পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

টোও অন্ত পৰে। কেতিয়াবা যথাৰ্থতে পথুকে সেই মৰুভূমিৰ মাজত মনোহৰ সৰোবৰ আরু উদ্যান লগ পায়। বালিময় সমুদ্ৰত দ্বীপ স্বরূপ অঁততঁত বহু অন্তৰত সছা-সছী উদ্যান আরু অট্টালিকাৰে শোভিত উৰ্ব্বৰা ঠাই আছে। প্ৰায় মৰুভূমিৰ ডোবা যেন ঠাই বিলাকত এই বিলাক আশ্ৰম থাকে। ইয়াত হয়তো এটি মিঠা পানীৰ জান, উৎস, কুণ্ড বা মরু হ্ৰদ থাকি সেই ঠাই ডুখঁৰিক সজীব ৰাখে।

 পাঠক সকলে ওপৰত দিয়া এনে বিস্তীৰ্ণ সমথল দেখি আশ্চৰ্য্য় নহব। কাৰণ পাছৰ অধ্যায়ত কঁব লগীয়া পৃথিবীৰ অন্তৰৰ এক শক্তি নথকা হলে ওপৰত কৈ অহা পানীৰ ক্ষয়-কাৰ্য্যৰ নিমিত্তে সমুদয় পৃথিবী এনে সমান হল হেতেন আরু সেই হেতু ১॥ মাইল মান দ এনে এখন মহাসমুদ্ৰই গোটেই পৃথিবীকে ঢাকি থাকিল হেতেন। কিন্তু পৃথিবীৰ সেই আন্তৰিক শক্তিৰ নিমিত্তে কোনো ভাপ সমুদ্ৰৰ তলৰ পৰা উঠি বিস্তীৰ্ণ সমথল হৈ আছে কোনো ভাগ বা উঠোঁতে নানা ভাঁজ লৈ ওখ চাপৰ হৈ আছে। পূৰ্বে্ব যি বিলাক সমথলৰ কথা কৈ অহা হৈছে সেই বিলাক দ সমথল অৰ্থাৎ সমুদ্ৰৰ পৰা বহু ওখত থকা নহয়। সেই বিলাকৰ বাহিৰেও কোনো বিলাক সমথল আছে সমুদ্ৰৰ পৰা অনেক গুণে ওখ; কোনো খন সমথল পৰ্ব্বতৰ সমান ওখ ঠাইত আছে। এই বিলাকক অধিত্যকা বোলে। ইয়াৰ ভিতৰত আফ্ৰিকাৰ দক্ষিণাংশ, আৰবৰ পশ্চিমাংশ পাৰস্য, আফগানিস্থান, আরু আণ্টাই আরু হিমালয় শ্ৰেণীৰ মাজত থকা আশিয়াৰ এক অংশ পৰে। আৰব অধিত্যকা শিলাময় আরু বালিময়; আশিয়াৰ অধিত্যকাৰ মাজৰ ভাগো তদ্ৰূপ তাৰ উত্তৰৰ ভাগ গঁবি মরু নামে খ্যাত আছে। তিব্বত উপত্যকাৰ পশ্চিম ভাগ পৃথিবীৰ সকলো অধিত্যকাতকৈ ওখ আরু বাম; এই ঠাই জগতৰ মুধ।