পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সপ্তম অধ্যায়।

নদী; হ্ৰদ আৰু উৎস।

পৰৰ কেই অধ্যায়ত বৰষুণ আরু তুষাৰৰ বিষয়ে যি কথা কৈ অহা হৈছে, তাৰ পৰা জনা যাব পাৰে যে বৰষুণৰ পানী আরু তুষাৰ দ্ৰৱ হোৱা পানী এই দুইও নদীৰ মূল! যত যত বৰষুণ পৰে বা তুষাৰ দ্ৰৱ হয় সেই সকলো ঠাইৰ পৰা পানীৰে সৰু সৰু জান হয় আরু কেবাটাও জান গোট খাই নৈ হয়। পৰ্ব্বতৰ পৰা যি বিলাক জান নামে তাক জুৰি বোলে। ক্ৰমে নৈ যিমান আগ বাঢ়ে, ইখনৰ পাছত সিখন সৰু নৈ বা জান পাই ডাঙ্গৰ হৈ সাগৰত অন্ত হয়। এই নিমিত্তে মুখত নৈ বহল থাকে আরু ক্ৰমে উজাই ঠেক। যি ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ কথমপি দেখি তেনে নৈ মূল প্ৰদেশত ইমান ঠেক যে তাক ডেই পাৰ হব পাৰি। যিমান ঠাইৰ পৰা পানী আহি এখন নৈত পৰে সেই সকলো ঠাইকে মুঠ কৰি সেই নৈৰ জল-সত্ৰ বুলিব পাৰি। জল-সত্ৰৰ ভিতৰত যত যি এটোপা পানী পৰে গছ-বনে নুশুহিলে বা ভাপ হৈ উঠি নগলে সি অৱশ্যে আহি সেই জল-সত্ৰৰ নৈয়েদি সাগৰত পৰিব। জল-সত্ৰৰ ভূমি তাৰ নৈৰ ফাললৈ ক্ৰমে হেলনীয়া আরু যি ফাললৈ নৈ বয় সেই ফাললৈও আওগড়ীয়া। আসাম দেশ খন ব্ৰহ্মপুত্ৰৰ ফাললৈ দুই দাঁতিৰ পৰা ক্ৰমে চাপৰ অথচ ভাটী ফাললৈও আওগড়ীয়া, এই নিমিত্তে দক্ষিণ পাৰত থকা ব্ৰহ্মপুত্ৰৰ কৰতলীয়া নদী বিলাক উত্তৰলৈ, অথচ যৎকিঞ্চিৎ অগ্নিকোনী হৈ, আৰু উত্তৰ পাৰত থকা