সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
প্ৰাকৃত-ভূগোল।

বোধ হয় যেন মাটিৰ তলৰ পৰা এখন নৈহৈ ফুটি ওপৰলৈ উঠিছে কোনোটোৰ পৰা অত্যন্ত কম পানী উঠে; কোনো মতে সৰু চিৰ্চিৰিয়া জান এটিকহে তাৰ পানীএ যোৰে। সকলো উৎস চিৰোদগমন বা চিৰকাল পানী উৎক্ষেপণ কাৰী নহয়; কোনোটোৰ মাহ দিয়েক পানী উঠি আন কিমাহ বন্ধ থাকে। কম নগৰত এটি উৎস আছে ঘণ্টাই পতি তাৰ পানীৰ হ্ৰাস বৃদ্ধি হয়। ফ্ৰাঞ্চ দেশৰ কল-মাৰ নগৰত এটা উৎস আছে সি ঘণ্টাত আঠ বাৰ মুকলি হয় আৰু কাঠ বাৰ বন্ধ হয়। ওপৰত লিখা মহা গাইচৰ আৰু খঙ্গাল উৎস দুটা ক্ষণোদগমন শ্ৰেণীৰ। পৃথিবীৰ স্তৰৰ, বিশেষ ভাজৰ কাৰণে এনে ক্ষণোদগমন হয়। কিন্তু গাইচৰ আৰু খঙ্গ ক্ষণোদ্গত উষ্ণ উৎসৰ আন কাৰণ আছে। চূণ, বালি ইত্যাদি যি বস্তু উৎসৰ নলীৰ মাজে আহে তাৰ দ্বাৰা নলী বন্ধ হলে উৎস বন্ধ হয়; কিন্তু সেই সোপাৰ তলত তপত পানীৰ ভাপ গোটই অন্তত প্ৰবল হৈ ভূমিকম্প, গৰ্জ্জন ইত্যাদি কৰি সোপা ওফৰাই পঠায়; আৰু লগত পানী কিছুমান লৈ ওপৰলৈ ওলায়। নলী এই দৰে মুকলি হলে কিছুক্ষণ উৎস উঠি থাকে; সোপা লাগিলে পুনৰ বন্ধ হয়।

 পৃথিবীৰ গৰ্ভত কতবিধ আচৰিত ৰসায়নিক আৰু যৌগিক পদাৰ্থ উৎপন্ন হয়, তাৰ অন্ত নাই কোনো উৎসৰ পানীত তেল পোৱা যায়; কোনোটো বা শুদ্ধ তেলৰেই। এই তেলক সাধাৰণত কেৰচিন বা সীতা-তেল কয়। জয় পুৰৰ ফালে মাকুমত সীতা-তেলৰ পুঙ্গ থকা কথা সকলোৰে জনা আছে। নিজ দেশৰ এই বিলাক স্বাভাৱিক সম্পত্তি মোল নজনাত আমাৰ মানুহে একোটো উপকাৰ লৰ জনা নাই কিন্তু উত্তৰ আমেৰিকাত এই তেলৰ পৰা লক্ষ কোটি টাকা মানুহে আৰ্জিছে *। মাটিৰ তললৈ না খানি এই তেলৰ


 * সম্প্ৰতি মাকুমৰ তেল পুঙ্গৰ পৰাও আসাম ট্ৰেডিং ৰেল-কোম্পানীএ, বছৰেকত কম টাকা লাভ কৰা নাই।