুভূমিৰ মাজত মনোহৰ সৰোবৰ আরু উদ্যান লগ পায়। বালিময় সমুদ্ৰত দ্বীপ স্বরূপ অঁততঁত বহু অন্তৰত সছা-সছী উদ্যান আরু অট্টালিকাৰে শোভিত উৰ্ব্বৰা ঠাই আছে। প্ৰায় মৰুভূমিৰ ডোবা যেন ঠাই বিলাকত এই বিলাক আশ্ৰম থাকে। ইয়াত হয়তো এটি মিঠা পানীৰ জান, উৎস, কুণ্ড বা মরু হ্ৰদ থাকি সেই ঠাই ডুখঁৰিক সজীব ৰাখে।

 পাঠক সকলে ওপৰত দিয়া এনে বিস্তীৰ্ণ সমথল দেখি আশ্চৰ্য্য় নহব। কাৰণ পাছৰ অধ্যায়ত কঁব লগীয়া পৃথিবীৰ অন্তৰৰ এক শক্তি নথকা হলে ওপৰত কৈ অহা পানীৰ ক্ষয়-কাৰ্য্যৰ নিমিত্তে সমুদয় পৃথিবী এনে সমান হল হেতেন আরু সেই হেতু ১॥ মাইল মান দ এনে এখন মহাসমুদ্ৰই গোটেই পৃথিবীকে ঢাকি থাকিল হেতেন। কিন্তু পৃথিবীৰ সেই আন্তৰিক শক্তিৰ নিমিত্তে কোনো ভাপ সমুদ্ৰৰ তলৰ পৰা উঠি বিস্তীৰ্ণ সমথল হৈ আছে কোনো ভাগ বা উঠোঁতে নানা ভাঁজ লৈ ওখ চাপৰ হৈ আছে। পূৰ্বে্ব যি বিলাক সমথলৰ কথা কৈ অহা হৈছে সেই বিলাক দ সমথল অৰ্থাৎ সমুদ্ৰৰ পৰা বহু ওখত থকা নহয়। সেই বিলাকৰ বাহিৰেও কোনো বিলাক সমথল আছে সমুদ্ৰৰ পৰা অনেক গুণে ওখ; কোনো খন সমথল পৰ্ব্বতৰ সমান ওখ ঠাইত আছে। এই বিলাকক অধিত্যকা বোলে। ইয়াৰ ভিতৰত আফ্ৰিকাৰ দক্ষিণাংশ, আৰবৰ পশ্চিমাংশ পাৰস্য, আফগানিস্থান, আরু আণ্টাই আরু হিমালয় শ্ৰেণীৰ মাজত থকা আশিয়াৰ এক অংশ পৰে। আৰব অধিত্যকা শিলাময় আরু বালিময়; আশিয়াৰ অধিত্যকাৰ মাজৰ ভাগো তদ্ৰূপ তাৰ উত্তৰৰ ভাগ গঁবি মরু নামে খ্যাত আছে। তিব্বত উপত্যকাৰ পশ্চিম ভাগ পৃথিবীৰ সকলো অধিত্যকাতকৈ ওখ আরু বাম; এই ঠাই জগতৰ মুধ। [ ১১৮ ]  ভাৰতবৰ্ষৰ দাক্ষিণাত্য ভাগ অধিত্যকাৰ ভিতৰত গণ্য। এই অধিত্যকা আরু হিমালয় পৰ্ব্বত দুইৰো মাজত এক বিস্তীৰ্ণ সমথল আছে, কিন্তু পূৰ্ব্বে উল্লেখ কৰি অহা বিলাকৰ মানত ই নিতান্ত সামান্য ইয়াৰ পশ্চিম ভাগ অৰ্থাৎ ৰাজপুতনাৰে সিন্ধু দেশৰে মাজৰ ভাগ বালিময় মরু। সহাৰা মরুৰ ই জানিবা এটি সরু আদৰ্শ। ইয়াতো মৰী চিকাই পায়। এই সমথলক তিনি খণ্ড কৰিব পাৰি যেনে:- সৈন্ধবৰ জলসত্ৰ, গাঙ্গেয়-জলসত্ৰ আরু ব্ৰহ্মপুত্ৰৰ জলসত্ৰ। প্ৰতি খণ্ডেই তাৰ প্ৰধান নদীৰ ফাললৈ ক্ৰমে হেলনীয়া; গাঙ্গেয় আরু সৈন্ধব জলসত্ৰৰ মাজৰ জলকৰ ভূমি স্পষ্টরূপে প্ৰতীতি হয়; তাৰ এভাগ আৰোৱেলী পৰ্ব্বতৰ ওপৰেদি গৈছে। কিন্তু গাঙ্গেয় জল-সত্ৰৰে আরু ব্ৰহ্মপুত্ৰৰ জলসত্ৰৰে মাজৰ জলকৰ ভূমি এইরূপে অস্পষ্ট যে মানুহৰ স্মৰণৰ ভিতৰত তিস্তা নদীএ যেন কোন ফালে বঁব স্থিৰ কৰিব নোৱাৰি এবাৰ গঙ্গা নদীলৈ এবাৰ ব্ৰহ্মপুত্ৰলৈ বয়। সাগ- ৰৰ পাৰত পূৰ্ব্বঘাটৰ আরু পশ্চিম ঘাটৰ কাসৰে কাসৰে দক্ষিণাত্য অধিত্যকাৰ দুই দাঁতিয়ে দুখন ঠেক সমস্থলৰ ওপৰতে কৰ্ণাটিক, চৰ্কাৰ আরু উৰিষ্যা প্ৰদেশ আছে; পশ্চিম সমথলৰ ওপৰত ত্ৰিভা- ঙ্কুৰ মালাৱাৰ, কানাৰা আরু কঙ্কন প্ৰদেশ অৱস্থিতি কৰে।

 ব্ৰহ্মপুত্ৰ জল-সত্ৰৰ উজনি খণ্ডত আসাম প্ৰদেশ পৰে। ই সামান্য পাৰ্ব্বতিয়া উপত্যকা নহয়; ই পৰ্ব্বত বেষ্টিত এক বিস্তীৰ্ণ সমথল। কিন্তু দুফালে দুসাৰি পৰ্ব্বত আছে বুলি ইয়াক উপত্যকা কয়। ইয়াক দেখিবলৈ গাঙ্গেয় সমথলৰ এক অংশ যেন। বঙ্গ, বেহাৰ দেশৰ পৰা আসাম দেশলৈ বামে আহিলে ভিন্ন দেশত সোমোৱা যেন নালাগে, কেৱল তাৰ কাসৰত থকা দুশাৰি পৰ্ব্বতৰ প্ৰথম ভাগ দূৰতে দৃষ্টিত পৰে। ৰাজ কাৰ্য্য়তে মানুহে কল্পিত সীমা কৰি মানা- সাকে নতু কেতিয়াবা কৰতোয়া নদীকে পশ্চিম সীমা বুলি গ্ৰাহ্য় কৰে। এই দেশৰ উত্তৰে ভোট, ডফলা, আবৰ জাতি বাস কৰা [ ১১৯ ] হিমালয় পৰ্ব্বতৰ নামৰ শাৰি বিলাক, দক্ষিণে গাৰো পৰ্ব্বত, খাচিয়া জয়ন্তী আরু নগা পৰ্ব্বত শাৰি। পূবে মিচিমি চিংফৌ আদি পৰ্ব্ব- তীয়া জাতি থকা পৰ্ব্বত বিলাক। এই সমথল-উপত্যকা দীঘে প্ৰায় ৫০০ মাইল আরু বহলে গড়ে ৬০ মাইল হব। দুই দাঁতিৰ পৰ্ব্বত দুশাৰি সমান্তৰাল নোহোৱাত সকলো ঠাইতে পুতলে সমান নহয়। আসাম উপত্যকা গোৱাল পাড়াৰ পৰা গোলাঘাটলকে পূবা- পশ্চিমা আরু গোলাঘাটৰ পৰা সদীয়ালঁকে এই ভাগ ভাঁজলৈ প্ৰায় ঈশান-নৈঋত্য ভাৱে আছে। ব্ৰহ্মপুত্ৰ নদে এই উপত্যকাক ভাগ কৰি তাৰ ভাঁজে ভাঁজে বৈছে। আসাম প্ৰদেশ প্ৰকৃত পক্ষে ভাৰত বৰ্ষৰ আন আন ঠাইৰ পৰা বহুত লৰ নহয়। তাৰ আন- আন ঠাইত যি কেইটা ঋতু আছে সেই কেইটা ইয়াতো আছে; মৌচুম বাতে আসামৰ নিচেই পূবৰ চুককো লৰাইছেহি, ভাৰত- বৰ্ষৰ আন আন ঠাইৰ জাৰ জহ আরু এই দেশৰ জাৰ জহৰ বহুত তাৰতম্য নাই। কিন্তু ভাৰতবৰ্ষৰ সাধাৰণ প্ৰাকৃতিক ধৰ্ম্মৰ বাহি- ৰেও উপত্যকা সম্বন্ধীয় কিছু মান ধৰ্ম্মযোগ আছে—বাৰিষা কালত পানীৰে অনেক ঠাই বুৰি থাকে; মৌচুম বাতৰ দিশ আন ঠাইৰ দৰে নঁহৈ উপত্যকাৰ দিশে-দিশে বয়; কোনো সময়ত নিৰ্ব্বাত নিষ্কম্প বাযু বিৰাজ কৰি মাধ্যাহ্ন ৰৌদ্ৰৰ তাপ যথাৰ্থতকৈ দ্বিগুণ বেচি যেন বোধ কৰায়; কোনো সময়ত অহৰহ ধাৰাসাৰ বৰষুণ পৰি ৭। ৮ দিন লঁকে সূৰ্য্যকে একেবাৰে নেদেখা কৰি থয়।

 আসাম দেশ পাৰ্ব্বত্যকা নহলেও পৰ্ব্বত যুক্ত। উপত্যকাক বেঢ়ি থকা পৰ্ব্বত বিলাকৰ বাহিৰেওঁ আসাম সমথলৰ পৰা ফুটি ওলোৱা দৰে গোটা দিয়েক অসংশ্লিষ্ট পৰ্ব্বত আছে; যেনে নগাওঁৰ মিকিৰ পৰ্ব্বত; ই সমুদ্ৰ জল সীমাৰ পৰা ২০০০ ফুট ওখ, জয়পুৰৰ পৰ্ব্বত গড়ে ৪০০ ফুট ওখ, বিশ্বনাথ আরু কলিয়াবৰৰ পৰ্ব্বত। ধুবুৰিৰ ভাটিৰ পৰা তেজপুৰলকে দুপিনে দুসাৰি ব্ৰহ্মপুত্ৰৰ কাণে [ ১২০ ] কাণে ওখ পৰ্ব্বত আছে; তাৰ উচ্চতা গড়ে ৬০০ ফুট মান হব। এই নিমিত্তেই ব্ৰহ্মপূত্ৰেদি উজাই আহিলে এই দেশ খন পৰ্ব্বতীয়া যেন লাগে। কিন্তু এই দুই শাৰি পৰ্ব্বতৰ দক্ষিণলৈ বা উত্তৰলৈ গলে সুবিস্তীৰ্ণ সমস্থল পোৱা যায়। আসাম সমস্থল ব্ৰহ্মপুত্ৰলৈ দুইদাঁতিৰ পৰা হেলনীয়া অথচ পশ্চিমলৈকো ক্ৰমে নিম্ন। আসাম দেশৰ ভূমিক তিনি শ্ৰেণী কৰিব পাৰি; প্ৰথম, পাৰ্ব্বত্য; মিকিৰ বিশ্বনাথ কলীয়া বৰ আরু দাঁতিৰ পৰ্ব্বত বিলাক। দ্বিতীয় সমথল বাম; এই বিলাক ঠাই ব্ৰহ্মপুত্ৰ বা তাৰ কৰতলীয়া নদীৰ পানীত সততে ডুব নাযায়; ই কিছু পৰিমাণে আওগড়ীয়া; যেনে গে লাঘাট মহকুমা, দৰঙ্গ জিল্লা, পূব-দুৱাৰ ইত্যাদি। তৃতীয় সমথল দ; ই ওপৰৰ দুইবিধ ঠাইৰ বৰষুণৰ পানীত উটি অহা মাটিৰে সম্পূৰ্ণে বা ভগিয়াকৈ পতা হয়। এই কাৰণ ই কঁলা, সারুৱা, দ, আরু প্ৰায় সমান যেনে:-মাজুলি চাপৰি, শিৱসাগৰ, লক্ষিমপুৰ, নগাওঁ, সম- থল দ ঠাই অৱশ্যে ব্ৰহ্মপুত্ৰৰ নিচেই কাসৰতে থাকে।

⸺⸻

নৰম অধ্যায়।

পৃথিবীৰ অন্তৰ ভাগ।

গৰ অধ্যায়ত পৃথিবী-পৃষ্ঠৰ সংক্ষিপ্ত বিবৰণ দিয়াহল; কিন্তু পৃথিবীৰ অন্তৰ ভাগে সৈতে ওপৰভাগৰ নিকট সম্বন্ধ থকা বাবে অন্তৰ ভাগৰ নো কি প্ৰকৃত অৱস্থা পাঠক সকলক জানোৱা উচিত। পৃথিবী পৃষ্ঠৰ যি বাহ্যাকৃতি দেখা গল সি অনেকাংশে পৃথিবীৰ অন্তৰৰ অৱস্থাত নিৰ্ভৰ কৰে। পৃথিবীৰ ওপৰৰ পৰা ৬০,০০০ ফুটমান দ-লকে মাটি বালি শিল প্ৰভৃতি তৰপীয়া হৈ আছে। য'তে গাত খনা হয় বা য'তে কোনো পৰ্ব্বতৰ ফাট বা ওপৰত কৈ [ ১২১ ] অহা কলেৰেড্‌, নৈৰ ওখ শিলাময় গড়াৰ নিচনা নৈৰ গড়া, বা সাধাৰণ নৈৰ গড়া মন কৰি চোৱা যায়, তেন্তে এই কথাৰ প্ৰমাণ পোৱা যায়। আজি কালি অনেক ঠাইত পৰ্ব্বত কাটি বাট কৰা গৈছে। বাটৰ দাঁতিত থকা পৰ্ব্বতৰ থিয়- গড়াতো শিল আৰু মাটি তৰপে তৰপে পাতি থোৱা দেখায়।

  এইদৰে পৃখিবীৰ ভিতৰত যত মানে তৰপ দেখা যায় সকলোৰে ইতিহাস এটি কৰিব পাৰি। আরু কাৰ্য্যতো এই দৰে কৰা হৈছে। মাটি বালি শিল প্ৰভৃতি বস্তু বিলাকক স্তৰরূপে থকা পোৱা যায় বুলি সকলোকে ভূতত্ত্ব-শাস্ত্ৰত স্তৰ বোলে। স্তৰ বিলাকত পোৱা জন্তু বিলাকৰ হাৰ আদি বস্তুৰ দ্বাৰা তৰপ বিলাকৰ ইতিহাস স্থিৰ কৰাত অনেক সহায় পোৱা যায়। বিশেষতঃ পৰম্পৰৰ বহুত অন্তৰত থকা স্তৰ বিলাকৰ ইতিহাস চৰ্চাত আরু সময় সঙ্ঘটিত কোনো সিদ্ধান্ত কৰাত এই বিলাক বস্তুৰ জ্ঞান অত্যন্ত আৱশ্যক। কাৰণ কাল যেনেকৈ পৰিবৰ্ত্তন হৈছে, সেই দৰে প্ৰাণী জাতৰো পৰিবৰ্ত্তন হব লাগিছে। ইংলণ্ড দেশত আরু সাইবেৰিয়াত হাজাৰচেৰেক বছৰৰ পূৰ্ব্বে চুঙৰি পহুৰ নিচিনা দীঘল নোম লগা এবিধ হাতী আছিল। আমালোকৰ মঁৰা হাতী বিলাকতকৈ দুগুণ মান ডাঙ্গৰ হব; সিহঁতৰ দাঁতেই আমালোকৰ হাতী বিলাকৰ ঠেঙ্গৰ সমান ডাঙ্গৰ আছিল আরু হাতীমান ওখ ডাঙ্গৰ এবিধ সৰ-পহু আছিল। দুই খড়গ থকা এবিধ গঁড় আছিল। তাৰো পূৰ্ব্বে এবিধ হাতীৰ সমান ডাৰ সিন্ধু-ঘোটক আছিল। আজি কালি সেই বিলাক জন্তুৰ চিন মাত্ৰ আছে। ইংলণ্ডৰ ৰজা দ্বিতীয় চাৰ্লচৰ দিনত অৰ্থাৎ ছ-শ বছৰ মানৰ পূৰ্ব্বে, নাৱৰীয়া বিলাকে মৰিচচ্‌ দ্বিপৰ পাৰৰ শিলৰ ওপৰত বহি থকা ডডঁ নামে হাঁহৰ লগৰ পাখি বিহীন কদাকাৰ এবিধ চৰাই দেখিবলৈ পাইছিল। কিন্তু এতিয়া তাৰ চিনো পাবলৈ নাই-

কিয়া হল। [ ১২২ ]

১৩শ প্ৰতিকৃতিত তৰপ বিলাকৰ ভাৱ দেখুৱা হৈছে। ইয়াত দুই নক্সাৰ তৰপ দেখা যায় এবিধ সমান এবিধ বেকা। মাটি বালি প্ৰভৃতি বস্তু বিলাকৰ এনে তৰপা-তৰপি দেখি আরু তাত মিহলি হৈ থকা সমুদ্ৰৰ জন্তুৰ হাৰ আদি অবশিষ্ট বস্তু পাই বোধ হয় যে নৈৰ পৰা উটি যোৱা মাটি বালি খিনি নিগৰি সমুদ্ৰৰ তলীত এইদৰে গোট খাইছিল। প্ৰখমে ১ তৰপৰ পৰা ৯ তৰ- পলকে এই খিনি তৰপ সমুদ্ৰ তলীত পতা হৈছিল, কিন্তু কোনো এক সময়ত সেই বিলাক তৰপ ক খ এই দুই ঠাইত তলৰ পৰা কিবা ঠেলা পোৱাত সমুদ্ৰৰ ওপৰলৈ ওলাল আরু চ ঠাইত দোপা পৰা হৈ পূৰ্ব্বৰ দৰে সমুদ্ৰৰ তলত থাকিল। আরু সেই সময়তে সেই বিলাক তপৰৰ ঘ ছ ভাগৰো কোনো ঠাইত দোপা পৰা আৰু ঢৌ উঠা হল; কিন্তু সমুদ্ৰৰ ওপৰ নহল। খ আরু ক ঠাইৰ তৰপ বিলাক তাৰ ওপৰত পৰা তুষাৰ আরু বৰষুণে ভালে তিনি খহাই নি চ আরু ঘ ছৰ ওপৰত নতুনকৈ ১০, ১১, ১২ এই তিনি তৰপ পাতিছিল। [ ১২৩ ]   ক্ৰমে ক আৰু খ পৰ্ব্বতৰ মাজৰ উপত্যকাও সাগৰৰ ওপৰ হল, কিন্তু তেতিয়াও ঘ ছ ৰ ওপৰৰ তৰপ খিনি সমুদ্ৰৰ তলতে আছিল। এই নিমিত্তে তাত আরু তিনি তৰপ ১৩, ১৪, ১৫ জাপ খালে বা পতা হল। পাছত কোনো কাৰণত ঘ ছৰ ওপৰৰ এটাই ভিতৰপ ক চ খ তৰপ বিলাকৰ পৰা ঘ ঠাইত ভাগি এৰাল। আরু ছ গ তৰপ খিনি গ ঠাইত ভাগি গ ঘ তৰপ বিলাকৰ পৰা এৰাল আরু সিহঁতৰ স্থান লৰিল। ছ গ ৰ তৰপ খিনি সমুদ্ৰৰ ওপৰ উঠিল আরু গ ঘ ৰ তৰপ বিলাক যদিও কিছু ওখলৈ উঠিল তথাপি সমুদ্ৰৰ ওপৰ হব নোৱাৰিলে। এই নিমিত্তে তাৰ ওপৰত আরু চাৰি তৰপ ১৬, ১৭, ১৮, ১৯, মাটি পতা হল। ক্ৰমে ছ ঘৰ ওপৰৰ এই খিনি তৰপ আরু এদোপ উঠিল; এইবাৰ সম্পূৰ্ণে সমুদ্ৰৰ ওপৰ হল আরু সমুদ্ৰ হুহঁকি ছ গৰ বাওঁ ফাললৈ গল।

  পৰ্ব্বতীয়া ঠাইত তৰপ বিলাক ভাজ লগা আরু সমান ঠাইত পোন দেখি। অনেক ঠাইত ভাঁজ লোৱা স্তৰৰ তৰপ বিলাকৰ মুৰ ওপৰলৈ ওলোৱাত সেই ঠাইত কি কি তৰপ আছে আরু কোন বিলাক তৰ- পৰ পূৰ্ব্বে কোন বিলাক পতা হৈছিল, তৰপৰ মুৰ বিলাকৰ দ্বাৰায় স্থিৰ কৰিব পাৰি। ১৩শ প্ৰতিকৃতিত থ পৰ্ব্বতৰ গড়াত ৫, ৬, ৭, ৮, ৯ তৰপ, আরু প পৰ্ব্বতত ৮, ৯, ১০, ১১, ১২, ১৩, ১৪ তৰপৰ মুৰ ওলাইছে। তললৈ খানিও এই বিষয় স্থিৰ কৰিব পৰা হয়। ইত্যাদি উপায় দ্বাৰা ভূতত্ত্বজ্ঞ পণ্ডিত বিলকে স্থিৰ কৰিছে যে ভূমণ্ডলত প্ৰধান দুবিধ প্ৰস্তৰ আছে:— আগ্নেয় স্তৰ আরু বারুণ স্তৰ। প্ৰানিট, নিচ্‌, অভ্ৰ স্তৰ, পৰ্ফৰি, বাচাল্ট ইত্যাদি অগ্নিৰ সহায়ত দ্ৰৱ হই পাছে কেঁচা পৰি যি বিলাক প্ৰস্তৰ উৎপন্ন হৈছিল তাৰ নাম আগ্নেয় স্তৰ :— এই বিলাকত তৰপা তৰপি চিন নাই, তাত কোনো প্ৰাণীৰ মৃত দেহ পোৱা নাযায়, আৰু সিহঁত টান। সৰ্ব্ব প্ৰথমে পৃথিবী এই বিধ টান স্তৰৰেই আছিল কিন্তু পাছত তুষাৰ আরু [ ১২৪ ] বৰষুণৰ দ্বাৰা ক্ষয় হৈ আরু তাৰ গুৰি বিলাক সাগৰৰ তলত জাপে কাপে গোটখাই, আরু প্ৰাণী বিলাকৰ মৃত দেহে সৈতে মিহ- লি হৈ, বারুণ স্তৰ বিধ তৈয়াৰ হঁল। সাগৰৰ তলীত তৈয়াৰ হৈছিল বাবে স্তৰ বোলা হয়। বারুণ স্তৰ বিধৰ কোনো বিলাক টান আরু কোনো বিলাক ঢিলা আছে। বহু তলত ওপৰৰ তৰপ খিনিৰ হেচা আরু পৃথিবীৰ অন্তৰৰ তাপ পাই সেই বিলাক টান হল। এই শ্ৰেণীতে চূণ শিল, বালি শিল, স্লেট্‌ প্ৰন্তৰ নাগ মাটি বা কয়লা ইত্যাদি পৰে; ঢিলা বারুণ স্তৰ বিধৰ ভিতৰত সাধাৰণ মাটি, খড়ি মাটি, আলটীয়া মাটি, কুমাৰ মাটি, বালি প্ৰভৃতি বস্তু ধৰা হয়। বারুণ প্ৰন্তৰৰ পঞ্চাশতকৈও সৰহ তৰপ আছে; সিহঁতৰ লক্ষণ মিলাই সিহঁতক ১১ শ্ৰেণী কৰা হৈছে। আরু স্তৰ বিলাক সময়ত পৃথিবীত বাস কৰা জন্তু বিলাকৰ পৰা কাল নিরূপণ কৰি সৃষ্টিৰ যুগানু ক্ৰম স্থিৰ কৰা হৈছে।

  এক এক তৰপ স্ৰজন হবলৈ কেই হাজাৰ বৎসৰ লাগি- ছিল আরু আগ্নেয় স্তৰৰ পৃথিবী খন অত বিলাক বারুণ স্তৰেৰে আবৃত হবলৈ কিমান কল্প লাগি ছিল, তাক অনুমান কৰা সাধ্যাতীত। কিন্তু সকোলোএ জানে বৰ্ত্তমান কালত নৈয়ে এৰা সুতি এটাই, কেবা পুরুষতো পোত নঁগৈ বিল হৈ থাকে। বঙ্গদেশ যেনেকৈ ব্ৰহ্মপুত্ৰ আরু গঙ্গা নদীএ অনা মাটিৰে পতা হৈছে। মিশৰ দেশ খনন সেইদৰে নীল নদীএ অনা মাটিৰে পতা হয়। মচুৰ গিৰাৰ্ড চাহাবে কয় যে নীল নৈৰ বোকাত মিশৰ দেশ খন ১০০ বছৰৰ ভিতৰত ৫ ইঞ্চি মাত্ৰ পোত যায়। সেই চাহাবেই লেখে যে এক স্তৰ মাটি জাপ লবলৈ কিমান দিন লাগিব মন কৰা। পৃথিবী মানুহৰ আবাস স্থান হবৰ চিন শিলৰ খঞ্জি, কুঠাৰ, অলঙ্কাৰ প্ৰভৃতি, মাত্ৰ ৪ৰ্থ যুগৰ মৃত্তিকা স্তৰৰ নিচেই

ওপৰৰ তৰপ বিলাকততহে পোৱা গৈছে। তেনে অলপ দিনীয়া [ তালিকা ]

পৃথিবীৰ স্তৰ বিলাকৰ নাম, জাতি আৰু যুগানুক্ৰমে সৃষ্টিৰ তালিকা।

চতুৰ্থ যুগ স্তৰ বিলাকৰ নাম যি যি তৰপ সেই বিলাক স্তৰত প্ৰধানকৈ
পোৱা হয়
যি যি প্ৰাণীৰ দেহাৱশেষ আরু
আন আন চিন পোৱা হয়
ভাৰতবৰ্ষৰ যি যি ঠাইত
সেই বিলাক স্তৰ পোৱা যায়
স্তৰ বিলাক গড়ে কিমান ফুট ডাঠ
চতুৰ্থ যুগ মৃত্তিকা বালি, কঙ্কৰ, কুমাৰ মাটি নানাবিধ আলটীয়া
মাটি।
বৰ্ত্তমান প্ৰাণী বিলাক সকলো ঠাইতে অসমান
তৃতীয় যুগ পৰ-তৃতীয়ক শিল-পিঠা, শামুক, কঙ্কৰ। বৰ্ত্তমান প্ৰাণীবিলাকৰ শতকৰা ৪৯ জাতি, মেষ্টডন। মাদ্ৰাজ, নৰ্ম্মদাৰ পাৰ
ভাৰতবৰ্ষৰ পূব কাসৰ
২৮৫০ ফুট
মধ্য-তৃতীয়ক চুৰ্ণ-শিল, কুমাৰমাটি, সামুদ্ৰিক মাৰ্ল প্ৰস্তৰ। বৰ্ত্তমান প্ৰাণীৰ শতকৰা ১৮ জাতি, বিলৰ শামুক,
সামুদ্ৰীক স্তন্য-জীবী।
শৈবালিক পৰ্ব্বত
পূৰ্ব্ব-তৃতীয়ক কুমাৰ মাটি, বালিশিল, জিপচম্। বৰ্তমান প্ৰাণীৰ শতকৰা ৩ জাতি, পেলিয় থৰিয়াম কৰাচিৰ পৰা পেচোয়াৰেদি
আসাম আৰু পেগুল'কে
পৰ্ব্বতশাৰি
দ্বিতীয় যুগ চৌৰ্ণ খড়ি মাটি, টিঙ্গিৰ পাথৰেৰে মিহলি খড়ি
মাটি, সৌজিয়া চূণ-শিল।
প্ৰায় সকলো বিলাক সামুদ্ৰিক জন্তু, স্পঞ্জ, পোৱাল,
কোমলকায় প্ৰাণী বিলাক, শুক্তি-দেহী সৰ্পী বা সৰ্পজাতীয়।
ত্ৰিঞ্চিন্বপল্লী প্ৰদেশ ৬১৫০ ফুট
উয়লিটিক কুমাৰ মাটি, লো-মাটি, পৰ্টলেণ্ড শিল, চূণ
শিল, ইত্যাদি।
প্ৰথম স্তন্য-জীবী, কাচ, পতঙ্গ, পাখীলগা গুই জাতি
ইগোৱানডন শুক্তি-দেহী, এমনাইট।
তিব্বতৰ কাষৰ, কচ্ছ দেশ,
ৰাজমহল।
লাবন খনিজ লোণ, জিপচম, ৰঙ্গা আৰু বগা
বালিশিল, ৰঙ্গা মলিয়া প্ৰস্তৰ।
জেঠি আৰু কুম্ভীক জাতি। পঞ্জাবৰ লোণৰ পৰ্ব্বত
প্ৰথম যুগ আঙ্গাৰ্য্য নাগ মাটিৰ স্তৰ, বালি শিল, লো-শিল, কুমাৰ মাটি বিস্তৰ উদ্ভিদ, কৰ্ণগছ, টকৌ ইত্যাদি বৰ ডাঙ্গৰ গছ
সামুদ্ৰিক শামুক, জু-ফাইট।
পঞ্জাব, ৰাণিগঞ্জ, দামোদৰ,
জয়পুৰৰ পৰ্ব্বত, নগাপৰ্ব্বত
৪৯,৪৫০ ফুট
ডিবনীয়া চূণ শিল, বালি-শিল, শিল পিঠা মাচ, শামুক, সামুদ্ৰিক উদ্ভিদ। পঞ্জাবৰ লোনৰ পৰ্ব্বত
চিলুৰীয়া বালি শিল, স্লেটময় চূণ-শিল পোৱাল, শামুক, ট্ৰিলবাইট, সাগৰৰ বন শেষৰ তিনি ঠাই, হিমালয়
তিব্বতৰ উত্তৰ-পশ্চিম ফাল
স্লেট অপৰ্য্যাপ্ত স্লেট প্ৰস্তৰ আরু ঘোৰ বৰণৰ চূণ শিল পোক, কোমলকায় প্ৰাণী বিলাক হিমালয় পৰ্ব্বতৰ নানা স্থানত
আগ্নেয় আড্ৰক লায়াচ, বাচাণ্ট, স্ফটিক, গ্ৰেনিট। কোন প্ৰাণীৰ বা উদ্ভিদৰ চিন ইয়াত পোৱা নাই

