পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
দেশভেদে প্ৰাণী ভেদ।

ৰাখিব নোৱাৰিলে। আসাম দেশত আহোম বংশে হিন্দু আরু মুচলমান দুইকো হরুৱাইছিল।

  ৩। আফৰিক বৰ্ণ। ইহঁতৰ মুৰ কৃশ; দুই কাসে হেচা মৰা, কপাল বৰকৈ উঠা, গালৰ টিকনা ওলোৱা, চেপেটা নকা, দাতৰ হাৰ দীঘল, ওপৰৰ পাৰিৰ আগ দাঁত বাহিৰলৈ ওলোৱা; মুখখন বাহিৰলৈ ওলোৱা; গা কঁলা, চুলি কঁলা, মেৰ ছাগলিৰ নোমৰ নিচিনা কোমল আরু কেকোঁৰা। আবিচীনীয়া আরু সাহাৰাৰ পৰা সমুদায় দক্ষিণ আফ্ৰিকাৰ মানুহ বিলাক আরু নব-গিনি প্ৰভৃতি দ্বীপৰ মানুহ বিলাক এই শ্ৰেণীৰ ভিতৰৰ। ইহঁত বিদ্যা-বুদ্ধিত সম্পূৰ্ণে অপটু আরু সুচলে সভ্য হৈ থাকিবও নাজানে।

  ৪। মালয়ীন বৰ্ণ। ইহঁতৰ তালুৰ ফাললৈ মুৰ ঠেক, কপাল উঠা অৰ্থাৎ কাণৰ ফাললৈ পৰা, গালৰ টিকা ওখ নহয়, মুখ আফৰিক বৰ্ণত কৈ ঠেক, নাক ডাঠ, চুলি কঁলা, সৰহ আরু ঢৌ-কটা, বৰণ ইটা-গুৰিয়া। মালয় উপদ্বীপৰ মানুহ, মাডাগাস্কাৰ দ্বীপৰ মানুহ, ভাৰতীয় দ্বীপপুঞ্জৰ মানুহ, অষ্ট্ৰেলিয়া প্ৰভৃতি দক্ষিণ স্থিৰ সমুদ্ৰৰ দ্বীপ বিলাকৰ মানুহ, এই শ্ৰেণীৰ ভিতৰত পৰে। মালয় উপদ্বীপৰ মানুহৰ বাহিৰে বাকি বিলাক সম্পূৰ্ণে অসভ্য।

  ৫। আমেৰিক বৰ্ণ। ইহঁত অনেক লক্ষণত মৌগল বৰ্ণৰ নিচিনা; কিন্তু ইহঁত তাম বৰনীয়া, গালৰ টিকনা সিমান উঠা নহয়; চকু দত, নাক উঠা অথচ চেপেটা দাৰি আরু গোফ নাই, চুলি মৌগল বৰ্ণৰ মানুহৰ দৰেই। নতুনকৈ বসতি কৰা ইউৰোপৰ আরু আফ্ৰিকাৰ মানুহৰ বাহিৰে আরু মেরু-বৃত্তৰ উত্তৰত থকা এক্‌স্কুইম্‌ বিলাকৰ বাহিৰে আমেৰিকাৰ এটাই বিলাক মানুহ এই শ্ৰেণীৰ ভিতৰ। ইহঁতৰ সৰহ ভাগে মৃগয়া কৰি প্ৰাণ ধাৰণ কৰে।

ইহঁতৰ ভিতৰৰ মেকচিকঁৰ মানুহ আরু পিরুৰ মানুহ বিলাক সুসভ্য।

১৫