পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
1১২৬
প্ৰাকৃত-ভূগোল।

২৩০ হাত দকৈ এটা গাঁত খনা গৈছিল। ওপৰতে কিছুমান পলশুৱা আলটীয়া মাটি আৰু বালি পোৱা গল; ২০ হাতৰ তলত বোদ * মাটি, ৰঙ্গা বৰণৰ কাঠ আকি এড়োখৰ হাৰ ওলাইছিল। প্ৰসিদ্ধ উদ্ভিদ- বেত্তা শ্ৰীযুক্ত ওয়ালিক চাহাবৰ মতে কাঠ ডোখৰ সুন্দৰী কাঠ। ২৪০ হাতৰ দত দুডোখৰ কাচৰ চলঙ্গ পোৱা গৈছিল। ২৫৩ হাত দত শামুকেৰে মিহলি এতৰপ চূণ মাটি আছিল। তাৰ তলতে আকৌ বেদ মাটি আৰু তাৰ পাছত নাগ মাটি ওলাইছিল। ইয়াৰ পাছত ৩১২ হাত দলঁকে এতৰপ ডাঠ কঙ্কৰ আরু তাৰ তলত আকৌ কাঠ পোৱা হয়। ইয়াৰ পৰা জনা যায় যে এসময়ত যি ডোখৰ মহাৰণ্য আছিল সি কিবা গতিকে বহি গৈ, তাৰ ওপৰত সমুদ্ৰ হল। কিন্তু সমুদ্ৰ ক্ৰমে গঙ্গা আৰু ব্ৰহ্মপুত্ৰই অনা মাটিৰে পোত যোৱাত সমুদ্ৰ গুচি বাম মাটি হৈ তাত এক মহাৰণ্য হল। সেই মহা- ৰণ্য পুনৰ বহি গল। এই দৰে ঘটনা হোৱাত এতিয়া এতৰপ বোদ মাটি আৰু এতৰপ নাগমাটি আক প্ৰত্যেকৰ ওপৰত তৰপ চেৰেক কঙ্কৰ, চূণ-মাটি বালি, শামুক ৰৈ থকা দেখিবলৈ পোৱা হৈছে। মানুহৰ স্মৰণ থকা কালৰ ভিতৰতে এনে পৰিবৰ্ত্তন হৈ গৈছে। সমুদায় ব্ৰহ্মপুত্ৰ আৰু গঙ্গা নদীৰ ত্ৰিকোণমণ্ডল এক সাগৰ আছিল। “সুখ সাগৰ (শুষ্ক সাগৰ) চাকদ ( চক্ৰ দ্বীপ বা চক্ৰাকাৰ দহ) নদীয়া (নৱদ্বীপ) অগ্ৰদ্বীপ; ডুমুৰদহ, নলদী (নলদ্বীপ) নল- ডাঙ্গা, গোযাখাল প্ৰভৃতি গাওঁ বিলাকৰ নামৰ পৰা এই কথাৰ প্ৰমাণ পাব পাৰি। ভূমিৰ যি পৰিবৰ্ত্তনৰ কথা কোৱা হৈছে সি একে বেলিএই হঠাৎ হব পাৰে নতু লাহে লাহেও ঘটিব পাৰে। আরু আগৰ কালতেই ঘটিছিল আজি কালি নাই, তেনে নহয। বৰ্ত্তমান


  * বোদ এবিধ কঁলা মাটি; জুইত দিলে পোৰে। যথাৰ্থতে সি জগা কাঠৰ লগৰ কাঠ। নাগমটি বা কয়লাও জগা কাঠৰ লগৰ কিব সেয়ে জানিবা শিলাময়।