(১২৪ পৃঃ ক)

[ ১২৫ ]
 

মানুহ স্ৰজনৰ কালেই আমোলকৰ মানত কিমান পুৰণা। সেই প্ৰস্তৰ বিলাকৰ নাম আরু সৃষ্টি যুগানুক্ৰম আগত দিয়া তালিকা পৰা জনা যাব।

 পৃথিবীৰ স্তৰ বিলাক পৰীক্ষা কৰি দেখিলে জনা যায়, যে যি ভূমিক আমলোকে সুদৃঢ় আরু অচল বুলি ভাবোহক, যি পৰ্ব্বত বিলাকক নগ বুলি ভাবোঁহক, যথাৰ্থতে সেই সকল বিলাক সচল আরু পৰিবৰ্ত্তনীয়। এক সময়ত যি ঠাইত সমুদ্ৰ আছিল এতিয়া তাত পৰ্ব্বত হৈছে যত এতিয়া পৰ্বত আছে কি জানি কালক্ৰমে তাত সমুদ্ৰ হব। হিমালয়, নগা-পৰ্ব্বত প্ৰভৃতি যি ঠাইত আছে, তৃতীয় যুগত তাত অনেক অনেক হাঙ্গৰ, তিমী প্ৰভৃতীএ সমুদ্ৰ বিলোড়িত কৰিছিল আরু অনেক নদী সেই সমুদ্ৰত পৰি তাৰ তৰপ খিনি গোটাইছিল। এতিয়া সেই বিলাকৰ চিন স্বরূপ পৰ্ব্বতৰ টিঙ্গৰ ওপৰত হাঙ্গৰ মাছৰ হাৰ পৰি আছে। যি বিলাক চূণ-শিল পৰ্ব্বতৰ পৰা অনা যায়, তাক ভাঙ্গি অনুবীক্ষণেৰে পৰীক্ষা কৰিলে সেই বিলাক ৰ এবিধ সামুদ্ৰিক কীটামুৰ গোট খোৱা হাৰৰ দঁম বুলি জনা যায়। যি খড়িমাটিৰে বৰ ফলিত লিখা যায় যাক ইংলণ্ডৰ কেণ্ট টাঙ্গনীৰ পৰ্ব্বত বিলাকৰ পৰা বোজা বোজে অনা হয় সিও এবিধ সামুদ্ৰিক কীটাণুৰ শৰীৰ। শ্ৰীহট্ট জিল্লাৰ লবৰ পৰ্ব্বত বিলাকত হাঙ্গৰ, কুম্ভীৰ আরু ৰৌ মাচৰ অনেক হাৰ, দাঁত পোৱা গৈছিল।

 পৰ্ব্বত কি ভৈয়াম য'ৰে ত'ৰে স্তৰ পৰীক্ষা কৰি চালেই ইয়াৰ প্ৰমাণ পোৱা যায়। সাগৰৰ তলী পৰীক্ষা কৰিলে জনা যায় যে য'ত এতিয়া সাগৰ আছে ত'ত পূৰ্ব্বে বাম মাটি আছিল। ইংলণ্ডৰ দক্ষিণ পাৰত আৰু ফ্ৰাঞ্চ দেশৰ উত্তৰ পাৰত যেতিয়া কোটাল ভাটা হয় তেতিয়া কেবা ঠাইত সাগৰৰ তলী ওলায়। সেই বিলাকত গছৰ মুঢ়া প্ৰভৃতি আগৰ কালৰ অৰণ্যৰ চিন পোৱা গৈছে। “১২৪৪ বাঙ্গালা শকত ৰাজ পুরুষ বিলাকৰ আজ্ঞাত ফোৰ্ট উইলীয়ম গড়ৰ ভিতৰত এঠাইত [ ১২৬ ] ২৩০ হাত দকৈ এটা গাঁত খনা গৈছিল। ওপৰতে কিছুমান পলশুৱা আলটীয়া মাটি আৰু বালি পোৱা গল; ২০ হাতৰ তলত বোদ * মাটি, ৰঙ্গা বৰণৰ কাঠ আকি এড়োখৰ হাৰ ওলাইছিল। প্ৰসিদ্ধ উদ্ভিদ- বেত্তা শ্ৰীযুক্ত ওয়ালিক চাহাবৰ মতে কাঠ ডোখৰ সুন্দৰী কাঠ। ২৪০ হাতৰ দত দুডোখৰ কাচৰ চলঙ্গ পোৱা গৈছিল। ২৫৩ হাত দত শামুকেৰে মিহলি এতৰপ চূণ মাটি আছিল। তাৰ তলতে আকৌ বেদ মাটি আৰু তাৰ পাছত নাগ মাটি ওলাইছিল। ইয়াৰ পাছত ৩১২ হাত দলঁকে এতৰপ ডাঠ কঙ্কৰ আরু তাৰ তলত আকৌ কাঠ পোৱা হয়। ইয়াৰ পৰা জনা যায় যে এসময়ত যি ডোখৰ মহাৰণ্য আছিল সি কিবা গতিকে বহি গৈ, তাৰ ওপৰত সমুদ্ৰ হল। কিন্তু সমুদ্ৰ ক্ৰমে গঙ্গা আৰু ব্ৰহ্মপুত্ৰই অনা মাটিৰে পোত যোৱাত সমুদ্ৰ গুচি বাম মাটি হৈ তাত এক মহাৰণ্য হল। সেই মহা- ৰণ্য পুনৰ বহি গল। এই দৰে ঘটনা হোৱাত এতিয়া এতৰপ বোদ মাটি আৰু এতৰপ নাগমাটি আক প্ৰত্যেকৰ ওপৰত তৰপ চেৰেক কঙ্কৰ, চূণ-মাটি বালি, শামুক ৰৈ থকা দেখিবলৈ পোৱা হৈছে। মানুহৰ স্মৰণ থকা কালৰ ভিতৰতে এনে পৰিবৰ্ত্তন হৈ গৈছে। সমুদায় ব্ৰহ্মপুত্ৰ আৰু গঙ্গা নদীৰ ত্ৰিকোণমণ্ডল এক সাগৰ আছিল। “সুখ সাগৰ (শুষ্ক সাগৰ) চাকদ ( চক্ৰ দ্বীপ বা চক্ৰাকাৰ দহ) নদীয়া (নৱদ্বীপ) অগ্ৰদ্বীপ; ডুমুৰদহ, নলদী (নলদ্বীপ) নল- ডাঙ্গা, গোযাখাল প্ৰভৃতি গাওঁ বিলাকৰ নামৰ পৰা এই কথাৰ প্ৰমাণ পাব পাৰি। ভূমিৰ যি পৰিবৰ্ত্তনৰ কথা কোৱা হৈছে সি একে বেলিএই হঠাৎ হব পাৰে নতু লাহে লাহেও ঘটিব পাৰে। আরু আগৰ কালতেই ঘটিছিল আজি কালি নাই, তেনে নহয। বৰ্ত্তমান


  * বোদ এবিধ কঁলা মাটি; জুইত দিলে পোৰে। যথাৰ্থতে সি জগা কাঠৰ লগৰ কাঠ। নাগমটি বা কয়লাও জগা কাঠৰ লগৰ কিব সেয়ে জানিবা শিলাময়।

[ ১২৭ ] কালতো, সদা সৰ্ব্বদা ভূমিৰ অধঃপতন আরু উৰ্দ্ধক্ষেপণ হবই লাগিছে। উৰ্দ্ধক্ষেপণৰ প্ৰমাণ স্বরূপ পাৰত সমুদ্ৰৰ পৰা কেবা হাতৰ ওপৰতো সামুদ্ৰিক জন্তুৰ হাৰ আদি বস্তু দেখিবলৈ পোৱা যায়। ভাৰত বৰ্ষৰ সমুদায় পূবৰ পাৰটোত সাগৰৰ কোটাল জোৱাৰ জল- সীমাৰ পৰা ২০। ১৫ হাত ওখত, আজি কালি সাগৰৰ জুঙলিত পোৱা শামুকৰ নিচিনা এবিধ শামুকেৰে মিহলি মাটি পোৱা গৈছে। অৱশ্যে আগৰ কালত এই বিলাক শামুক সাগৰৰ জুঙলিত আছিল। লঙ্কা দ্বীপৰ উত্তৰ ভাগ, ত্ৰিভাঙ্কুৰৰ পাৰটোৰ কিছু অংশ শঙ্খ শামুক বিশিষ্ট শিলাময় স্তৰৰ; এই স্তৰ তাৰ ওচৰত থকা সাগৰৰ ভিতৰৰ পোৱাল পোক বিলাকে পতা স্তৰৰ সৈতে সম্পূৰ্ণ মিলে। কাতি- ওয়াৰতো সাগৰৰ পৰা কেবা হাতৰ ওপৰত শঙ্খৰে মিহলি মাটি পোৱা গৈছিল। এই বিলাক ঘটনা মানুহৰ কালতে হৈছে। হঠাৎ সমুদ্ৰৰ পৰা ভূমি ভাগ ২০। ১৫ হাত উঠা হেতেন তাৰ কোনো ইতিবৃত্ত থাকিল হেতেন। মানুহে গম নোপোৱাকৈ সমুদ্ৰৰ পৰা ভূমি ইমান ওপৰ উঠিল, এই নিমিত্তেহে তেনে ইতিবৃত্ত নাই। দক্ষিণ আমেৰিকাত উৰ্দ্ধক্ষেপণ ক্ৰিয়া অত্যন্ত বাহুল্য রূপে হৈছে। সমুদায় পেটেগণীয়া, চিলি, লাপ্লাটা সমুদ্ৰৰ পৰা ক্ৰমে উঠিছে। লীমা নগৰত সমুদ্ৰৰ পৰা ২৭ হাত ওখত শঙ্খ শামুকেৰে মিহলি মাটি এতৰপত পোত গৈ থকা, গুঠি ৰখা অলপ মুঠা, পচা কপাহি জৰি, আৰু ধানৰ আগ পোৱা গৈছিল। তাৰ পৰাই জনা যায়। এই ভাগ ভূমি, গম নোপোৱাকৈ, মানুহে ওচৰত বাস লবলৈ ধৰা কালৰ পৰা এতিয়ালকে ইমান ওপৰ উঠিছে। সেই দৰে উত্তৰ ইউ- ৰোপত ক্ৰমাৎ উৰ্দ্ধ-ক্ষেপণৰ প্ৰমাণ পোৱা যায়। স্যৰ, স্যি, লায়েল চাহাবে উডিৱেলত সমুদ্ৰৰ পৰা ৬৬ হাত ওখত আজি কালি সাগৰৰ জুলিৰ শিলত লাগি থকা শামুকৰ শ্ৰেণীৰ গোটা দিয়েক শুকান শামুক দেখা পাই। ইং ১৮২০ সনত ষ্টকহলমৰ উত্তৰত থকা গোটা [ ১২৮ ] দিয়েক শিলত তেওঁ পানীৰ সমানে বাৰ কাটি থয়। ১৪ বছৰৰ পাছত তাক চাই দেখিলে যে সিমান দিনত সেই শিল ৫ ইঞ্চি ওপৰ উঠিল। সেই চাহাবে ইত্যাদি প্ৰমাণ কৰি নিরূপণ কৰে যে উত্তৰ অন্তৰীপৰ পৰা দক্ষিণে ষ্টকহলম পৰ্য্যন্ত, স্কেণ্ডেনেভিয়াৰ এশ বছৰত উৰ্দ্ধ ক্ষেপণৰ নিৰিখ, কেবা ফুটৰ পৰা ইঞ্চি দিয়েকলকে ক্ৰমে কমি আহিছে। সাগৰৰ পাৰৰ লগে লগে ভিতৰৰ দেশো ক্ৰমে উঠে কিন্তু তাৰ চিন ধৰিব নোৱাৰি।

  বৰ্ত্তমান যুগৰ ভিতৰত ভূমধ্যসাগৰ তললৈ বহি, যোৱাৰ প্ৰমাণ নেপল্চ‌্‌ উপসাগৰত পোৱা যায়। তাত পূৰ্ব্বে পাৰত থকা মন্দিৰ এটাৰ খুটা, ভেটি, নৰকৈ থিয় হৈয়ে ক্ৰমে সাগৰৰ ওপৰত খুটাৰ আগ ওলাই থকা দেখি প্ৰথমতে বিস্ময় হব লাগে। পীৱাল পোক বিলাকৰ দ্বীপ নিৰ্ম্মাণ কৰা দস্তুৰ দেখি জনা যায় ভাৰত সমুদ্ৰ আৰু স্থিৰ সমুদ্ৰৰ যঁত যঁত লাক্ষা দ্বীপ, মালয় দ্বীপ, পোৱালৰ দ্বীপ অষ্ট্ৰেলিয়াৰ কাসৰৰ পোৱালে সজা মগ্ন-গিৰি আছে সেই কিভাগ ক্ৰমে বহি গৈছে।

  বৰ্ত্তমান কালত ভূমি আৰু সমুদ্ৰৰ যি সীমা আছে সি ক্ষণ স্থায়ী, হাজাৰ দিয়েক বছৰৰ নিমিত্তে থকা যেন দেখি, পাছলৈ লৰ দেখা যাব। ভূ-তত্ব-বেত্তা বিলাকে যিমান কালত পৃথিবীৰ ওপৰত কোনো পৰিবৰ্ত্তন হয় বুলি স্থিৰ কৰিছে, তেনে কালৰ মানত অল্প হোৱা কালৰ পূৰ্ব্বে, উত্তৰ আশিয়া আরু উত্তৰ ইউৰোপ এই দুই বিস্তীৰ্ণ সমন্থল সমুদ্ৰৰ গৰ্ভৰ পৰা উঠিছে। তাৰ কিছু পূৰ্ব্বে অৰ্থাৎ মধ্য তৃতীয়ক ফালত ইউৰোপৰ মধ্য দেশত আরু আশিয়াৰ মধ্য দেশত এক বিস্তীৰ্ণ সমুদ্ৰ থাকি আল্পচ্‌ পৰ্ব্বতৰ মূল দেশ ধৌত কৰিছিল। হিমালয় অনেক কাল পূৰ্ব্বে তৃতীয়ক যুগাংশলকে সমুদ্ৰৰ তলত আছিল; পাছে দক্ষিণ ফালৰ পৰা আশিয়া আরু ইউৰোপ সমুদ্ৰৰ পৰা উঠি গিৰি ৰাজ নাম পাইছে। হিমালয়ৰ লগে লগে [ ১২৯ ] আন আন ঠাইও সমুদ্ৰৰ গৰ্ভৰ পৰা উঠি বাম হল কেৱল দুঠাই আগৰ সমানে দ থাকিল আরু সেই দুঠাই এতিয়া কাস্পীয়ান আৰু আৰাল হ্ৰদ বুলি জনা আছে। উত্তৰ আফ্ৰিকা সাহাৰা মরুও আগৰ দিনৰ সমুদ্ৰৰ শুকান তলী। দাক্ষিণাত্য অত্যন্ত প্ৰাচীন যুগৰ পৰা হিমালয় পৰ্ব্বত সমুদ্ৰৰ গৰ্ভত থাকোতেই, ভূমি অৱস্থাত আছিল আরু সুমিত্ৰা, অষ্ট্ৰেলিয়া, মাডাগাস্কাৰ, দক্ষিণ আফ্ৰিকা সৈতে সংলগ্ন হৈ এক মহাদেশ আছিল; কিন্তু পাছে দক্ষিণ ভাগ বহি গৈ ভাৰত সমুদ্ৰ হয়। আরু বহি যোৱা পৰ্ব্বতৰ শিখৰত, চল পাই পোৱাল বিলাকে বাহ সাজি মালদ্বীপ, লাক্ষাদ্বীপ উৎপন্ন কৰে। দক্ষিণ স্থিৰ সমুদ্ৰৰ অসংখ্য দ্বীপমালা বিলাক বোধ হয় ক্ৰমে মগ্ন হৈ যোৱা আন এক বিস্তীৰ্ণ মহাদেশৰ পৰ্ব্বত বিলাকৰ শিখৰাগ্ৰ। ভূমিৰ ক্ৰমাৎ উৰ্দ্ধক্ষেপণ আৰু অধঃপতন আছে। (ভূমি- কম্পৰ অধ্যায়ত চাবা। )

  দেখিবলৈ অচল ভূমি যি সকল তাৰ কাৰণ কি? এই বিষয়ে অলপ অনুসন্ধান কৰা যাওক। পৃথিবী পৃষ্ঠৰ ওপৰত যি তাপ আমা- লোকে পাওহক, সি সম্পূৰ্ণ সূৰ্য্য মূলক আরু সেই নিমিত্তেই দিনতকৈ ৰাতি জাৰ; কিন্তু মাটিৰ ইঞ্চি দিয়েকৰ তলত দিন ৰাতিৰ ভিন্ন তাপ পোৱা নাযায়। গাঁত এটাত তাপমান যন্ত্ৰ ৰাখি তাৰ প্ৰমাণ চাব পাৰি। ঋতু পৰিবৰ্ত্তন অনুসাৰে পৃথিবীৰ ওপৰত যি জাৰ জহৰ লৰ দেখি, তেনে লৰ তলতো দেখি কিন্তু ৮০। ৯০ ফুট মাটিৰ তলত তাকে দেখা নাযায়; গোটেই বছৰ সিমান তলত একে সমান তাপ থকা প্ৰমাণ পোৱা গৈছে। পেৰি নগৰৰ “অবজৰ্ভেটৰীত” ৯০॥ হাত দত এটা কোঠালি আছে; সেই কোঠালিত যি তাপমান যন্ত্ৰ আছে, তাৰ পাৰা বাৰও মাহ একে ঠাইতে থাকে। এই দৰে বাৰও মাহ সমান তাপ থকা ঠাই পৃথি- বীৰ সকলো অংশতে আছে; মাত্ৰ কোনো ঠাইত কিছু ওপৰত [ ১৩০ ] কোনো ঠাইত কিছু দত হব পাৰে। বোধ হয় নিৰক্ষ বৃত্তৰ তলত সৰ্ব্বপেক্ষা দত থাকে, ক্ৰমে দুই মেৰুৰ ফাললৈ উঠি গৈছে। এনে সম-তাপৰ ঠাইৰ পৰা ক্ৰমে দলৈ ৬০ ফুটত ১° ফা. তাপ বাঢ়ি যোৱাৰ প্ৰমাণ পোৱা হয়। তেনে হলে অৱশ্যে পৃথিবীৰ সকলো অংশত, ১০,০০০ বা ২০,০০০ ফুটৰ তলতে উত্তলা পানীৰ সমান তাপ থাকিব। পৃথিবীৰ ওপৰত ২৭৩২ ফা তাপত লো দ্ৰৱ হয়; এই নিৰিখে হলে ৩১ মাইল দত পৃথিবীৰ স্বাভাবিক তাপেই লো দ্ৰৱ হব পৰাৰ সমান; আরু লো দ্ৰৱ অৱস্থাত থাকিল হেতেন। কিন্তু জানিব লাগে যে হেচা বা চাপ বেচি হলে যেই সেই বস্তু দ্ৰৱ হবলৈ তাপো বেচি হব লাগে। ওপৰৰ তৰপৰ ভাৰ পৰি ক্ৰমে পৃথিবীৰ তললৈ চাপ বেচি হৈ গৈছে। আমাৰ গণনাত এই ক্ৰমাৎ বৰ্দ্ধিত হেচা বা চাপৰ পৰিমাণকো ধৰিব লাগে। এই দৰে লেখ কৰি হপকিন্‌চ্‌ চাহাবে স্থিৰ কৰে যে ১০০০ মান মাইল দত সকলো ৰকম পদাৰ্থ দ্ৰৱ অৱস্থাত থাকিব। পৃথিবীৰ খোলা স্বরূপ টান ভাগ ১০০০ মাইল ডাঠ; তাৰ ভিতৰত ৫৯১২ মাইল ব্যাসৰ এটা উত্তপ্ত দ্ৰৱ প্ৰস্তৰৰ পিণ্ড আছে। মাটিৰ তলৰ পৰা আগ্নেয় গিৰিৰ লোৱাচুৰ, উষ্ণ প্ৰস্ৰবণৰ তপত পানী আদি যি বিলাক বস্তু ওলায়, সেই বিলাকে যথেষ্ট রূপে প্ৰমাণ দিয়ে যে, পৃথিবীৰ অন্তৰ খন অত্যন্ত তপত। কিন্তু ভাবিব না লাগে যে আগ্নেয় পৰ্ব্বতৰ লোৱাচুৰে বা উষ্ণ উৎসৰ পানীয়ে পৃথিবীৰ ৰাজৰ অগ্নিময় পিণ্ড চুই আহিছে। এই বিলাক বস্তু পৃথিৱীৰ খোলাৰ নিচেই ওচৰ ভাগতে উৎপন্ন হব পাৰে। (আগ্নেয় গিৰিৰ অধ্যায় চাবা)। পৃথিবী সৰ্ব্ব প্ৰথমে সূৰ্য্যৰ দৰে দ্ৰৱ উত্তপ্ত স্তৰৰ আরু বাষ্পৰেই আছিল কিন্তু কাল ক্ৰমে চেঁচা পৰি ওপৰৰ ভাগ টান হৈ আরু প্ৰাণীৰ আবাস স্থান হল। অন্তৰ ভাগো ক্ৰমে চেঁচা হৈছে কিন্তু টান হব পৰা নাই; ইমান লাহে লাহে চেঁচা হৈছে যে কেবা জাৰ বছৰতো তাপ পৰিমাণৰ লৰ হোৱা পম ধৰিব নোৱাৰি। [ ১৩১ ]   পৃথিবী খনক অন্তৰৰ তাপ সম্পৰ্কে, চেঁচা হবলৈ দিয়া ইটাৰ বা চণ ভোটা এটাৰ সৈতে তুলনা কৰিব পাৰি। ভোটাৰ অন্তৰৰ পৰা তাপ ক্ৰমে ওপৰৰ লেপৰ মাজেদি ওলাই ভিতৰখন চেঁচা হয়। ভিতৰৰ পৰা তাপ পৰিচালন হৈ ভোটাৰ লেপৰ ওপৰত গোট খাবলৈ নাপায়; তৎক্ষণাৎ আকাশলৈ তাপ গুচি যাই। এই নিমিত্তে বাহিৰ ভাগ প্ৰায় সদাই সমান চেঁচা থাকে। ভোটা চেঁচা হবলৈ দিয়াত যেনেকৈ ওপৰত হাত দিব পাৰি, অত্যন্ত প্ৰবল রূপে জলি থাকোতেও প্ৰায় সেই দৰেই পাৰি। কিন্তু লেপ অলপ গুচাই ইটাত হাত দিয়া অসাধ্য। পৃথিবী খনৰো সেই কথা; ভিতৰ খন ক্ৰমে চেঁচা হৈছে, বাহিৰ খন সৰ্ব্ব প্ৰথমে চেঁচা হল; কিন্তু বহুকাল প্ৰায় একে সমানে চেঁচা আছে। সূৰ্য্য-তাপ নোহোয়া হলে নিৰক্ষ বৃত্ততো মেরুৰ সমান জাৰ হল হেতেন। বস্তু তপত অৱস্থাতকৈ চেঁচা অৱস্থাত সরু হয়। কমাৰে তাকে জানি, কাঠৰ চাকা এটাত লোহৰ মেৰ খুৱাব লাগিলে অগেয়ে মেৰটো তপত কৰি ঢিলা কৰি লয়। পাছে মেৰৰ ভিতৰত কাঠৰ চাকা সুমাই পানী ঢালি চেঁচা কৰে; তাতে লোৱৰ মেৰে ঠেক হৈ কাঠৰ চাকাটোক আঁটি ধৰে। আকৌ, বস্তু যিমান পৰিমাণে চেঁচা হয়, সিমান পৰিমাণে সঙ্কুচিত হয়। এই নিমিত্তে পৃথিবীৰ ভিতৰখন বেচি চেঁচা হয় বুলি, বেচি সঙ্কুচিত হয় কিন্তু ওপৰ ভাগ প্ৰায় সদাই সমান চেঁচা এই নিমিত্তে সি সিমান সঙ্কুচিত নহয়। এই দূৰে অন্তৰ ভাগ ক্ৰমে সরু হৈ গলে, আরু তাৰ পৰিমাণে বাহিৰ খন সঙ্কুচিত নহলে যে ভূমিৰ উৰ্দ্ধক্ষেপণ অধঃপতন হব পাৰে, তাক তলৰ প্ৰতিকৃতিৰ পৰা বুজি লব পাৰি।

 ১৪ প্ৰতিকৃতিৰ ক খ এই ঘোৰ বৰণৰ মেৰটোয়ে পৃথিবীৰ ওপৰ ভাগ বুজাইছে যি ভাগৰ সদা সৰ্ব্বদা প্ৰায় একে সমান তাপ আরু সেই নিমিত্তে প্ৰায় সঙ্কুচিত নহয়; তাৰ ওপৰত গ ঘ মেৰটোএ

[ ১৩৩ ] পৃথিবীৰ অন্তৰত তাপ নথকা হলে, আরু সেই তাপ ক্ৰমে হ্ৰাস হৈ পৃথিবী খন অসমান রূপে সঙ্কুচিত হলে, পানীৰ নিদানে, পৃথিবী-পৃষ্ঠ অসমান হব নোৱাৰিলে হেতেন। ১৪শ প্ৰতিকৃতিত জ গোলকৰে আরু ক খ মেৰটোৰে মাজত সুরুঙ্গা হয় বুলি ধৰা হৈছে। আরু দুইটা প্ৰতিকৃতিতে ক খ আরু জ ভিন্ন ভাৱে যেনেকৈ দেখুৱা হৈছে প্ৰকৃত পক্ষে এনে সুরুঙ্গা হবলৈ পৃথিবীৰ ওপৰ ভাগে অপেক্ষা নকৰে। অন্তৰৰ তপত গোলক যেনেকৈ চাপ খাবই লাগিছে, তাৰ

