পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
প্ৰাকৃত-ভূগোল।

  ক জানিবা চন্দ্ৰৰ অবৰ্ত্তমানে পৃথিবীৰ কেন্দ্ৰৰ স্থান, প ৰ্প পৃথিবীৰ সৈতে একে ক কেন্দ্ৰী হৈ তাৰ ওপৰত সমভাৱে থকা সমুদ্ৰৰ বৃত্ত। ক বিন্দুৰ পৰা প বিন্দুলৈ ৩,৯৫৬ মাইল, বা কেন্দ্ৰৰ পৰা চন্দ্ৰলৈ যি দূৰ

তাৰ ৬০ ভাগৰ এভাগ। এই নিমিত্তে ওপৰতকৈ অহা আকৰ্ষণ শক্তিৰ নিয়ম অনুসৰি ক বিন্দুতকৈ প বিন্দুত, ৰ্প বিন্দুতকৈ ক বিন্দুত বাহিৰৰ কোনো পদাৰ্থৰ বেচি আকৰ্ষণ হব। আৰু পানীৰ তলৰ পৃথিবীখন কঠিন পদাৰ্থ বুলি তাৰ কেন্দ্ৰই ঠাই লৰালে সমুদায় পৃথিবীএ কেন্দ্ৰৰ সমানে দূৰ গৈ ঠাই সলাব; কাৰণ কঠিন বস্তুৰ এক অংশই আন অংশক এৰি যাব নোৱাৰে; গলে গোটেইটো বস্তু যাব। কিন্তু প ৰ্প পানীএ পৃথিবীৰ পৰা বা এক অংশই আন অংশৰ পৰা এৰাবলৈ একো টান নহয়। এনে স্থলত যদি চন্দ্ৰৰ নিচিনা এটা বস্তু থাকে বা নতুনকৈ উপস্থিত হয়, অৱশ্যে পৃথিবী আৰু তাৰ সমুদ্ৰৰ আকৃতি ৮ম প্ৰতিকৃতিত দিয়াৰ নিচিনা হব। কাৰণ সমুদ্ৰ বৰফৰ নিচিনা কঠিন হোৱা হলে চন্দ্ৰৰ আকৰ্ষণত ৭ম প্ৰকৃতিত দেখুৱাৰ দৰে পৃথিবীৰ কেন্দ্ৰ ক বিন্দুৰ পৰা ৰ্ক বিন্দুলৈ আহিব আরু তাৰ লগে-লগে আগৰ দৰেই সমভাৱে একে কেন্দ্ৰী হৈ প ৰ্প সমুদ্ৰ ফ ৰ্ফ ঠাইলৈ আহিল হেতেন। (পৃথিবী চন্দ্ৰৰ আকৰ্ষণত যদিও কিছু আগ বাঢ়িৰ তথাপি দুযো একে লগ নহব; তেনে নোহোৱাৰ অনেক কারণ আছে; যেনে পৃথিবীৰ চাৰিও, কাসৰে ঘুৰি চন্দ্ৰৰ