পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৃথিবীৰ আকৃতি পৰিমাণ ও সূৰ্য্যৰ সহিত সম্বন্ধ।

ধৰি ৰাখিব পৰা শক্তি নেপোৱা হল তেতিয়াই পৃথিবীএ আপোনাৰ আকৰ্ষণ শক্তি বলেৰে শেনিক পৰাজয় কৰি সেই ফলক টানি আনি নিজ শৰীৰত ৰাখে। এই আকৰ্ষণ শক্তিক মাধ্যাকৰ্ষণ শক্তি বোলে। এই শক্তিৰ নিমিত্তেই কোনো বস্তু পৃথিবীৰ পৰা এৰাব নোৱাৰে। কোনো বিপক্ষ শক্তি, যেনে জাঁপ দিয়া, ওপৰলৈ গুলীওয়া, ইত্যাদিৰ সহায়ত কোনো পদাৰ্থ অলপকালৰ নিমিত্তে এৰাব পাৰিলেও পৃথিবীৰ মাধ্যাকৰ্ষণে পুনৰ তাক পৃথিবীলৈ আনে। তাৰ কাৰণেই পৃথিবী যি দৰে ঘুৰক, যিমান বেগে ঘুৰক, তাৰ ওপৰত থকা বস্তু বিলাকৰ লৰচৰ নহয়; ঠিক যেনেকৈ লোহৰ গুৰি ওপৰত ৰাখি চুম্বক পাথৰ এডোখৰ ললে গুৰি বিলাক নিজ ঠাইৰ পৰা নলৰে। লোহৰ গজাল এটা চুম্বকত লাগি থাকিলে তাক এরুয়াবলৈ আরু এরুৱাই চুম্বকত নপৰাকৈ অতৰত ৰাখিবলৈ কিছু শক্তিৰ আৱশ্যক। সেইদৰে পৃথিবীৰ পৰা কোন বস্তু এরুৱাবলৈ আৰু তাৰ পৰা আত- ৰত ৰাখিবলৈ কিছু শক্তিৰ আৱশ্যক। এই কাৰণেই বস্তুৰ ভাৰ আছে; পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি নথকা হলে কেতিয়াও বস্তুৰ ভাৰ নহল হেতেন; চুম্বকৰ দৃষ্টান্ত দিয়াত তোমালোকে মনত নেভা বিৰা যে চুম্বকৰ আকৰ্ষণ আৰু পৃথিবীৰ মাধ্যাকৰ্ষণ॥ দুইও একে; চুম্বক পাথৰৰ আকৰ্ষণ যাক চৌম্বকাকৰ্ষণ বোলা হয় সি জাতীয় অৰ্থাৎ চুম্বক, নিকল, কবাল্‌ট, ক্ৰমিয়াম আদি গুটি দিয়েক পদাৰ্থত মাত্ৰ পোৱা যায়; আন বস্তুত দেখা নেযায়। কিন্তু মাধ্যাকৰ্ষণ শক্তি জাতীয় নহয়; ই বিশ্বজগতৰ সকলো বস্তুতে আছে আরু চুম্বক নিকল আদিৰ গাতত নিজ জাতীয় আকৰ্ষণ গুণৰ বাহিৰে মাধ্যাকৰ্ষণ শক্তি আছে।

  বিশ্ব জগতত যত গ্ৰহ, নক্ষত্ৰাদি পদাৰ্থ আছে সকলোতে এই আকৰ্ষণ শক্তি বৰ্ত্তমান আছে। পদাৰ্থ মাত্ৰতেই এই শক্তি বৰ্ত্তমান। এই আকৰ্ষণ শক্তিৰ ওপৰতেই গ্ৰহাদিৰ গতি নিৰ্ভৰ কৰে। পৃথিবী