পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
ভূ-ভাগৰ বাহ্যিক-গঠন আরু সন্নিবেশ।

 অনেক অসম ভাৱে ভূমি ভাগ থকাত, অনেকে অনুমান কৰে যে পানী গোলাৰ্দ্ধৰ তলৰ মাটি তৰপ বিলাক ভূমি, গোলাৰ্দ্ধৰ তলৰ বিলাকত কৈ ঘন; নহলে পৃথিবীৰ ভাৰ কেন্দ্ৰ আরু ৰৈখিক কেন্দ্ৰ একে হব নোৱাৰে।

 ভূমি-ভাগক সমুদ্ৰই প্ৰধান দুইখণ্ড কৰিছে:—প্ৰাচীন পৃথ্বী আৰু নতুন পৃথ্বী; প্ৰত্যেক পৃথীথ্বীখণ্ডেই এটি এটি মহাদ্বীপ আৰু অপেক্ষাকৃত দুটা সরু দ্বীপৰ সংযোজনৰ পৰা উৎপন্ন। আশিয়া, ইউৰোপ, এই দ্বীপ আফ্ৰিকা দ্বীপৰ সৈতে সুয়েজ যোজকৰ দ্বাৰা সংলগ্ন হৈ প্ৰাচীন পৃথী হৈছে; আৰু উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাৰে পানামা যোদি গোট পাই নতুন পৃথ্বী সম্পূৰ্ণ কৰিছে। দুই পৃথ্বী- খণ্ড অনেক বিষয়ত অমিল। প্ৰথম, প্ৰাচীন পৃথ্বীৰ দুই দ্বীপ যোগ কৰোতা সুয়েজ যোজক বালিময় সমস্থল আৰু অনেক কালৰ পূৰ্ব্বে তাৰ ওপৰত সাগৰ আছিল। আফিকাক এৰি এই পৃথ্বি খণ্ডৰ পৰ্ব্বত শ্ৰেণীৰ দণ্ড পূৰ্ব-পশ্চিমা বা নিৰক্ষবৃত্তৰ সৈতে সমান্তৰাল; আফ্ৰিকাৰ সৈতে ধৰি সমুদায় পৃথ্বী-খণ্ডৰ ওখ ঠাই পশ্চিম ফালে আছে। নতুন পৃথ্বীৰ দিশো উত্তৰ-দক্ষিণা কিন্তু প্ৰাচীন পৃথ্বীৰ দিশ নৈঋত্য-ঈশান এই দুই পৃথীখণ্ডত বাস কৰা প্ৰাণী বিলাকৰে। অনেক ভেদ আছে। তাক পাছে বৰ্ণোৱা হব।

 ইউৰোপ যদিও প্ৰাকৃত বিষয়ত আশিয়াৰ সৈতে একে, ইউৰাল পৰ্ব্বত আৰু কাস্পিয়ান হৃদৰ মাজেদি ইউৰোপৰ পৰা আশিয়ালৈ আহিলে যদিও এখন নতুন ঠাইত সোমোৱা যেন নালাগে, যদিও ‘ষ্টিপিচ’ নামে একে খন সমস্থলেই আশিয়ীক ৰুশিয়াৰ পৰা ইউৰোপান রুশিয়ালৈ বিস্তৃত আৰু ইউৰাল পৰ্বতৰ দুই কাসৰে দেশৰ প্ৰাকৃতিক নক্সা একে তথাপি ব্যৱহাৰিক ভূগোলত ইউৰোপ খন সুকীয়া মহাদেশ বুলি গণ্য হয় অৰ্থাৎ ৰাজকাৰ্য, বাণিজ্য ইত্যাদি সুবিধা চাই আরু তাত বাস কৰা মানুহৰ বিভিন্নতালৈ মন কৰিলে