পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সমুদ্ৰৰ সঞ্চালন।

তাৰ পৰা ২০° অংশলৈকে আৰু অন্য ফালে তাৰ পৰা ২০° অংশলৈকে যুৰি মহা প্ৰবাহ হৈ, স্থিৰ সমুদ্ৰ পাৰ হৈছে। কিন্তু আশিয়াৰ কঠিন পাৰ পাই আৰু তাৰ অগ্নিকোণে থকা অষ্ট্ৰেলিয়া আদি দ্বীপ শ্ৰেণীৰ প্ৰতিবন্ধকতা পাই কেবা সোঁতা হয়। তাৰে এসোতা জাপাল দ্বীপৰ পাৰে উলটি গৈ সেইএ আকৌ দোসোঁতা হৈ এঠাল বেহাৰিং প্ৰণালী ভেদ কৰি সুমেরু সমুদ্ৰত লয় পাইছে; আন ঠালে স্থিৰ সমুদ্ৰ ঘুৰি পাৰ হৈ, উত্তৰ আমেৰিকাৰ পাৰে পাৰে দক্ষিণ লৈ গৈ পুনৰ ঘাই সোঁতাতে পৰিছে। ঘাই নিৰক্ষ বৃত্তৰ সোঁতাৰে আন এসোঁতা বৰ্ণীও আরু অষ্ট্ৰেলিয়া দ্বীপৰ মাজেদি সৰকি ক্ষীণ কলেৱৰ হৈ, নিৰক্ষ বৃত্তৰ দক্ষিণে ভাৰত সমুদ্ৰ পাৰ হৈছে। কিন্তু মাডাগাস্কৰ দ্বীপ থকা গুণে অন্তৰতে দোসোঁতা হয়; এসোঁতা এই দ্বীপ আরু আফ্ৰিকা দুইৰো মাজে গৈ মজাম্বিক সোঁতা নাম লৈ, ই সোঁতা উত্তমাশা অন্তৰীপলৈ পোনাই গৈ দুইও তাতে আকৌ লগ লাগিছে। তাৰ পাছে উত্তমাশা অন্তৰীপেদি ঘূৰি আফিকাৰ পশ্চিম পাৰে পাৰে গৈ অগ্নিকোণী গতি-নিবন্ধ বতাহৰ পৰা নতুন বল পাই নিৰক্ষ বৃত্তৰ ওচৰেদি আটলান্টিক সমুদ্ৰ পাৰ হয়। কিন্তু ব্ৰেজীলৰ বঠিৰ মুৰৰ নিচিনা জোঙ্গা পাৰে পাই তাক দুভাগ কৰি এসোঁতাক তাৰ উত্তৰে আৰু আন সোঁতাক তাৰ দক্ষিণ পাৰে পঠাইছে। দক্ষিণৰ সোঁতাই পূৰ্ব্বে কৈ অহা হৰণ্‌ অন্তৰীপেদি ঘুৰা সোঁতাৰ ওভোতা সোঁতা পাই, উভতি আহি উত্তমাশা অন্তৰীপৰ দক্ষিণে, পাৰৰ পৰা কিছুমান অন্তৰেদি, অষ্ট্ৰেলিয়া পৰ্য্যন্ত পূবলৈ বৈ গৈ বৰ পকনীয়াৰ দৰে আকৌ নিৰক্ষ বৃত্তৰ সোঁতাত মিল হৈছে। এই হেতু এই সেতাক দক্ষিণৰ “যোৰ” সোঁতা কয়। ব্ৰেজীলৰ উত্তৰ পাৰে দি যোৱা সোঁতা কেৰিবিয়েন সাগৰে গৈ মেক্সিকো উপসাগৰ সোমাই তাৰ পাৰৰ ভাঁজে ভাঁজে গৈ “মোড়” সোঁতা নাম লৈ ফ্লৰিডা উপদ্বীপৰ দক্ষিণে ওলাই ইউনাইটেড্‌ষ্টেটৰ পাৰে