পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
প্ৰাকৃত-ভূগোল।

পানী হোৱাত দেখা যায় আরু বগা হয়। এই ক্ষুদ্ৰ কণিকা- কণিকা পানীৰ সমষ্টিকে মানুহে কুঙলি কয়। মেঘ বা ডাৱৰৰ উৎপত্তিও তদ্ৰূপ; মাত্ৰ সেইয়ে বায়ু মণ্ডলৰ ওপৰ ভাগত বা আকাশত হয়। সূৰ্য্যৰ তাপ সাগৰৰ পানীত পৰি প্ৰথমে পানীক তপত কৰে আরু কিছু ম ন ভাপ রূপলৈ পৰিবৰ্ত্তন কৰে। বাযুও তপত পানীৰ সংসৰ্গত তপত হৈ যথাসাধ্য ভাপ গ্ৰহণ কৰে। তপত হৈ বায়ু পাতল হোৱাত কুহিলা গানীৰ তলৰ পৰা ওপৰলৈ ওপঙ্গি অহাৰ দৰে বায়ুও ওপঙ্গি ওপৰলৈ উঠি যায়। কিন্তু পূৰ্ব্বে কোৱা হৈছে যে বায়ু মণ্ডলৰ ওপৰখন বৰ চেচা। ভাপেৰে প্ৰায় পূৰ্ণসিক্ত হোৱা তপত বায়ু সেই চেচা প্ৰদেশ পালে নিজে চেচা হয় আরু পূৰ্ব্বৰ সমানে ভাপ ৰাখিবলৈ অক্ষম হোৱাত কিছু মান ভাপ কণিকা পানী হয়। এই কণিকা-কণিকা পানীৰ সমষ্টিকে মেঘ কয়। ওপৰত বৰ্ণোৱা কণিকা-কণিকা পানী হয়, এই পৰীক্ষালৈ মন কৰিলে দেখা যাব যে প্ৰথমতে পাত্ৰৰ ওপৰ ভাগ অলপ বগা হয়; তাৰ পাছত তাত কোনো বিন্দু-বিন্দু বস্তু থকা যেন দেখি; কিছু সময়ৰ পাছত পানীৰ কণিকা বুলি চিনিব পাৰি; ভালে মান সময়ৰ পাছত হে পানীৰ টোপা বিলাক গোট খাই পানী ববলৈ ধৰে। এই স্থলত বগা বৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পানী কণিকাৰ সমষ্টিক মেঘৰ প্ৰতিরূপ বুলিলে অত্যুক্তি নহয়; আরু শুকুলা মেঘৰ পৰা কি রূপেনো ডাৱৰ আৰু তাৰ পৰা বৰষুণ হয় তাৰ সরু দৃষ্টান্ত এটি ইয়াতেই পোৱা যায়। অতি চেচা বায়ু এতৰপৰ মাজে দি আহিবলৈ পালে বৰষুণৰ পানী গোট মাৰি কঠিন বৰফ হয়। আরু তাকে বৰষুণৰ শিল বোলে। মেঘ নাইকিয়া পৰিষ্কাৰ ৰাতিত পৃথিবীৰ পৰা তাপ বাহিৰ হৈ যোত গছ বনৰ পাত অত্যন্ত চেচা হয় সেই কাৰণে সেই পাত বিলাকৰ ওচৰত যি ভাপ থাকে সি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা পানী হৈ পাতৰ ওপৰত ৰয়; এই বিলাক পানী কণি-