১৫শ প্ৰতিকৃতি

সমুদ্ৰ আৰু মগ্নগিৰি

পাছতে, ওপৰৰ চেঁচা খোলাটো ভাগি ভুহঁৰি নানা ভাঁজ লৈ অঁত বাহিৰলৈ ফিক খাই, তঁত দোপা পৰি তপত গোলকৰ ওপৰত জাপ খাই পৰিবই লাগিছে। যঁত দোপা পৰিছে তালৈ ফিক্‌ খাই উঠা ঠাইৰ পৰা সমুদ্ৰ হুহঁকি গৈ নতুন সমুদ্ৰ হৈছে; সমুদ্ৰে এৰি যোৱা ওখ ঠাই ন নতুম মহাদেশ হৈছে। যি ঠাইত ঢৌৰ দৰে ভাঁজ হৈছে অথবা এক খণ্ড ভগা স্তৰ আন এখণ্ডৰ ওপৰত আওজি ৰৈছে তাত পৰ্ব্বত হৈছে; যদি সেই বিলাক ভাঁজ ফিক্‌ খোৱা ঠাইৰ ওপৰত নঁহৈ দোপা পৰা ঠাইত হৈছে, তেনে হলে মগ্ন গিৰি উৎপন্ন হৈছে [ ১৩৪ ] আরু সেই বিলাক মগ্ন গিৰিৰ আগ যদি সমুদ্ৰৰ ওপৰে ওলাইছে দ্বীপ বুলি খ্যাত হৈছে। পৃথিবীৰ অসমান সঙ্কোচন ব্যাপাৰ বহু কাল ব্যাপি অবিচ্ছেদে ঘটিবই লাগিছে এই নিমিত্তে মুহূৰ্ত্ত স্থায়ী মানুহে গম ধৰিব নোৱাৰাকৈ নতুন পৰ্ব্বত স্ৰজন, সমুদ্ৰৰ স্থান স্খলন হবই লাগিছে আরু হৈ থাকিব।

  এই দৰে ওপৰৰ চেঁচা তৰপ বিলাক খহি পৰোতে ঘহনি খাই যি তাপ উৎপন্ন হয় সেই তাপত কোনো ভাগ দ্ৰৱ হয় আরু ভগা তৰপৰ মাজে মাজে সোমায়; নতুবা ওপৰলৈ সেই দ্ৰৱ বস্তু উঠি বায়ু আরু পানীৰ সংসৰ্গত সোনকালে টান মাৰি কঁলা আরু চক- চকীয়া হৈ থাকে। তেনে প্ৰস্তৰক ট্ৰেপ' প্ৰস্থৰ বোলে। তাৰ নক্সা ১৩ প্ৰতিকৃতিত ট আখৰৰ দ্বাৰা দেখুৱা হৈছে। সেই দ্ৰৱ প্ৰস্তৰৰ যি ভাগ, তৰপ বিলাকৰ তলত থাকে বায়ু বা পানীৰ সৈতে সংসৰ্গ হবলৈ নাপায় সেই ভাগ সোনকালে চেঁচা নহয় আরু স্বচ্ছ বা কঁলা হব নোৱাৰে কিন্তু টান হয় সেই বিলাক প্ৰস্তৰক গ্ৰানিট বোলে। তাক ১৩ প্ৰতিকৃতিত ন আখৰৰ দ্বাৰায় দেখুৱা হৈছে। ট্ৰেপ প্ৰন্তৰ বিলাক যথাৰ্থতে পূৰ্ব্ব কাল আগ্নেয়গিৰিৰ লোৱাচুৰ। ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলত ট্ৰেপ প্ৰস্তৰ বিস্তৰ দেখা যায়। নাগ- পুৰ আরু বোম্বাই এই দুই ঠাইৰ মাজৰ সমুদায় দেশখনতে এই ট্ৰেপ প্ৰস্তৰ বহু ঠাই যুৰি পৰ্ব্বতাকাৰে পৰি আছে, দ্ৰৱ অবস্থাত ওলোৱা বুলি ট্ৰেপ, প্ৰস্তৰৰ পৰ্ব্বত বিলাক ওপৰত সমান আরু কোনোটো হত জখলাখপীয়া। (তাৰ পৰাই ট্ৰেপ নাম পায়; কাৰণ সুইডীয়া ভাষাত ট্ৰেপস্ মানে জখলা) কিছু সময়ৰ অন্তৰে অন্তৰে দ্ৰৱ প্ৰস্তৰ ওলাই ছিল বুলি তেনে জখলা খপীয়া হৈ কোনো কোনো ঠাইত বৰ ডাঙ্গৰ ফাটৰ মাজে সোমাই ট্ৰেপ প্ৰস্তৰ টান মাৰি ট্ৰেপ প্ৰাচীৰ নাম পাইছে।

⸻⸻

[ ১৩৫ ]

দশম অধ্যায়।

ভূমিকম্প আরু আগ্নেয়-গিৰি।

বছৰো আসাম দেশেত ভূমিকম্প নোহোয়াকৈ প্ৰায় সাৰি নাযায়। অতএব আমাৰ দেশৰ মানুহে ভূমিকম্প বা ভূঞকপ কি বস্তু তাক ভাল কৈ জানে। ভূমি কম্প হোৱাৰ কিছু পূৰ্ব্বে শিলৰ আলিৰ ওপৰত ঘোৰা-গাড়ী যোৱা শব্দৰ নিচিনা পৃথিবীৰ অন্তৰৰ পৰা গভীৰ গৰ্জ্জন অহা যেন শুনা যায়। পাছে ভূমি, পানীৰ তৰঙ্গৰ নিছিনাকৈ কৰিবলৈ ধৰে। কেতিয়াবা সরুকৈ এটা জোকাৰ মাৰে; কেতি-য়াবা ইটোৰ পাছত সিটো দুই তিনি পলমান কাল ঢৌ অহাৰ দৰে জোকাৰ বিলাক আহি থাকে আরু তাৰ মাজে মাজে এটা বা দুটা বৰ টান জোকাৰ মাৰে। এই টান জোকাৰতে (যাৰ স্থিতি-কাল মাত্ৰ কি জানি ৪|৫ বিপল মানহে হব সেই ফেৰা কালৰ ভিত-ৰতে) যতমানে মহা ভয়ঙ্কৰ অনিষ্ট হয়। ১৮৬৮ সনত কাৰাকাৱ প্ৰদেশত হোৱা ভয়ানক ভূমিকম্পৰ স্থিতি কাল দুই পল মাত্ৰ; তাতে সেই গোটেই দেশ নষ্ট হয়। এই সময়ৰ ভিতৰত তিনটা জোকাৰ মাৰে; প্ৰত্যেক জোকাৰটো ৫|৬ বিপল মান স্থায়ী। কিন্তু অত্যন্ত অনিষ্টকৰ ভূমিকম্প একে জোকাৰতে অন্ত হয়। ভূমিকম্পৰ সম-য়ত ঘৰ বিলাক বিশেষ কৈ ইটাৰ ঘৰ বিলাক ভাগি পৰে। মানুহে ঘৰ এৰি বাহিৰত হাত ধৰাধৰি কৰি বা মাটিত পৰি শুই থাকে। কিন্তু তাতো নাসাৰে, সাগৰৰ দাতিৰ নগৰ হলে, সাগৰ অলপ সময়ৰ নিমিত্তে পাৰৰ পৰা আঁতৰি গৈ আকৌ পাৰৰ ফাললেকে ৪০|৩০ হাত ওখ গড়াৰ নিচিনা হৈ লৰি আহে আরু পাৰৰ ওপৰৰ মানুহ গরু সকলোকে উটাই নিএ; কোনো ঠাইত মাটি ফুটি পানী [ ১৩৬ ] ধোঁৱা, দ্ৰৱ প্ৰস্তৰ ইত্যাদি বস্তু বেগেৰে উঠে। কঁতো বা পৰ্ব্বত বহি যায় কঁতো বা নতুন পৰ্ব্বত উঠে। ইং ১৬০৭ সনত আসাম দেশত এনে এটা ভূমিকম্প হয়। কেবাটাও পৰ্ব্বত মাটিৰ তললৈ সোমাই গল। কোনোটো চিটা-চিটে ফাটিয়েই সাৰিল। সমথলত ঠাইয়ে ঠাইয়ে মাটি ফুটি বোকা আরু পানী উঠিছিল আরু কোনো ডোখৰ মানুহৰ সৈতে তললৈ গল।

  ভূমিকম্পৰ নানা পণ্ডিতে নানা কাৰণ দিয়ে। বোধ হয় এটাই কেই বিধো সত্য। ঠাইয়ে ঠাইয়ে তাৰ ভিতৰৰ এক বা একাধিক কাৰণৰ পৰা ভূমিকম্প হয়।

  (১) পৃথিবীৰ তপত অন্তৰত নানা বিধ প্ৰধানকৈ কাৰ্বলিক এচিড বাষ্প গোটখাই সৰহ হলে ওপৰলৈ ওলাবৰ নিমিত্তে পুরুষাৰ্থ কৰি, ওপৰৰ হেচা দি থকা স্তৰ কি তৰপ ফুটাই সেয়েদি ৰাষ্প আহোতে ভূমি কঁপাই আহে। অথবা ওপৰৰ পৰা পানী নিগঁৰি গৈ তলৰ তপত প্ৰস্তৰত পৰিলে ভাপ হয় আরু সেই তাপ ওপৰলৈ আহোতে ভূমিকম্প হয়।

  (২) কোনো ঠাহত মাটিৰ তলত চূণ-বীজ, ক্ষাৰ-বীজ মৃদ-বীজ ইত্যাদি কেত বিলাক ধাতু থাকে; তাত পানী লাগিলে জুই উঠে আরু তাতে ওচৰৰ মাটি খিনি দ্ৰৱ হয়; সেই দ্ৰৱ বস্তু বেগেৰে আছাৰ খাই যোৱাত ভূমিকম্প হয় আরু কেতিয়াবা মাটি ফুটি আগ্নেয়-গিৰি হয়ূ। লৌহ-চূৰ্ণ আরু গন্ধক দুইকো পানীৰে মিহলাই সানি মাটিত পুতি থলে অলপ বেলিৰ পাছত সেই মাটি খন কঁপিবলৈ ধৰে। এই ঘটনা দেখি কোনো কোনো ৰসায়ন বেত্তাই কয় যে গন্ধকেৰে মিহলি লোহৰ আকৰত পানী নিজৰি সোমাবলৈ পালে ভূমিকম্প হয়।

  (৩) কাৰো মতে আকাশ আরু পৃথিবীৰ তাড়িত পৰিমাণৰ সাম্য ভাৱ লৰিলে তাড়িত ভূমিৰ পৰা আকাশলৈ যাওঁতে পৃথিবীৰ [ ১৩৭ ] সেই অংশ কম্পমান কৰি যায়; সেই নিমিত্তেই ভূমিকম্পৰ সময়ত কেতিয়াবা অকস্মাৎ বৰষুণ পৰে।

  (৪) পৃথিবীৰ অন্তৰ ক্ৰমে চাপ খাই যোৱাত বাহিৰৰ ভাগত সদাই এটা টাণ পৰি থাকে আরু অকস্মাৎ অঁত তঁত কোনো থল ভাগিলে তাৰ দ্বাৰায় এটা শব্দ হয় আরু চাৰিও কাসৰৰ মাটি খন কঁপিবলৈ ধৰে।

  ভূ-তত্ববিৎ, পণ্ডিত সকলৰ মতে ভূমিকম্প তিনি বিধ হব পাৰে:— প্ৰথম, উৎক্ষিপ্ত কম্পন; এনে কম্পন হলে ভূমি ওপৰলৈ, উফৰি যায় যেন লাগে। ১৮৫৩ সনত যি ভূমি কম্পৰ কাৰণে চিওম্বা নগৰ নষ্ট হয় সি এনেকুৱা আছিল। তাৰ বলত পৰ্ব্বতৰ ওচৰত থকা গাৱঁৰ মানুহ পশু বিলাক উফৰি পৰ্ব্বতৰ টিঙ্গত পৰিছিল। দ্বিতীয় উৰ্ম্মিবৎ কম্পন; এনে কম্পনত মাটিৰ তলত ঢৌ যোৱা যেন অনুমান হয়; অৰ্থাৎ ঠাই ডোখৰ এবাৰ ওপৰলৈ এবাৰ তললৈ লৰিবলৈ ধৰে। সামান্য ভূমিকম্প এনেকুৱা। তৃতীয় ঘূৰ্ণীত বা অৰ্দ্ধ ঘূৰ্ণীত কম্পন; ই সকলোতকৈ ভয়ানক। ইয়াত এডোখৰ মাটি আন এডোখৰৰ মাজত সোমাই গৈ আরু মূহৰ্ত্ততে প্ৰাণী উদ্ভিজ বিলাকৰ স্থান পৰি- বৰ্ত্তন কৰাই। লিচবন্‌ আরু কেলিব্ৰীয়া নগৰ দুখন এনে ভূমি কম্পতে নষ্ট হয়। আৰ মাটি গৈ তাৰ মাটিৰ মাজত সোমোয়াত আরু আৰ ঘৰ তাৰ বাড়ীলৈ যোৱাত ভূমি কম্পৰ পাছত অনেকৰ কন্দল হৈছিল আরু তাৰ নিমিত্তে কাছাৰি ঘৰত সোধ হব লগা হৈছিল। লিচ্‌ বনৰ ভূমিকম্প অতি ভয়ানক; ই ইং ১৭৫৫ সনত ঘটে। প্ৰথমতে বজ্ৰ ধ্বনিৰ নিচিনা শব্দ এটা মাটিৰ তলৰ পৰা শুনা যায় আরু এক মুহৰ্ত্তৰ ভিতৰত এটা জোকাৰতে প্ৰায় সমুদায় নগৰ চুণ-স্যাত হল। ৬০ হাজাৰৰ ওপৰ মানুহ মৰে। নদীৰ পানী প্ৰথমতে পাৰৰ পৰা সমুদ্ৰলৈ আঁতৰি গৈছিল কিন্তু অলপৰ পাছতে পূনৰ ৩০। ৪০ হাত ওখ হৈ এটা ঢৌ স্বরূপে পাৰৰ ফাললৈ আহি নগৰত সোমাই বহুত মানুহ, বস্তু-বাহানি উটাই নিলে। [ ১৩৮ ]   ভূমিকম্পৰ গতি সদাই একে দৰে নহয়। সাধাৰণতে, পানীৰ ওপৰত দলি পেলালে যেনেকৈ ঢৌবিলাক সমানে সকলো ফাললৈ যায়, সেই দৰে ভূমিকম্পৰো গতি হয়। কিন্তু ঠাই বিশেষে আরু সময় বিশেষে অণ্ডাকাৰ ভাৱত চলে বা বহলে অলপ ঠাই যুৰি দীঘে বহুত দূৰ ব্যাপি চলে।

  ইং ১৮১৯ সনত ১৬ জুন তাৰিখে এটা ভূমিকম্প হৈ গুজৰাট দেশৰ উত্তৰত থকা ৰণ নামে দেশ এখন বহি যায় আরু সমুদ্ৰৰ পানীএ সিন্ধুনদৰ মুখৰ সুতি এটাই দি উভতি বৈ সেই দেশ লোৱাত, এতিয়া ৰণ হ্ৰদ বুলি খ্যাত হৈছে। আরু ওচৰতে আন এঠাইত ১০০ মাইল মান দিঘল ঠাই এডোখৰ ওখ, হৈ পৰাত পানীত তল যোৱা বহুত মানুহ তাৰ ওপৰত উঠি সাৰিল; এই নিমিত্তে তাৰ নাম আলা-বন্দ বা ঈশ্বৰৰ ধাপ বুলি খ্যাত হল। ওচৰৰ সকলো ঠাইত- কৈ যি ভাগ দ বা চাপৰ সেই ভাগে দিয়েই নৈ বয় যদি ভূমিকম্পৰ দ্বাৰায় পূৰ্ব্বে ওখ থকা ঠাই ভাগ চাপৰ হয় আরু নৈ বৈ যোৱা ঠাই খন ওখ হয়, তেন্তে নদীএ পূৰ্ব্বৰ জান তৎক্ষণাৎ এৰি নতুন বাট উলিয়াই লঁব।

  নৱম অধ্যায়ত কৈ অহা হৈছে যে পৃথিবীৰ ১০০০ মাইল মান ডাঠ খোলাটোৰ ওপৰৰ পৰা ৩১ মাইল মান দত ইমান তাপ আছে যে ওপৰত হোৱা হলে তাৰ স্তৰ এটাই খিনি দ্ৰৱ হল হেতেন; কেৱল ওপৰৰ তৰপ বিলাকৰ হেচা পৰাৰ নিমিত্তে সিমান তাপতো দ্ৰৱ হোৱা নাই। যদি কোনো প্ৰকাৰে সেই হেচা কম হয় বা গুচে তেন্তে অৱশ্যে সিমান দত থকা প্ৰস্তৰ খিনি দ্ৰৱ হব। ভূমিকম্প হলে যদি কোনো এটা ফাট ওপৰৰ পৰা সিমান দলঁকে হয়, যদিবা পৃথিবীৰ ক্ৰমাৎ সঙ্কোচৰ কাৰণে কেতিয়াবা ওপৰৰ তৰপ বিলাক অলপ সময়ৰ নিমিত্তে দাং খায়, যদি সমুদ্ৰৰ পানী কোনো সুরুঙ্গায় দি গৈ তপত স্তৰ পাই তেতিয়া ইমান ভাপ হব যে ওপ[ ১৩৯ ] ৰৰ মাটি কিতৰপ ওফৰাই পেলাব পাৰে; এই দৰে চাপ কমাত তলৰ টান তপত স্তৰ খিনি দ্ৰৱ হৈ ওপৰলৈ বেগে উঠি আহি আগ্নেয় গিৰিৰ স্ৰজন হয়। আগ্নেয়গিৰি বিলাকৰ আকৃতি কলড়িলীয়া; ওপৰলৈ জোঙ্গা। আকৃতি দেখিলেই জানা যায় যে এই বিলাক পৰ্ব্বত কোনো জলীয়া বস্তু ওপৰলৈ উঠি আরু পুনৰ বাগৰি পৰি জাপ গৈ তৈয়াৰ হয়। প্ৰথমতে দ্ৰৱ পাছে ঝাঁওৰ নিচিনা টান হোৱা প্ৰস্তৰৰে সজা বুলি আগ্নেয়গিৰি বিলাক লোৱাচুৰৰ দৰে টান আরু কলা। মাজতে শিখৰৰ পৰা তললৈ এটা বৰ দ গহ্বৰ থাকে এই গহ্বৰৰ নাম আগ্নেয়-গিৰি-গহ্বৰ।

  আগ্নেয়-গিৰিৰ অগ্ন্যুৎপাত হোৱাৰ পূৰ্ব্বতে পৃথিবীৰ অন্তৰৰ পৰা ঘনে ঘনে গভীৰ গৰ্জ্জন শুনা যায় আরু ভূমিকম্প হয়; অলপ পাছত গহ্বৰৰ পৰা দমে দমে ধোঁৱা উঠিবলৈ ধৰে; ইয়াৰ ভিতৰৰ সৰহ ভাগ পানীৰ ভাপ। ধোঁৱাৰ লগে লগে ছাই ওলায়। ছাই বোৰ উতলা দ্ৰৱ প্ৰস্তৰৰ ফেণ-গুড়ি হব পায়। ছাইবোৰ একে লগে একে- বাৰে মহা বিস্তীৰ্ণ আরু বৃহৎ এজোপা তাল গছৰ আকৃতি ধৰি গহ্বৰৰ পৰা আকাশলৈ উঠে আরু নিচেই ওপৰৰ বায়ু স্ৰোতে উড়াই নি হাজাৰ বৰ্গমাইল যোৰাকৈ নিক্ষেপ কৰে। ইং ১৮৩৫ সনৰ জানু- য়াৰী মাহত মধ্য আমেৰিকাৰ কচেগুইনাত আগ্নেয়-গিৰিৰ উৎপাত হওঁতে ৪৮ ঘণ্টাৰ নিমিত্তে ছাই বৰ্ষণ হয়; ছাই বৰ্ষণৰ পাছতো ৩৬ ঘণ্টালকে বায়ুৰ লগত মিহলি হোৱা ছাইয়ে ঘোৰ আন্ধাৰ কৰি ৰাখিছিল। মানুহে পৰস্পৰৰ মুখ দেখিব পৰা নহৈছিল। কোনো কোনো আগ্নেয়-গিৰিৰ পৰা ইমান ছাই ওলায় যে শুনি বিস্ময় হব লাগে। ইংৰাজী ৭৯ সনত ভিচুভিয়চ্‌ আগ্নেয়গিৰিৰ যি অগ্নুৎ- পাত হয় তাৰ পৰা উড়ি যোৱা কেবল ছাই আরু স্কৰীৰ (scorea) দ্বাৰায় তাৰ ওচৰত থকা হৰকিউলেনীয়ম আরু পম্পাই দুখন নগৰ প্ৰায় ২০। ২৫ হাত পোত গল আরু ১৫০০ শতকৈ সৰহ বছৰ এই দৰেই [ ১৪০ ] লুপ্ত হৈ আছিল। কিন্তু এতিয়া প্ৰায় সম্পূৰ্ণ খানি উলিওয়া হল। ১৮০০ বছৰ পূৰ্ব্বৰ সিজোৱা হাঁ-কনি পৰ্য্যন্ত একো লৰ নোহোৱাকৈ সম্পূৰ্ণ বাহিৰ হৈছে। সেই দুৰ্ঘটনাৰ সময়ত হুল-স্থুলত মানুহে যঁত যেনেকৈ বস্তু এৰি গল আরু যত যি মানুহ পৰি মৰিল তঁতে দ্ৰৱ লোৱা- চুৰে চকাত, টান মাৰি শিল যেন হৈ আছিল; এতিয়া সেই নগৰ খানি উলিওয়াত সেই কালত মেজ-মাচিয়া আদি ঘৰৰ সজুলী কেনে আছিল আরু মানুহে কেনে সাজ পিন্ধিছিল তাক চিন-চাব মাৰি থোৱা পাইছে। ১৮১৫ সনত স্বমবোৱা দ্বীপৰ তুমবৰ আগ্নেয়-গিৰিৰ উৎপাতৰ সময়ত ইমান ছাই ওলাইছিল যে তাৰ নিমিত্তে দু-শ মাইলত কৈও দূৰ জাৱা দ্বীপত দিনতে ঘোৰ ডাৱৰীয়া আওঁসিৰ ৰাতিৰ আন্ধা- ৰত কৈও বেচি আন্ধাৰ হৈছিল। আরু সুমীত্ৰা দ্বীপৰ পশ্চিমে সাগ- ৰত পৰি ওপঙ্গি থকা ছাই ইমান উটি গৈছিল যে তাৰ মাজে জাহাজ চলিবলৈ টান হৈছিল। সেই আগ্নেয়গিৰিৰ ছাই আকাশৰ ওপৰে দি বতাহত উড়ি আহি ৮০০ মাইল দূৰত থকা, বাণ্ডা আরু এম্বইনা দ্বীপত পৰিছিলহি। এই দৰে ছাই ওলোৱাৰ পাছত তাৰ লগতে গহ্বৰৰ পায় আরু মেৰটো ভাগি ওপৰলৈ উৰি যায়। এণ্ডিচ পৰ্ব্বতৰ কোটাপাক্সি আগ্নেয়-গিৰিৰ উৎপাত হওঁতে ২৭০ মোন গধুৰ এনে এড়োখৰ প্ৰন্তৰ ৯ মাইল দূৰত ক্ষেপণ কৰা হৈছিল বুলি লিখা আছে; ছাই ক্ষেপণ কৰা আদি এই বিলাক আড়ম্বৰ হৈ গলে, তাৰ পাছত যথাৰ্থ অগ্ন্যুৎপাত আৰম্ভ হয়। গহ্বৰৰ ভিতৰৰ পৰা প্ৰচণ্ড বেগেৰে তপত ৰঙ্গা শিল একো ডোখৰ ওপৰলৈ উফৰিবলৈ ধৰে; ওপৰত জুই জলি বলৈ ধৰে; মাজে মাজে ভয়ঙ্কৰ ধ্বনি শুনিবলৈ পোৱা যায়। গহ্বৰ ক্ৰমে উতলা দ্ৰৱ প্ৰস্তৰৰে পৰিপূৰ্ণ হয় আরু তাৰ পাছত দ্ৰৱ অগ্নিৰ ঢল স্বরূপ পৰ্ব্বতৰ গাৰ ওপৰে দি দ্ৰৱ প্ৰস্তৰ বাগৰিবলৈ ধৰে আরু ক্ৰমে আগ- বাঢ়ি ওচৰৰ গাওঁ, নগৰ, বন, পথাৰ সকলোকে পুতি পেলায়। বৈ অহা এই বিলাক উতলা বস্তুকে লাৱা বা আগ্নেয়গিৰিৰ লোৱাচুৰ কয় [ ১৪১ ]   আগ্নেয়গিৰি কোনোটোহত সদাই জলি আছে। তেনে আগ্নেয়-গিৰি গহ্বৰৰ পৰা সদাই জুই নুঠিলেও তাৰ শিখৰত থকা ফুটা দুটা এটাই দি ধোঁৱা, গন্ধকৰ বাষ্প, পানীৰ ভাপ ইত্যাদি ওলাই থাকে। এই ফুটা বিলাকক ইংৰাজীত “ফিউমৰল” বোলে; আমালোকে ধুম্ৰুল নাম দিব পাৰোহক। এই বিধ আগ্নেয়-গিৰিৰ অগ্ন্যুৎপাত সময়ে সময়ে হৈ থাকে। অগ্ন্যুৎপাত নৌহওতে আগ্নেয় গিৰিৰ ওপৰলৈ উঠি গৈ গহ্বৰৰ পাৰত থিয় হৈ তাৰ তলিলৈ চাব পাৰি আরু নামিগৈ তলিখনো পৰীক্ষা কৰিব পাৰি। অগ্ন্যুৎপাত হবলৈ আৰম্ভ হলে প্ৰথমেই তলিখন খণ্ড খণ্ড হৈ ওপৰলৈ উৰি যায়। বঙ্গোসাগৰৰ মরু-দ্বীপৰ . আগ্নেয়-গিৰি, ভুমধ্যস্থ সাগৰৰ লিৱাৰি পুঞ্জৰ অন্তৰ্গত ষ্ট্ৰম-বলি আগ্নেয়-গিৰি আরু চেণ্ডুইচ পুঞ্জৰ কিলানীয়া দ্বীপৰ আগ্নেয়-গিৰি এই শ্ৰেণীৰ ভিতৰৰ। কোনোটো- হত আগ্নেয়গিৰি সদায় জলি নাথাকে অথচ মাজে মাজে ৬০। ৭০ বা ১০০। ১৫০ বছৰৰ অন্তৰত সিহঁতৰ অগ্ন্যুৎপাত হৈ সজীব থকাৰ প্ৰমান দিএ। এই বিলাক আগ্নেয়-গিৰি ওপৰৰ শ্ৰেণীতকৈ সঙ্কট- জনক। সম্পূৰ্ণ আগ্নেয়-গিৰিৰ নিচিনা অনেক পৰ্ব্বত আরু দ্বীপ দেখা গৈছে; যদিও নৈসৰ্গিক ক্ৰিয়াৰ বলত ক্ষয় পাই আকাৰ বিকৃত হৈ আছে, তেওঁ সেই বিলাক পূৰ্ব্ব কালৰ আগ্নেয়-গিৰি বুলি চিনা যায়, কিন্তু এতিয়া নুমাই আছে।

  আগ্নেয়গিৰি সদাই গিৰি নহয় অৰ্থাৎ দেখিবলৈ পৰ্ব্বতাকাৰ নহয়। আরু সকলো আগ্নেয়গিৰিৰ পৰা একোবিধ বস্তু নোলায়। কোনোটোৰ পৰা কেৱল বোকা বা তপত পানীয়েই ওলায়। জাৱা- দ্বীপত যি এটা আগ্নেয়গিৰি আছে তাৰ কথা অতি আশ্চৰ্য্য। এখন বহল পথাৰৰ মাজত থকা সি এটা গাত মাত্ৰ। তাৰ পৰা দঁমে দঁমে ধোঁৱা ওলাবলৈ ধৰে। তাৰ পাছত ভয়ঙ্কৰ গৰ্জ্জন শুনিবলৈ পোৱা যায়, অন্তত অৰ্দ্ধ গোলাকাৰ বোকাৰ বৰ ডাঙ্গৰ লারু বিলাক [ ১৪২ ] লাহে লাহে আকাশলৈ উঠিবলৈ ধৰে আৰু ২০। ২৫ হাত ওখ হলে ফুটি বোকাবোৰ সৰি পৰে। গায়চৰ প্ৰভৃতি উষ্ণ উৎস বিলাক আগ্নেয়-গিৰিৰ এবিধ ধুম্ৰূল। তাত ধোঁৱা নোলাই মাত্ৰ পানীৰ ভাপ আরু পানী ওলায়।

