পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
প্ৰাকৃত-ভূগোল।

নেদেখা কৈয়ে বুঢ়া হৈ মৰি গৈছে। বৰষুণৰ পৰিবৰ্ত্তে তাত ডাঠ কৈ হিম পৰে। এই বিলাক দেশক “নিৰ্ব্বৰ্ষ” বা “বৰষুণ নোহোৱা” দেশ বোলে।

  একে সময়তে একে দেশৰে এফালে বাৰিষা, এফালে খৰালি হোৱাও আছে; দাক্ষিণাত্যৰ পশ্চিম পাৰ অৰ্থাৎ মালৱাৰ প্ৰদেশত নৈঋত্য মৌচুম বাতৰ সময়ত বাৰিষা হয়, কিন্তু তেতিয়া কৰমণ্ডল দেশত খৰালি হয়। কাৰণ পশ্চিম ঘাট পৰ্ব্বতত নৈঋত্য মৌচুম বাত প্ৰথমে লাগি তাৰ লগত অনা সৰহ খিনি ভাপ বৰষুণরূপে তাতে পৰে। ঐশানিক মৌচুমৰ সময়ত কৰমণ্ডল প্ৰদেশত বাৰিষা হয়। বঙ্গ উপসাগৰৰ পৰা সেই বতাহে ভাপ আনি প্ৰথমে সেই প্ৰদেশ পায় আরু তাতে সৰহ খিনি ঢালে। বতাহ স্বরূপ সোঁতৰ ভাটী ভাগত কৈ উজান ভাগত বেচি বৰষুণ পৰে। গতি-নিবন্ধ বাত উত্তৰ-পূৰ্ব্ব আৰু দক্ষিণ-পূৰ্ব্বৰ পৰা বয়; এই নিমিত্তে গতি- নিবন্ধ বাত মণ্ডলত থকা দেশ বিলাকৰ পশ্চিম ভাগতকৈ পূব ভাগত বেচি বৰষুণ পৰে। পাশ্চাত্য বায়ু পশ্চিমৰ পৰা বয় এই হেতু পাশ্চাত্য বায়ু-মণ্ডলত থকা দেশ বিলাকৰ পূব ভাগতকৈ পশ্চিম ভাগত বৰষুণ বেচি। পৃথিবীৰ সকলো ঠাইতকৈ আসাম দেশত বৰষুণ বেচি বুলি প্ৰসিদ্ধ আছে।

  কোন ঠাইত কিমান বৰষুণ পৰে তাক ঠিক কৰা এটা যন্ত্ৰ আছে। তাক বৃষ্টি-মান যন্ত্ৰ কয়। সাধাৰণতে সি এটা থিয় কৰিয়াৰ নিচিনা পাত্ৰ; তাৰ মুখ তলী সমান বহল; তাৰ গাৰ পৰা ওলোৱা সরু এটী আৰ্চিৰ নলী আছে; কৰিয়াটো বৰষুণত থলে তাৰ ভিতৰত যিমান ওপৰলৈ পানী উঠে নলীটোতো সিমান ওপৰলৈ উঠে; সেই নলীৰ গাতে এটা ইঞ্চিয়া স্কেল আছে। যাতে সহজে কৰিয়াটোৰ ভিতৰত বৰষুণৰ পানী ভাপ উঠি পানী নুশুকায় এনেকৈ সেই পাত্ৰৰ মুখত এটা ফণ্ডিল আকৃতিৰ সোপা আছে; তাৰ মুখে সেই কৰিয়াৰ মুখৰ