পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
প্ৰাকৃত-ভূগোল।

কোণত থকা ফণ্ডি উপসাগৰত যি জোৱাৰ হয় সি অতি ভয়ানক আৰু আচৰিত ভাটাৰ সময়ত কেবা মাইল দূৰলকে সাগৰৰ তলী ওলায় থাকে। কিন্তু যেতিয়া জোৱাৰ আহে ৩০ মাইল যান দূৰৰ পৰা ভয়ঙ্কৰ শব্দ কৰি, কেতিয়াবা ১০০|১২০ ফুট পৰিমিত ওখ হৈ এটা বৰ ঢৌ গড়াৰ ফাললৈ লৰি অহা দেখা যায় আৰু কোনো সময়ত পাৰত চৰি থকা জন্তু বিলাকক আহি সেই ঢৌএ সামৰি লয়। এই দৃশ্য নতুনকৈ দেখা মানুহৰ মনত পৃথিবীৰ যেন প্ৰলয়ৰ প্লাবন কাল উপস্থিত হল হি এনে বোধ হয়। চতুৰ্থ, দ পানীৰ পৰা তৰাঙ্গ পানীলৈ ঢৌ আহিলে যেনেকৈ তাৰ বেগ কমে আরু ওখ হয় সেই দৰে বেলাৰো বেগ কমে আরু ওখ হয়। দক্ষিণৰ পৰা বেলা উজাই আহোতে যদি বাটত চট বা তৰাঙ্গ পানী পায় তেন্তে জোৱাৰৰ সন্মুখ ভাগৰ বেগ কম হোৱাত পাছৰ ভাগে আহি তাৰ লগ লয়; আৰু যেনেকৈ ধেনু এখনৰ মুৰ দুটা বেচিকৈ চপালে ধেনুখনো বেচিকৈ ফিক খাই পৰে, ঠিক সেই দৰে পানী সঙ্কুচিত হোৱাত বৰ ওখ হৈ পৰে।

  যদিও ওপৰত লিখা তিনি বিধেই সমুদ্ৰ সঞ্চালিত হোৱাৰ ঘাই কারণ তথাচ আরু যি এবিধ কাৰণ আছে তাক ক্ষুদ্ৰ বুলি এৰি যাব নোৱাৰি। সেইবিধ সাগৰৰ চাক-নৈয়া। ইটালিৰে আৰু চিচিলিৰে মাজত ছেৰিবডিছ নামেৰে, আৰু নৰওয়েৰ উত্তৰে, পাৰৰ পৰা কিছু আঁতৰত, মেলষ্ট্ৰম নামেৰে, দুটা সাগৰৰ চাকনৈয়া আছে। চাক-নৈয়াত পানী ঘুৰি থাকে আৰু তাত কোনো বস্তু পৰিলে তাক তৎক্ষণাৎ তললৈ সুমাই নি বহুত দূৰত উলিয়াই দিএ। মেলষ্ট্ৰম চাকনৈয়া বৰ ভয়ানক; তাৰ ব্যাস তেৰ মাইলতকৈও বেচি হব আরু তাৰ বৌ-নৌৱনি ৭|৮ মাইলৰ পৰা শুনা যায়।

⸻⸻