ওচৰে সমুদ্ৰৰ ওখ ভাঁজ দুবাৰ অ রু চাপৰ ভাঁজ দুবাৰ হয়; সেই নিমিত্তে তাত পানী দুবাৰ বঢ়া আরু দুবাৰ টুটা দেখা যায়। এই দৰে সমুদ্ৰৰ ভাঁজটো ফুৰে বুলি ওপৰত কোৱা হৈছে কাৰণ কেৱল ভাঁজটোএ বা প্ৰকাণ্ড ঢৌ দুটাই মাত্ৰ সেই দৰে ফুৰে কিন্তু সমুদ্ৰৰ সমুদায় পানীখিনি সেই দৰে ২৪ ঘণ্টা ৫৪ মিনিটত গোটেই পৃথিবী অৰ্থাৎ মিনিটত ১৬ মাইলকৈ বেগে নুঘূৰে। তেনে বেগেৰে যোৱা হলে ভূভাগ বুলিবলৈ বাম মাটি আরু সমুদ্ৰৰ তলীখন যে খলা বমা এনে এটা কথা নে থাকিল হেতেন। চন্দ্ৰৰ আকৰ্ষণত এই দৰে সমুদ্ৰৰ কোনো ভাগৰ পানী এবাৰ বঢ়াক জোৱাৰ আরু আকৰ্যণ নহলে পানী বহি যোৱাক ভাটা বোলে; দুইকো। একেলগ কৰি ‘বেলা’ বোলে। জোৱাৰ হবৰ সময়ত এঠাইত পানী ওখ কৰিবৰ নিমিত্তে কাসৰৰ পৰা পানীৰ সোঁত আহে আরু ভাটা হলে তাৰ বিপৰীত ফাললৈ বয়। এই দৰে দিনটোত দুফা- ললৈ বেলাৰপৰা উৎপন্ন হোৱা সোঁতৰ দ্বাৰায় সমুদ্ৰ সঞ্চালিত হৈ থাকে।
মাহৰ সকলো দিনত বেলা সমানে ডাঙ্গৰ নহয়। পূৰ্ণিমা আরু আউঁসী তিথিত আন দিনতকৈ ডাঙ্গৰ হয় আরু অষ্টমী তিথিত সকলো দিনতকৈ সরু হয়। ইয়াৰ কাৰণ আছে; চন্দ্ৰৰ আকৰ্ষণে যেনেকৈ সমুদ্ৰত বেলা উৎপন্ন কৰে সেই দৰে সূৰ্য্যেও সমুদ্ৰত বেলা তোলে। কিন্তু সূৰ্য্যৰ পৰা উৎপন্ন হোৱা বেলা, চন্দ্ৰে উৎপন্ন কৰা বেলাতকৈ অনেক গুণে সরু। কাৰণ, যদিও চন্দ্ৰতকৈ সূৰ্য্য বহু গুণে ডাঙ্গৰ তথা পৃথিবীৰ পৰা চন্দ্ৰতকৈ সূৰ্য্য ৪৫৫ গুণে দূৰ হোৱা বাবে পৃথিবীৰ ওপৰত সূৰ্য্যৰ আকৰ্ষণ চন্দ্ৰৰ আকৰ্ষণতকৈ ৬ গুণ কম। অষ্টমী তিথিত চন্দ্ৰ আরু সূৰ্য্য, পৃথিবীৰ পক্ষে নৱম প্ৰতিকৃতিত দিয়া ভাৱত অৱস্থিতি কৰে। নৱম প্ৰতিকৃতিত চ চন্দ্ৰ, প পৃথিবী আরু কাঁড়টিএ সূৰ্য্য থকাৰ দিশ দেখুৱায়। চন্দ্ৰৰ আকৰ্ষণত যি দুটা