পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পানীৰ রূপ ভেদ।

বোলা যায় সি সকলোতকৈ ওখত থাকে আরু দেখিবলৈ কমোৱা তুলা বা চুলিৰ নিচিনা; সেই নিমিত্তেই অলক নাম দিয়া হয়। অলক মেঘ থকা সিমান ওখৰ জাৰলৈ মন কৰিলে অনুমান হয়, অলক মেঘ বৰফৰ দৰে টান হোৱা কণিকা পানীৰ সমষ্টি; সেই কাৰণেই বৰফৰ দানাত দেখাৰ দৰে তাত মড়ল, কিৰীটাকৃতি, কাম চৰাই পাখিৰ বৰণাদি ৰঙ্গযুক্ত দৃশ্য বিলাক দেখা যায়। এই বিধ মেঘ ওলায়ে বতৰ সলনি হব বুলি জনা যায়।

  স্তুপ মেঘ বিলাক দেখিবলৈ ওপৰে ধুনীয়া আৰু তলী সমান, আকৃতি উঠি যোৱা ধোঁৱাৰ নিচিনা। কেতিয়াবা শুকুলা পৰ্ব্বত বিলাক থকাৰ দৰে থাকে। জাৰ কালিতকৈ জহ, কালি ইয়াক সৰহকৈ দেখা যায়। ৰাতিপুৱা ভাগত ওলায় আৰু সন্ধ্যা ভাগলৈ পমি নাইকিয়া হয়। কিন্তু নপমি যদি ক্ৰমে বাঢ়ি থাকে আরু ঘাইকৈ যদি তাৰ ওপৰত অলক মেঘ ওলায় তেন্তে বৰষুণ বা ধুমুহা হবৰ সম্ভব।

  স্তুপ মেঘ সূৰ্য্য অস্ত হোৱাৰ পাছত ওলায় আরু সূৰ্য্যোদয়ৰ সময়ত গুছে। ই তৰপে তৰপে সমান হৈ পথালি ভাৱে থাকে। ইয়াক ওপৰত কৈ অহা দুইও বিধতকৈ চাপৰত দেখি। ইয়াক শৰৎ কালত সৰহকৈ দেখা যায়; আরু ই বসন্তত প্ৰায় নাথাকে।

  বৰ্ষপদ মেঘ বা ডাৱৰ; যদিও কোনো ইয়াক মূল মেঘ বুলি ধৰে, ই যথাৰ্থ পক্ষে ওপৰৰ তিনিও বিধৰ যোগৰ পৰা উৎপন্ন হয়। ইহাৰ কোনো নিশ্চিত আকৃতি নাই অৱস্থামতে নানা আকৃতি লয়। ইয়াৰ বৰণ ভস্মৰ নিচিনা আরু কাসৰটো উঠা-নমা। দেখিবলৈ জুইৰ ধোঁৱাৰে সৈতে একে; ই এটাই বিধতকৈ তলত থাকে; মাটিৰ ওপৰৰ পৰা ১০০০|১৫০০ হাতৰ অন্তৰতে ধোৱাৰ দৰে কেতিয়াবা বেগে উড়ি যোৱা দেখি। প্ৰথমে উৎপন্ন হওতে এই মেঘৰ বৰণ ঘোৰ কৃষ্ণবৰ্ণ বা বেঙ্গুনীয়া ৰঙ থাকে; কিন্তু বৰষুণ রূপলৈ পৈণত