  মেক্চি‌ক দেশত মালপে নামেৰে কপাহৰ, কুহিয়াৰৰ আরু নীলৰ ক্ষেতেৰে ভৰা, অনেক নদ নদীৰে সুশোভিত, এখন বহল সমথল আছিল। ই সৌন্দৰ্য্য আৰু উৰ্ব্বৰতাৰ কাৰণ প্ৰসিদ্ধ কিন্তু ইং ১৭৫৯ সনৰ জুন মাহৰ পৰা কেবা সপ্তাহ পৃথিবীৰ অন্তৰৰ পৰা অত্যন্ত ভয়ানক গৰ্জ্জন অহা শুনিবলৈ পোৱা গল আরু তাৰ লগতে ঘনে ঘনে ভয়ঙ্কৰ ভূমিকম্প হৈছিল। চেপ্টেম্বৰ মাহত ভূমি পুনৰ স্থিৰ হল; কিন্তু সেই মাহৰ ২৮ তাৰিখে ৰাত্ৰি প্ৰভাত নৌ- হওঁতেই পুনৰ ভয়ঙ্কৰ ধ্বনি বাৰে বাৰে কৰ্ণপাত হবলৈ ধৰিলে আরু মালপেঁৰ, ব্যাসে প্ৰায় তিনি চাৰি মাইল যোৰা এনে এভাগ ঠাই ১৭০০ ফুট ওখহৈ, ওপৰলৈ উঠিল আরু তাৰ মুৰৰ পৰা জুই ভাপ, ছাই, তপত ৰঙ্গা শিল প্ৰচণ্ড বেগেৰে উৎক্ষিপ্ত হবলৈ ধৰিলে। জুইৰ পোহৰত দেখা গৈছিল যে পূৰ্ব্বৰ টান মাটি সিহৰ দৰে উতলি- ছিল আরু ঠাইয়ে ঠাইয়ে কলডিলীয়া হাফঁলু বিলাক উঠি ধোঁৱা আৰু জুই নিক্ষেপ কৰিছিল। সেই বিলাক হাফঁলুৰ ভিতৰৰ এটা ৫০০ ফুট ওখ হৈছিল আরু সেইটো বৰ্ত্তমান কাললৈকে প্ৰজ্জ্বলিত আগ্নেয়-গিৰি বুলি খ্যাত আছে। ঠিক এই দৰে ১৫৩৮ সনত ইটা- লিৰ নেপলচ্‌ নগৰৰ কাসৰত এটা নতুন আগ্নেয়-গিৰি উৎপন্ন হয়; তাৰ নাম নৱগিৰি (মন্টনভ)। তাত দুবছৰৰ নিমিত্তে ঘনে ঘনে টান ভূমিকম্প হৈ সেই সনৰ ২৭ আৰু ২৮ চেপ্তেম্বৰত অহৰ্নিশে প্ৰায় ভূমিকম্প হৈছিল। শেষৰ দিনা সূৰ্য্য অস্ত হোৱাৰ অলপৰ পাছত সাগৰৰে আরু আবৰ্ণ হ্ৰদৰে মাজৰ সমথল ভাগ হঠাৎ উৎক্ষিপ্ত হল আরু ক্ৰমে ওখ হৈ শেষত তাৰ ওপৰত এটা বৰ দ গহ্বৰ [ ১৪৩ ] হল আরু সেই গহ্বৰৰ পৰা জুই, ধোঁৱা, ছাই, শিল, দ্ৰৱ প্ৰস্তৰ অতি বেগেৰে ওলাবলৈ ধৰিলে। ৭দিনৰ নিমিত্তে ক্ৰমাগত এই দৰে আছিল; তাৰ পাছত বন্ধ হল।

  নিৰ্ব্বাপিত বা নুমুৱা আগ্নেয়গিৰি এৰিও এতিয়া পৃথিবীৰ ওপ- ৰত ৩৯০ টাত কৈ সৰহ আগ্নেয়-গিৰিৰ লেখ ওলাইছে। আগ্নেয়-গিৰি বিলাক অকল সৰীয়া হৈ নাথাকে। সকলো বিলাকে শাৰি পাতি থকা দেখা গৈছে। স্বমবোৱা দ্বীপৰ তুম্ব‌ৰ আগ্নেয়-গিৰিকে কেন্দ্ৰ, কৰি তিনি ফালে তিনি শাৰি পৰ্ব্বত আছে। এ শাৰি আগ্নেয়-গিৰি, ফিলিপাইন-পুঞ্জ, জাপান দ্বীপ, কামস্কটকা উপদ্বীপেদি গৈ আলিউ- টিয়ান দ্বীপ বিলাক পৰ্য্যন্ত আছে; আন এশাৰি তুম্বৰৰ আগ্নেয়- গিৰিৰ পৰা আৰম্ভ হৈ জাৱা সুমীত্ৰায় দি গৈ মরু (বেৰেন) দ্বীপত অন্ত হৈছে আরু আন এশাৰি সেই একে আগ্নেয়গিৰিতে আৰম্ভ হৈ নৱগিনি, চলমান, নিউহেব্ৰীডিজ্‌ প্ৰভৃতি দ্বীপ বিলাকে দি গৈ নিউ-জিলেণ্ডত অন্ত হৈছে। আমেৰিকাত কেৰিবিয়েন উপসাগৰক কেন্দ্ৰ কৰি লৈ এশাৰি তাৰপৰা ওয়েষ্ট-ইণ্ডিজ্‌ দ্বীপ বিলাকৰ ওপৰে যায়; এশাৰি তাৰ পৰা আৰম্ভ হৈ এণ্ডিচ পৰ্ব্বত শ্ৰেণীৰ ওপৰে দি যায়, আন এশাৰি তাৰ পৰাই আৰম্ভ হৈ মেকচিকোঁ আরু এণ্ডিজ পৰ্ব্বতৰ ওপৰে এলিউটীয়ান দ্বীপ বিলাকত অন্ত হৈছে গৈ। বিশিষ্ট এই যে আগ্নেয়-গিৰিৰ কেন্দ্ৰ-স্বরূপ যি দুই ঠাই আছে সেই দুই ঠাই পৰস্পৰৰ নিমিত্তে পাদ-বিপক্ষ আরু পূৰ্ব্ব গোলাৰ্দ্ধৰ অগ্নি-গিৰিৰ শাৰি বিলাক পশ্চিম গোলাৰ্দ্ধৰ বিলাকৰ সৈতে পাদ-বিপক্ষ সমান্তৰাল যেন দেখা যায়। আগ্নেয়গিৰি বিলাক সমুদ্ৰৰ তলতো থাকিব পাৰে আরু ক্ৰমে তাৰ লোৱাচুৰ গোট খাই সমুদ্ৰৰ ওপৰ হলে দ্বীপ বুলি গণ্য হয়। বঙ্গোপসাগৰৰ মরুদ্বীপ এই দৰেই উৎপন্ন হয় আরু বোধ হয় আগৰ দিনৰ এইয়ে বাড়বাগ্নি আছিল।

⸻⸻
[ ১৪৪ ]
পঞ্চম প্ৰকৰণ।

উদ্ভিজ আরু প্ৰাণীৰ ভেদাভেদ।
একাদশ অধ্যায়।

দেশভেদে উদ্ভিজ ভেদ।

পৰত দেখুৱা হৈছে যে ভূমি আরু সমুদ্ৰৰ ভাগ অসমান; সূৰ্য্যৰ তাপ পৃথিবীৰ সকলো অংশতে সমানরূপে নপৰে বুলিও কোৱা হৈছে; সামুদ্ৰিক আৰু বায়বিক সোঁত ভিন্ন ভিন্ন খণ্ডত ভিন্ন ভিন্ন প্ৰকাৰে বৈ আছে বুলিও কোৱা হৈছে; ইয়াৰ পৰা সহজেই বুজিব পাৰি যে তেনে বিলাক ভিন্ন অৱস্থাপন্ন দেশত আরু সমুদ্ৰত থকা উদ্ভিজ আরু প্ৰাণী বিলাকে বিভিন্ন হব। ইহঁতৰ বিভিন্নতাৰ প্ৰধান কাৰণ তাপ আরু ৰসৰ বিভিন্নতা। ৰস শব্দে পানী আরু মাটিৰ ৰস বা মাটিত মিহলি হৈ থকা পানী বুজায়; হাৱা-পানী শব্দই প্ৰধানকৈ এই দুটাকে বুজায়। হাৱা অৰ্থ তপত বা চেঁচা বায়ু। হাৱা- পানীৰ দ্বাৰায় দেশ বিশেষে উদ্ভিজ পৃথক্ হয়, আরু সেই উদ্ভিজ খাই প্ৰাণ ধাৰণ কৰা গতিকে প্ৰাণী বিলাকৰ পাৰ্থক্য হয়। যদিও মাংস-জীবী প্ৰাণী বিলাকে সকলো ঠাইতে আহাৰ পাই আরু সিহঁতৰ বিচৰণ ঠাই বহুত বহল তথাপি জাৰ বা জহভয় কৰি কোনো নিৰ্দ্দিষ্ট সীমা পাৰ নহয়। কেবল মানুহেই একমাত্ৰ প্ৰাণী, যি পৃথিবীৰ সকলো অংশলকে যাব পাৰে, সকলো অংশতে আহাৰ পায়, সকলে অংশৰ হাৱা-পানী সহ্য কৰিব পাৰে; [ ১৪৫ ] তথাপি সেই মানুহৰ মাজতো, বিভিন্ন দেশত থকা বাবে লৰ দেখি- বলৈ পোৱা যায়।

 উদ্ভিজ আরু জন্তু বিলাক দেশে দেশে এনে রূপে ভাগ কৰি দিয়া আছে যে তাক দেখিলে বোধ, হয় যেন স্বভাৱে মানুহৰ প্ৰবৰ্ত্তনৰ নিমিত্তে উদ্ভিজ আরু জন্তুবিলাক সেই দৰে সংস্থান কৰিছে। যঁত বাহিৰৰ তাপ বেচি তঁত মানুহ বিলাক অধিকাংশ তৃণ-জীৱী; সেই সকলো বিলাকৰ মাংসাহাৰ অপ্ৰয়োজন আরু উদ্ভিজ বস্তুৰ পৰা যি সুতা হয় তাৰ কাপোৰেই যথেষ্ট। সেই নিমিত্তে গ্ৰীষ্ম-মণ্ডলত উদ্ভিজৰ বৃদ্ধি হৈছে। কোকনোকালি শীত মণ্ডলত জাৰ বৰ বেচি, উদ্ভিজ কম আরু মানুহৰ শৰীৰ উমেৰে ৰাখিবৰ নিমিত্তে তেল আরু মাংসাহাৰৰ আৱশ্যক, আরু দীঘল ৰাতিত চাকিৰ বেচি প্ৰয়োজন। তেলৰ নিমিত্তে তিমি, চিল, প্ৰভৃতি মাচ, আরু কাপোৰৰ নিমিত্তে ঘন আরু গৰম নোম লগা জন্তু বিলাক অধিক। দুইৰো মাজৰ সম- মণ্ডলত বৰ জহ বুলি অকল শস্যাহাৰকে যে কৰিব লাগে নতু বৰ জাৰ বুলি সুদা মাংসকে খাই থাকিব লাগে এনে নহয় কিন্তু দুইকো খাই প্ৰাণ ধাৰণ কৰিব লগা হোৱাত জন্তু আরু উদ্ভিজৰ সমান প্ৰাদুৰ্ভাব। সেই দৰেই, যি বিলাক জন্তু মানুহৰ কামত আহে সিহতকো দেশ চাই স্ৰজন কৰা হৈছে; গ্ৰীষ্ম-মণ্ডলত অসহ্য অপাৰ বালীয়া মরু ভূমিৰ তৰণী স্বরূপ উট, সম-মণ্ডলত ঘোৰা, গরু, মঁহ আরু শীত-মণ্ডলত ৰিণ পহু স্ৰজন কৰি দিছে।

  গ্ৰীষ্ম-মণ্ডলত ৰস আরু তাপ অত্যন্ত বেচি; এই নিমিত্তে ইয়াত যিমান উদ্ভিজৰ বৃদ্ধি আরু সংখ্যা অধিক দেখা যায়। আন কেই মণ্ড- লত সিমান নাই। গ্ৰীষ্মমণ্ডলৰ পৰা উত্তৰ আরু দক্ষিণলৈ ক্ৰমে ৰস আরু তাপ হ্ৰাস দেখা যায়। এই নিমিত্তে উদ্ভিজো ক্ৰমে কমতি হয়, শীত মণ্ডলত একেবাৰে প্ৰায় নাইকিয়া হৈছে; যি বা অলপ আছে সিও চাপৰ আরু সেৰেঙ্গা। মরু ভূমিত ৰস নাই [ ১৪৬ ] বুলি, ৰাতি আরু জাৰ কালি বৰ জাৰ হয় বুলি, সি প্ৰায় সম্পূৰ্ণে টকলা; কেবল যঁত যঁত সরু নৈ, হ্ৰদ বা উৎস ওলায় তাত উদ্ভিজ বহু পৰিমাণে হয়। কিন্তু উদ্ভিদ্‌ শক্তিৰ কি ক্ষমতা যে কোনো এক ৰকম নহয় কোনো এক ৰকমৰ উদ্ভিজ্‌ প্ৰায় সকলো ঠাইতে পোৱা যায়। গ্ৰীষ্ম-মণ্ডলৰ প্ৰখৰ সূৰ্য্যৰ তাপত হক, কি মেরুৰ তলৰ অতি চেঁচা প্ৰদেশ বিলাকতেই হক, ৰসাল কোমল মাটিৰ ওপৰতেই বা টান কটুৰ শিলৰ ওপৰতেই বা চিৰ-নিহাৰ- বাহৰ ওপৰত হক, কি উষ্ণ উৎসৰ উতলা পানীৰ গুৰিতেই হক, পৰ্ব্বতৰ শিখৰৰ ওপৰতেই বা অন্ধকাৰ সূৰ্য্যৰ ৰশ্মি কোনো কালে প্ৰবেশ নকৰা গুহাৰ ভিতৰতেই বা বিল, সৰোবৰ, সমুদ্ৰৰ ওপৰতো, আরু পানীৰ তলতো,সকলো ঠাইতে, কাঠনি হাবি স্বরূপে বা শেলাই রূপে, বা ঘাঁহ, শস্য, তৃণ রূপে উদ্ভিদ শক্তিৰ পৰিচয় পোৱা যায়।

  পৃথিবীৰ গাত লাগি থকা বায়ু তপত, তাৰ ওপৰত থকা বায়ু ক্ৰমে ওপৰলৈ চেঁচা আরু নিৰক্ষ-বৃত্তৰ পৰা উত্তৰে কি দক্ষিণে যি দৰে চেঁচাৰ ক্ৰমে বৃদ্ধি হয়, ওপৰৰ পিনেও সেই দৰে চেঁচা বাঢ়ি যায়; স্থান বিশেষে চেঁচা তপতৰ যেনে পৃথক উদ্ভিজৰো সেইদৰে পৃথক আরু নিৰক্ষ বৃত্তৰ পৰা দক্ষিণে কি উত্তৰে তৃণ, তরুৰ যেনে পৃথক্ এক-পৰ্ব্বতৰ গাতে গুৰিৰ পৰা ওপৰলৈ গজা তৃন,তরুৰো তেনে পৃথক। কেনেৰি দ্বীপৰ টেনেৰিফ পৰ্ব্বতত নিচেই নামত লতা- পনিয়ল আদি, তাতকৈ ওপৰত ডালচেনিৰ লগৰ গছ, তাতোকৈ ওপৰত দেৱ-দারুৰ লগৰ গছ, তাৰ ওপৰত বেতা নামেৰে এবিধ সরু গছ আরু এটাইতকৈ ওপৰত গছ নাই; কেবল বন দেখিবলৈ পোৱা যায়। এই পৰ্ব্বত ১২, ২০০ ফুট ওখ। তাতোকৈ ওখ পৰ্ব্বত হোৱা হলে বনৰ ওপৰত লাইকেন নামেৰে এবিধ শেলাই আরু তাতকৈ ওখত চিৰ-নিহাৰ-বাহৰ ওপৰত গজা ৰঙ্গা অলজি শেলাই দেখা গল হেতেন। [ ১৪৭ ]   উদ্ভিজৰ জীৱন আৰু স্বাস্থ্য প্ৰধানকৈ তিনি বস্তুৰ ওপৰত নিৰ্ভৰ কৰে:— পোহৰ, তাপ,আরু ৰস। পোহৰৰ নিমিত্তেই উদ্ভিজৰ সৌজীয়া বৰণ। যি ঠাইত পোহৰ বেচি তাত সৌজীয়া বৰণটোও বেচি; অন্ধকাৰ ঠাইত বৰণ শেঁতা; এনে অনেক লতা, বন আছে যাৰ পাত বিলাক সদাই সূৰ্য্যৰ ফাললৈ মুকৈ থাকে। সূৰ্য্য-তাপৰ পৰা উদ্ভিজৰ যে অনেক সহায় হয় তাক সকলোএ জানে। চেঁচুকৰ গছ বৰ ডাঙ্গৰ দীঘল নহয়; তাৰ ৰসত সদ্গুণ নাথাকে কিন্তু ৰঁদ ঘাই ঠাইৰ গছ বিলাক ডাঙ্গৰ আৰু দীঘল হয় আরু ৰসত সোৱাদ আরু ভাল গুণ হয়। সকলো গছে একে সমান তাপ সহ্য কৰিব নোৱাৰে। তপত দেশৰ গছ চেঁচা দেশলৈ নিলে মৰে; জীয়াই ৰাখিব লগা হলে ঘৰ সাজি কৃত্ৰিম তাপ দি থোয়া হয়। আরু চেঁচা দেশৰ গছ আনি তপত দেশত রুব লাগিলে ছাত ৰোৱা যায়। এটাইতকৈ উদ্ভিজে ৰসৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে; ৰস নহলে উদ্ভিজ হবই নোৱাৰে। এই ৰস উদ্ভিজ বিলাকে তিনি রূপে গ্ৰহণ কৰে :— (১) বায়ুত থকা পানীৰ ভাপ স্বরূপে গা-গছে যাক শুহি লয় (২) প্ৰকৃত পানীস্বরূপে, যি পুনি, মৃণাল প্ৰভৃতি উদ্ভিজৰ চাৰিও কাসৰে থাকে (৩) আরু মাটিৰ ৰস স্বরূপে মাটিৰ যৌগিক পদাৰ্থ বিলাকৰ ওপৰত উদ্ভিজে অনেক নিৰ্ভৰ কৰে। তাড়িত, বায়ুৰ চাপ, বায়ুৰ গতি, বায়ু মণ্ডলৰ নিৰ্ম্মলতা এই বিলাকেও উদ্ভিজক অনেক পৰিমাণে পৰিবৰ্ত্তন কৰিব পাৰে। হাৱা-পানী শব্দে যদিও অনেকে পানী বা ৰস আরু বায়ুৰ উষ্ণতাকে প্ৰধানকৈ বুজে, তথাপি ওপৰত লিখা সকলো কাৰণকে তাৰ ভিতৰত ধৰিব লগা হয়। নানা দেশৰ হাৱা-পানী অনুসাৰে পৃথিবীৰ ওপৰত উদ্ভিজৰ বিভিন্নতা আছে, তাক দেখুৱাবৰ নিমিত্তে উত্তৰ গোলাৰ্দ্ধক সাধাৰণতে আঠ-মণ্ডল কৰি ভাগ কৰা হয়।

  উদ্ভিজ বিলাক নিজ মণ্ডলত অত্যন্ত প্ৰচুৰরূপে উৎপন্ন হয়; [ ১৪৮ ] যদিও তাৰ বাহিৰে আঁতৰি দূৰত উৎপন্ন হোৱা অনেক আছে; মানুহে অনেক কৌশল আরু যতনেৰে এক মণ্ডলৰ উদ্ভিজ আনি আন মণ্ডলত জন্মাইছে; কাৰণ, নিৰক্ষ-বৃত্তৰ ওচৰৰ তাল গছ, কল গছ আদি আসাম দেশতো পোৱা যায়। আরু মেরু-বৃত্তৰ কাসৰৰ উইল গছ বিলাতত জন্মে আরু যতনেৰে আসাম আরু বাঙ্গালা দেশৰ বাগিছাতো অৰ্জা হৈছে। কিন্তু নিজ মণ্ডলৰ বাহিৰে সিহঁতৰ সিমান শ্ৰীবৃদ্ধি নাই; তেও যিমান আঁতৰত উদ্ভিজ, বিলাক গজি বৃদ্ধি হব পাৰে তাৰ সীমা-ৰেখা প্ৰাকৃতিক-ভূ-চিত্ৰত দিয়া আছে। যথাৰ্থতে কোনো ভূ-বৃত্ত (বিশেষকৈ এই কিতাপৰ শেষ দুই অধ্যায়) মানচিত্ৰ নোহাৱাকৈ অধ্যয়ন কৰিলে চেষ্টা ব্যৰ্থ হব। উদ্ভিজ আরু প্ৰাণীভেদ চিত্ৰত যিমান দেখুৱাব পাৰি আরু তাৰ দ্বাৰায় যিমান কৃতকাৰ্য্য হব পাৰি, বৰ্ণনা দ্বাৰায় তাৰ ক্ষুদ্ৰাংশও নোৱাৰি। লাইকেন, কাঠফুলা, শেলাই আদি কোনো কোনো উদ্ভিজ পৃথিবীৰ সকলে অংশতে পোৱা যায়। উত্তৰ গোলাৰ্দ্ধৰ আঠ উদ্ভিজ-মণ্ডলৰ সীমা আরু লক্ষণ তলত দিয়া হল।

  (১) নিৰক্ষ-বৃত্তৰ তাল-ফলৰ মণ্ডল; ই নিৰক্ষ-বৃত্তৰ দুই ফালে ১৫° লঁকে যোৰা। ইয়াত কল, খাজুৰ, নাৰিকল, তাল, টকৌ প্ৰভৃতি গছ প্ৰধানকৈ দেখা যায়। এই মণ্ডলতে লঙ্গ, ডাল-চেনি, ইলাচী আদি মচলাৰ গছও পোৱা যায়।

  (২) জৰি, গছ-ঢেকিয়াৰ অন্তৰয়নান্ত মণ্ডল; ই ১৫° অক্ষাংশৰ পৰা অয়নান্ত বৃত্তলঁকে বিস্তৃত। আশিয়াৰ এই মণ্ডলত জৰি, গছ- ঢেকিয়া, খাজুৰি, আফ্ৰিকাৰ ভাগত বঁৱাবব বা বান্দৰ-পিঠা গছ আদি বৰ ব্যাগোম গছ বিলাক আছে।

  (৩) ডাল-চেনি আরু লৰেল জাতীয় গছৰ বহিৰয়নান্ত মণ্ডল; অয়নান্ত বৃত্তৰ পৰা ৩৪° অক্ষাংশ লঁকে; এই মণ্ডলৰ নতুন পৃথ্বীৰ ভাগ্বত দেবদারু, ওক, আক্ৰোটী গুটিৰ গছ, মেঙ্গোলিয়া, পেলমেটো [ ১৪৯ ] আরু সুগন্ধি ফুল থকা ডাঙ্গৰ গছ বিলাক আছে; পুৰাতন পৃথ্বীৰ ভাগত তামোল গছ, খেজুৰ গছ-গম এঠাৰ গছ, বাঁহ প্ৰভৃতি আছে।

  (৪) নিত্য সবুজ গছৰ মণ্ডল; ৩৪° অক্ষাংশৰ পৰা ৪৫° অক্ষাংশ- লঁকে। ইয়াত ওক-গছ, কাক্‌-গছ, ডালিম, লতা-পনিয়ল, অলিন্দৰ ফাৰ প্ৰভৃতি আছে।

  (৫) ইউৰোপীয় গছৰ মণ্ডল; ৪৫° অক্ষাংশৰ পৰা ৫৮ অক্ষাংশ- লঁকে। এই মণ্ডলত দেবদারু গছ, নানা বিধৰ ঝাৰ-লঠা গছ আছে, চেচনট, ওক, বিচ, এলম প্ৰভৃতি গছ বিলাক ইয়াত আছে।

  (৬) দেবদারু গছৰ মণ্ডল; ৫৮° অক্ষাংশৰ পৰা সুমেরু বৃত্ত পৰ্য্যন্ত; এই মণ্ডলত ঝাৰ-লঠা গছ, দেবদারু জাতীয় গছ, বৰ্চ, এস্পেন গছৰ ডাঠ হাবি আছে। দ জেকা ঠাইত উইল, এলডৰ থাকে আরু ওখ পৰ্ব্বতীয়া মাটিত ৰিণ-মৃগৰ-লাইকেন নামে আরু এবিধ শেলাই আছে।

  (৭) ঢ়ঁ ডঁডেণ্ড্ৰন বনৰ মণ্ডল; সুমেরু বৃত্তৰ পৰা ৭২° অক্ষাংশলকে। এই মণ্ডলত ঢ়ঁ ডঁডেণ্ড্ৰন বন, শেলাই, লাইকেন, উইলঁফাৰ ইত্যাদি পোৱা যায়।

  (৮) আল্প‌চ পাৰ্ব্বতীয় ধন আরু ৰঙ্গা অলজিৰ, মণ্ডল; ৭২° অক্ষাংশৰ পৰা সুমেরু পৰ্য্যন্ত। এই খণ্ডত বাৰও মাহ বৰফ থাকে; ইয়াত উদ্ভিজ কি প্ৰাণী প্ৰায় নাই; বৰফৰ ওপৰত অঁত তঁত অলজি নামে ৰঙ্গা শেলাই গজা দেখি। দক্ষিণ গোলাৰ্দ্ধকো এই দৰে উদ্ভিজ-মণ্ডলৰ খণ্ড খণ্ড কৰিব পাৰি। তাৰ উদ্ভিজ বিলাকো উত্তৰ গোলাৰ্দ্ধৰ সৈতে অনেক মিলিব।

