পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
প্ৰাকৃত ভুগোলৰ

আৰ্মেডিল'—(Armadillo) এই জন্তু দেখিবলৈ কাচৰ নিচিনা কিন্তু কাচৰ দৰে ডিঙ্গি কোচাব নোৱাৰে আরু সি সাপৰ মাহিৰ দৰে ভয় খালে মেৰ খাই টোপোলা বান্ধিব পাৰে। ইয়াৰ গাত নাকৰ পৰা নেজল'কে টান চোকো ৰাৰ কৱচ এটা আছে। ই এবিধ পরুৱা-খোৱা।
উটা বৰফ—(Ice-berg) সাগৰত উটি যোৱা, ডাঙ্গৰ বৰফৰ খণ্ড। ৮০পৃঃ
উড়নীযা-লিমৰ—(Flying limur) এই বিধ লিমৰৰ আগ ভৰিৰে আরু পাছ ভৰিৰে মাজত দুকাসে দুখন বাদু আছে। সেই বাদুৰ সাহায্যত সি বহুত দূৰল'কে জাপ মাৰিলে উড়া যেন দেখি।
উৎপাত—(Eruption) ওপৰলৈ উৎক্ষিপ্ত হোৱা।
উষ্ণ-মণ্ডল—(Torrid Zone) পৃথিবীৰ যি ভাগ দুই ক্ৰান্তিৰ মাজত আছে তাৰ নাম উষ্ণ-মণ্ডল।
এলবেট্ৰচ্‌ চৰাই—(Albatross) ই বৰ ডাঙ্গৰ চৰাই, দুই ডৌকাৰ ইমুৰৰ পৰা সিমুৰলৈ পথালিয়ে জুখিলে ১৫ ফুট হয়। উত্তৰ আরু দক্ষিণ সমুদ্ৰত ইয়াক দেখা যায়।
এলেহুৱা—(Sloth) শ্লথ চাবা
কৰ্কট-ক্ৰান্তি—(Tropic of Cancer) মকৰ-ক্ৰান্তি চাবা।
কৰতমুখী—(Saw fish) এই বিধ মাছৰ ঠোঁটটো ককিলা মাছৰ মুখৰ নিচিনা আৰু ঠোঁটৰ বাহিৰত কৰতৰ দাঁতৰ নিচিনা কাঁইট আছে।
কাঙ্গাৰু—(Kangaroo) এবিধ জোলোঙ্গা থকা জন্তু, অৰ্থাৎ তাৰ তল পেটৰ ওপৰত এটা জোলোঙ্গা আছে। সরু সরু পোয়ালি বিলাকক জনম হোৱাৰ পাছতে সেই জোলোঙ্গাত মাকে ভৰাই থয় আৰু তাতে থাকি সিহঁতে মাকৰ পিয়াহ খাই ডাঙ্গাৰ হলে পাছত ওলায়