পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
প্ৰাকৃত-ভূগোলৰ

জাৰলঠা—(Deciduous) যি বিলাক গছ জাৰ কালি লঠা হয়।
জিমচম—(Gypsum) ইহাৰ পৰা চূণ শিলৰ নিচিনা পেৰি প্লাষ্টৰ
 নামে এবিধ কড়াল তৈয়াৰ হয়। ইয়াক সাঁচ
 তুলিবৰ নিমিত্তে ঘাইকৈ লাগে। ই দেখিবলৈ
 তুতিয়াৰ নিচিনা।
জিৰাফ⸺ (Giraffe) দক্ষিণ আফ্ৰিকাত থকা দীঘল দিঙ্গীয়া; এবিধ
 জন্তু ইয়াৰ আগ ঠেঙ্গ পাছ ঠেঙ্গতকৈ প্ৰায় দুগুণ
 ওখ। মুৰ থিয় কৰিলে ১২হাত পৰিমিত ওখ হয়; এই
 নিমিত্তে সরু সুৰা হাবিৰ ওপৰে তাৰ মুৰ দেখিবলৈ
 পোৱা যায়, গাটো নাহৰ ফুটুকিয়া বাঘৰ দৰে ফুটুকা-
 ফুটুকি।
জেব্ৰা——— (Zebra) ঢেকিয়া-পতীয়া আঁক খকা এবিধ ঘোৰাৰ
 লগৰ জন্তু।
জোৱাৰ—( Flow of tide) ৬০ পৃষ্ঠা চাবা।
জোৱাৰ-গড়ীলা—(Bore) ৬৩ পৃষ্ঠা চাবা।
টৌকেন—(Taucan) এই শ্ৰেণীৰ চৰাইৰ ঠোঁট বৰ দীঘল প্ৰায়
 গাটোৰ সমান দীঘল হব। ইহঁতৰ জিবাৰ আগত
 নোমৰ নিচিনা সরু সরু পাখী আছে।
ঠেক—(Gorge) দুই গড়াৰ মাজৰ ঠেক ঠাই। ৮৯ পৃষ্ঠা চাবা।
ডুবাৰি—(Divers) পানী কাউৰি প্ৰভৃতি যে বিলাক চৰাইএ
 পানীত এঠাইত বুৰ মাৰি আন ঠাইত ওলাই গৈ
 আরু সেই দৰে বুৰ মাৰি মাচ ধৰে।
তৰোৱালী—(Sword fish) এই মাছৰ মুখ খন তৰোৱালৰ নিচিনা।
ত্ৰিকোণ—মণ্ডল(Delta) ৯০ পৃষ্ঠা চাবা।
তুফান—(Typhoon) ৪০ পৃষ্ঠা চাবা।
তুষাৰ—(Snow) ৬৫ পৃষ্ঠা চাবা।