পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
প্ৰাকৃত-ভূগোল

তাৰিখত দিন ৰাতি অসমান হোৱা কাৰণৰ যি ব্যাখ্যা দিয়া হৈছে সেই ব্যাখ্যা এই স্থলতো খাটিব। যি দুদিনত মেরুৰ ওপৰেদি ঘ ৰ্চ সীমা-ৰেখা যায় সেই দুদিনত দিন ৰাতি সমান হয়। কাৰণ পৃথিবীৰ আবৰ্ত্তনৰ পৰা যি কোনো দেশে যি গতি লয় সেই গতি সদায় নিৰক্ষ বৃত্তৰ সমান্তৰাল আরু মাধ্যাহ্নিক বা দ্ৰাঘিমা ৰেখাই নিৰক্ষ বৃত্তক সম- দ্বিখণ্ড কৰাৰ দৰে তাৰ সমান্তৰাল ৰেখা বিলাককো সম দ্বিখণ্ড কৰে; এই দুদিনত ঘ ৰ্চ সীমাৰেখা মেরুৰ ওপৰে যায় বুলি মাধ্যাহ্নিক বা দ্ৰাঘিমা ৰেখাৰ সৈতে মিলিপৰে। পঞ্চম প্ৰতিকৃতিৰ পৰা এই কথা পৰিষ্কাৰ হব। ২১ চেপ্তেম্বৰ আৰু ২১ মাৰ্চ তাৰিখত অন্ধকাৰ

আরু পোহৰৰ সীমা-ৰেখা মেরুৰ ওপৰে গৈছে আৰু মাধ্যাহ্নিক বা দ্ৰাঘিমা ৰেখাৰে মিলি পৰিছে। সুমেরুবৃত্ত, আরু আমাৰ দেশেৰ গতি বুজুৱা আ ক বৃত্তক সীমা ৰেখাই সম-দ্বিখণ্ড কৰিছে; সেই নিমিত্তে এই দুই দিনত আমাৰ দেশত দিন টোৰ সমানে এফাল সময় পোহৰত যাব আরু এফাল সময় আন্ধাৰত যাব অৰ্থাৎ দিন ৰাতি সমান হব। আন আন দেশৰো সেই কথা; নিৰক্ষ বৃত্তত সদাই দিন ৰাতি সমান থাকে; কাৰণ খ গ সীমা-ৰেখা এটি গৰিষ্ঠ বৃত্ত বুলি সি সদাই নিৰক্ষ বৃত্তক সমদ্বিখণ্ড কৰে; তাৰ প্ৰমাণ ৪ৰ্থ প্ৰতিকৃতিত পোৱা যায়। ২১ মাৰ্চৰ পৰা ২১ চেপ্টেম্বৰ লকে এই ছমাহত উত্তৰ মেরু সদাই সূৰ্য্যৰ ফালে থাকে এই নিমিত্তে তাত এই কেমাহ সদাই দিন, দক্ষিণ মেরুত ৰাতি। ২১ চেপ্টেম্বৰৰ পৰা ২১ মাৰ্চলকে এই ছমাহত উত্তৰ মেরু সদাই সূৰ্য্য