পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

গড়ৰ দ্বাৰ কোন ফালে আছে জানিব নোৱাৰি বৰং জুইৰ ফাললৈকে লৰ দিয়ে। বঁতানিৰ বাহিৰে প্ৰেৰীৰ কোনো কোনো ভাগ জলাহ বা কটুৰ কোনো ভাগ বালিময়। প্ৰত্যেক খণ্ডেই ইমান ডাঙ্গৰ যে তাত কি জানি ৪। ৫ খন আসাম দেশ ধৰিব। কেনো অংশত গছ পোৱা যায়, আরু কোনো অংশ সম্পূৰ্ণ সমান নহৈ টো- কটা আছে।

 দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা মেগেলহিন প্ৰণালীলকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়। এই বৃহৎ সমস্থলক হাফলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্বরূপে বিভক্ত কৰিছে। অঁৰিনঁ কৰ, জল-সত্ৰৰ নাম লেনচ্; এমেজনৰ জল-সত্ৰৰ নাম চিল্‌ভাচ্ আরু লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পাচ। লেনচৰ পৰিমান ফল ২,৬০,০০০ বৰ্গ মাইল অৰ্থাৎ ৮ খন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায় চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কেবা মাইলো যুৰি অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ- শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। ষ্টিপিচ্‌ সমস্থলৰ দৰে ইয়াৰৰ গঢ় ৠতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ কুম্ভীৰ আরু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। বাৰিষাৰ অন্তত সৌজীয়া বানতৰে ঢকা-স্বরূপ ঘাহৰ কোটি-কোটি মালৌ পথাৰ; * তাত চৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগরুৰ মহা ভোজ। জাৰকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱা পূৰ্ব্বৰ অজগৰ, গ্ৰাহ, কুন্তীৰ বিলাক বোকাত সোমাই ঘোৰ নিদ্ৰাত অভিভূত হয়। সমু-


 * মালৌ জোৰ হাটৰ অঞ্চলত, বৰনৈৰ দাঁতিত এখন বৰ বহল ঘাঁহনি পথাৰ।