পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
প্ৰাকৃত-ভুগোল।

কৰি ভাগ কৰিব পাৰি:—ভাৰতবৰ্ষ, আফ্ৰিকাৰ মধ্যদেশ, দক্ষিণ আমেৰিকাৰ উত্তৰ ভাগ, মধ্য আমেৰিকা আরু ভাৰতীয় দ্বীপপুঞ্জ। প্ৰতি প্ৰদেশে এক এক জাতি সুকীয়া জন্তু আছে, যাক আন ঠাইত দেখিবলৈ নাই যেনে ভাৰতবৰ্ষৰ ঢেকিয়া পতীয়া বাঘ, নিল্‌গা বা কৃষ্ণসাৰ, আফ্ৰিকাৰ অষ্ট্ৰীচ্‌, ভাৰতীয় দ্বীপ-পুঞ্জৰ উড়নীয়া লিম, বন মানুহ, আৰু দক্ষিণ আমেৰিকাৰ পরুৱা-খোৱা বা ভেম পায়াৰ বা তেজপীয়া বাদুলী আৰু আৰ্মোডিলো। এই বিলাক প্ৰদেশত একে বিধৰ জন্তু পালেও সিহতৰ অলপ নহয় অলপ লৰ আছে। আফ্ৰিকাৰ হাতীৰ কান দুখান ভাৰতবৰ্ষৰ বিলাকৰ কানতকৈ দুগুন মান ডাঙ্গৰ। আফিকাৰ চিম্পাঞ্জি ও বন মানুহ যিমান মানুহৰ সদৃশলৈ ওচৰ চাপে ভাৰতীয় দ্বীপ-পুঞ্জত থকা বিলাক তিমান নহয়। মাডাগাস্কাৰ দ্বীপত লিমৰ নামে এবিধ বান্দৰ আছে।

 প্ৰথমে একে ঠাইতে একেবিধ প্ৰাণী স্ৰজন হৈ পাছে নানা ঠাইলৈ গৈ নানা ঠাইৰ হাৱা-পানী সহ্য কৰিব লগাত নানা প্ৰকাৰ আকৃতিৰ হ’লনতু এবিধ এবিধ সুকীয়া প্ৰাণী দেশে দেশে স্ৰজন হৈছিল তাৰ একো নিশ্চয় আজিলকে হোৱা নাই। ডাউইন প্ৰভৃতিৰ মতে প্ৰথমে এবিধ প্ৰাণী আছিল তাৰ পৰাই ক্ৰমে ইবিলাকৰ উদ্ভৱ হল। কিন্তু বৰ্ত্তমান কালত যেনে দেখা যায় তাৰ পৰা ডাৰউইনৰ মত সম্পূৰ্ণ সত্য বুলিব নোৱাৰি। যদিও পোহনীয়া মেকুৰি হাবিৰ মাজত সোমাই বন-বোন্দা হব পাৰে আরু মুকলি অৱস্থাত থাকি ডাঙ্গৰ দীঘল হৈ চাগলি পোৱালী প্ৰভৃতি মাৰি খাব পৰাহয় আরু ভাৰতবৰ্ষৰ হাতী আফ্ৰিকালৈ গৈ যদিও তাৰ কান বৰ ডাঙ্গৰ হব পাৰে, তথাপি যি বিলাক দেশৰ হাৱা-পানী বহুত অমিল তেনে বিলাক দেশৰ জন্তু সলনা-সলনী কৰিলে মৰি যোৱা দেখা গৈছে। আফ্ৰিকাৰ উট আনি আসামত থলেহি দুমাহতে বেমাৰে ধৰি মৰি যাব। আমালোকৰ পহুও আফিকাৰ মরুভূমিত নিজীৱে।