পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
প্ৰাকৃত-ভূগোল।

তাৰ দৰেই প্ৰায় উদ্ভীজ জীৱ শূন্য। ওখ পৰ্ব্বতৰ ওপৰত উঠিলে চাৰিও ফালৰ স্বভাৱ কেনে দেখি মণ্টবেঙ্ক আৰোহণ কৰা কথাৰ পৰা কিছু বুজা যাব পাৰে। তলত আন এটা পৰ্ব্বতাৰোহণৰ বিষয়ে যি লিখা হৈছে তাৰ পৰা কিছু বিশেষকৈ জনা হব।

 জনচেৰেক ইংৰাজে প্ৰমাণ কৰিবৰ অৰ্থে টেনেৰিফ পৰ্ব্বত আৰোহণ কৰিছিল। তেওঁবিলাকে এক মাইল মান উঠি এড়োখৰ ঘন ফুঙলিৰ মাজত সোমাল গৈ; তেতিয়া তেওঁবিলাকৰ কাপোৰ কানি সেমেকিল কিন্তু সেই কুঙলি ক্ষণ-স্থায়ী। কুঙলি গলত ৰঁদ পালে। তাৰ পাছত আকৌ কুঙলিএ ছাটিলে; দ্বিতীয় বাৰ আকৌ ৰঁদ। এই দৰে ভয়ানক ধুমুহাৰ লগত কুঙলিৰ মাজে মাজে ৰঁদ পাইছিল, ডাৱৰেই ইখনৰ পাছত সিখন অলপ সময়ৰ অন্তৰে অন্তৰে বতাহত উড়ি গৈ কুঙলি যেন লাগিছিল। এইরূপে কুঙলিৰ আরু ৰঁদৰ পৰিবৰ্ত্তন পাই পোৱা মাইল মান উঠিল। তাৰ পাছত ডাৱৰ তলত ৰঁল। যেতিয়া পৰ্ব্বতৰ শিখৰ পালে তাৰ পৰা চাই দেখে যে পৃথিবী সম্পূৰ্ণে অদৃশ্য; তাৰ পৰিবৰ্ত্তে এক বিস্তীৰ্ণ অপাৰ তৰঙ্গ পূৰ্ণ শুকুলা সমুদ্ৰ আছে; তাৰ ওপৰত অকল-সৰীয়া হৈ তেওঁ বিলাক থকা পৰ্ব্বতৰ শিখৰ থিয় হৈ ওলাই আছে। পূৰ্ব্বে যি পৃথিবীৰ কোলাহল শুনিবলৈ পাইছিল এতিয়া সি সম্পূৰ্ণ নিস্তব্ধ যেন বোধ হল। আগৰ দৰে তেও বিলাক এতিয়া কুঙলিৰে সৈতে আচ্ছন্ন হোৱা নাই কিন্তু প্ৰখৰ ৰৌদ্ৰ কিৰণ আরু নিৰ্ম্মল আকাশ পাই তেওঁ বিলাকৰ মন প্ৰফুল্ল হঁল। শৰীৰৰ যি অংশত ৰঁদ পৰিছিল তাত অত্যন্ত রূপে ৰঁদে ধৰিছিল কিন্তু যি ভাগ ছাঁত আছিল তাত ভয়ানক জাৰ লাগিছিল। এই শিখৰ ১২,২৩৬ ফুট বা ২। ০ মাইলতকৈও অলপ ওখ। তলত যি শুকুলা সমুদ্ৰ তেওঁবিলাকে দেখা পাইছিল সি ধোঁৱাময় ডাৱ- ৰৰে বা মেঘেৰে আচ্ছন্ন হোৱা আকাশ; পৰ্ব্বতৰ মেঘ থকা ওখ ঠাই পাওতে ধনচেৰেক মেঘ দেখা পাইছিল; অলপৰ পাছত