পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম প্ৰকৰণ।

উদ্ভিজ আরু প্ৰাণীৰ ভেদাভেদ।
একাদশ অধ্যায়।

দেশভেদে উদ্ভিজ ভেদ।

পৰত দেখুৱা হৈছে যে ভূমি আরু সমুদ্ৰৰ ভাগ অসমান; সূৰ্য্যৰ তাপ পৃথিবীৰ সকলো অংশতে সমানরূপে নপৰে বুলিও কোৱা হৈছে; সামুদ্ৰিক আৰু বায়বিক সোঁত ভিন্ন ভিন্ন খণ্ডত ভিন্ন ভিন্ন প্ৰকাৰে বৈ আছে বুলিও কোৱা হৈছে; ইয়াৰ পৰা সহজেই বুজিব পাৰি যে তেনে বিলাক ভিন্ন অৱস্থাপন্ন দেশত আরু সমুদ্ৰত থকা উদ্ভিজ আরু প্ৰাণী বিলাকে বিভিন্ন হব। ইহঁতৰ বিভিন্নতাৰ প্ৰধান কাৰণ তাপ আরু ৰসৰ বিভিন্নতা। ৰস শব্দে পানী আরু মাটিৰ ৰস বা মাটিত মিহলি হৈ থকা পানী বুজায়; হাৱা-পানী শব্দই প্ৰধানকৈ এই দুটাকে বুজায়। হাৱা অৰ্থ তপত বা চেঁচা বায়ু। হাৱা- পানীৰ দ্বাৰায় দেশ বিশেষে উদ্ভিজ পৃথক্ হয়, আরু সেই উদ্ভিজ খাই প্ৰাণ ধাৰণ কৰা গতিকে প্ৰাণী বিলাকৰ পাৰ্থক্য হয়। যদিও মাংস-জীবী প্ৰাণী বিলাকে সকলো ঠাইতে আহাৰ পাই আরু সিহঁতৰ বিচৰণ ঠাই বহুত বহল তথাপি জাৰ বা জহভয় কৰি কোনো নিৰ্দ্দিষ্ট সীমা পাৰ নহয়। কেবল মানুহেই একমাত্ৰ প্ৰাণী, যি পৃথিবীৰ সকলো অংশলকে যাব পাৰে, সকলো অংশতে আহাৰ পায়, সকলে অংশৰ হাৱা-পানী সহ্য কৰিব পাৰে;