পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম প্ৰকৰণ।

পৃথিবীৰ আকৃতি, পৰিমাণ আরু সূৰ্য্যর সহিতে

কেনে ভাৱে অৱস্থিতি কৰে।

ঠক! তুমি যদি কেতিয়াবা মন কৰিছা, জানিব পাৰা যে বহু দূৰত থকা পৰ্ব্বতলৈ চালে তাৰ তল ভাগ দেখা নেযায়; মাজৰ দেশ খন মুকলিএই হক বা হবিএই হক। মুকলি ঠাই নেপালে বৰ ওখ এজোপা গছত উঠি চালেও মুকলি ঠাইত চোৱাৰ সমান। তেনে গছত উঠি চালেও, পৰ্ব্বত বিলাক যেন পৃথিবীৰ এটা গাঁতত সোমাই মুৰ উলিৱাই আছে এনে বোধ হয়। অথচ তুমি যদি পৰ্ব্বতৰ গুৰিলৈ যোৱা তেতিয়া সেই পৰ্ব্বতৰ তল ভাগ কোনো গাতৰ ভিতৰত থকা নেদেখা। সেই দৰে সাগৰত ফুৰা নাৱৰীয়া বিলাকেও দূৰত থকা জাহাজ বিলাকক পানীত সোমাই থকা যেন দেখে। তেওঁবিলাকে সাগৰৰ ওপৰত আপোনাৰ বাটেদি গৈ থাকোঁতে আন জাহাজৰ লগ পাব পাৰো বুলি বৰ আগ্ৰহেৰে আগ, ফাললৈ চাই যায়। সাগৰৰ দাতিত যত আকাশ নামিগৈ সাগৰেৰে মিল যেন দেখি তাতেই প্ৰথমতে তেওঁ বিলাকে কেনো জাহাজৰ মাস্তুলৰ নিচেই আগৰ দুখনি বা তিনি খনি সরু পাল পানীৰ ওপৰে ওলাই থকা দেখিবলৈ পায়। বাকি সমুদায় জাহাজ খন পাৰীৰ তলত থকা যেন দেখে। পাছে যেতিয়া দুই খন জাহাজ লাহে লাহে ওচৰা-উচৰি হয় ক্ৰমে তলৰ পাল বিলাক ওলায়; কিন্তু ভালে খিনি সময়ৰ পাছত যেতিয়া দুই খন জাহাজ দুই কি তিনি মাইলৰ ওচৰ চাপে, তেতিয়াহে সমূ- দায় জাহাজ দেখা পায়। ইয়াৰ কাৰণ কি? দূৰ বুলি গোটেই জাহাজ নেদেখা নহয়; কাৰণ সিমান দূৰত চকুৰ দ্বাৰায় জাহাজত কৈ