পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
প্ৰাকৃত-ভূগোল।

তুষাৰেৰে আবৃত থাকে। অৰ্থাৎ বননিৰ সাগৰৰ ঠাইত কপাহৰ নিচিনা শুকুলা তুষাৰৰ সাগৰ উপস্থিত হয়। বতাহৰ লগত তুষাৰ দঁমে দঁমে উড়ি পথুকৰ মহা বিপদ-জনক হয়। সেই কিমাহত কঁতো এই তুষাৰ সাগৰ পাৰ হব পৰা বাট পথৰ চিন পোৱা নাযায়; কেবা দিনৰ বাট গলেও চকু জিৰাবলৈ এজুপি গছ বা এটি পৰ্ব্বত নাই। ইংলণ্ড আরু ফ্ৰাঞ্চ দেশৰ সৈতে রূশিয়াৰ যুদ্ধ হওঁতে ক্ৰিমিয়ালৈ পঠোৱা সৈন্য এদল নীপৰ আরু ডন নদীৰ মাজৰ ষ্টিপিচতে সম্পূৰ্ণে বিনষ্ট হয়। এই সমথলৰ মাজত ঠাইএ ঠাইএ ৫০। ১০০ ফুট দ ডোবা আছে। তাৰ ওপৰত গাওঁ আরু প্ৰাণীৰ আবাস স্থান।

 প্ৰেৰী নামেৰে আমেৰিকাৰ সমথল আন বিধৰ। ইয়াৰ মাটি বৰ সাৰুৱা এই নিমিত্তে, তাত গজা বঁতা-উলু প্ৰভৃতি বন বিলাক ইমান ওখ যে তাৰ ওচৰত অশ্বাৰোহী মানুহো লুকায়। ইয়াত লক্ষ কোটী বঁনঁৰীয়া ঘোৰা, মঁহ, মেঠোন ইত্যাদি তৃণ-জীবি জন্তু বিলাক চঁৰি ফুৰে আরু ঘাঁহ বিচাৰি জাকে-জাকে এক প্ৰদেশৰ পৰা আন প্ৰদেশলৈ যায়; আরু ইহঁতৰ শত্ৰু বৃক, ভালুক, জাগুৱাৰ বা আমেৰিকাৰ বাঘ ইত্যাদি মাংসাহাৰী জন্তু বিলাকে ইহঁতক বিচাৰি ফুৰে। কিন্তু সৰ্বহস্তা দাৱাগ্নি কেতিয়াবা কেতিয়াবা ওলাই সকলো জন্তুৰে মহা প্ৰলয় কৰে। প্ৰেৰীৰ দাৱাগ্নি ভয়ানক। যেতিয়া চঁত মহীয়া ৰঁদত তাৰ হাবি বিলাক শুকাই খড়-খড়ীয়া হৈ থাকে তেতিয়া তাত জুইৰ প্ৰভাৱ দেখি বিস্ময় হব লাগে। জলন্ত অনল-সাগৰৰ তৰঙ্গ বিলাক উঠি এক মুহুৰ্ত্তৰ ভিতৰতে সমুদায় হাবি যুৰি লয়। ওখ হাবিৰ নিমিত্তে আরু প্ৰায় কঁতো এজুপি গছ বা ওখ ঠাই নথকাত, দাৱাগ্নিৰ গতি কাণেৰে অনুমান কৰাৰ বাহিৰে, চকুৰ দ্বাৰা জানিব নোৱাৰি; যদি কোনো মানুহ এনে সময়ত সেই তৃণাৰণ্যৰ মাজত থাকে তেনে তাৰ সৰ্ব্বনাশ। অনেক স্থলত হতভগীয়াই সেই অগ্নি