হৈ, নৈৰ কেবা মাইল ভিতৰলকে তাৰ বেগ যায়। যদি আমাৰ পাঠকে কেতিয়াবা কলিকতালৈ গৈছে বা তালৈ যোৱা পথুকৰ মুখে সেই ফালৰ বিবৰণ শুনিবলৈ পাইছে তেন্তে আমাৰ কথা বুজিব পায়। তেও জানিব পাৰে যে কলিকতাৰ ওচৰত হুগলী নৈৰ পানী ২৫ ঘণ্টাৰ ভিতৰত দুবাৰ বাঢ়ে আরু দুবাৰ শুকায়; বাঢ়োতে উজাই আরু শুকাওতে ভটীয়াই বয়। এই দৰে মেগ্না, মন্টা আৰু সুন্দৰ বনৰ আন আন নৈৰো পানীৰ হ্ৰাস বৃদ্ধি আছে আৰু ঔজনি ভটীয়নি দুটা সোঁত হৈ থাকে। নদী বিলাকৰ এই উজনি ভটীয়নি সোঁতৰ আদি মূল সমুদ্ৰত। দিনটোৰ ভিতৰত দুবাৰ সমুদ্ৰ ওফন্দে আরু দুবাৰ খাল পৰে বুলিয়েই সমুদ্ৰৰ এবিধ দৈনিক সোঁত উৎপন্ন হয় আরু তাৰ দ্বাৰায় সমুদ্ৰ স্থানীয় সোঁতৰ গঢ় গতি দিনটোত লৰি থাকে আরু নৈৰ মুখৰ পানীৰে তেনে ৰীতি হয়। সমুদ্ৰৰ এনে উখালনীৰ মূল কাৰণ চন্দ্ৰৰ আকৰ্ষণ। পূৰ্ব্বে কৈ অহা হৈছে পদাৰ্থ মাত্ৰৰে মাধ্যাকৰ্ষণ শক্তি আছে। আৰু তাৰ লগতে ইয়াকো জানিব লাগে যে সেই শক্তি পদাৰ্থৰ দূৰতাৰ বৰ্গৰ চাৰি ভাগৰ এক ভাগকৈ কমি যায়। অৰ্থাৎ এক মাইল অন্তৰত যদি দুই বস্তুৰ পৰস্পৰৰ আকৰ্ষণ ১ হয় দুই মাইলত ৪ ভাগৰ ১ ভাগ আকৰ্ষণ হয় ৩ মাইল অন্তৰত ৯ ভাগৰ ১ ভাগ, ৪ মাইলত ১৬ ভাগৰ ১ ভাগ, এই অনুক্ৰমে কমি যাব এই নিয়মৰ বশ হৈ চন্দ্ৰৰ আকৰ্ষণে কিরূপেনো ওপৰত লিখা ক্ৰিয়া ঘটাব পাৰে, তাক তলত দিয়া কথাৰ পৰা বুজিব পাৰিব।
সহজে বুজিবৰ অৰ্থে প্ৰথমতে ধৰা যাওক, পৃথিবী খন জানি ৭ম প্ৰতিকৃতিত দেখুৱাৰ দৰে সম্পূৰ্ণ পূৰ্ব পশ্চিমাকৈ এক মহা সমুদ্ৰৰে বেঢ়া আছে; মাজত কতো দ্বীপাদিৰ বাধা নাই।