পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বায়ু আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

দেখিব পাৰি; তাৰ দৰে বায়ুতো ওচৰৰ বস্তুৰ ছাঁ প্ৰতিফলিত হয় আরু বতাহত হিল্লোল হৈ দৰ্শকৰ মনোৰঞ্জন কৰে। ইয়াৰ বিষয়ে বাহুল্যকৈ পাছত কোৱা হব।

  এই বাষ্প স্বরূপ বায়ু-সাগৰৰ তলত সমুদায় পৃথিবী, পৰ্ব্বত, গহ্বৰ, নগৰ, সমুদ্ৰ সমম্বিতে সম্পূৰ্ণ তল গৈ আছে। পানীৰ সাগৰত মাছে যেনেকৈ ফান্দেৰে সাঁতুৰি ফুৰে বায়ু-সাগৰত চৰাইএও সেই দৰে পখি মাৰি সাঁতুৰি যায়; আৰু চৰাইএ বায়ুত সাঁতোৰাকে আমি উড়া কওঁ, শামুক, কেকোঁৰা ইত্যাদি প্ৰাণী বিলাকে সাগৰৰ পানীৰ তলত বগাই ফুৰাৰ দৰে মানুহ, পশু আদি প্ৰাণী বিলাকে বায়ু-সাগৰৰ তলীত বিচৰণ কৰে; এই রূপ মনুষ্যাদি স্থলচৰ জন্তুৰে পৰিপূৰ্ণ আরু বিহঙ্গম আরূ পতঙ্গ দ্বাৰা বিলোড়িত বায়ু সমুদ্ৰকে বায়ুমণ্ডল কয়।

  বায়ু স্থিতি-স্থাপক; তাত হেচা বা চাপ দিলে সঙ্কোচ হয় আরু চাপ কমালে ফুলি পৰে। কোনো চাপ নথকাহলে বাষ্পৰ সাধাৰণ ধৰ্ম্ম অনুসৰি বায়ু সম্পূৰ্ণ বিশ্ব জগতত ব্যাপ্ত হল হেতেন; কিন্তু বায়ু পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তিৰ অন্তৰ্গত হৈ সেই দৰে ব্যাপ্ত হব পৰা নাই; যতে পৃথিবীৰ মাধ্যাকৰ্ষণ শক্তি আরু বায়ুৰ বিকৰ্ষণ শক্তি সমতুল্য হৈছে তালকে বায়ু আছে, তাতকৈ ওপৰলৈ নাই। পৃথিবীৰ পৰা ৪৫ মাইল ওখলকে বায়ু আছে বুলি পণ্ডিত সকলে অনুমান করে।

  বায়ু সকলো ঠাইতে সমানে ঘন ম হয়। পৃথিবীৰ ওচৰত সকলো ঠাইতকৈ ঘন; তাৰ পৰা যিমান আঁতৰ হয় সিমান সেৰেঙ্গা অৰ্থাৎ ওপৰৰ এক ঘন ফুট বায়ু জুখিলে যিমান পাতল পোৱ হব, তাতকৈ তলৰ এক ঘন ফুট বায়ু সিমান পাতল নহব; তাতকৈ গধুৰ পোৱা যাব। ওখ পৰ্ব্বতৰ টিঙ্গত বায়ু ইমান সেৰেঙা যে তাত মানুহে উসাৰ লবলৈ টান পায়। ওখ পৰ্ব্বতত উঠিবলৈ