পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

সিমান আকাৰ বাঢ়ে। আৰু ৩২° অংশৰ তলে পানী দৈ মাৰি, শিলৰ নিচিনা টান হলে, বৰফ বোলে (বৰষুনৰ শিল একো ডুখৰি সৰু সরু বৰফ)। এই কাৰণে বৰফ বা ৩৯.২° অংশৰ নামে চেঁচা পানী, ৩৯.২° অংশৰ ওপৰৰ পানীত ওপঙ্গে। সুমেরু আরু কুমেরুৰ কাসৰত পানীৰ তাপ ৩২° অংশত কৈও কম্, অনেক ঠাইত তাপ- মান যন্ত্ৰৰ পাৰা দৈ মাৰি সিহৰ নিচিনা টান হোৱাত চিৰ্কাৰ তাপ- মান যন্ত্ৰ ব্যৱহাৰ কৰিব লগা হয়। তাৰ দ্বাৰা দ্ৰৱনাঙ্কৰ (অৰ্থাৎ যি তাপ অংশত পানী টান গুচি দ্ৰৱ হয় বা দ্ৰৱ অৱস্থাৰ পৰা কঠিন অৱস্থা পায় সেই অংশৰ) পৰা ১০০° অংশ নামলকে চেঁচা দেখা গৈছে। এই বিলাক ঠাইত বছৰ যুৰি সমুদ্ৰৰ সহস্ৰ মাইল ব্যাপি বৰ ওপঙ্গি থাকে; আরু ইয়াৰ ওপৰতে দমাদমে তুষাৰ পৰি সিও বৰফৰ নিচিনা টান হোৱাত ক্ৰমে সমুদ্ৰৰ বৰ ডাঠ হৈ কোনো কোনো ঠাইত ১০|১৫ হাত পৰ্যন্ত ওখ হয়; আৰু কোনো কোনো ঠাইত বৰফৰে পব্বত হয়। ইয়াত জল স্থলৰ ভেদ প্ৰায় দেখিবলৈ নাই; কোনে ঠাইতনো সমুদ্ৰা অন্ত হৈ ভূভাগ আৰম্ভ হৈছে, তাক জহ কালিৰ বাহিৰে আন দিন ঠিক কৰিবলৈ টান হয়। তথাপি বৰফৰ ঢাকনি খন ওপঙ্গা বাবে আরু সেই ঢাকনি কাপোৰৰ দৰে তাপ বা জাৰ সোমাব নিদিয়াত তলত সাগৰৰ প্ৰাণী বিলাকে জাৰত নমৰাকৈ স্বচ্ছন্দে সাতুৰি আহাৰ বিহাৰ কৰে।

  ওপৰত কোৱা পানীৰ সেই অসাধাৰণ গুণ থকা বাবেই সুমেরু আরু কুমেরু সমুদ্ৰত বাৰ্ষিক গড় তাপ ৩৯.২° অংশত কৈও কম্‌। তাত সমুদ্ৰৰ ওপৰ ভাগৰ পৰা তললৈ তাপ ক্ৰমে বঢ়া প্ৰমাণ পোৱা যায়; কিন্তু নিৰক্ষ বৃত্তৰ দুই পাশে থকা সমুদ্ৰত, বাৰ্ষিক গড় তাপ ৩৯.২° অংশৰ পৰা ৮৫° অংশলকে ছৰে। তাত সমুদ্ৰৰ পানীৰ তাপ ক্ৰমে ওপৰলৈ বাঢ়ি যোয়া দেখা গৈছে। তাপ বঢ়া তুটাৰ লগে লগে পানী পাতল বা ঘন হোৱাৰ কাৰণে, নিৰক্ষ বৃত্তৰ উত্তৰে দক্ষিণে