পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭২
প্ৰাকৃত-ভুগোল।

কুঙলি উৎপন্ন হয়। কাৰণ আগেয়ে পূৰ্ণসিক্ত থকা বাবে মাটিৰ পৰা যিমান ভাপ ওলায়, সকলো পানী-কণিকা হয়। নৈৰ ওপৰত বা পাৰত কুঙলি বেচিকৈ দেখা যায়, কাৰণ ৰ পৰা ভাপ বেচি পৰিমাণে উঠে।

  হিমালয় পৰ্ব্বতৰ শৃঙ্গ বিলাকত আরু কাশ্মীৰ, তিব্বত, ইংলণ্ড ইত্যাদি উত্তৰৰ দেশ বিলাকত জাৰ কালি ওপৰৰ পৰা তুলাৰ নিচিনা শুকুলা আরু কোমল এবিধ ঘন পানী পৰে। চত মহীয়া তুলা সৰিবৰ সময়ত সিমলু গছনিৰ তললৈ গলে ইয়াৰ কিছু ভাৱ পোৱা হয়। এই ঘন পানীৰ টোপা বিলাকসিমলু তুলাৰ দৰে লাহে লাহে নামি আহি ঘৰ, চোতাল, বননি, গছনি, খাল, বাম সকলোকে ঢাকি শুকুলা কৰে, কিন্তু সেইয়ে ঘণকৈ আরু কণ-কণকৈ সোপা-সোপে পৰে। এই দৰে কেবা দিনো ৰাতিপুৱা আরু ৰাতি এই তুলা সদৃশ পানী বৰষি অন্তত খাল বাম সমান কৰে। ধূনা-তুলা, উড়ি যোৱাৰ দৰে বাতাহত কেতিয়াবা দমে দমে এঠাইৰ পৰা আন ঠাইলৈ উড়ি যায় আরু এনে এটা দম যদি উড়ি গৈ কোনো দুৰ্ভগীয়া পথুকৰ ওপৰত পৰে তেন্তে তেওঁ প্ৰাণলৈ আশা এৰি দিএ। কেতিয়াবা দুখীয়া মানুহৰ পঁজা ঘৰ এনেকুৱা দমৰ তলত পৰি পোত যায়। বাটত গাড়ি ঘোড়া মানুহ যাবৰ নিমিত্তে মহা সঙ্কট হয়; পলশত লাগি থকাৰ দৰে এই বিলাকে কেতিয়াবা শুকুলা পানীৰ পলশত লাগি প্ৰাণ হেরুয়াই। কোনো কোনো নগৰত ৰাতি-পুৱা ইয়াক বাটৰ পৰা গুচাবলৈ মানুহ নিয়োজিত থাকে। কিন্তু প্ৰায় অহা যোৱা বাটত গছকত টান মাৰি সুন্দৰ শিলাময় পথ এটি হয়, আরু তাৰ ওপৰে চকা নোহাৱা এবিধ শকটত মানুহ উঠি কুকুৰৰ হতুৱাই ঘোড়াৰ বেগেৰে টনাই যায়।

  সিমলু তুলাৰ নিচিনা আকাশৰ পৰা নামি অহা ঘন পানীকে তুষাৰ কয়। পৃথিবীৰ পৰা উঠি যোৱা ভাপ বিলাক হঠাৎ বৰকৈ চেঁচা