য়াবা সৌজীয়া হয়;. অনেক ওপৰত পানীৰ ফেণ-কণিকা বিলাক শুকুলা ৰূপৰ বা মুকুতাৰ বৰৈৰ দৰে জিলিকি পৰে। পানীৰ ধাৰ ইমান টান যে তাৰ ওপৰত শিল বা চপৰা পেলালে তল নগৈ বৰং বহুত ওপৰলৈ উফৰি যায়। কিছুমান বেলি এই দৰে ওপৰলৈ পানী উঠি পাছত নিবৃত্ত হয়। তেতিয়া কুণ্ডৰ পানী সমুলি শুকাই যায়; পাছত আকৌ পানী উঠি কুণ্ড ভৰি আগৰ দৰে স্থিৰ থাকে। এই কুণ্ডৰ পানী ইমান তপত যে ওচৰৰ মানুহে তাত মাংস সিজাই খায়। সিহঁতে এটা টৌত চেঁচা পানী দি তাত মাংস থয় আৰু সেই টো কুণ্ডৰ তপত পানীৰ ওপৰত ৰাখে। তাতেই মাংস সিজে আরু জুইৰ আবশ্যক নাই। ” কুণ্ডক বেঢ়ি থকা যিটো মাটিৰ ঢিপৰ কথা কোৱা হৈছে, সেই টিপ উৎসৰ পানীৰ লগত অহা চূণ আদি বস্তু পৰি উৎপন্ন হৈছে।
সেই দ্বীপতে ‘স্ক্ৰটৰ’ বা ‘খ’ নামে আন এটা তপত উৎস আছে। তাক জোকাবলৈ বৰ ভাল; কাৰণ তাৰ বৰ খঙ্গ। এনেকৈ তাৰ নিচেই শান্ত মূৰ্ত্তি; আছে নে নাই তাৰ উম-ঘামেই নাই। কিন্তু যদি কোনো মানুহে তাৰ মুখত চপৰা দলি কিছুমান পেলাই দিএ সেই চপৰা দলি তাৰ পেটত মহা অজিন হয়। তেতিয়া ভয়ঙ্কৰ রূপে তজ্জন গৰ্জ্জন আৰম্ভ কৰে। পাছত এবাৰ খঙ্গেৰে এটাই খিনি চপৰা দলিয়ে সৈতে ওপৰলৈ ৪০ ফুট ওখকৈ পানীৰ স্তম্ভ এটা পঠাই দিয়ে। কিছুমান বেলি পানীৰ সোঁত ওপৰলৈ বেগেৰে বৈ আরু দেখিবলৈ ফুল-জাৰীৰ নিছিনা হৈ পুনৰ শান্ত হয়। উত্তৰ আমেৰিকাৰ ৰকি পৰ্ব্বতৰ পূব পয়ৰাৰ পৰা ওলোৱা ইয়েলষ্টন নামেৰে মিচিচিপিৰ কৰতলীয়া নৈৰ জল-সত্ৰৰ যি গোটা দিয়ে গাইচৰ আছে সি আইচলেণ্ডৰ উৎস বিলাকতকৈও ডাঙ্গৰ আরু মনোহৰ।
সকলো উৎসৰ পৰা সমান পানী মুঠে; আয়ৰ্লণ্ডৰ হলি-ওয়েল নামেৰে উৎসৰ পৰা মিনিটত ৫০০ মোন পানী উঠে। দেখিলে