  পূৰ্ব্বে যি যি মণ্ডলৰ লেখ দিয়া হল, সেই বিলাক মণ্ডল উদ্ভিজৰ জাতৰ সম্পৰ্কে ভাগ কৰা অৰ্থাৎ কোন জাতি উদ্ভিজ কোন ঠাইত পোৱা যায়, তাক দেখুৱাবৰ নিমিত্তে তেনেকৈ বিভাগ কৰা হৈছে। কিন্তু সমুদায় উদ্ভিজ-বৰ্গ সম্পৰ্কে আন এক নক্সাৰে পৃথিবী পৃষ্ঠক [ ১৫০ ] মণ্ডল মণ্ডল কৰিব পাৰি। পৃথিবীৰ গতিৰ নিমিত্তে দুই ক্ৰান্তিৰ ওপৰত সূৰ্য্য অনেক দিনলকে স্থিৰ থাকে আরু তালৈ ১০ মাহ মানৰ মুৰত হে জহ আহে; কিন্তু নিৰক্ষ-বৃত্তৰ ওপৰে সূৰ্য্য বছেৰেকত ঠিক দুবাৰ (বা ছমাহৰ অন্তৰে অন্তৰে) পাৰ হয়। এই নিমিত্তে নিৰক্ষ- বৃত্তত সামবৎসৰিক তাপৰ গড় বেচি হয় আরু বাৰও মাহত প্ৰায় সমানে তাপ থাকে, কিন্তু দুই ক্ৰান্তিৰ তলৰ দেশ বিলাকত জহৰ কেই মাহ বৰ জহ হয়, আরু বাকি কিমাহ অত্যন্ত জাৰ হয়। জহৰ কিদিন নিৰক্ষ-বৃত্তৰ দেশতকৈ অনেক গুণে তাত তাপ বেচি হয়। এই কাৰণেই যতমানে বালীয়া মরুভূমি আছে, সকলো দুই ক্ৰান্তিৰ ওচৰত অবস্থিতি কৰে; যদিও কোনো কাৰণ বশতঃ দুই কি ততোধিক মরুভূমি হুহকি আছে। এই নিমিত্তে দুই ক্ৰান্তিৰ তলত বা ওচৰত দুই মরু-মণ্ডল। মকৰ ক্ৰান্তিৰ তলৰ মরুমণ্ডলত উত্তৰ মেক্‌চিকৰ মরুভূমি, উত্তৰ আফ্ৰিকাৰ সাহাৰা, আৰবৰ অধিত্যকা আরু মরুভূমি, অল্প হুহকি পাৰস্যৰ লোণীয়া মরুভূমি, ৰাজপুতনাৰ মরুভূমি, আৰু মৌচুমৰ বৰষুণৰ নিমিত্তে বহুত আঁতৰি থকা মধ্য আশিয়াৰ গোবি মরু পৰে। দক্ষিণৰ মরু মণ্ডলত, লাপ্লাটাৰ গ্লেনকেকোঁ বা মহা মরু, দক্ষিণ আফ্ৰিকাৰ কালা হাবি মরুভূমি আৰু অষ্ট্ৰেলীয়াৰ মধ্যভাগ পৰে। এই দুই মরু-মণ্ডলত উদ্ভিজ্‌ প্ৰায় একেবাৰে শূন্য। দুই মরুমণ্ডলৰ প্ৰত্যেকৰ দুই কাসৰে এখন কৈ চাৰিখন তৃণ-ক্ষেত্ৰ-মণ্ডল বৰ্ত্তমান। বালীময় মরু আরু কাঠনি হাবিৰ মাজত ইহত মাধ্যমিক জখলাৰ খাপ হৈছে; এই চাৰি মণ্ডলত সরু-সুৰা গছ দেখিবলৈ পোৱা যায়। কিন্তু অনেক ভাগ হলে ঘাঁহ আরু বনেৰে ঢকা আছে। এই সকলোৰে মাজত দুই তৃণ-ক্ষেত্ৰ-মণ্ডলক দুই কাসৰে লৈ এটি নৈৰক্ষিক ঘন মহাৰণ্য-মণ্ডল বৰ্ত্তমান। ইয়াত উদ্ভিদ শক্তিৰ মহোৎকৰ্ষ দেখিবলৈ পোৱা যায়। ইয়াত ব্যাগোম গছ আছে আৰু গছৰ মাজত লতা, বেঁত, ওপৰত [ ১৫১ ] ৰঘুমলা থাকি ঘোৰ বাৰনি হাবি কৰি থৈছে। এই মণ্ডল বিলাকৰ কোনোএটিও পোন বা নিৰক্ষ বৃওৰ সমান্তৰাল বুলি ভাবিব নালাগে। বৰং ইহঁত মরু-মণ্ডল দুটাৰ সমান্তৰাল হৈ আছে। গোবি মরু আরু ৰাজপুতনাৰ মরু উত্তৰলৈ হুহঁকি আছে বুলি নৈৰক্ষিক ঘন মহাৰণ্য-মণ্ডল দক্ষিণাত্য আরু আসাম দেশৰ ওপৰে দি গৈছে। নিচেই উত্তৰ আরু দক্ষিণৰ তৃণ-ক্ষেত্ৰ-মণ্ডল দুটাৰ পৰা ওলাই তাৰ সিফালে দুটা সমাৰণ্য-মণ্ডল পোৱা যায়। নিৰক্ষ-বৃত্তৰ . পৰা অনেক আঁতৰ হোৱা বাবে চেঁচা ঠাইত বৃদ্ধি হব পৰা গছেৰে এই দুই মণ্ডল সমাকীৰ্ণ; যেনে উইলঁ, ফাৰ, দেবদারু, বৰ্চ, এস্পেন, থরু, ৰিচ্‌ ইত্যাদি। এই ঘন হাবিএ পূৰ্ব্ব গোলাৰ্ধৰ সমুদায় উত্তৰাংশ, স্কেণ্ডেনেভীয়াৰ পৰা কামস্কটকা পৰ্য্যন্ত প্ৰায় অখণ্ড হৈ জুৰি আছে আরু পশ্চিম গোলাৰ্দ্ধত বেহাৰিং প্ৰণালীৰ পৰা এলেঘেনি পৰ্য্যন্ত বিস্তৃত। পূব্ব গোলাৰ্দ্ধত তাৰ উত্তৰ সীমা ৬৩° অক্ষাংশৰ ওচৰে টনা এটি বক্ৰ ৰেখা আৰু পশ্চিম গোলাৰ্দ্ধত গ্ৰেট বেয়াৰ হ্ৰদ, গ্ৰেট স্নেভ হ্ৰদ প্ৰভৃতি কানাডা পৰ্য্যন্ত হ্ৰদ শাৰি এই হাবিৰ লগৰে; কিন্তু তাৰ পৰা নিলগত সরু অৰণ্য খণ্ড বিলাক পশ্চিম ইউৰোপৰ পৰ্ব্বত বিলাক আরু কাকশ্যস্‌ পৰ্ব্বত, আশিয়া মাইনৰ, পশ্চিম পাৰস্য প্ৰভৃতিৰ পৰ্ব্বত বিলাকৰ পয়ৰাতো পোৱা যায়। এই হাবিৰ অনুরূপ দক্ষিণ গোলাৰ্দ্ধত থকা টেচ্‌মেনীয়া, নবজিলেণ্ড, আরু অষ্ট্ৰেলিয়াৰ কাসৰত থকা পৰ্ব্বত, শ্ৰেণীৰ পূৱ পয়ৰাত আরু দক্ষিণ এণ্ডিচৰ ওপৰত, মেগেলেন প্ৰণালী পৰ্য্যন্ত ডাঠ হাবি আছে। এই দুই মণ্ডলৰ হাবি কাঠনি কিন্তু আমালোকৰ দেশৰ নিচিনা ঝাৰনি নহয়; তাৰ তলে তলে বেচ সুরুঙ্গা আছে আরু তল খন প্ৰায় টকলা। জাৰ কালিৰ আৰম্ভতে পাত সৰি গোটেই খন হাবি দেখিবলৈ জেঙ্গনিৰ দৰে হয় আরু পাছলৈ তুষাৰ পৰি শুকুলা হয়; কেৱল পাইন বা দেবদারু গছ বিলাক মাত্ৰ সৌজীয়া হৈ থাকে। [ ১৫২ ] নৈৰক্ষিক ঘন-মহাৰণ্য-মণ্ডলৰ সৈতে এই তিনি অৰণ্য-মণ্ডল আরু চাৰি তৃণ-ক্ষেত্ৰ-মণ্ডলৰ ঠাইয়ে ঠাইয়ে মানুহে চহি খেত কৰিছে। সমাৰণ্য-মণ্ডল উত্তৰ আরু দক্ষিণলৈ ক্ৰমে পাতল হৈ গৈছে আরু মেরু বৃত্তৰ সিপাৰে ঝাওঁ, উইলঁ গছেই বৰ গছ। তাকো অঁত তঁত দেখিবলৈ পোৱা যায়। অন্তত দুই মুৰত দুটা শীত-মরু-মণ্ডল আছে। ইয়াৰ আৰম্ভনৰ সীমা মরু-বৃত্তকে ধৰিব লাগে; এই মণ্ডল প্ৰায় বাৰও মাহ বৰফাবৃত আরু বৰফৰ ওপৰত গজা ৰেড্‌ স্নো-অল্জি‌, লাইকেন প্ৰভৃতি নানা ৰকম শেলাইৰ বাহিৰে সম্পূৰ্ণ টকলা।

  প্ৰধান প্ৰধান উদ্ভিজ বিলাকৰ ঠাই তলত নিৰ্দ্দিষ্ট কৰা হল।

যি বিলাক গ-
ছৰপৰা সুতা
পোৱা যায়।
  সকলো বিধৰ সুতাৰ গছৰ ভিতৰত কপাহ গছ প্ৰধান। ই প্ৰথমতে ভাৰতবৰ্ষ, বৰ্ম্মা (মান), চীন প্ৰভৃতি দেশত আছিল তাৰ পৰাই আন আন তপত প্ৰদেশ লৈকো গৈছে। আজি কালি ইয়াক উত্তৰ আমেৰিকাৰ ইউনাইটেড্‌ ষ্টেটস্‌ ৰাজ্যত, মেক্সিকোত, স্পেন, বাৰ্বেৰী, দক্ষিণ আফ্ৰিকাতো পোৱা যায়। ৰিহা আরু তিসিৰ বাকলিৰ পৰা অনেক সুতা তৈয়াৰ হয়। এই বিধ উদ্ভিজ উত্তৰ ভাৰত- বৰ্ষ, উত্তৰ ইউৰোপ, উত্তৰ আমেৰিকাত পোৱা যায়। মৰাপাট, শন প্ৰভৃতি যাৰ পৰা ফই, ৰচী হয়, তাকে সেই বিলাক ঠাইত অৰ্জা হয়।

যি বিলাক কণ
মানুহে আহাৰ
কৰে।

  যি বিলাক কণ মানুহৰ আহাৰ সিবিলাকৰ ভিতৰত ধানেই প্ৰধান। ইয়াক খাই সহস্ৰ কোটী মানুহে জীৱন ধৰিছে। ইফালে চীন, জাপান দেশৰ পৰা আমেৰিকা পৰ্য্যন্ত পৃথিবীৰ সকলো তপত দেশ বিলাকত আরু ইউৰোপৰ গ্ৰীচ, স্পেন,পৰ্টুগেল আরু ইটালীত ধানৰ খেতি হয়। সম-মণ্ডলৰ আহাৰীয় কণ লগা উদ্ভিজৰ ভিতৰত ঘেঁহুয়েই ৰজা। ঘেঁহুৰ বৃদ্ধিৰ কাৰণ চাৰি মাহৰ নিমিত্তে ৫৫° তাপ লাগে; এই নিমিত্তেই উত্তৰ আরু মধ্য ইউৰোপ, উত্তৰ আশিয়া, ভাৰতবৰ্ষ, ইউনাইটেড্‌ [ ১৫৩ ] ষ্টেটস্‌, অষ্ট্ৰেলীয়া, চিলি, লাপ্লাটা প্ৰভৃতি দেশত উৎপন্ন হয়। গ্ৰীষ্ম- মণ্ডলৰ দ ঠাই বিলাকত ই উৎপন্ন নহয়; পৰ্ব্বতীয়া ঠাইত হলে পোৱা যায়। বুট আমেৰিকাৰ প্ৰধান শস্য; গ্ৰীষ্ম আরু সম-মণ্ডল উভয়তে ইয়াৰ খেতি হয়। ৰাই সৰিয়হ জৰ্ম্মনী নৰওৱে সুইডেন, ফিন্‌লেণ্ড রুশিয়া প্ৰভৃতি দেশ বিলাকত মানুহৰ প্ৰধান আহাৰ।

যি বিলাক আলু
আহৰীয়।
  এই শ্ৰেণীৰ ভিতৰত আলুগুটিয়েই প্ৰধান। দক্ষিণ আমেৰিকাতেই প্ৰথমে ইয়াক পোৱা হয়। কিন্তু এতিয়া সকলে দেশতে মেরু-বৃত্ত পয্যন্ত আলু গুটি অৰ্জা হয়। ভাৰতীয় দ্বীপ শ্ৰেণী ওয়েষ্ট-ইণ্ডিজ আরু ব্ৰেজীল প্ৰভৃতি দেশত এবিধ বনৰ আলুৰ পৰা রূটী তৈয়াৰ কৰি খায়। তাৰ নাম কাচাডা। কাচা- ডাই এই দেশ বিলাকৰ প্ৰধান আহাৰ। ‘এৰারুট’ বা তৰা আলু ভাৰত- বৰ্ষ, দক্ষিণ আমেৰিকা, ওয়েষ্ট ইণ্ডিজ প্ৰভৃতি দেশ বিলাকত হয়।

আহাৰীয় ফল   কল গছ এবিধ ডাঙ্গৰ বন তাৰ ফল ইমান পুষ্টি কাৰক যে “যিমান ঠাইৰ ঘেহুঁএ দুটা মানুহক পুষ্টি কৰিব পাৰে সিমান ঠাইৰ কলগছে ৫০ মানুহক যুৰিব”। ইয়াক প্ৰধানকৈ গ্ৰীষ্ম-মণ্ডলত পোৱা যায়। ভাৰতীয় দ্বীপ বিলাকত, দক্ষিণ স্থিৰ-সমুদ্ৰৰ দ্বীপ বিলাকত, আরু দক্ষিণ আমেৰিকাত এবিধ গছ আছে, তাৰ ফল দেখিবলৈ কঠালৰ নিচিনা; তাৰ গুটিৰ পৰা মানুহে রুটী কৰি খায়। তাৰ নাম গছ-পিঠা। য'ত য'ত গছ-পিঠা জন্মে ত'ত সিয়েই প্ৰধান আহাৰ। ৮। ৯ মাহৰ নিমিত্তে এই গছ লাগি থাকে। শুনা আছে যে ইয়াৰ তিনি জোপা গছে এটা মানুহক বছেৰেকলৈ ভালকৈ যোৰে। উত্তৰ আফ্ৰিকা, ইজিপ্ত, আরু আৰব দেশৰ পৰা হিন্দুস্থানলকে এই বিলাক ঠাইত খাজুৰি গছ উৎপন্ন হয়। নাৰিকল গছ প্ৰধানকৈ ভাৰতবৰ্ষ, লঙ্কাদ্বীপ, সুমীত্ৰা, জাৱা, আরু স্থিৰ সমুদ্ৰৰ আন আন দ্বীপ বিলাকত বৃদ্ধি হৈ সেই ঠাই বিলাকক অতি মনোহৰ কৰি থৈছে। ইয়াৰ একোটো পেলনি নাযায়।

[ ১৫৪ ] যি বিলাক বস্তুৰ
পৰা পানীয় বস্তু
উৎপন্ন হয়।
  এই বিলাকৰ মাজত চাহ আরু কাফি গছেই প্ৰধান। জাপামৰ পৰা উত্তৰ ভাৰতবৰ্ষলঁকে এই খিনি ঠাইত চাহৰ খেত হয়। পূৰ্বে আবিচিনীয়াত কাফি আছিল; তাৰ পৰাই ক্ৰমে বাঢ়ি গৈ এতিয়া আৰব, ভাৰত- বৰ্ষ, ভাৰতীয় দ্বীপ বিলাকত, দক্ষিণ আমেৰিকাত, ওয়েষ্ট-ইণ্ডিজ ইত্যাদি দেশ বিলাকতত ইয়াৰ খেতি হৈছে।

যি গছ বিলাকৰ
ৰস আরু এঠা হয়।
 যি বিলাক গছৰ পৰা গম তৈয়াৰ হয় সেই বিলাকৰ নাম একেচিয়া। ই আৰব দেশত প্ৰধানকৈ জন্মে আরু উত্তৰ আফ্ৰিকাৰ সমুদায় ঠাইতে পোৱা যায়। গট্টা পৰ্চা প্ৰধানকৈ ভাৰতীয় দ্বীপ বিলাকত চীন দেশত বা দেশত, মালাৱাৰ আরু লঙ্কাদ্বীপত উৎপন্ন হয়। সিও এবিধ গছৰ এঠা। ৰবৰ এঠা বা ৰবৰ, বৰ গছৰ পৰা উৎপন্ন হয়। বৰ গছ ভাৰতবৰ্ষত প্ৰধানকৈ আসাম প্ৰদেশত আরু দক্ষিণ আমেৰিকাৰ এমে- জন জল-সত্ৰৰ কাঠনি হাবিত জন্মে। ভাৰতবৰ্ষ প্ৰভৃতি আশিয়াৰ পূব দেশ বিলাকতেই কুহিআৰৰ নিজা ঠাই কিন্তু এতিয়া বাঢ়ি গৈ মৰিশ্যচ্‌ দ্বীপ বিলাক, আরু আমেৰিকাৰ তলৰ দেশ বিলাতেই ইয়াৰ অপ- ৰ্য্যাপ্ত খেতি হৈছে। অনেক কোম্পানি হৈ ইয়াৰ পৰা ঢেৰ টাকা আৰ্জিছে। দক্ষিণ আমেৰিকাৰ ভেনে-জিউলা দেশত শিলৰ ওপৰত দেখিবলৈ শুকান এবিধ গছ গজে তাৰ নাম গাথিৰতি গছ। তাৰ গাত এটা বিন্ধা বা কোব দিলে, সেই বিন্ধাৰ পৰা গাখিৰৰ নিচিনা সোৱাদ আরু বগা ৰস বৈ আহে। ধৰি থোৱা ৰস ঈষৎ হালধীয়া হয়, আরু তাৰ ওপৰত সৰ উঠে।

  সেগুণ কাঠ— দক্ষিণ ভাৰতবৰ্ষত আরু বঙ্গ উপসাগৰৰ পূৰ্ব্ব লাগতিয়াল
গছ।
পাৰত ঘাইকৈ জন্মে। এই বিলাক কাঠৰ তক্তাৰে জাহাজ সজা হয়। ইবনি এবিধ ঘন, কঁলা শিঙ্গৰ নিচিনা মিহি কাঠ। ই মাডাগাস্কাৰ আরু মৰিশ্যচ দ্বীপত হয়। [ ১৫৫ ] ভাৰতবৰ্ষ আরু কঁচিনচীনা দেশতো পোৱা যায়। মেহগানি এবিধ অতি উত্তম কাঠ; তাক হণ্ডুৰাজ, কিউবা দ্বীপ আরু দক্ষিণ আমেৰিকাৰ গাইয়েনা এদেশত পোৱা যায়। কাক্‌ গছ যাৰ পৰা কাগ্‌ বা বটলৰ ঠিলা তৈয়াৰ হয় তাৰ জনম ঠাই স্পেন, ইটালী চাৰ্ডিনীয়া, দক্ষিণ ফ্ৰাঞ্চ আরু অলজিৰীয়া!

ৰাগীয়াল আরু
সুখজনক বস্তুৰ
গছ।
  এইবিলাকৰ ভিতৰত ধপাত বৰ বিখ্যাত। ইয়াক কলম্বচ্‌এ ১৪৯২ সনত কিউবা দ্বীপত দেখিবলৈ পায়। ইয়াৰ জনম ঠাই ওয়েষ্ট-ইণ্ডিজ ভাৰ্জিনীয়া, ভাৰতবৰ্ষ, ভাৰতীয় দ্বীপ শ্ৰেণী, মানিলা, উত্ত- মাশা অন্তৰীপ, পোৰ্টু গেল, তুৰস্ক, জৰ্ম্মানি আরু ৰুশিয়া প্ৰদেশ। আফুৰ জনম ঠাই আশিয়া আরু ইউৰোপৰ তপত দেশ বিলাক; লঙ্গ, ডাল চেনি, জয়-পত্ৰী প্ৰভৃতি বস্তু বিলাক লঙ্কা, ভাৰতীয় দ্বীপ আরু আমেৰিকাৰ তপত ঠাই বিলাকত উৎপন্ন হয়। আসাম দেশতো সদীয়াৰ ফালে বনৰীয়া ইলাচী আরু নগা পৰ্ব্বতত ডাল চিনিৰ গছ আছে।

  উদ্ভিজে বৃদ্ধিৰ নিমিত্তে যেনেকৈ হাৱাপানীৰ ওপৰত নিৰ্ভৰ কৰে, সেই দৰে দেশৰ হাৱা-পানীয়েও নিজ অৱস্থা পৰিবৰ্ত্তনৰ মিমিত্তে উদ্ভিজৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিজৰ সিপাৰ দ্বাৰা তলৰ মাটি শকত হয়; সেই নিমিত্তে মাটিখিনি শীঘ্নে উটি যাব নোৱাৰে; মাটিৰ মাজত বৰষুণৰ পানী সোমই খাকি লাহে লাহে নিজৰি গৈ, নদীক যোগাই থাকিব পাৰে। সেই নিমিত্তে বান হবৰ কম সম্ভব। পাতত আরু মাটিত অধিক পানী জমা হৈ থকা বাবে বেচি পৰিমাণে ভাপ উঠি দেশ খন চেঁচাকৈ ৰাখে আরু সেই মিমিত্তে বৰ হাবি থকা দেশ বিলাকত বৰষুণৰ পৰিমাণ বেচি হয়। এই নিমিত্তে হাবিৰ গছ বিলাক থকা নথকাৰ পৰা দেশৰ তাপ লৰ হয়। হাবি গুচালে দেশৰ হাৱা-পানীৰ গঢ় লৰে। তাৰ পটন্তৰ [ ১৫৬ ] এটি কট-ডি-অৰ নামে ফ্ৰাঞ্চ দেশৰ ঠাই এডোখৰত ভালকৈয়ে পোৱা যায়। পূৰ্বে সেই ঠাই অত্যন্ত উৰ্ব্বৰা আরু বাসোপযুক্ত আছিল কিন্তু হঠাৎ হাবি গুচালত সি একেবাৰে অনুৰ্ব্বৰ আরু মরু হল। কেপ-ডি-ভৰ্ড অন্তৰীপত ভয়ানক খৰ হোৱাৰ ঘাই গুৰি হাবি নষ্ট কৰাই। ভাল, কোনো গেলা পচা বস্তু বা পিটনি নেথাকিলে হাবিৰ পৰা, ব য়ু সংশোধন হয়। যথাৰ্থত প্ৰাণী বিলাকে উসাহ লৈ আরু নানা ৰকমৰে বেয়া হোৱা বায়ু সংশোধন হবৰ নিৰ্ম্মল হাবি এক মাত্ৰ উপায়। গ্ৰীচ্‌ দেশ আরু ইটালি দেশৰ হাৱা-পানী যে ক্ৰমে ল'ৰিল আৰু বেয়া হৈ গল তাৰ প্ৰধান কাৰণ হাবি নষ্ট কৰাই। ইত্যাদি হাবিৰ গুণ আছে বুলি আরু আগলৈ কাঠ বহু-মুলীয়া হব জানি আমাৰ ইয়াত চৰ্কাৰৰ পৰা অনেক হাবি ৰখা হৈছে।


দ্বাদশ অধ্যায়।
দেশভেদে প্ৰাণীৰ ভেদ।

ভিন্ন স্থলৰ হাৱা-পানী অনুসৰি, নিৰক্ষ বৃত্তৰ ইফালে সিফালে যি দৰে উদ্ভিজৰ ভেদ হয়, সেই দৰে প্ৰাণী বিলাকৰো ভেদ হয়। এক এক জাতি প্ৰাণীএ এক এক ঠাই যুৰি আছে কিন্তু প্ৰতি জাতি যিমান বা য'লকে যুৰি আছে তাক ইয়াত দেখুৱাবলৈ ঠাইয়ে নোযোৰে। কিন্তু প্ৰধান প্ৰধান বিধ চেৰেকৰ সংস্থান জানিলেই, সিহতৰ লগৰ আন বিলাকৰ ঠাই বুজিব পৰা হব। এই নিমিত্তে সেই প্ৰধান কেই বিধৰ ঠাই ইয়াত দিয়া হব। যদিও এটি মণ্ডলৰ সকলো অংশতে একেবিধ জন্তু নাথাকিব পাৰে, তেও তাৰ লগৰে এবিধ থাকিব। [ ১৫৭ ] পাঠক সকলক প্ৰাণীৰ সংস্থান দেখুৱাবৰ পূৰ্ব্বে প্ৰাণী বিলাকৰ শ্ৰেণীৰ নাম গোটাদিয়েক জনাব খোজোঁ; কাৰণ তাৰ পৰা পাছৰ কথা বুজাত বহুত সহায় পোৱা যাব।

 সমুদায় প্ৰাণী-সংসাৰ খন পাঁচ বৰ্গ কৰি ভাগ কৰা হয়। পৃষ্ঠা- স্থিত, কোমল-কায়, বাহ্য-সন্ধিত, ৰস্মিত আৰু অনুদ্ভিন দেহ।
 (১) পৃষ্ঠাস্থিত—যিবিলাক প্ৰণীৰ ৰাজহাৰ আছে; যেনে মানুহ চৰাই, কাচ প্ৰভৃতি। এই বৰ্গক গণ গণ কৰি চাৰি গণ কৰা হয়:—(ক) স্তন্যপায়ী অৰ্থাৎ যি বিলাকে সৰু কালত মাকৰ পীয়াহ খায়, (খ) বিহগ বা চৰাই, (গ) সৰীসৃপ বা জেঠিৰ লগৰ প্ৰাণী আরু (ঘ) মৎস্য।
 (২) কোমল-কায়—যিবিলাকৰ হাৰ নাই; যেনে কুমজেলেকুৱা। এই বৰ্গৰ ভিতৰৰ কোনো বিলাকৰ চোকোৰা থাকে, যেনে শামুক, শঙ্খ, বাম-শামুক প্ৰভৃতি।
 (৩) বাহ্য-সন্ধিত—যিবিলাকৰ শৰীৰটো কেবা ডোখৰেৰে যোৰা দিয়া আৰু এটাই কেই ডোখৰ দেখিবলৈ মিল; মাত্ৰ আকাৰত বেচ কম। ইহতৰ চাল টান; কোনোটৰ হাৰৰ সমান টান আরু ৰাজ হাৰৰ কাম কৰে; যেনে কেৰেলুৱা, মিছা মাচ, ফৰিঙ্গ, কেচু, প্ৰভৃতি।
 (৪) ৰস্মিত—যিবিলাক প্ৰাণীৰ শিৰ বিলাক এক মূলৰ পৰা- চাৰিও ফাললৈ ওলায় যায়; যেনে পুরুভুজ।
 (৫) অনুদ্ভিন্ন দেহ—এই জাতিৰ অঙ্গ প্ৰত্যঙ্গৰ একো চিন ধৰিব নোৱাৰি; অনেক বিজলৰ অবস্থাতে থাকে। সিহঁত অতি ক্ষুদ্ৰ; স্পঞ্জ আরু পোৱাল এই বৰ্গৰ।

 ওপৰৰ পাচ বৰ্গৰ ভিতৰত, ৰস্মিত আৰু অনুদ্ভিন্ন-দেহ প্ৰাণী বিলাকেই অত্যন্ত অধঃস্থ। সিহঁত দেখিবলৈ উদ্ভিজৰ নিচিনা; এই নিমিত্তে সিহঁতক জু-ফাইট অৰ্থাৎ উদ্ভিজ-প্ৰাণী নাম দিএ। আগৰ [ ১৫৮ ] কালত আমাৰ মানুহে পোৱালৰ গছ আছে বুলি ভাবিছিল। মিলিপঁৰ (Millipore) মেড্ৰাপঁৰ (Madrapore), পৰাইটিজ (Porities), বিলাকো এই বৰ্গৰ ভিতৰৰ। এই বিলাকক গ্ৰীষ্ম-মণ্ডলৰ সাগৰত পোৱা যায়। এই বিলাকৰ মৃত শৰীৰ গোট খাই দম হৈ অনেক দ্বীপ হৈছে। সছা পোৱাল গ্ৰীষ্ম-মণ্ডলৰ কিচু উত্তৰত অৰ্থাৎ ভূমধ্যস্থ সমুদ্ৰত আরু সিংহল দ্বীপৰ ওচৰৰ ভাৰত সাগৰত প্ৰচুৰ রূপে পোৱা যায় আরু অলঙ্কাৰৰ নিমিত্তে বহু তোলা হয়। আৰব সাগৰ আরু পাৰস্য উপসাগৰৰ তলীত অতি বিস্তৃত পোৱালৰ বাগিছা আরু হাবি আছে। বাহ্য-সন্ধিত প্ৰাণী বিলাক পৃথিবীৰ সকলো অংশতে আছে কিন্তু নিৰক্ষ বৃত্তৰ কাসৰলৈ তাৰ সঙ্খ্যা ক্ৰমে বেচি। গ্ৰীষ্ম- মণ্ডলৰ হাবি বিলাকত পোক পরুৱাৰ প্ৰাদুৰ্ভাব ভয়ানক। মধ্য আরু দক্ষিণ আমেৰিকাত হাবিৰ মাজত এবিধ ডাঙ্গৰ জোনাকী পৰুৱা আছে সিহঁত ওলালে সমুদায় হাবি পোহৰ হয়। গ্ৰীষ্ম-মণ্ডলৰ পখীলা বিলাক নানা বৰণীয়া আরু ধুনীয়া। ভাৰত সমুদ্ৰ কোমল- কায় প্ৰাণীবৰ্গৰ নিমিত্তে প্ৰসিদ্ধ। ইয়াৰ সমান ধুনীয়া, বহু বিধিয়া আৰু অপাৰ শঙ্খ, শামুক কোনো সমুদ্ৰত নাই। ভাৰত সমুদ্ৰৰ পাছতে, অষ্ট্ৰেলিয়াৰ ওচৰৰ সমুদ্ৰৰ শঙ্খ বিলাকক গণ্য কৰিব পাৰি কিন্তু আমেৰিকাৰ শঙ্খ একে অক্ষাংশত থকা আশিয়াৰ শঙ্খ বিলাকতকৈ নিকৃষ্ট আরু তাকৰ। ভূমধ্যস্থ সমুদ্ৰ, ভাৰত সমুদ্ৰৰ আৰু লোহিত সাগৰৰ শঙ্খ বিলাক প্ৰায় একে দেখি। সমুদ্ৰৰ তলী খন অসমান হোৱা বাবে তাৰো জল-সত্ৰ আছে বুলি ধৰিব পাৰি। জল-সত্ৰই পতি মাচ ভিন্ন ভিন্ন হোৱা যেন অনুমান হয়। যদিও সমুদায় উত্তৰ আটলাণ্টিক সমুদ্ৰৰত কড্‌ মাচ (যি মাচৰ তেল আমালোকৰ বজাৰত কডলিৱৰ অইল বুলি বেচে) পোৱা যায় তথাপি নিউফাউণ্ডলেণ্ড দেশৰ কাশৰতে তাৰ বেচি প্ৰাদুৰ্ভাব। গ্ৰীষ্ম- মণ্ডলত নানাবিধ আচৰিত মাচ পোৱা যায়। হাঙ্গৰ, কৰত-মুখী, [ ১৫৯ ] তৰোৱালী প্ৰভৃতি অনেক মাচ ইয়াত থাকে। গ্ৰীষ্ম-মণ্ডলৰ আটলাণ্টিক আৰু স্থিৰ সমুদ্ৰত এবিধ পাখিলগা মাচ আছে। পানীৰ পৰা কেতিয়াবা দুহাত তিন হাতৰ ওপৰলৈ জাপ মাৰি উঠি কেবা বেও বাট যায়। দক্ষিণ আমেৰিকাৰ লেনচ্‌ নামে সমথলৰ ডোবা বিলাকত আরু নৈ বিলাকত জিন্‌মটি নামে এবিধ বামি মাচ আছে সিহতৰ স্পৰ্শ অনেক জন্তুৰ নিমিত্তে মাৰাত্মক; সিহতৰ গাৰ পৰা তাড়িত ওলাই যাৰ ওপৰত পৰে তাক আধা মৰা কৰে। টপেড মাচ ভূমধ্যস্থ সাগৰ, আটলাণ্টিক সমুদ্ৰ আৰু ভাৰত সমুদ্ৰত পোৱা যায়। এই মাচৰ পৰাও তাড়িত ওলাই, ইয়াক যি ধৰে তাৰ হাত জিন জিনায়।

