পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
প্ৰাকৃত-ভূগোেল।

পুতি পেলাই। অনেকে ইয়াক দেওৰ কাম বুলি মানে; কিন্তু যথাৰ্থতে কেৱল শব্দৰ কোবত বায়ু লৰি হিম-শিলা বিলাক খহি পৰে। শুনা আছে কাঙ্গৰা দেশৰ এজন ৰজাই হিন্দুকুচ পৰ্ব্বতৰ এনেকুৱা গিৰি-সঙ্কট এটাৰ মাজেদি যুঝলৈ যাওতে, লোকে হাক দিয়াতে দেওক নামানো বুলি গণ্ডপ মাৰি তোপ ফের কৰাত সসৈন্যে পোত গল। তেতিয়াৰ পৰা হুনো সেই পৰ্ব্বতৰ নাম হিন্দুকুচ বা হিন্দু মৰা পৰ্ব্বত হল। এই দৰে সুইজেৰ্লেণ্ড দেশৰ অনেক গাওঁ বাগৰি পৰা হিম শিলাৰ দ্বাৰায় পোত গৈছে।

 মেরুৰ কাশৰত যি বিলাক দ্বীপ আছে, তাৰ পৰ্ব্বত বিলাকৰ পৰাও নিহাৰ-বাহু নামে; কিন্তু তাত চিৰ-নিহাৰ সীমা সমুদ্ৰ জলসীমাৰে সৈতে একে হৈছে বুলি নিহাৰ-বাহু পৰ্ব্বতৰ গাইদি নামি আহি সমুদ্ৰৰ পানীত সোমায়। কিন্তু বৰফ পানীত কৈ পাতল এই নিমিত্তে যি ডোখৰ পানীৰ তলত সোমায় সেই ডোখৰ ওপঙ্গিবৰ কাৰণ ওপৰলৈ এটা টান দিএ; তাতে নিহাৰ-বাহু ভাগে আরু ভগা ডোথৰ সোঁতৰ লগত নিৰক্ষ বৃত্তৰ ফাললৈ উটি আহে। এই দৰে উটি অহা বৰফ খণ্ডকে ইংৰাজীত “আইচ্‌-বৰ্গ” বোলে আমালোকে “উটা বৰফ” বুলি নাম দিব পাৰোহক। দুই মেরুৰ পৰা, ক্ৰমাগত নৈত খৰি উটি অহাৰ দৰে, ডোখৰে ডোখৰে উটা বৰফ বিলাক নিৰক্ষ বৃত্তৰ ফাললৈ সাগৰত উটি আহি থাকে; কোনো কোনো ডোখৰ একোটা পৰ্ব্বতৰ-সমান ডাঙ্গৰ আরু ওখ; আৰু দাঁতি বিলাক দেওৱালৰ দৰে থিয় কোনো ডোখৰে সাগৰৰ দ্বীপৰ নিচিনাকৈ বহু যোজন ব্যাপি আহে। সূৰ্য্যৰ কিৰণ পৰি আৰ্চি যেন স্বচ্ছ বা ফটিক যেন বগা সেই উটা বৰফ খণ্ড বিলাকে উৎকৃষ্ট শ্যামল বৰণ ধৰি চিক্‌মিকাই থকা দেখা যায়। কিন্তু সেই বিলাক পদাৰ্থ জাহাজৰ সৰ্ব্বনাশক। যদি কোনো জাহাজ অকস্মাত নেদেখাকৈ আহি সিহতৰ মাজত সোমাইহি তেন্তে অতি কষ্টেৰে প্ৰাণ ৰাখি ওলাই