পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
প্ৰাকৃত-ভূগোল।

 দুই বিপক্ষাগত বতাহৰ হঠাৎ আঘাত প্ৰতিঘাত হলে ঘুৰ্ণী বাত উৎপন্ন হয়। ডেৱাল বা বেৰ এখনলৈ দলি এটা মাৰিলে যেনেকৈ উভতি আহে সেই দৰে কেতিয়াবা পৰ্ব্বতত ঠেলা লাগিলে বতাহ উভতি বয়; আগৰ গতিত আহি থকা বায়ু আরু উভতি বোৱা বায়ু দুইৰৰ আঘাতত ঘূৰ্ণী বাত হয়। নতুবা গতি-নিবন্ধ বতাহৰ বিপক্ষ হৈ, নৈঋত্য মৌচুম বলেও হব পারে। কিম্বা আগেয়ে আকাশৰ এক প্ৰদেশ ভাপেৰে ভৰি আছিল, কিন্তু হঠাৎ ঘনীভূত হৈ পানী হোৱাত সেই প্ৰদেশ প্ৰায় শূন্য হয়। এই নিমিত্তে সেই ঠাই পুৰ কৰিবলৈ সকলো দিশৰ পৰা বায়ু বেগেৰে আহোঁতেও এই বিধ বতাহৰ স্ৰজন হয়। নিৰক্ষ বৃত্তৰ উত্তৰত চীন সাগৰ, বঙ্গ উপসাগৰ আরু ওয়েষ্ট ইণ্ডিয়ান দ্বীপ সাগৰত হোৱা তুফানৰ এইয়ে মূল কাৰণ বুলি অনেকে ভাবে; কাৰণ প্ৰায় সকলো তুফানে প্ৰথমে নিৰ্ব্বাত আরু অস্থিৰ বাত মণ্ডলত দেখা দি উত্তৰ ফাললৈ যায় আরু এই মণ্ডলতে অনেক খিনি ভাপ হঠাৎ ঘনীভূত হৈ বৰষুণ হয়। তুফানৰ প্ৰধান লক্ষণ এই:—(১) উত্তৰ গোলাৰ্দ্ধত তুফানৰ গতি পশ্চিমৰ পৰা দক্ষিণে দি পূব আরু উত্তৰলৈ ঘুৰা; আরু দক্ষিণ গোলাৰ্দ্ধত পশ্চিমৰ পৰা উত্তৰে দি পূব আরু দক্ষিণলৈ ঘুৰা। (২) তুফানে এটি কেন্দ্ৰ লৈ তাৰ চাৰিও ফালে ঘুৰে আরু ক্ৰমশঃ আগবাঢ়ি যায়। (৩) সকলো দিশৰ পৰা কেন্দ্ৰৰ ফাললৈ বায়ু বেগে বয় আরু কেন্দ্ৰৰ অলপ্‌ আঁতৰত বায়ুৰ অত্যন্ত বেগ হয় কিন্তু কেন্দ্ৰত বায়ু প্ৰায় স্থিৰ থাকে। (৪) কেন্দ্ৰত বায়ুৰ ভাৰ অতি কম। কেন্দ্ৰত বায়ুৰ ভাৰ কম্‌তি আরু কাসৰত বেচি থকা হেতু কেন্দ্ৰৰ তলত থকা পানী, ধুলী, আরু উভালিব পাৰিলে গছ, পাত, সকলোকে ঘুৰ্ণী বাতে তুলি ওপৰলৈ লৈ যায়। কেতিয়াবা কেন্দ্ৰৰ তলত সাগৰ পৰি ২০|২৫ হাত ওখ আরু ৫০|৬০ বৰ্গ মাইল যোৰা এনে প্ৰকাণ্ড ঢৌ সাগৰৰ পৰা উঠি আরু কেন্দ্ৰৰ লগে লগে বামলৈ গৈ মানুহৰ মহা প্ৰলয়