 সৰীসৃপ বিলাকো গ্ৰীষ্ম-মণ্ডলতে অধিক। নীলোটিক-ক্ৰক'ডাইল নামে এবিধ ঘৰিয়াল আফ্ৰিকাত আছে। ই ২০। ১৫ হাত দীঘল আৰু তাৰ জোখাৰে ডাঙ্গৰো। ঘৰিয়াল বা কুম্ভীৰৰ বাসস্থান গঙ্গা, ব্ৰহ্মপুত্ৰ প্ৰভৃতি ভাৰত বৰ্ষৰ নদী বিলাক। গ্ৰীষ্ম-মণ্ডলত পৰা আমেৰিকা খণ্ডত এলিগেটৰ নামে এবিধ কুম্ভীৰ থাকে; জাৰ কালি কেমাহ সিহঁতে বোকাত সোমাই থাকে। প্লবঙ্গ জাতি বা ভেকোলা জাতিৰ প্ৰাণী বিলাকক প্ৰায় সকলো অংশতে দেখা যায়। ঢেকি সাপ বা অজগৰ সাপ, আফ্ৰিকা আৰু আশিয়াৰ দেশত প্ৰচুৰরূপে পোৱা যায়। বৱা অজগৰ আরু সশব্দ-যায়ী সাপ প্ৰভৃতি আমেৰিকাত বেচি। গ্ৰীষ্ম-মণ্ডলত নানা বৰণৰ নানা জাতি পক্ষি বাস কৰে। বাকী মণ্ডলত ইমান সৰহ জাতিৰ আরু ইমান চিত্ৰ বিচিত্ৰ ৰঙ্গৰ পক্ষি দেখিবলৈ পোৱা নাযায়। মৌ-খাপ, মৌ-পীয়া প্ৰভৃতি চৰাই বিলাক উষ্ণ মণ্ডলত থাকে, গুণ-গুণী চৰাই আমেৰিকাত, কাকতুৱা অষ্ট্ৰেলীয়া আৰু ভাৰতীয় দ্বীপ শ্ৰেণীত বাস কৰে। মিহি, শুকুলা ও দীঘল আরু ইচ্ছামতে চালি ধৰিব পৰা পক্ষীৰে এবিধ বিচিত্ৰ চৰা- ইএ, জাকে জাকে উড়িফুৰি নব-গিনিৰ হাবি বিলাক মনোহৰ কৰে; [ ১৬০ ] তাৰ নাম নন্দন পক্ষী। ৰঙ্গা, সৌজিয়া, বগা, বেঙ্গুনীয়া আদি নানা বৰণৰ ভাটো চৰাই বিলাক থাকি গ্ৰীষ্ম-মণ্ডলৰ সমুদায় অৰণ্য বিলাক ৰঞ্জিত কৰি, জাকে জাকে উড়ি ফুৰে। ৪০° অক্ষাংশ মানত এলে বেট্ৰচ নামে চৰাই এবিধ সাগৰৰ ওপৰে ওপৰে উড়ি ফুৰা দেখিবলৈ পোৱা যায়। কণ্ডৰ, সগুণ ওখ ওখ পৰ্ব্বতৰ শিখৰত বাস কৰে। স্তন্য-পায়ী বিলাকৰ নানা জাতি আছে আরু সিহতৰ প্ৰত্যেক জাতিৰ কোনো বিশেষ বিশেষ ঠাই আছে; তাৰ বাহিৰে আন ঠাইত পোৱা নাযায়। মানচিত্ৰত ইহঁতৰ স্থান নিৰ্দিষ্ট আছে।

 পৃথিবী-পৃষ্ঠত বাস কৰা প্ৰাণী বিলাকৰ স্থান অনুসৰি সিহঁতক তিনি বৰ্গ কৰি ভাগ কৰা যাৰ:—গ্ৰীষ্ম-মণ্ডলী, সম-মণ্ডলী আরু শীত-মণ্ডলী। প্ৰাণী বিলাকৰ প্ৰধান লক্ষণ সাম্যতা; অৰ্থাৎ গোটেই শীত-মণ্ডলতে আমেৰিকা হক বা আশিয়াই হক দুইতো প্ৰায় এক বিধৰ, প্ৰাণী দেখিবলৈ পোৱা যায়। ইহতৰ জাতি সঙ্খ্যা নিচেই কম কিন্তু ব্যক্তি সঙ্খ্যা অতি বেচি। উত্তৰ শীত-মণ্ডলত উড়ি ফুৰা চৰাইৰ আরু সাতুৰি ফুৰা মাচৰ জাক দেখিলে আচৰিত হব লাগে। কিন্তু এটাই বিলাক জাতিৰ ৰঙ্গ আরু আকৃতি প্ৰায় একেই। ৰঙ ধোঁৱাৰ নিচিনা। চক্‌মকীয়া এটা চৰাই বা চিত্ৰ বিচিত্ৰ এটা মাচ দেখিবলৈ নাই। তাৰ প্ৰধান জন্তু বগা ভালুক, ৰিণ-পহু, গান্ধ-গরু, বগা শিয়াল; আরু নানাবিধ চিল মাচ ইয়াৰ সৰ্ব্ব প্ৰধান জীৱ। চৰাইৰ ভিতৰত সাগৰৰ শগুন গল চৰাই। সৰীসৃপ গণৰ এটি জাতিও এই মণ্ডলীৰ ভিতৰত নাই। বাহ্য-সন্ধিত বৰ্গৰ ভিতৰৰ অনেক বিধ সাগৰৰ পোক আরু অনেক খোলাস্থ প্ৰাণী এই মণ্ডলীৰ ভিতৰত আছে। শীত- মণ্ডলী প্ৰাণী বৰ্গৰ দক্ষিণ সীমা পোন নহয় আৰু মেরু-বৃত্তৰ ওপৰত নপৰে বৰং উত্তৰ সমাৰণ্য-মণ্ডলৰ উত্তৰ সীমাৰে মিলে। য'ৰে পৰা গছ আৰম্ভ ত'তে এই মণ্ডলীৰ প্ৰাণীৰ অন্ত হয়। দক্ষিণ গোলাৰ্দ্ধ-শীত- মণ্ডলী প্ৰাণীবৰ্গ কুমেরুৰ কাসৰৰ অজ্ঞাত প্ৰদেশ বিলাকত আছে। [ ১৬১ ]  শীত-মণ্ডলী প্ৰাণীৰ অপেক্ষা সম-মণ্ডলী প্ৰাণী জাতৰ সঙ্খ্যা বেচি আরু ইয়াত জলচৰ জাতি বিলাকতকৈ ভূচৰ বিলাকৰ সংখ্যা অধিক। ইয়াত নানা বৰণীয়া আরু নানা আকৃতিৰ জন্তু বিচৰণ কৰে। হাবিৰ মাজত নানা ৰকম পোক পৰুৱা আরু শামুক থকা দেখা যায়, কিন্তু সম-মণ্ডল বাৰও মাহ ইমান তপত নহয় যে তাত গছ, পাত, প্ৰাণী বিলাক স্বচ্ছন্দে থাকিব পাৰে। জাৰত গছ লঠা হোৱাৰ লগে লগে পোক পরুৱা পলাই গাঁতত সোমায়, আৰু অনেক প্ৰাণীএ তাত আহাৰ নাপাই আরু জাৰ সহিব নোৱাৰি গ্ৰীষ্ম-মণ্ডলৰ কাসৰলৈ আহি তাৰ চিৰ-সৌজীয়া উদ্ভিজ খাই প্ৰাণ ধাৰণ কৰে; আৰু কতো বিলাক প্ৰাণীএ (যেনে বাদুলী আৰু সৰসৃপৰ লগৰ জীব বিলাকে) জাৰ কালটো জঠৰ অবস্থাত পৰি থাকিয়েই নিয়াই। ক্ৰব্যাৎ বা মাংসাহাৰী ৰোমন্থক, আরু দ্বিপুৰোদন্তী বা নিগনি জাতিৰ কতো বিলাকেই মাত্ৰ এই কঠিন কালত সম-মণ্ডলৰ ভিতৰত থাকে। এই নিমিত্তে এই মণ্ডলৰ নক্সা ঋতুৰ লগে লগে সলনী হয়।

 উদ্ভিজৰ লক্ষণ চাই সম-মণ্ডলীৰ প্ৰাণী বিলাকক দুই ভাগ কৰিব পাৰি:—(১) যি বিলাক জাৰত লঠা হোৱা গছ থকা খণ্ডত থাকে, (২) যিবিলাক চিৰ-সৌজ গছ হোৱা খণ্ডত থাকে। জাৰ লঠা-গছ বিলাকৰ লগত দেৱদারু গছ মিহলি হৈ উৎপন্ন হয় আৰু দেবদারু জন্ম নোহোৱা ঠাইত জাৰ-লঠা গছো নাথাকে। এই নিমিত্তে দেবদারুৰ সীমাই প্ৰথম শ্ৰেণীৰ প্ৰাণীৰ সীমা বুলিব পাৰি আরু শেষৰ বিলাক প্ৰাণীৰ দক্ষিণ সীমা পামেট অৰ্থাৎ একৰকম চাপৰ তাল গছ। সম-মণ্ডলৰ প্ৰাণী বিলাকৰ এটা প্ৰধান লক্ষণ এই, যদিও সমুদায় সম-মণ্ডলতে একে জাতি প্ৰাণী নথকা যেন প্ৰথমে দেখা যায়, তথাপি বিশেষরূপে পৰীক্ষা কৰি চালে দেখা যাব যে একে জাতিৰ জন্তুয়েই ঈশদ্‌ ভেদে বাস কৰিছে। নতুন কি পূৰনা পৃথিবীৰ সম-মণ্ডলত বাঘ আছে কিন্তু আমেৰিকাৰ বাঘক [ ১৬২ ] জাগুয়াৰ বোলে; দেখাত আশিয়াৰ বাঘৰ দৰে নহয়। তাত সিংহৰ লগৰ এবিধ জন্তু আছে তাৰ নাম পুমা বা আমেৰিকাৰ সিংহ কিন্তু তাৰ কেশৰ নাই সি গছত বগাব পাৰে। আমালোকৰ সিংহত কৈ সরু; বৰণ ৰঙ্গা। আমেৰিকাত আগৰ কালত গরু, ঘোৰা, কুকুৰ নাছিল; আমালোকৰ মহাদ্বীপৰ পৰা নিয়াতহে তাতো হৈছে; কিন্তু গরুৰ লগৰ বাইচন নামে এবিধ মেথোন আগৰ পৰাই আছে। আমালোকৰ ঢেকি-সাপৰ পৰিবৰ্ত্তে বিষধৰ সশব্দ-যায়ী সাপ আরু বৱা অজগৰ সাপ আছে। এই মণ্ডলৰ প্ৰধান জন্তু বাইচন বা আমেৰিকাৰ মেথোন, হৰিণ, গৰু, ঘোৰা, গাহৰি, নানা জাতীয় দ্বিপুৰোদন্তী, কেৰকেটুৱা, শহ, সকলো জাতি কীটাৎ, উট্‌, বৃক, শিয়াল, বন-বোন্দা ইত্যাদি। ইয়াত অপুৰোদন্তী আৰু চতুষ্কৰ জন্তু নাই। এটলাচ্‌ পৰ্ব্বতৰ পয়ৰাত হলে নাই বুলিব নোৱাৰি। সৰীসৃপৰ ভিতৰৰ জেঠি, গুই, কাচ, সাপ আরু ভেকোলা জাতি আছে কিন্তু ঘৰিয়াল নাই। দক্ষিণ সম- মণ্ডলৰ প্ৰাণী-বৰ্গত নৈৰক্ষিক গ্ৰীষ্ম-মণ্ডলী প্ৰাণী বৰ্গৰ পৰা ঠিক এই দৰে বিভিন্ন আরু তাকে দুই খণ্ড কৰিব পাৰি। কিন্তু উত্তৰ সম-মণ্ডলী প্ৰাণীবৰ্গ যেনেকৈ আমেৰিকাতে আরু আশিয়াতে একে জাতি থকা নহলেও একে বিধৰ থকা দেখি, দক্ষিণ সম-মণ্ডলীৰ প্ৰাণীবৰ্গ তেনে নহয়; মকৰ-ক্ৰান্তিৰ দক্ষিণে থকা দক্ষিণ আমেৰিকাৰ প্ৰাণী বিলাক আফ্ৰিকাৰ নিচেই দক্ষিণ অংশৰ বিলাকৰ সৈতে অমিল। উত্তমাশা অন্তৰীপৰ হায়েনা আরু বনৰীয়া বৰাহৰ লগৰ কোনো এবিধো জন্তু আমেৰিকাত নাই আরু অষ্ট্ৰেলীয়াৰ কাঙ্গাৰু বা অৰ্নি থৰিঙ্কস জন্তুৰ লগৰ জন্তু কোনো মহাদেশত নাই।

 দুই সম-মণ্ডলী প্ৰাণী বৰ্গৰ মাজতে নৈৰক্ষিক গ্ৰীষ্ম-মণ্ডলী প্ৰাণীৰ বাস স্থান; তাল জাতিয় গছৰ সীমাই সৈতে এই মণ্ডলৰ প্ৰাণীৰ সীমা মিলে। এই মণ্ডলৰ প্ৰাণী বিলাক চিত্ৰ বিচিত্ৰ আরু [ ১৬৩ ] নানা বৰনীয়া আরু অসংখ্য শ্ৰেণী ও জাতিত ভাগ কৰা হৈছে। সকলো প্ৰধান শ্ৰেণীৰ জন্তু এই মণ্ডলীৰ ভিতৰত পৰে। সরু গুণ-গুণী চৰাইৰে ৩০০০ জাতি আছে। গ্ৰীষ্ম-মণ্ডলতেই সকলোতকৈ সুন্দৰ আরু সকলোতকৈ কুন্ধচ্‌ জন্তু জুম খাইছে। বান্দৰ প্ৰভৃতি চতুষ্কৰ জন্তু, কল খোৱা বাদুলী, * হাতী, জল-হস্তী, গঁড় প্ৰভৃতি স্থূল- ত্বক্‌ জন্তু আরু সমুদায় অপুৰোদন্তী জন্তু বিলাকৰ গ্ৰীষ্ম-মণ্ডল আবাস স্থান। মেকুৰি জাতিৰ ডাঙ্গৰ ডাঙ্গৰ জন্তু বিলাক যেনে সিংহ, বাঘ এই মণ্ডলতেই থাকে। পক্ষিৰ ভিতৰত নানা ৰঙ্গৰ ভাটৌ টৌকেন চৰাই কেৱল গ্ৰীষ্ম-মণ্ডলতেই থাকে। কোঁদো, ভোমোৰা, প্ৰভৃতি বিষধৰ বাহ্য-সন্ধিত প্ৰাণী এই মণ্ডলতেই পোৱা যায়। হাঙ্গৰ মাচৰ আবাস স্থান কেৱল গ্ৰীষ্ম-মণ্ডল মাত্ৰ। সাপৰ সঙ্খ্যাও ইয়াত বেচি।

 এই মণ্ডলী প্ৰাণী বিলাকৰ মহাদেশে পতি একোটা গঢ়; এক নক্সাৰ জন্তু কেৱল এক খণ্ডতে হে পোৱা যায়। আন ঠাইত পোৱা নাযায়। টোকেন চৰাই, গুণ গুণী পক্ষি, শথ আমেৰিকাৰ বাহিৰে ক'তো নাই। জিৰাফ, জেব্ৰা আরু জলহস্তী আফ্ৰিকাত মাত্ৰ পোৱা যায়। যি বিলাক একে শ্ৰেণীৰ জন্তু দুই মহাদেশ পোৱা যায় তাৰ মাজতো অনেক লৰ আছে। আমেৰিকাৰ বান্দৰ বিলাকৰ নাসাৰন্ধ্ৰ দুটা পৰস্পৰৰ পৰা আঁতৰত আরু নেজেৰে গছৰ ডালত ধৰিৰ পাৰে। প্ৰাচীন পৃথ্বীৰ বান্দৰৰ নাসাৰন্ধ্ৰ দুটা ওচৰা উচৰি আরু নেজেৰে গছৰ ডালত ধৰিব নোৱাৰে। ভিন্ন ভিন্ন দেশত ভিন্ন ভিন্ন প্ৰাণী বাস কৰে বুলি গ্ৰীষ্ম-মণ্ডলক পাঁচ প্ৰাণী প্ৰদেশ


 * শীত প্ৰধান দেশ বিলাকৰ বাদুলিএ কল নাখায়; কল পাব ক'ত? পোক পরুৱা ধৰি খায়। আমেৰিকাৰ ভেম পায়াৰ নামে

বাদুলী এবিধে শুই থকা মানুহৰ তেজ শুহি খায়।

[ ১৬৪ ] কৰি ভাগ কৰিব পাৰি:—ভাৰতবৰ্ষ, আফ্ৰিকাৰ মধ্যদেশ, দক্ষিণ আমেৰিকাৰ উত্তৰ ভাগ, মধ্য আমেৰিকা আরু ভাৰতীয় দ্বীপপুঞ্জ। প্ৰতি প্ৰদেশে এক এক জাতি সুকীয়া জন্তু আছে, যাক আন ঠাইত দেখিবলৈ নাই যেনে ভাৰতবৰ্ষৰ ঢেকিয়া পতীয়া বাঘ, নিল্‌গা বা কৃষ্ণসাৰ, আফ্ৰিকাৰ অষ্ট্ৰীচ্‌, ভাৰতীয় দ্বীপ-পুঞ্জৰ উড়নীয়া লিম, বন মানুহ, আৰু দক্ষিণ আমেৰিকাৰ পরুৱা-খোৱা বা ভেম পায়াৰ বা তেজপীয়া বাদুলী আৰু আৰ্মোডিলো। এই বিলাক প্ৰদেশত একে বিধৰ জন্তু পালেও সিহতৰ অলপ নহয় অলপ লৰ আছে। আফ্ৰিকাৰ হাতীৰ কান দুখান ভাৰতবৰ্ষৰ বিলাকৰ কানতকৈ দুগুন মান ডাঙ্গৰ। আফিকাৰ চিম্পাঞ্জি ও বন মানুহ যিমান মানুহৰ সদৃশলৈ ওচৰ চাপে ভাৰতীয় দ্বীপ-পুঞ্জত থকা বিলাক তিমান নহয়। মাডাগাস্কাৰ দ্বীপত লিমৰ নামে এবিধ বান্দৰ আছে।

 প্ৰথমে একে ঠাইতে একেবিধ প্ৰাণী স্ৰজন হৈ পাছে নানা ঠাইলৈ গৈ নানা ঠাইৰ হাৱা-পানী সহ্য কৰিব লগাত নানা প্ৰকাৰ আকৃতিৰ হ’লনতু এবিধ এবিধ সুকীয়া প্ৰাণী দেশে দেশে স্ৰজন হৈছিল তাৰ একো নিশ্চয় আজিলকে হোৱা নাই। ডাউইন প্ৰভৃতিৰ মতে প্ৰথমে এবিধ প্ৰাণী আছিল তাৰ পৰাই ক্ৰমে ইবিলাকৰ উদ্ভৱ হল। কিন্তু বৰ্ত্তমান কালত যেনে দেখা যায় তাৰ পৰা ডাৰউইনৰ মত সম্পূৰ্ণ সত্য বুলিব নোৱাৰি। যদিও পোহনীয়া মেকুৰি হাবিৰ মাজত সোমাই বন-বোন্দা হব পাৰে আরু মুকলি অৱস্থাত থাকি ডাঙ্গৰ দীঘল হৈ চাগলি পোৱালী প্ৰভৃতি মাৰি খাব পৰাহয় আরু ভাৰতবৰ্ষৰ হাতী আফ্ৰিকালৈ গৈ যদিও তাৰ কান বৰ ডাঙ্গৰ হব পাৰে, তথাপি যি বিলাক দেশৰ হাৱা-পানী বহুত অমিল তেনে বিলাক দেশৰ জন্তু সলনা-সলনী কৰিলে মৰি যোৱা দেখা গৈছে। আফ্ৰিকাৰ উট আনি আসামত থলেহি দুমাহতে বেমাৰে ধৰি মৰি যাব। আমালোকৰ পহুও আফিকাৰ মরুভূমিত নিজীৱে। [ ১৬৫ ] এনে স্থলত পহুৰ পৰা যে উট হব পাৰে বা উটৰ পৰা পহু হব পাৰে নতু কোনো আন এবিধ উমৈহতীয়া-মূলক প্ৰাণীৰ পৰা দুইও উৎপন্ন হব এনে সম্ভব নহয়। আন কি কোনোয়ে সন্দেহ কৰে যে আফ্ৰিকাৰ নিগ্ৰ' মানুহ সুশ্ৰী ইৰাণী হতৰ পৰা হব পাৰে। সেই যি কি নহক আমাৰ বোধেৰে দুইও কথা সছা। কেত বিলাক জন্তু বিলগ দেশত বিলগকৈ স্ৰজা হৈছিল, তাৰ পৰাই আন ঠাইলৈ বাগৰি দেশৰ হাৱা- পানী অনুসৰি জাতি আরু উপজাতি হৈছে। এটাইতকৈ শেষত স্ৰজন হোৱা মানুহৰ হাতত পৰি আন আন প্ৰাণী বিলাকৰ সংস্থান অনেক লৰিল। কোনো ঠাইত কেত বিলাক প্ৰাণীৰ সংখ্যা কমি গৈছে; কোনো ঠাইত আন ৰকমৰ প্ৰাণীৰ সংখ্যা বৃদ্ধি হৈছে। মানুহ য'ল'কে গৈছে তাৰ লগত পোহনীয়া জন্তুও গৈছে। স্পেনিয়াৰ্ড হঁতেই প্ৰথমে আমেৰিকাত ঘোৰা উলিয়াই গৈ; পাছে তাত ঘোৰাৰ ইমান শ্ৰীবৃদ্ধি হল যে বৰ্তমান কালত অসংখ্য ঘোৰা বনৰীয়া অৱস্থাত থাকি পাম্পাচ আৰু দক্ষিণ আমেৰিকাত চৰি ফুৰিছে। সেই দৰে ঘৰচীয়া গরুও দক্ষিণ আমেৰিকাত মানুহে নিয়াত ওলাইছে। মানুহে নিনিয়াকৈ অথচ মানুহৰ লগতে গৈ, নিগনি, ইন্দুৰ, মাখি, পঞতাচোৰা আরু আন আন প্ৰাণী বিলাক ইউৰোপৰ পৰা গৈ আমেৰিকাত বাহ লৈছে। মাখি-মৌও ইউৰোপৰ পৰা গৈহে আমেৰিকাত বস্তি কৰিছে। মানুহৰ আগমনত যি বিলাক জাতি ক্ৰমে হ্ৰাস হৈ গৈছে তাৰ ভিতৰত ডড' নামে এবিধ চৰাই প্ৰধান। পূৰ্ব্বে আয়ৰ্লণ্ডত এবিধ ডাঙ্গৰ শৰ পহু আছিল; সিহতে লোপ পালে। বিলাতত পূৰ্ব্বে নেকেড়ীয়া বাঘ বা বৃক আছিল, এড্‌গাৰ ৰজাৰ দিনৰ পৰা হ্ৰাস হৈ এতিয়া দৰবলৈকো নাই। বৰ্তমান কালত মানুহৰ আক্ৰমণত বাইচন, বীবৰ, বাঘ প্ৰভৃতিৰ সংখ্যা কমি যাবলৈ ধৰিছে। মানুহৰ বাহিৰে আন কাৰণতো প্ৰাণীৰ ঠাই সলনী হব পাৰে। সাগৰৰ বনত অনেক মাচ আরু পোকে বাহ লয়; সোঁতত বন উটি দূৰ [ ১৬৬ ] দেশলৈ যোৱাত তাৰ লগতে মাচৰ কনিও যাৰ পাৰে। উটি যোৱা গছ মুঢ়াৰ লগত লাগিও কোমল-কায় প্ৰাণী বিলাক উটি যায়।

  ওপৰত কৈ অহা হৈছে যে দেশে পতি প্ৰাণী-বৰ্গৰ গঢ় লৰ আছে আরু এখন দেশ আন এখন দেশৰ জন্তু থাকিবৰ নিমিত্তে উপযুক্ত নহয়; তালৈ আনিলেই সি মৰি যায়। কিন্তু মানুহক সৃষ্টিকৰ্ত্তাই এনে ক্ষমতা দিছে যে সি পৃথিবীৰ সকলো অংশতেই থাকিব পাৰে। শীত-মণ্ডলৰ অসহ্য জাৰ বা নিৰক্ষ-বৃত্তৰ ওচৰৰ দেশ বিলাকৰ অসহ- নীয় জহ কোনো এটাইও মানুহক তালৈ যাবৰ নিমিত্তে বাধা কৰিব নোৱাৰে। শীত-মণ্ডলত ইমান জাৰ যে ঠাইয়ে ঠাইয়ে ৯ মাহৰ নিমিত্তে পানী গোট-মৰাই থাকে, জুইত নতপতালে পী-খাবলকে পানী এটোপা পোৱা টান; তাতে মানুহৰ বসতি আছে। সাহাৰা মরুভূমি ইমান তপত যে মানুহ মৰিলে ৰ'দত তৎক্ষণাৎ শুকাই যায়, পচিবলৈ নাপায়, তাতে মানুহ দেখিবলৈ নোপোৱা নহয়। এই দৰে সকলো ঠাইৰ নিমিত্তে মানুহ উপযুক্ত বুলিয়েই মানুহৰ ইমান ক্ষমতা আরু ইমান উন্নতি। তেনে হোৱাৰ আদি কাৰণ দুটা বুলি বোধ হয়— প্ৰথম, মানুহে নোখোৱা বস্তু একো নাই, মানুহ সৰ্ব্ব- ভক্ষী; ভেকুৰা কাঠফুলা প্ৰভৃতিৰ পৰা যতনেৰে অৰ্জ্জা কবি শাক- লকে আরু কেচু কুমটিৰ পৰা গজ হস্তীলঁকে একো নাসাৰে। দ্বিতীয়, মানুহ উপজি নাঙ্গঠা অৰ্থাৎ গরু মঁহৰ দৰে জাৰ গুচাব পৰা গাত স্বাভাৱিক নোমৰ বা ডাঠ চালৰ আচ্ছাদন নাই আরু মানুহে ইচ্ছামতে কৃত্ৰিম,আবৰণেৰে গা ঢাকিব পাৰে। ঠাই চাই আপোনাৰ আবৰণ পাতল বা ডাঠ, উমলগা বা শীতল কৰি লব পাৰে। যদি পিঠিত নোম এসোপা লৈ মানুহ উপজিল হেতেন, তেনে হলে ইংলণ্ডৰ পৰা আহি ভাৰতবৰ্ষত ৰাজত্ব কৰিব নোৱাৰিলে হেতেন আরু কাপোৰ লব নজনা হোৱা হলে হিন্দু গৈ বিলাতত বিলাতীএ সৈতে বিদ্যাত সমকক্ষ হব নোৱাৰিলে হেতেন; যদিও [ ১৬৭ ] এই দৰে ইচ্ছা মতে মানুহে নিজে বিস্তৃত হব পাৰে, তথাপি সকলো মানুহ গুৰিতে একে আই বোপাইৰ পৰা উৎপন্ন হক বা ঠাইয়ে ঠাইয়ে বিলগ আই বোপাইৰ পৰাই হক, মানুহৰে দেশ চাই অবয়ঁবৰ আরু বুদ্ধিৰ অনেক বিভিন্নতা আছে; ব্লুমেনবেক চাহাবে মুৰৰ আকৃতি চাই মানুহক পাঁচ বৰ্গৰে বিভক্ত কৰিছে। এই বৰ্ণ-বিভাগত মানুহৰ ভাষা মিল অমিলৰ প্ৰতিও দৃষ্টি ৰখা হয়। কাকশ্যস্‌ বৰ্ণ, মৌগল বৰ্ণ, আফৰিক বৰ্ণ, মালয়ীন বৰ্ণ আরু আমে- ৰিক বৰ্ণ।

