সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
প্ৰাকৃত–ভূগোলৰ

হাত পৰ্য্যন্ত দীঘল হয়। ইয়াৰ পেটৰ তলত টান হাৰৰ চকলা আছে। গরু একোটাকো ইহঁতে গিলিব পাৰে। প্ৰথমতে জন্তু বিলাক ধৰিয়েই তাক মেৰাবলৈ ধৰে আরু পাক ক্ৰমে আটি হাৰ মুৰ ভাঙ্গি লারু এটা কৰি গিলি থয়।
বা⸺(Breeze) বাত অথবা বতাহ, ধুমুহা, তুফান ইত্যাদি শব্দই বেগি অথবা বেগতকৈও বেগি সোঁত থকা বায়ুক বুজায়। সাধাৰণতে যি বতাহ অল্প বেগেৰে বয় আরু যাৰ দ্বাৰা কোনো অপকাৰ নহয় বৰং সুখজনক বোধ হয় তাৰ নাম বা। যি বাযু-সোঁত কিছু বেগেৰে বয় অথচ মানুহৰ একো হানি নকৰে বৰং পালখটা নাৱঁলৈ বৰ সুবিধা কৰে, গছ পাত ভালকৈয়ে লৰে, তাৰ নাম বাত অথবা বতাহ; যেনে পচোৱা বতাহ। ধুমুহাত মানুহৰ অনেক হানি হয়; তাৰ বেগ অত্যন্ত টান আৰু সি হঠাৎ উপস্থিত হয় তাৰ গতি চক্ৰাকাৰ। তুফান, হৰিকান ইত্যাদি নাম বিলাকে ধুমুহাকে বুজাই মাত্ৰ ইহঁত অতি বেগেৰে চলে। বাত বা বতাহ—(Wind) বা চাবা।
বানকমওতা—(Flood moderator) ৮৬ পৃষ্ঠা চাবা।
বান্দৰ পিঠা গছ—(Baobabtree) ৰেৱ বেবগছ চাবা।
বামি⸺(Eel) দেখিবলৈ সাপৰ নিচিনা এবিধ দীঘল মাচ।
বায়ুমান যন্ত্ৰ—(Barometer) এই যন্ত্ৰৰ দ্বাৰায় বায়ুৰ চাপ জানিব পাৰি।
বাহক⸺(Channel) প্ৰণালীৰৰ পৰা বাহকৰ ভিন্ন এই যে প্ৰণালী পাৰৰ দুফালে দুটা অন্তৰীপ, বাহকৰ পাৰে দীঘল নৈৰ সদৃশ প্ৰণালী সেই নিমিত্তে চুটি; বাহক দীঘল।