পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
প্ৰাকৃত-ভূগোল।

লাগি থকা বিলকে মাত্ৰ লাগিহে আছে বামৰ উদ্ভিজৰ দৰে সিপাই দি ৰস টানি বৃদ্ধি নাপায়। সিহতক বেঢ়ি থকা পানীৰ পৰাহে তাহতে তাহতৰ আহাৰ পায়। সিহতৰ বৰণ আরু, আকাৰ নানাবিধ। কিন্তু পিঙ্গল বা মহৰজীয়া বৰণেই ঘাই। সিহঁত শেলায়, কাঠ ফুলা ইত্যাদিৰ নিচিনা ফুল নধৰা সামান্য উদ্ভিজ্জ শ্ৰেণীৰ লগৰ। কোনো কোনো ঠাইত সোত নাই যেনে এজৰ্স দ্বীপৰ দক্ষিণে থকা আটলান্টিক সমুদ্ৰৰ এক অংশ; কিয়নো তাত বহু যোজনো যুৰি চাৰ্গচা নামে এবিধ সাগৰৰ বন পিতনীৰ দৰে আছে; এই বিলাক বনৰ মাজত অসংখ্য মাচ আরু সমুদ্ৰ-জন্তুএ বাস লয়; প্ৰথমতে দেখিলে অনুমান হয় যেন কোনো এখন হাবিহে তল গৈ বনৰ আগ বিলাক ওলাই আছে।

  যি নিমিত্তে ভূভাগ আন ঠাইত কৈ নিৰক্ষ বৃত্তৰ কাসৰলৈ তপত আরু তাৰ পৰা যিমান উত্তৰ বা দক্ষিণ হয় সিমান ক্ৰমে চেঁচা বুলি আগেয়ে কৈ অহা হৈছে, সেই একে কাৰণতেই সমুদ্ৰৰ পানীও নিৰক্ষ বৃত্তৰ কাসৰত সকলে অংশত কৈ তপত আরু তাৰ পৰা উত্তৰে দক্ষিণে যিমান আঁতৰ সিমান চেঁচা। বায়ু মণ্ডলৰো সেই ক্ৰম; কিন্তু যি স্থলত বায়ু মণ্ডল তললৈ ক্ৰমে বেচি তপত সমুদ্ৰৰ পানী ওপৰলৈ হে বেচি তপত; যিমান তললৈ যোৱা হয়। সিমান চেঁচা লাগে। তথাপি এই নিয়মৰ লঙ্ঘন মাজে সময়ে হব। মগ্ন গিৰিৰ প্ৰতিঘাত আদি নানা কাৰণত সমুদ্ৰ তল ভাগতো তপত পানীৰ সুতি পোৱা হয়। সেই দৰে বায়ু মণ্ডলৰ অনেক ওপৰত তপত বায়ুৰ তৰপ লগ পোৱা হৈছে। দক্ষিণ গোলাৰ্দ্ধৰ কোনো অক্ষাংশৰ ওপৰৰ পানীতকৈ উত্তৰ গোলাৰ্দ্ধৰ সমান অক্ষাংশৰ পানী তপত। পানীৰ এই এটা স্বাভাবিক ধৰ্ম্ম আছে যে ফাৰেনহিট তাপ মানৰ ৩৯.২° অপ পৰিমানত পানীৰ আকাৰ সৰ্ব্বাপেক্ষা সরু হয়। এই অংশৰ তাপতকৈ যিমান বেচি বা কম তাপ পায়