  ১। কাকশ্যস বৰ্ণ। এই বৰ্ণৰ মানুহৰ মুৰ অণ্ডাকাৰ অতি সুন্দৰ; ইহতৰ কপাল বহল, গালৰ হাৰ সোমোৱা টিকা উঠা নহয়। নাক জোঙ্গা আরু উঠা, আগ দাঁত লম্বভাবে থকা, মুখ সরু, ওঁঠ বৰ ডাঠ নহয়। চুলি দীঘল, পোন, দাঁড়ি গোফ প্ৰচুৰ। ইহঁতৰ বৰণ বগা, মিঠা বৰণীয়া, তেজ-গোৰা, ঘোৰ কঁলা অৰ্থাৎ সকলো বৰণৰ মানুহ এই বৰ্ণত আছে। ইহঁতৰ চুলি আরু চকুৰ বৰণো কেবা প্ৰকাৰৰ। বৰণৰ এই বিভিন্ন সূৰ্য্যৰ তাপৰ বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰে যেন বোধে ধৰে। কাৰণ দেখা গৈছে যে ল'ৰাতে মানুহ যিমান বগা থাকে বা ঘৰৰ ভিতৰত সৰহ সময় থাকিবলৈ পোৱা মানুহ যিমান বগা, ডাঙ্গৰ হলে বা বাহিৰত ফুৰা মানুহ সিমান বগা নহয়। উত্তৰত থকা ইংলণ্ড বা রুশিয়াবাসী মানুহ বিলাক এটাইতকৈ বগা। ফ্ৰাঞ্চ, স্পেন, পৰ্টুগেল, ইটালী আরু গ্ৰীচ-বাসী বিলাক কিছু মহ-ৰজীয়া পৰা, মুৰ বিলাক মিঠা বৰণীয়া আরু আফ্ৰিকা আরু আৰব দেশৰ কাকশ্যস বৰ্ণৰ মানুহ বিলাক ঘোৰ ক'লা। ফিন্‌লেণ্ড আৰু লেপলেওক এৰি সমুদায় ইউৰোপৰ মানুহ, পশ্চিম আশিয়াৰ মানুহ অৰ্থাৎ পূবে ওবি নদী, বেলুৰটেগ পৰ্ব্বত, হিমালয় পৰ্ব্বত, নগা পৰ্ব্বত, মান দেশৰ সীমালকে আশিয়াৰ এই খণ্ডত থকা মানুহ বিলাক, আরু ইজিপ্ত প্ৰভৃতি ভুমধ্যস্থ [ ১৬৮ ] সাগৰৰ পাৰে পাৰে থকা আফ্ৰিকার দেশ বিলাকৰ মানুহ এই বৰ্ণৰ ভিতৰত পৰে। এই বিলাক ঠাইৰ পৰা বসতি কৰা মানুহ যেনে কানাড়া, ইউনাইটেড্ষ্টে‌টৰ ইংৰাজ বিলাকো এই বৰ্ণৰ অন্তৰ্গত। এই বিলাক মানুহক কাকশ্যস বোলাৰ অৰ্থ এই যে প্ৰাচীন ইতিহাস বিলাকত কৈছে যে এই বিলাকৰ পূৰ্ব্ব-পুরুষ বিলাক কাকশাস পৰ্ব্বতৰ ওচৰত আছিল। এই পৰ্ব্বতৰ ওচৰৰ জৰ্জিয়া আরু চাৰ্কেচিয়া দেশৰ মানুহ বিলাক দেখিবলৈ বৰ গঁঢ়িত। এই বৰ্ণৰ সমান পৰা- ক্ৰমি, নিপুণ, বুদ্ধিমান আন কোনো বৰ্ণ নহয়। দৰ্শনশাস্ত্ৰ, শিল্প- বিদ্যা, জ্যোতিৰ্বিদ্যা, বিজ্ঞান, ধৰ্ম্ম, মধুৰ কবিতা, নানা ৰকমৰ কল সকলো এই বৰ্ণৰ মানুহৰ দ্বাৰায় আবিষ্কৃত হৈছে। ইহঁতৰ পৰাক্ৰ- মত আন আন বৰ্ণৰ মানুহৰ অনেক হানি হৈছে।

  ২। মোগল বৰ্ণ। ইহঁতৰ কপালৰ হাৰ বৰকৈ ওলোৱাত ৰমু দেখিবলৈ চাৰি-চুকীয়া, চকু সরু আৰু ওলোৱা, নাক সোমোৱা আরু চেপেটা, ওঠ বৰ ডাঠ, আৰু বৰণ হালধীয়া, চুলি দীঘল, পোন, কিন্তু গোঁফ বা দাৰি নাই, বা নিচেই তাকৰ। কাকশ্যস বৰ্ণৰ মানুহ থকা খণ্ড এৰি আরু মালয় উপদ্বীপ এৰি আশিয়া আরু ইউৰোপৰ বাকি ভাগত থকা মানুহ বিলাক, আরু সুমেরু-বৃত্তৰ কাসৰৰ আমেৰিকা খণ্ডত থকা আরু গ্ৰীনলেণ্ডত থকা মানুহ বিলাক এই বৰ্ণৰ অন্তৰ্গত। মৌগল, চীন, জাপানী, মান, আহোম. খামতি, ভুটীয়া, নগা, লেপহঁত ফিনহঁত এই বৰ্ণৰ ভিতৰৰ মানুহ। সূৰ্য্যৰ তাপৰ বিভিন্নতা লৈ ইহঁতৰো বৰণ লৰে। বুদ্ধিত আরু নীতিজ্ঞতা বিষয়ত কাকশ্যসহততকৈ পাছ; আন আন বৰ্ণত কৈ আগ কিন্তু শিল্প-নিপুণতা বিষয়ে কাকশ্যস হঁততকৈ ও আগ যেন বোধে ধৰে। ৰণত কেবা বাৰো কাকশ্যস হঁতক পাছ পেলাইছে। ইহঁতৰ ভিতৰৰ প্ৰধান ৰজা আটিলা; জঙ্গিচ খাঁ, তিমুৰ শাহ প্ৰভৃতিএ কেবা বাৰো ইউৰোপৰ কিছু মান আরু আশিয়াৰ বহুত দেশ জয় কৰিছিল, কিন্তু [ ১৬৯ ] ৰাখিব নোৱাৰিলে। আসাম দেশত আহোম বংশে হিন্দু আরু মুচলমান দুইকো হরুৱাইছিল।

  ৩। আফৰিক বৰ্ণ। ইহঁতৰ মুৰ কৃশ; দুই কাসে হেচা মৰা, কপাল বৰকৈ উঠা, গালৰ টিকনা ওলোৱা, চেপেটা নকা, দাতৰ হাৰ দীঘল, ওপৰৰ পাৰিৰ আগ দাঁত বাহিৰলৈ ওলোৱা; মুখখন বাহিৰলৈ ওলোৱা; গা কঁলা, চুলি কঁলা, মেৰ ছাগলিৰ নোমৰ নিচিনা কোমল আরু কেকোঁৰা। আবিচীনীয়া আরু সাহাৰাৰ পৰা সমুদায় দক্ষিণ আফ্ৰিকাৰ মানুহ বিলাক আরু নব-গিনি প্ৰভৃতি দ্বীপৰ মানুহ বিলাক এই শ্ৰেণীৰ ভিতৰৰ। ইহঁত বিদ্যা-বুদ্ধিত সম্পূৰ্ণে অপটু আরু সুচলে সভ্য হৈ থাকিবও নাজানে।

  ৪। মালয়ীন বৰ্ণ। ইহঁতৰ তালুৰ ফাললৈ মুৰ ঠেক, কপাল উঠা অৰ্থাৎ কাণৰ ফাললৈ পৰা, গালৰ টিকা ওখ নহয়, মুখ আফৰিক বৰ্ণত কৈ ঠেক, নাক ডাঠ, চুলি কঁলা, সৰহ আরু ঢৌ-কটা, বৰণ ইটা-গুৰিয়া। মালয় উপদ্বীপৰ মানুহ, মাডাগাস্কাৰ দ্বীপৰ মানুহ, ভাৰতীয় দ্বীপপুঞ্জৰ মানুহ, অষ্ট্ৰেলিয়া প্ৰভৃতি দক্ষিণ স্থিৰ সমুদ্ৰৰ দ্বীপ বিলাকৰ মানুহ, এই শ্ৰেণীৰ ভিতৰত পৰে। মালয় উপদ্বীপৰ মানুহৰ বাহিৰে বাকি বিলাক সম্পূৰ্ণে অসভ্য।

  ৫। আমেৰিক বৰ্ণ। ইহঁত অনেক লক্ষণত মৌগল বৰ্ণৰ নিচিনা; কিন্তু ইহঁত তাম বৰনীয়া, গালৰ টিকনা সিমান উঠা নহয়; চকু দত, নাক উঠা অথচ চেপেটা দাৰি আরু গোফ নাই, চুলি মৌগল বৰ্ণৰ মানুহৰ দৰেই। নতুনকৈ বসতি কৰা ইউৰোপৰ আরু আফ্ৰিকাৰ মানুহৰ বাহিৰে আরু মেরু-বৃত্তৰ উত্তৰত থকা এক্‌স্কুইম্‌ বিলাকৰ বাহিৰে আমেৰিকাৰ এটাই বিলাক মানুহ এই শ্ৰেণীৰ ভিতৰ। ইহঁতৰ সৰহ ভাগে মৃগয়া কৰি প্ৰাণ ধাৰণ কৰে। ইহঁতৰ ভিতৰৰ মেকচিকঁৰ মানুহ আরু পিরুৰ মানুহ বিলাক সুসভ্য। [ ১৭০ ]   সকলো প্ৰাণীৰ ভিতৰত মানুহ জাতি সৰ্ব্বপ্ৰধান। মানুহৰ সমান বুদ্ধি আন কোনো জাতি প্ৰাণীৰ নাই। ইহতৰ সমান উন্নতিও আন জাতিৰ নাই। এই উন্নতি যদিও সৃষ্টিকৰ্ত্তাই মানুহ সৃষ্টিৰ লগতে মানুহক দিয়া নাই, তথাপিই তেওঁৰ অভিপ্ৰেত। যাতে এনে উন্নতি আগলৈ হব পাৰে ঈশ্বৰে তেনে উপায়, মানুহক দিছে সেই উপায় দুটি:— বুদ্ধি, আরু আপোনাৰ সকলো মনৰ ভাব সম্পূৰ্ণে প্ৰকাশ কৰিব পৰা ক্ষমতা। এই দুটা গুচাই নিয়া মাথোন এতিয়াই মানুহ এটা পশু হব; পশুতকৈও অধম আরু অকামিলা হব। স্বাভাবিক কোনো অস্ত্ৰ নোহোৱা বাবে নিজৰ শৰীৰ ৰক্ষা কৰিব নোৱাৰিব। সিংহ, ব্যাঘ্ৰ আন কি পোক পরুৱা পৰ্য্যন্তেও ইয়াক আক্ৰমণ কৰিব; পলাই সাৰিবলৈকো হৰিণৰ নিচিনা ঠেঙ্গ নাই। গতিকে সিহঁতৰ হাতত প্ৰাণ এৰিব লাগিব। আন কি, উদ্ভিজ, যাক ভৰিৰে এতিয়া তলত মোহাৰিছে, কাটি খাস্তাং কৰিছে, সিও সেই নিৰাশ্ৰয় মানুহৰ নিমিত্তে মহা শত্ৰু হব। খোজে পতি মানুহক কাঁইটে বিন্ধিব, চোৰাতে ডাকিব। অস্! বুদ্ধি আরু বাক- শক্তি হীন মানুহ তোমাৰ কি অৱস্থা! বুদ্ধি আরু বাক্শ‌ক্তি এই দুটা অপূৰ্ব্ব মহা গুনী মাদলি ঈশ্বৰে তোমাক দিলে, তাৰ জোখাৰে অঙ্গ প্ৰত্যঙ্গ যন্ত্ৰাদি দিছে কিন্তু হায়! সেই বুদ্ধি চালনা নকৰি, বাক্‌ শক্তিৰ উন্নতি সাধন নকৰি তোমালোকৰ কেতোবিলাকে পশুত কৈ বহুত বিভিন্ন হব পৰা নাই। যি বিলাকে উন্নতি-জখলাৰ ওপৰৰ খাপত উঠিব পাৰিছে তেওঁ বিলাকে কত বৰাইছে বুজাইছে, তেও জানিব পৰা নাই যে বুদ্ধিৰো গতি আছে আরু গতি হলে হে উন্নতি হয়। কোনোবিলাকে বুদ্ধিৰ গতি চলাইছিলে আরু বাকশক্তিৰো অনেক উন্নতি হল কিন্তু নানা ৰকম ৰাজষিক অপায় অমঙ্গল মিলি নানা প্ৰকাৰ কুসংস্কাৰ স্বরূপ বেমাৰ হৈ বুদ্ধিৰ গতি বন্ধ হল আরু বাকশক্তিৰো উন্নতি নাইকিয়া হল এই নিমিত্তে আরু আগবাঢ়ি [ ১৭১ ] পৰা নাই। ভাৰতবাসি! অসমীয়া ভায়া সকল! তোমালোক এই শেষৰ শ্ৰেণীৰ। যেনেকৈ পদাৰ্থৰ নিশ্চেষ্টতা আছে বুদ্ধি আরু বাকশক্তিৰো নিশ্চেষ্টতা আছে। যেনে বৰ গধুৰ গাড়ি এখন বা কোনো গধুৰ মাটি পিটা রুল এবেলি ৰঁলে তাক পুনৰ চলাবলৈ বৰ টান হয় আরু চলিলে সহজে গৈ থাকে, বুদ্ধি আরু বাকশক্তিও তেনে। ভাৰতবাসি! তোমালোক বুদ্ধিৰ গতি বন্ধ হল, চলাবলৈ টান হৈছে, এবাৰ এটাইয়ে ধৰি একে বেলিয়েই বল দি চলাই দিয়া, পাছে আপুনি অনবৰত ঘুৰি গৈ থাকিব। অসমীয়া লোক সকল! তোমালোকৰ পৰা বহুত আশা কৰিছো। এবাৰ বুদ্ধি চলিলে তোমালোকৰ লগ কোনে লঁব পাৰিব।

 
ইতি প্ৰাকৃত-ভূগোল সমাপ্ত।
 

[ ১৭৩ ]

