পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৫
পাৰিভাষিক শব্দৰ অৰ্থ।

 আহে; অথচ ভয় পালে পুনৰ জোলোঙ্গাত সোমাই
 গৈ। কাঙ্গারুৰ আগ হাতোৰা দুটা পাছৰ ঠেঙ্গতকৈ
 অত্যন্ত সরু, সেই নিমিত্তে জপিয়াইহে যাব পাৰে;
 সেই দৰে যাওঁতেও ঘোৰাতকৈ বেগি।
কীটাৎ—(Insectivora) যি বিলাক জন্তুএ পোক পরুৱা ধৰি খায়।
 পরুৱা-খোৱাবিধ এই শ্ৰেণীৰ।
কুমেরু—(South Pole) মেরুদণ্ড চাবা।
কুমেৰু-বৃত্ত—(Antarctic circle) মকৰ-ক্ৰান্তি চাবা।
কুরুয়া বতাহ—(North-East monsoon) জাৰ কালি উত্তৰৰে আরু
 পূবৰে চুকৰ পৰা মৰা বতাহ।
কেন্দ্ৰ-বিভিন্নতা—(Eccentricity) পৃথিবীৰ কক্ষৰ কেন্দ্ৰৰ পৰা অধি-  শ্ৰয়ৰ দূৰতা, অৰ্থাৎ বৃত্তাকাৰৰ পৰা যিমান প্ৰভেদ।
কোটাল-জোৱাৰ—(Spring tide) ৬১ পৃষ্ঠা চাবা।
কোমলকায়—(Mollusca) যিবিলাক প্ৰাণীৰ হাৰ নাই আরু যোৰা
 নাই যেনে শামুক। ১৫৭ পৃষ্ঠা চাবা।
গছ-পিঠা—(Bread-fruit tree) ১৫৩ পৃষ্ঠা চাবা।
গতিনিবন্ধ-বাত—(Trade wind) ৩৬ পৃষ্ঠা চাবা।
গৰিষ্ঠবৃত্ত—(Great circle) গোল বস্তুক সমানে দুভাগ কৰিলে বৃত্তা
 কাৰ যি দুটি ছেদ মুখ উৎপন্ন হয় দুইও গৰিষ্ট বৃত্ত।
 গোল বস্তুক সমানে দুভাগ কৰিব লাগিলে, দুই
 সমান খণ্ডক গোলাৰ্দ্ধ কয়। গৰিষ্ঠ বৃত্ততকৈ ডাঙ্গৰ
 বৃত্ত কোনো গালকৰ ওপৰত টানিব নেৱোৰি।
 গোল বস্তুক অসমানকৈ ভাগ কৰিলে যি দুটি ছেদ মুখ
 উৎপন্ন হব তাৰ নাম লঘিষ্ঠ বৃত্ত। লঘিষ্ট বৃত্ত যি ভাৱে
 টনা নহক, সকলো বিলাকৰ কেন্দ্ৰ গোলকৰ কেন্দ্ৰে
 সৈতে একে হয়। এই নিমিত্তে গৰিষ্ঠ বৃত্ত বিলাকে