পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
প্ৰবাত বায়ু।

ফাললৈ আহিবলৈ ধৰে ক্ৰমে পৰ্ব্বত আচ্ছন্ন হয়। আরু কুঙলিৰ খণ্ড বিলাক পৰ্ব্বতেদি ওপৰলৈ বগাই গৈ থাকে। তলৰ পৰা এনে বোধ হয় যেন মেঘ বিলাকে পৰ্ব্বতত থাকিবলৈ বৰ ভাল পায়। এই স্থলত মেঘ বা কুঙলিৰ গতিয়েই বায়ৰ গতি।

 সাগৰৰ-বাকে আদি কৰি যি যি বতাহ কাল অনুসৰি এটা নিয়ম- লৈ আৰম্ভ আরু সমাপ্ত হয়, সেই বিলাক বতাহক সাময়িক বাত নাম দিব পাৰি। যি বতাহ বাৰেও কাল একেদিশে বৈ থাকে তাৰ নাম স্থিৰ বাত, আরু যাৰ কোনো দিশ নিৰূপিত নাই তাৰ নাম অস্থিৰ বাত।

  সাগৰৰ বা আরু পাৰৰ বা এই দুইৰ বাহিৰে আন আন সাময়িক বাত আছে তাৰ ভিতৰত প্ৰধান মৌচুম বাত। ইয়াৰ খেলোৱা স্থান বঙ্গ উপসাগৰ, আৰব সাগৰ, ভাৰতবৰ্ষ, চিন সাগৰ, অষ্ট্ৰেলিয়া আরু তাৰ উত্তৰে থকা স্থিৰ সমুদ্ৰৰ এক অংশ। দিন আরু ৰাতিৰে সৈতে সাগৰৰ বা আরু পাৰৰ বাৰ যি সম্পৰ্ক, জহ আরু জাৰ কালিৰ সৈতে মৌচুম বাতৰ সেই সম্পৰ্ক। অৰ্থাৎ জহ আরু জাৰ কালিৰ সময় অনুসৰি মৌচুম বাতৰ দিশ সলনি হয়। যেতিয়া বহাগ, জেঠ, আহাৰ, শাওন মাহত সূৰ্য্যৰ প্ৰখৰ কিৰণত পঞ্জাব, মধ্য ভাৰতবৰ্ষ, উত্তৰ-পশ্চিম প্ৰদেশ বৰ তপত হয়, তাৰ ওপৰত থকা বায়ু সেই তাপ সংবৰণ কৰি, পাতলহৈ ওপৰলৈ উঠে আরু ইয়াৰ ঠাই লবলৈ নিৰক্ষ বৃত্তৰ দক্ষিণফালে থকা সাগৰ আরু দ্বীপ বিলাকৰ ওপৰৰ অপেক্ষা- কৃত চেচা বায়ু, ভাগ উত্তৰলৈ হুহকি আহে এই দৰে বায়ুৰ যি সোঁত হয় তাক নৈৠত্য মৌচুম বাত কয়। দক্ষিণৰ পৰা অহা সাগৰৰ ভাপেৰে ভৰা বায়ু খিনিও পাছে ভাৰতবৰ্ষ পাই তপত হয় আরু সেই হেতু ওপৰলৈ উঠে। যেতিয়া আকাশৰ চেচা প্ৰদেশ পায় তেতিয়া আগৰ পৰিমাণে পানীৰ ভাপ ৰাখিবৰ নিমিত্তে অক্ষম হয় আরু সৰহ খিনি ভাপ বৰষুণ হৈ তললৈ পৰে; তাতে ভাৰতবৰ্ষত বাৰিষা কাল হয়। পৃথিবী-পৃষ্ঠ সাগৰৰ ওপৰ ভাগৰ নিচিনা সমতল হোৰা হেতেন বায়ুর