অক্ষৰ ক্ৰমিক পাৰিভাষিক শব্দৰ ইংৰাজী আৰু অসমীয়া অৰ্থ।

অক্ষৰেখা—(Circle of latitude) মেরুদণ্ড চাৰা।
অগ্ন্যুৎপাত—(Volcanic eruption) আগ্নেয়-গিৰিৰ মুৰ ফুটি জুই, আরু লাৱা ওলোৱা। ১৩৯ পৃষ্ঠা চাবা।
অজগৰ—(Python) ঢেকিসাপ; এবিধ বিষ নোহোৱা বৰ ডাঙ্গৰ সাপ।
অধিশ্ৰয়—(Focus) বৃত্তাভাসৰ কেন্দ্ৰৰ পৰা অলপ আঁতৰত দুফালে দুটি বিন্দু থাকে, তাৰ নাম অধিশ্ৰয়।
অনুদ্ভিন্ন দেহ—(Protozoa) অতি সরু, চকুৰে নেদেখা, অথচ মলিয়া পানী এটোপাত থকা সূক্ষ্ম দৰ্শন যন্ত্ৰৰে দেখা প্ৰানী বিলাকৰ নিচিনা পোক।
অপুৰোদম্ভী বা অদাঁতা—(Edentata) যি বিলাক জন্তুৰ আগ দাঁত নাই। শ্লথ, পরুৱা-খোৱা, আৰ্মেডিলঁ আদি এই শ্ৰেণীৰ ভিতৰত পৰে।
অবনতি—(Inclination) এটা বস্তুএ আন বস্তুলৈ যি ঢাল লয়।
অৰ্নিথৰিঙ্কচ্‌—(Ornithorynchus) ই বৰ হাস্য জনক জন্তু; ইয়াৰ ডিঙ্গিৰ পৰা গাটো উদৰ নিচিনা,,মুৰটো হাঁহৰ দৰে ঠোট থকা; ভৰি হাঁহৰদৰে লিপিত খোৱা।
অস্থিৰ-বাত—(Variable wind) যি বতাহৰ দিশ ঠিক নাই, এবেলি এফাললৈ বয়, আন বেলি আন ফাললৈ বয়।
আগালি—(Deltaic part) নৈৰ মুখৰ ওচৰৰ ভাগ।
আনন্ত—(Nadir) ব্ৰাহ্ম্য চাবা
[ ১৭৪ ] আৰ্মেডিল'—(Armadillo) এই জন্তু দেখিবলৈ কাচৰ নিচিনা কিন্তু কাচৰ দৰে ডিঙ্গি কোচাব নোৱাৰে আরু সি সাপৰ মাহিৰ দৰে ভয় খালে মেৰ খাই টোপোলা বান্ধিব পাৰে। ইয়াৰ গাত নাকৰ পৰা নেজল'কে টান চোকো ৰাৰ কৱচ এটা আছে। ই এবিধ পরুৱা-খোৱা।
উটা বৰফ—(Ice-berg) সাগৰত উটি যোৱা, ডাঙ্গৰ বৰফৰ খণ্ড। ৮০পৃঃ
উড়নীযা-লিমৰ—(Flying limur) এই বিধ লিমৰৰ আগ ভৰিৰে আরু পাছ ভৰিৰে মাজত দুকাসে দুখন বাদু আছে। সেই বাদুৰ সাহায্যত সি বহুত দূৰল'কে জাপ মাৰিলে উড়া যেন দেখি।
উৎপাত—(Eruption) ওপৰলৈ উৎক্ষিপ্ত হোৱা।
উষ্ণ-মণ্ডল—(Torrid Zone) পৃথিবীৰ যি ভাগ দুই ক্ৰান্তিৰ মাজত আছে তাৰ নাম উষ্ণ-মণ্ডল।
এলবেট্ৰচ্‌ চৰাই—(Albatross) ই বৰ ডাঙ্গৰ চৰাই, দুই ডৌকাৰ ইমুৰৰ পৰা সিমুৰলৈ পথালিয়ে জুখিলে ১৫ ফুট হয়। উত্তৰ আরু দক্ষিণ সমুদ্ৰত ইয়াক দেখা যায়।
এলেহুৱা—(Sloth) শ্লথ চাবা
কৰ্কট-ক্ৰান্তি—(Tropic of Cancer) মকৰ-ক্ৰান্তি চাবা।
কৰতমুখী—(Saw fish) এই বিধ মাছৰ ঠোঁটটো ককিলা মাছৰ মুখৰ নিচিনা আৰু ঠোঁটৰ বাহিৰত কৰতৰ দাঁতৰ নিচিনা কাঁইট আছে।
কাঙ্গাৰু—(Kangaroo) এবিধ জোলোঙ্গা থকা জন্তু, অৰ্থাৎ তাৰ তল পেটৰ ওপৰত এটা জোলোঙ্গা আছে। সরু সরু পোয়ালি বিলাকক জনম হোৱাৰ পাছতে সেই জোলোঙ্গাত মাকে ভৰাই থয় আৰু তাতে থাকি সিহঁতে মাকৰ পিয়াহ খাই ডাঙ্গাৰ হলে পাছত ওলায় [ ১৭৫ ]  আহে; অথচ ভয় পালে পুনৰ জোলোঙ্গাত সোমাই
 গৈ। কাঙ্গারুৰ আগ হাতোৰা দুটা পাছৰ ঠেঙ্গতকৈ
 অত্যন্ত সরু, সেই নিমিত্তে জপিয়াইহে যাব পাৰে;
 সেই দৰে যাওঁতেও ঘোৰাতকৈ বেগি।
কীটাৎ—(Insectivora) যি বিলাক জন্তুএ পোক পরুৱা ধৰি খায়।
 পরুৱা-খোৱাবিধ এই শ্ৰেণীৰ।
কুমেরু—(South Pole) মেরুদণ্ড চাবা।
কুমেৰু-বৃত্ত—(Antarctic circle) মকৰ-ক্ৰান্তি চাবা।
কুরুয়া বতাহ—(North-East monsoon) জাৰ কালি উত্তৰৰে আরু
 পূবৰে চুকৰ পৰা মৰা বতাহ।
কেন্দ্ৰ-বিভিন্নতা—(Eccentricity) পৃথিবীৰ কক্ষৰ কেন্দ্ৰৰ পৰা অধি-  শ্ৰয়ৰ দূৰতা, অৰ্থাৎ বৃত্তাকাৰৰ পৰা যিমান প্ৰভেদ।
কোটাল-জোৱাৰ—(Spring tide) ৬১ পৃষ্ঠা চাবা।
কোমলকায়—(Mollusca) যিবিলাক প্ৰাণীৰ হাৰ নাই আরু যোৰা
 নাই যেনে শামুক। ১৫৭ পৃষ্ঠা চাবা।
গছ-পিঠা—(Bread-fruit tree) ১৫৩ পৃষ্ঠা চাবা।
গতিনিবন্ধ-বাত—(Trade wind) ৩৬ পৃষ্ঠা চাবা।
গৰিষ্ঠবৃত্ত—(Great circle) গোল বস্তুক সমানে দুভাগ কৰিলে বৃত্তা
 কাৰ যি দুটি ছেদ মুখ উৎপন্ন হয় দুইও গৰিষ্ট বৃত্ত।
 গোল বস্তুক সমানে দুভাগ কৰিব লাগিলে, দুই
 সমান খণ্ডক গোলাৰ্দ্ধ কয়। গৰিষ্ঠ বৃত্ততকৈ ডাঙ্গৰ
 বৃত্ত কোনো গালকৰ ওপৰত টানিব নেৱোৰি।
 গোল বস্তুক অসমানকৈ ভাগ কৰিলে যি দুটি ছেদ মুখ
 উৎপন্ন হব তাৰ নাম লঘিষ্ঠ বৃত্ত। লঘিষ্ট বৃত্ত যি ভাৱে
 টনা নহক, সকলো বিলাকৰ কেন্দ্ৰ গোলকৰ কেন্দ্ৰে
 সৈতে একে হয়। এই নিমিত্তে গৰিষ্ঠ বৃত্ত বিলাকে [ ১৭৬ ]  পৰস্পৰক সম-দ্বিখণ্ড কৰে। দ্ৰাঘিমা আরু নিৰক্ষ বৃত্তই
 পৰস্পৰক সম-দ্বিখণ্ড কৰে আরু দুই দ্ৰাঘিমাইও পৰ-
 স্পৰক সম-দ্বিখণ্ড কৰে।
গল চৰাই—(Gull) সাগৰৰ তীৰত জাকে জাকে থকা এবিধ চৰাই।
গান্ধ-গরু‌—(Musk-ox) আমেৰিকাৰ হডচন উপসাগৰৰ কাসৰৰ
 দেশ বিলাকত থকা দীঘল নোমৰে এবিধ গরু।
গুণ-গুণী চৰাই—(Humming bird) এবিধ সরু চৰাই, ডাঙ্গৰ পখীলাৰ  সমান হব। উড়ি যাওতে তাৰ পাখীৰে ভোমোৰাৰ
 দৰে গোঁ গোঁ কৰে আরু সি ভোমোৰাৰ দৰে ফুলৰ
 মৌ আরু পোক খাই।
ঘৃষ্ট-প্ৰস্তৰ—(Roches montonees) ৭৮ পৃষ্ঠা চাবা।
চাক-নৈয়া—(Whirlpool) ৬৪ পৃষ্ঠা চাবা।
চাপ⸺(Pressure) হেচা বা চাপ অনেক প্ৰকাৰৰ আছে। চেপে
 নাৰে কোনো বস্তু চেপিলে ও সেই বস্তুৰ ওপৰত
 চেপেনাৰ ফালৰ পৰা চাপ পৰিছে বুলি কোৱা যায়।
 কপাহ এদঁমৰ ওপৰত শিলএটা তুলি থলে কপাহে
 শিলৰ পৰা চাপ পাইকোঁচ খাই থাকে। শেষৰ উদা
 হৰণত শিলৰ ভাৰ আছে বুলি কপাহে চাপ পায়;
 শিলৰ সলনী তাৰ সমান গধুৰ এসোপা কপাহ
 ৰাখিলেও তলৰ কপাহে চাপ পাব আরু সংস্কুচিত হৈ
 ঘন হব। বায়ু যদিও বাষ্পীয় বস্তু তেও আন আন
 বস্তুৰ দৰে তাৰ ভাৰ আছে। ওপৰৰ বায়ু দঁমৰ চাপ
 তলৰ বায়ুয়ে পাই ঘনহৈ আছে। সকলো জীৱা জন্তু,
 কাঠ, বাঁহ, যত মানে বস্তু বায়ুমণ্ডলত ডুবি আছে সক-
 লোৰে বায়ুৰ চাপ সহি থাকিব লগা হৈছে। সেই
 চাপৰ পৰিমাণ প্ৰতি বৰ্গ ইঞ্চিত ১৫ পাউণ্ড। থাউকাল [ ১৭৭ ]  মানুহ এটাৰ চালৰ পৰিমাণ ফল ১৬ বৰ্গ ফুট; তেনে
 হলে প্ৰত্যেক মানুহে প্ৰায় ১৬ টন বা ৪৩২ মোনৰ
 হেচা বায়ুৰ পৰা সদাই পাই থাকিব লাগে। কিন্তু
 জন্মাবধি সেই হেচা সহি থকাত আরু গাৰ ভিতৰতো
 বায়ু থকা বাবে তাক গম পোৱা নেযায়। এটা বটলত,
 মাখি এটা ৰাখি যদি বটলৰ ভিতৰৰ বায়ু খিনি যন্ত্ৰেৰে
 গুচুৱা যায় তেন্তে মাখিটোৰ শৰীৰৰ ওপৰত বায়ুৰ
 চাপ কমাত মাখি উখহি যাব।
চিৰ-নিহাৰ-বাহু—(Glacier) ৭৫ পৃষ্ঠা চাবা।
চিৰ-সৌজ—(Evergreen) যি বিলাক গছত বাৰও মাহ পাত থাকে।
চিল⸺(Seal) এবিধ পানীত থকা স্তন্য-পায়ী জন্তু। তাৰ
 মুৰটো আরু গাটো কুকুৰৰ নিচিনা, আরু নোম লগা;
 আগৰ হাঁতোৰা দুটা মাচৰ ফিচাৰ দৰে। পোৱালিক
 পীয়াহ দিবলৈ বা ৰঁদ লবলৈ বামত উঠি থাকে।
ছাদ—( Terrace) ওখ বস্তুৰ (যেনে ঘৰ বা পৰ্ব্বতৰ) ওপৰখন  সমান হলে সেই সমান ওপৰ ভাগকে ছাদ বোলে;
ছেদ-মুখ—(Section) কোনো বস্তু একেবাৰে সৰকাই কাটিলে
 কটামুখ খনকে ছেদ-মুখ কয়।
জঠৰ অৱস্থা—( Torpor) জোক, ভেকোলা প্ৰভৃতি কেত বিলাক
 প্ৰাণী জাৰ কালী গাঁতত সোমাই অলৰ বা টোপনি
 অৱস্থাত থাকে কিন্তু জহৰ আৰম্ভতে সাৰ পায়।
 এই টোপনি অৱস্থাকে জঠৰ অৱস্থা কয়।
জল-কৰ ভূমি—(Watershed) ৮৪ পৃষ্ঠা চাবা।
জলচাৰী—(Waders) বগলি প্ৰভৃতি যি বিলাক চৰাই পানীত থিয়
 দি জোপ লৈ মাচ খাই। ইহঁতৰ ঠেঙ্গ বৰ দীঘল।
জল-সত্ৰ—(River basin) ৮৩ পৃষ্টা চাবা
[ ১৭৮ ] জাৰলঠা—(Deciduous) যি বিলাক গছ জাৰ কালি লঠা হয়।
জিমচম—(Gypsum) ইহাৰ পৰা চূণ শিলৰ নিচিনা পেৰি প্লাষ্টৰ
 নামে এবিধ কড়াল তৈয়াৰ হয়। ইয়াক সাঁচ
 তুলিবৰ নিমিত্তে ঘাইকৈ লাগে। ই দেখিবলৈ
 তুতিয়াৰ নিচিনা।
জিৰাফ⸺ (Giraffe) দক্ষিণ আফ্ৰিকাত থকা দীঘল দিঙ্গীয়া; এবিধ
 জন্তু ইয়াৰ আগ ঠেঙ্গ পাছ ঠেঙ্গতকৈ প্ৰায় দুগুণ
 ওখ। মুৰ থিয় কৰিলে ১২হাত পৰিমিত ওখ হয়; এই
 নিমিত্তে সরু সুৰা হাবিৰ ওপৰে তাৰ মুৰ দেখিবলৈ
 পোৱা যায়, গাটো নাহৰ ফুটুকিয়া বাঘৰ দৰে ফুটুকা-
 ফুটুকি।
জেব্ৰা——— (Zebra) ঢেকিয়া-পতীয়া আঁক খকা এবিধ ঘোৰাৰ
 লগৰ জন্তু।
জোৱাৰ—( Flow of tide) ৬০ পৃষ্ঠা চাবা।
জোৱাৰ-গড়ীলা—(Bore) ৬৩ পৃষ্ঠা চাবা।
টৌকেন—(Taucan) এই শ্ৰেণীৰ চৰাইৰ ঠোঁট বৰ দীঘল প্ৰায়
 গাটোৰ সমান দীঘল হব। ইহঁতৰ জিবাৰ আগত
 নোমৰ নিচিনা সরু সরু পাখী আছে।
ঠেক—(Gorge) দুই গড়াৰ মাজৰ ঠেক ঠাই। ৮৯ পৃষ্ঠা চাবা।
ডুবাৰি—(Divers) পানী কাউৰি প্ৰভৃতি যে বিলাক চৰাইএ
 পানীত এঠাইত বুৰ মাৰি আন ঠাইত ওলাই গৈ
 আরু সেই দৰে বুৰ মাৰি মাচ ধৰে।
তৰোৱালী—(Sword fish) এই মাছৰ মুখ খন তৰোৱালৰ নিচিনা।
ত্ৰিকোণ—মণ্ডল(Delta) ৯০ পৃষ্ঠা চাবা।
তুফান—(Typhoon) ৪০ পৃষ্ঠা চাবা।
তুষাৰ—(Snow) ৬৫ পৃষ্ঠা চাবা। [ ১৭৯ ] দ্ৰৱনাঙ্ক—(Freezing point) বাচা। ৫১ পৃষ্ঠা
দিগ্‌বলয়—(Horizon) বিস্তীৰ্ণ পথাৰ নদী বা সমুদ্ৰত থাকি চালে
 দৃষ্টিৰ সীমা স্বরূপ যি ৰেখা দেখা যায়, যঁত পৃথিবী
 আরু আকাশ গোট খোৱা দেখি, সেই চক্ৰৰ নাম
 দিগবলয়।
দিশ—(Direction) দিক সম্পৰ্কে বস্তু থকাৰ ভাৱ।
দ্ৰাঘিমা—(Circle of longitude) মেরুদণ্ড চাবা।
ধূমুহা—(Storm) ৪১, ৪২ পৃষ্ঠা চাবা।
ধুম্ৰুল—(Fumerole) আগ্নেয়-পৰ্ব্বতৰ গুৰিত থকা কলডলীয়া
 সরু সরু হাফলু; যঁৰ পৰা লাহে লাহে ধোঁৱা, ভাপ,
 গন্ধকৰ ভাপ ওলাই থাকে। ১৪১ পৃষ্ঠা চাবা।
নিউ—(Gnu) ই ভয়ানক জন্তু। ইয়াৰ গা, ডিঙ্গি, কান, কেশৰ
 ঘোৰাৰ নিচিনা, শিঙ্গ মঁহৰ নিচিনা, ভৰি শৰ
 পহুৰ দৰে।
নিৰক্ষবৃত্ত—(Equator) মেরুদণ্ড চাবা।
নিৱী বা নাভা—(Neve) ৭৫ পৃষ্ঠা চাবা।
নিশ্চেষ্টতা—(Inertia) পদাৰ্থ নিজে লৰিবৰ ক্ষমতা নাই; তাক
 লৰাবলৈ শক্তি লাগে। আরু এবাৰ লৰিলে আন
 শক্তিৰে নৰাখালে নিজে ৰঁব নোৱাৰে। দঁলি এটা
 মাৰিলে পৃথিবীৰ আকৰ্ষণ আরু বায়ুৰ প্ৰতিবন্ধকতাৰ
 বলতেহে এসময়ত ৰয়গৈ, নহলে গৈয়ে থাকিল
 হেতেন। পদাৰ্থৰ এই গুণৰ নাম নিশ্চেষ্টতা।
পচোৱাবতাহ—(South-west Monsoon) জহকালি আরু বাৰিষা
 পশ্চিমৰ পৰা বা দক্ষিণৰে পশ্চিমৰে ছুকৰ পৰা মৰা  বতাহ।
পথালি-কঙ্কৰ—(Lateral morraine) ৭৭ পৃষ্ঠা চাবা। [ ১৮০ ] পৰীক্ষা—(Experiment) কোনো কোনো বস্তু মিহলালে কি
 একত্ৰে ৰাখিলে, নতুন এক প্ৰকাৰ বস্তু কি কাৰ্য্য উপ-
 স্থিত হয় কি নহয় তাকে প্ৰমাণ কৰাৰ অৰ্থে সেই
 সেই দৰে ৰখাই পৰীক্ষা।
পরুৱা-খোৱা—(Ant eater) এই শ্ৰেণীৰ জন্তু বিলাকে পরুৱা খাই;
 আৰ্মেডিলোঁ, বৰ পরুৱা-খোৱা এই শ্ৰেণীৰ ভিতৰত
 পৰে।
পৰ্ব্বত-দণ্ড—(Mountain axis or System) পৰ্ব্বত বিলাকৰ
 সংস্থান দেখি এনে বোধ হয় যেন পৃথিবীৰ যি
 উৰ্দ্ধক্ষেপণ শক্তিৰ দ্বাৰা পৰ্ব্বত বিলাকৰ সৃষ্টি হৈছে
 সেই শক্তিৰ সম্পূৰ্ণ প্ৰধান বল এক ৰেখাৰ ওপৰত
 পৰিছিল; তাতে পৰ্ব্বত বিলাক বৰ ওখ হৈ উঠিল;
 এই ৰেখাৰ নাম পৰ্ব্বত-দণ্ড।
পাদ-বিপক্ষস্থান—(antipodes) পৃথিবীৰ ওপৰৰ ঠায় দুখনি যদি এনে
 ভাৱে থাকে যে এখানৰ পৰা সিখানলৈ এটি ৰেখা
 টানিলে সেই ৰেখা কেন্দ্ৰৰ মাজেদি যাব তেন্তে
 সেই দুই ঠায় পাদ বিপক্ষ-স্থান।
পাৰৰ-বা⸺(Land breeze) ৩১ পৃষ্ঠা চাবা।
পাৰ্ব্বত্যাংশ——(Source) ৮৯ পৃষ্ঠা চাবা।
পৃষ্ঠাস্থিত⸺(Vertibrata) যিবিলাক জন্তুৰ ৰাজহাৰ আছে;
 মানুহ, গরু, কাচ, সাপ, মাচ প্ৰভৃতি প্ৰাণী বিলাক
 এই বৰ্গৰ ভিতৰত পৰে। ১৫৭ পৃষ্ঠা চাবা।
প্লবঙ্গ⸺ (Batrachia) এই গণীয় প্ৰাণী বিলাকে সরু কালতে
 মাছৰ দৰে পানীত থাকে। ডাঙ্গৰ হলে সৰীসৃপ
 বিলাকৰ দৰে মাটিত থাকে। ভেকোলা, পাত-বেঙ্গ
 এই গণৰ ভিতৰত পৰে। [ ১৮১ ] ফা⸺ (Fahrenheit thermometer) ফাৰেণহিট সাহাবৰ
 তাপ মান যন্ত্ৰ——ইয়াৰ দ্বাৰা তাপ পৰিমাণৰ কৰিব
 পাৰি।
বগা-শিয়াল—(White fox) মেরুবৃত্তৰ গুৰিত থকা এক জাতি
 শিয়াল।
বতাহ—(Wind) ২৯ পৃষ্ঠা চাবা।
বন-বোন্দা—(Wild cat) মেকুৰি জাতিৰ এবিধ বনৰীয়া জন্তু
 ডাঙ্গৰ কুকুৰ এটাৰ সমান ওখ। বিলাতত বাঘ বুলি-
 বলৈ ইএই মাত্ৰ আছে।
বৰপরুৱা-খোৱা—Great anteater or myrmecophago jubeta)
 ই এটা আচৰিত জন্তু; তাৰ নাকটো বাঢ়ি শুড়ৰ
 নিচিনা দেখিবলৈ, পিঠিত কেশৰ স্বরূপ নোম আছে।
 ফান্দ তাৰ কেৰকেটুয়াৰ নিচিনা কিন্তু নোম বিলাক
 তাতকৈ দীঘল আরু ফুলালে গাটোৰ সমান ডাঙ্গৰ
 হয়। জিবাখন দীঘল আরু আঠাময়। তাৰ আকোঁৰা
 হাতোৰাৰে সৈতো পরুৱা খুচৰি উলিয়াই এঠা জিবা
 পাতি পরুৱা খায়। শুব লাগিলে দীঘল তোবোৰা
 লেজ পিঠিত পথালিকৈ পেলাই প্ৰায় গা গোটেই
 টো ৰঁদ বৰষুণৰ পৰা ঢাকি আরু ডিঙ্গি মোকোটাই
 দীঘল নাক নেজেৰে আরু গাৰে মাজে সুমাই
 পাছ টিকাৰ ওচৰত উলিয়াই; এই জন্তু যেতিয়া
 শুই থাকে তেতিয়া মুখ ফালকে পাছ ও পাছফাল-
 কে মুখ বুলি জানি কিন্তু উঠিলে তুৰন্ত বিপৰীত
 হোয়া দেখি, হাহি উঠাৰ বিষয় হয়।
ৱঁবা অজগৰ—(Boa constrictor) আমেৰিকাৰ উষ্ণ প্ৰধান দেশ
 বিলাকত থকা এবিধ ঢেকি সাপ। ই ২৫। ২৬ [ ১৮২ ] হাত পৰ্য্যন্ত দীঘল হয়। ইয়াৰ পেটৰ তলত টান হাৰৰ চকলা আছে। গরু একোটাকো ইহঁতে গিলিব পাৰে। প্ৰথমতে জন্তু বিলাক ধৰিয়েই তাক মেৰাবলৈ ধৰে আরু পাক ক্ৰমে আটি হাৰ মুৰ ভাঙ্গি লারু এটা কৰি গিলি থয়।
বা⸺(Breeze) বাত অথবা বতাহ, ধুমুহা, তুফান ইত্যাদি শব্দই বেগি অথবা বেগতকৈও বেগি সোঁত থকা বায়ুক বুজায়। সাধাৰণতে যি বতাহ অল্প বেগেৰে বয় আরু যাৰ দ্বাৰা কোনো অপকাৰ নহয় বৰং সুখজনক বোধ হয় তাৰ নাম বা। যি বাযু-সোঁত কিছু বেগেৰে বয় অথচ মানুহৰ একো হানি নকৰে বৰং পালখটা নাৱঁলৈ বৰ সুবিধা কৰে, গছ পাত ভালকৈয়ে লৰে, তাৰ নাম বাত অথবা বতাহ; যেনে পচোৱা বতাহ। ধুমুহাত মানুহৰ অনেক হানি হয়; তাৰ বেগ অত্যন্ত টান আৰু সি হঠাৎ উপস্থিত হয় তাৰ গতি চক্ৰাকাৰ। তুফান, হৰিকান ইত্যাদি নাম বিলাকে ধুমুহাকে বুজাই মাত্ৰ ইহঁত অতি বেগেৰে চলে। বাত বা বতাহ—(Wind) বা চাবা।
বানকমওতা—(Flood moderator) ৮৬ পৃষ্ঠা চাবা।
বান্দৰ পিঠা গছ—(Baobabtree) ৰেৱ বেবগছ চাবা।
বামি⸺(Eel) দেখিবলৈ সাপৰ নিচিনা এবিধ দীঘল মাচ।
বায়ুমান যন্ত্ৰ—(Barometer) এই যন্ত্ৰৰ দ্বাৰায় বায়ুৰ চাপ জানিব পাৰি।
বাহক⸺(Channel) প্ৰণালীৰৰ পৰা বাহকৰ ভিন্ন এই যে প্ৰণালী পাৰৰ দুফালে দুটা অন্তৰীপ, বাহকৰ পাৰে দীঘল নৈৰ সদৃশ প্ৰণালী সেই নিমিত্তে চুটি; বাহক দীঘল।
[ ১৮৩ ] বাহ্য-সন্ধিত—( Articulata) ১৫৭ পৃষ্ঠা চাবা।
বৃত্তাভাস⸺(Ellipse) রূল মাৰি এডাল কৰতেৰে কাটি দোডো-
 খৰ কৰিলে কটা ঠাইতে নতুনকৈ ঘুৰনীয়া দুখন মুখ
 হব; তাৰ প্ৰত্যেকেই এক এক বৃত্ত হব। কিন্তু কৰত
 খন রুল-মাৰি ফাললৈ হেলনিয়া কৈ অথবা কাতি
 কৈ ধৰি কাটিলে কটা ঠাইতে ঠিক ঘুৰনীয়া নহৈ
 হা-কনিৰ নিচিনা ঈশদ গোল মুখ দুখন হব, তাকে
 বৃত্তাভাস বোলে।
বেৱঁবেব বা বান্দৰ-পিঠাগছ—(Baobab-tree) আফ্ৰিকাত, বিশে-
 ষকৈ চেনিগেল নদীৰ মুখত, থকা এজাতি বৰ ডাঙ্গৰ
 গছ। ই বেৰে ৬০|৭০ হাত কিন্তু ওখই ৫০ হাত
 মানহে হব। “বাহিৰ চালৰ ওপৰত কোব মাৰিলে
 বা কোনো প্ৰকাৰ আঘাত পালেও ই নষ্ট নহয়,
 জুইয়েও নষ্ট কৰিব নোৱাৰে; ভিতৰত কোনো ক্ষত
 হলেও নষ্ট নহয়; কাৰণ সচৰাচৰ এই বিলাক গছৰ
 ধোন্দ আছে। মই এজোপা দেখিছিলো তাৰ ধোন্দত
 সোমাই ১০|৩০ টা মানুহ ঘৰত থকা দৰে শুই বহি
 থাকিব পাৰে। গুৰিত কাটিপেলালেও ই নমৰে
 কাৰণ মই এঙ্গোলাত জোপা চেৰেক দেখিছিলো
 কটাৰ পাছতো মাটিত পৰি থাকিয়েই দীঘলে বাঢ়ি
 ছিল। বৱঁবেব গছ বৰং এটা বৰ ডাঙ্গৰ টেপু বা কন্দ
 (নহৰুৰ নিচিনা)”—ডাক্তাৰ লিভিংষ্টন্‌।
বোকা আগ্নেয়গিৰি—(Mud volcano) ১৪১ পৃষ্ঠা চাবা।
ব্যক্তি⸺(Individual) প্ৰত্যেক গোট গোট বস্তুকেই ব্যক্তি
 বোলা হৈছে; বহুত ব্যক্তি গোট খাই শ্ৰেণী
 হয়। [ ১৮৪ ] ব্ৰাহ্ম্য বা শিৰোবিন্দু—(zenith) মানুহ এটি সৰল ভাৱে থিয়হলে;
 মুৰৰ পোনে আকাশত যি বিন্দু হয় সেই বিন্দুৰ নাম
 ব্ৰাহ্ম্য। পৃথিবীকে বেষ্টন কৰি চাৰিও ফালে আকাশ
 আছে। মানুহটিৰ ভৰিৰ পোনে পৃথিবীৰ সিফালে
 আকাশত যি বিন্দু হয় তাৰ নাম আনন্ত। পাদ-বিপক্ষ
 স্থানত থকা এটি মানুহৰ নিমিত্তে যি বিন্দু আনন্ত
 হব সিটিৰ নিমিত্তে ব্ৰাহ্ম্য হব।
ভাটা—(Ebb) ৬০ পৃষ্ঠা চাবা।
ভাৰ-কেন্দ্ৰ—(Center of gravity) সকলোবস্তুৰ মাজত এনে এটি
 বিন্দু আছে যাক ধৰি ৰাখিলে সেই বস্তুক যি ভাৱতে
 ৰখা যায় সেই ভাৱতেই থাকিব। সেই বিন্দুৰ নাম
 ভাৰ কেন্দ্ৰ। ৰৈখিক-কেন্দ্ৰ চাবা।
মকৰ-ক্ৰান্তি—(Tropic of capricorn) নিৰক্ষ-বৃত্তৰ পৰা দক্ষিণলৈ
 ২৩°৮′ আতৰত যি অক্ষৰেখা আছে তাৰ নাম
 মকৰক্ৰান্তি উত্তৰলৈ সিমান আতৰত যি অক্ষ ৰেখা
 আছে তাৰ নাম কৰ্কটক্ৰান্তি। সেই দৰে দুই মেরুৰ
 পৰা উত্তৰ বা দক্ষিণলৈ সিমান আঁতৰত যি দুটা
 অক্ষৰেখা আছে, তাৰ নাম কুমেরু আৰু সুমেরু বৃত্ত।
 পৃথিবীৰ মেরুদণ্ডৰ কাতি ভাৱ আরু পৃথিবীৰ পৰি-
 ভ্ৰমণৰ কাৰণ সূৰ্য্য এবাৰ মকৰক্ৰান্তিৰ ওপৰলৈ
 এবাৰ কৰ্কটক্ৰান্তিৰ ওপৰলৈ যায়; কেতিয়াও এই দুই
 ক্ৰান্তিৰ বাহিৰ নহয়। আরু কুমেরুবৃত্তৰ দক্ষিণ
 আরু সুমেরু বৃত্তৰ উত্তৰফালেথকা সকলো ঠাইতে
 সূৰ্য্য দিনটোত এবাৰ উদয় হয় কেৱল দুই মেরুবৃত্তৰ
 ভিতৰতহে কোনা ঠাইতে দুদিনৰ নিমিত্তে সূৰ্য্য় উদয়
 নোহোৱাকৈ থাকে। [ ১৮৫ ] মধ্যাংশ—(Trunk of a river) ৮৮,৮৯ পৃষ্ঠা চাবা।
মৰাকোটাল—(Neap tide) ৬১ পৃষ্ঠা চাবা।
মাধ্যাহ্নিক ৰেখা—(Meredian) ই মেরুৰ পৰা সি মেরুলকৈ যি কাল্প-
 নিক ৰেখা মুৰৰ ওপৰে আছে বুলি অনুমান কৰিব
 পাৰ।
মেমথ—Mammoth অত্যন্ত প্ৰাচীন কালত ব্ৰিটেইন আরু রুশিয়া
 দেশত বাস কৰা এবিধ দীঘল নোম লগা ডাঙ্গৰ হাতী।
মেরু-দণ্ড—(Axis of the Earth) যি কাল্পনিক ৰেখাৰ চাৰিও ফালে
 পৃথিবী আবৰ্ত্তন কৰে তাৰ নাম মেরু-দণ্ড। জতৰৰ মাই-
 কাঠিটো একপ্ৰকাৰ জতৰৰ মেরু-দণ্ড মাত্ৰ এই প্ৰভেদ
 যে মাই-কাঠি স্থূল বস্তু মেরু-দণ্ড এটি কাল্পনিক
 ৰেখা। মেরুদণ্ডৰ মুৰ দুটাক মেরু কয়। উত্তৰ ফালৰ
 মেরুৰ নাম সুমেরু আরু দক্ষিণৰ মেরুৰ নাম
 কুমেরু। পৃথিবীৰ শৰীৰৰ ওপৰে, ঠিক মাজ থলত
 অৰ্থাৎ দুই মেরুৰ পৰা সমান আঁতৰত যি কাল্পনিক
 বৃহৎ বৃত্ত আছে, তাৰ নাম নিৰক্ষ-বৃত্ত। নিৰক্ষ-বৃত্তৰ
 প্ৰতি সমান্তৰালকৈ উত্তৰ আরু দক্ষিণ ফালে যত
 বিলাক লঘিষ্ঠ বৃত্ত টনা হয় সেই বিলাকৰ নাম অক্ষ-
 ৰেখা দুই মেরুৰ ওপৰে যোৱাকৈ যত বৃহৎ বৃত্ত
 টানিৰ পাৰি সকলোটিৰ নাম দ্ৰাঘিমা। দ্ৰাঘিমা
 বিলাক নিৰক্ষবৃত্তৰ প্ৰতি সদা সৰ্ব্বদা লম্ব থাকে।
মেষ্টডন—(Mastodon) আমেৰিকাত পোৱা আগৰ দিনৰ এবিধ
 হাতী এতিয়া নাই; মাত্ৰ তাৰ হাৰ পোতগৈ থকা
 পোৱা গৈছে।
মোড়—(Gulf) সাগৰৰ এক অংশ ঠেক হৈ মাটিৰ ভিতৰলৈ সোমাই
 থাকিলে এই অংশক মোড় বোলে। [ ১৮৬ ] মোড় সোঁতা—( Gulf stream ) মেক্সিকঁ মোড়ৰ পৰা ওলোৱা
 এসোঁতা পানী; ৫৫ পৃষ্ঠা চাবা।
মৌচুম বাত—(Monsoon) ৩৩ পৃষ্ঠা চাবা।
মৌ-পীয়া—(Honey sucker) এই শ্ৰেণীৰ চৰাই বিলাকে ফুলৰ মৌ বা
 মৌ-বিচনিৰ মৌ চুপি খায়। যোৰা সোতা-
 মোড় সোঁতা চাবা। ৫৫ পৃঃ।
ৰস্মিত—(Radiata)১৫৭ পৃষ্ঠা চাবা
ৰিণ-পহু—(Rein deer) লেপ্‌লেণ্ড, ফিন্‌লেণ্ড দেশত থকা এবিধ
 ডালৰ শিঙ্গ লগা পহু।
ৰৈখিক কেন্দ্ৰ—(Centere of figures) বস্তুৰ শৰীৰৰ সোঁ মাজৰ বিন্দুৰ
 নাম ৰৈখিক-কেন্দ্ৰ। অনেক বস্তুৰ ৰৈখিক কেন্দ্ৰ
 আরু ভাৰ কেন্দ্ৰ একে বিন্দুতে নপৰে।
লঘিষ্টবৃত্ত—(Small circle) গৰিষ্ট বৃত্ত চাবা।
লালি-কঙ্কৰ—(Medial morraines) ৭৭ পৃষ্ঠা চাবা।
লাৱা কি লোৱাচুৰ—(Lava) আগ্নেয়-গিৰিৰ পৰা ওলাৱা দ্ৰৱ প্ৰস্তৰ।
লিমৰ—(Lemur) মাডাগাস্কাৰ দ্বীপত থকা বান্দৰৰ লগৰ এবিধ জন্তু।
 গাটো বান্দৰৰ সদৃশ কিন্তু ডিঙ্গিৰ পৰা মুৰটো আরু
 মুখ কেৰকেটুৱাৰ নিচিনা। বান্দৰতকৈ দেখিবলৈ
 বৰ শুৱনি আরু ইহঁতৰ অঙ্গি-ভঙ্গিয়ে হাঁহি তোলে।
লোৱাচুৰ—(Lava) লাৱা চাবা
শলখা—(Axis) মাই-কাঠি মেরুচাবা।
শামুক-কঙ্কৰ—(Crag) তৃতীয় যুগৰ প্ৰস্তৰ বিলাকৰ লগত থকা কঙ্কৰ
 আরু শামুকেৰে মিহলি এভৰপ প্ৰস্তৰৰ নাম।
শিল-পিঠা—(Conglomerates) শিলগুটি, টিঙ্গিৰি পাথৰ, কঙ্কৰ
 প্ৰভৃতি বস্তু বিলাক সাগৰৰ তলত পৰি হেচা খাই
 থকা লারু বিলাকৰ নাম শিল-পিঠা।
[ ১৮৭ ] শিৰো-বিন্দু—(Zenith) ব্ৰাহ্ম্যচাবা।
শীত-মণ্ডল—(Frezid zone) দুই মেরুবৃত্তৰ মাজৰ ঠাইক দুই শীত-
 মণ্ডল বোলে
শ্লথ বা এলেহুৱা—(Sloth) ই আমেৰিকাৰ ডাঁঠ হাবিত থাকে।
 পাছৰ ভৰি দুটাতকৈ আগৰ ভৰি দুটা দীঘল।
 ভৰিত আঙ্গুলি তিনটা মাত্ৰ আরু সিও আকোৰা।
 সেই আকোৰা নখেৰে গছত ধৰি রাদুলিৰ দৰে
 ওলমি গছৰ চাল পাত খাই ফুৰে। দিনটোত এহাত-
 তকৈ বেচি বগাব নোৱাৰে। মাটিলৈ পৰা পক্ষে
 নাহে; ই গছৰ পৰা সিগছলৈ ঠালে ঠালেই
 বগাই যায়। মাটিলৈ নামিলে কোঙ্গা হৈ ফুৰে; ই
 ২ ফুটতকৈ দীঘল নহয়।
সংহতি—(Cohesion) যি শক্তিৰ নিমিত্তে বস্তু বিলাকৰ পৰমানু
 বিলাক আঁটখোৱা আছে।
সঙ্গমাংশ বা আগলি—(Deltaic part) আগালি চাবা।
সান্তৰিক—(Swiwmmers) লিপিত-খোৱা ভৰিৰে সাতুৰি মাছ
 ধৰি খোৱা এ বিধ চৰাই।
স্তৰ—(Mountain strata) বা প্ৰস্তৰ, মাটিৰ তৰপ বিলাক; ১২১ পৃষ্ঠা
 চাবা।
সম মণ্ডল—(Temperate zone) উষ্ণ-মণ্ড আরু দুই শীত মণ্ডলৰ
 মাজৰ দুই অংশ।
সমুদ্ৰ—(Ocean) ৪৩ পৃষ্ঠা চাবা
সশব্দষায়ী-সাপ—(Rattle snake) আমেৰিকাৰ এবিধ ডাঙ্গৰ সাপ;
 তাৰ নেজত কেবা ডোখৰো হাৰ আছে; সি
 যাও তে সেই বিলাক জোকাৰ খাই শব্দ কৰে।
সাগৰ—(Sea) সমুদ্ৰৰ অংশ। [ ১৮৮ ] সাগৰৰ জলসীমা—(Sea level) যিমান চাপৰত সাগৰৰ পানী আছে।
সাগৰৰ বা—(Sea breeze) ৩১,৩২ বৃষ্ঠা চাবা।
সাময়িক বাত—(Periodical wind) ৪৮ পৃষ্ঠাচাবা।
সীমা-ৰেখা—(Line of demarcation) সীমা প্ৰদৰ্শক ৰেখা।
সুমেরু—(North pole) মেরুদণ্ড চাবা।
সুমেরু-বৃত্ত—(Arctic circle) মকৰ-ক্ৰান্তি চাবা।
স্থল⸺ (Plane) যি ধৰাতলত বৃত্ত বা আন কোনো ক্ষেত্ৰ থাকে তাক সেই ক্ষেত্ৰৰ স্থল কয়।
স্থিৰবাত—(Constant wind) ৮৬ পৃষ্ঠা চাবা।
হিম-শিলা—(Avalanche) ৭৯ পৃষ্ঠা চাবা।


 

ইঙ্গিত—(১) কোনো আখৰৰ ওপৰত ‘′’ৰেফৰ নিচিনা চিন থাকিলে তাক চিহ্নিত বুলি পঢ়িব লাগে; যেনে আ॔ “চিহ্নিত আ” বা “আ॔ চিহ্নিত। ”
 (২)কোনো আখৰৰ ওপৰত ‘ ॅ’ চিন থাকিলে সেই আখৰৰ কোমল হ্ৰস্ব উচ্চাৰণ হব যেনে ম'ৰা (ময়ূৰ), ম'হ (মহিষ ) ইত্যাদি
 (৩) কোনো অঙ্কৰ ওপৰত ‘°’ চিহ্ন থাকিলে অক্ষাংশ বা ডিগ্ৰি বুজায় আরু ‘′’ চিহ্ন থাকিলে মিনিট ‘″’ থাকিলে সেকেণ্ড বুজায়; যেনে ২৩°-৮′-৩২″ ২৩ ডিগ্ৰি বা অক্ষাংশ ৮ মিনিট ৩২ সেকেণ্ড।

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )