পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
দেশভেদে উদ্ভিজ ভেদ।


ৰঘুমলা থাকি ঘোৰ বাৰনি হাবি কৰি থৈছে। এই মণ্ডল বিলাকৰ কোনোএটিও পোন বা নিৰক্ষ বৃওৰ সমান্তৰাল বুলি ভাবিব নালাগে। বৰং ইহঁত মরু-মণ্ডল দুটাৰ সমান্তৰাল হৈ আছে। গোবি মরু আরু ৰাজপুতনাৰ মরু উত্তৰলৈ হুহঁকি আছে বুলি নৈৰক্ষিক ঘন মহাৰণ্য-মণ্ডল দক্ষিণাত্য আরু আসাম দেশৰ ওপৰে দি গৈছে। নিচেই উত্তৰ আরু দক্ষিণৰ তৃণ-ক্ষেত্ৰ-মণ্ডল দুটাৰ পৰা ওলাই তাৰ সিফালে দুটা সমাৰণ্য-মণ্ডল পোৱা যায়। নিৰক্ষ-বৃত্তৰ . পৰা অনেক আঁতৰ হোৱা বাবে চেঁচা ঠাইত বৃদ্ধি হব পৰা গছেৰে এই দুই মণ্ডল সমাকীৰ্ণ; যেনে উইলঁ, ফাৰ, দেবদারু, বৰ্চ, এস্পেন, থরু, ৰিচ্‌ ইত্যাদি। এই ঘন হাবিএ পূৰ্ব্ব গোলাৰ্ধৰ সমুদায় উত্তৰাংশ, স্কেণ্ডেনেভীয়াৰ পৰা কামস্কটকা পৰ্য্যন্ত প্ৰায় অখণ্ড হৈ জুৰি আছে আরু পশ্চিম গোলাৰ্দ্ধত বেহাৰিং প্ৰণালীৰ পৰা এলেঘেনি পৰ্য্যন্ত বিস্তৃত। পূব্ব গোলাৰ্দ্ধত তাৰ উত্তৰ সীমা ৬৩° অক্ষাংশৰ ওচৰে টনা এটি বক্ৰ ৰেখা আৰু পশ্চিম গোলাৰ্দ্ধত গ্ৰেট বেয়াৰ হ্ৰদ, গ্ৰেট স্নেভ হ্ৰদ প্ৰভৃতি কানাডা পৰ্য্যন্ত হ্ৰদ শাৰি এই হাবিৰ লগৰে; কিন্তু তাৰ পৰা নিলগত সরু অৰণ্য খণ্ড বিলাক পশ্চিম ইউৰোপৰ পৰ্ব্বত বিলাক আরু কাকশ্যস্‌ পৰ্ব্বত, আশিয়া মাইনৰ, পশ্চিম পাৰস্য প্ৰভৃতিৰ পৰ্ব্বত বিলাকৰ পয়ৰাতো পোৱা যায়। এই হাবিৰ অনুরূপ দক্ষিণ গোলাৰ্দ্ধত থকা টেচ্‌মেনীয়া, নবজিলেণ্ড, আরু অষ্ট্ৰেলিয়াৰ কাসৰত থকা পৰ্ব্বত, শ্ৰেণীৰ পূৱ পয়ৰাত আরু দক্ষিণ এণ্ডিচৰ ওপৰত, মেগেলেন প্ৰণালী পৰ্য্যন্ত ডাঠ হাবি আছে। এই দুই মণ্ডলৰ হাবি কাঠনি কিন্তু আমালোকৰ দেশৰ নিচিনা ঝাৰনি নহয়; তাৰ তলে তলে বেচ সুরুঙ্গা আছে আরু তল খন প্ৰায় টকলা। জাৰ কালিৰ আৰম্ভতে পাত সৰি গোটেই খন হাবি দেখিবলৈ জেঙ্গনিৰ দৰে হয় আরু পাছলৈ তুষাৰ পৰি শুকুলা হয়; কেৱল পাইন বা দেবদারু গছ বিলাক মাত্ৰ সৌজীয়া হৈ থাকে।