পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
প্ৰাকৃত-ভূগোল।
 

দায় লেনচ আফ্ৰিকাৰ সাহাৰা মৰুভূমিৰ ৰূপ ধাৰণ কৰে। তাৰ দৰে এই সময়ত বায়ুৰ বেগ প্ৰবল হয়। সমুদায় বায়ু-মণ্ডল ধুলিৰে সৈতে পৰিপূৰ্ণ হয়। গগন-মাৰ্গ সদাই ধূলিময় মেঘেৰে আচ্ছন্ন থাকে। সূৰ্য্যৰ কিৰণ ৰঙ্গচুৱা আৰু বৰ তপত হয়। সময়ে সময়ে ডাঙ্গৰ বা-মাৰলি উঠি ধূলিৰ স্তম্ভ বিলাক তুলি লৈ গোটেই জগৎ বিচৰণ কৰে আৰু অন্তত ছিন্ন ভিন্ন কৰি ধূলি বৰ্ষণ কৰে।

 যদি এই সময়ত ধুমুহা হয় দিগ্‌‌বলয় চাপ খাই, আকাশ ৰঙা হৈ দৰ্শকক যেন গ্ৰাস কৰে এনে বোধ হয়। বাৰিষা হলে জাক চেৰেক বৰষুণতে সাম কাটে; আকাশ নিৰ্ম্মল হয়। পুনৰ ভূমিৰ ওপৰত সৌজীয়া বৰণ ওলায়; আৰু কুম্ভীৰ, জল-গ্ৰাহ ইত্যাদি জন্তু বিলাকে ছ-মহীয়া নিদ্ৰাৰ পৰা সাৰ পাইন মাটি তলৰ পৰা আস্ফালন; কৰি উঠি মহা আনন্দে অ'ৰ ত'ৰ ডোবা বিলাকত নানা ক্ৰীড়া কৰি বলৈ ধৰে।

 চিলভাচ, প্ৰায় ১০,০০০০০ বৰ্গ মাইল ঠাই অৰ্থাৎ ৩০ খন মন আসাম দেশৰ ঠাই যোৰা এক বৃহৎ কৰণি আরু কাঠনি হাবি। ডাঙ্গৰ গছৰ মাজে মাজে লতা, বন, বেত ইত্যাদি গজি আকাশ এনেকৈ ঢাকিছে যে তলৰ মাটিএ সূৰ্য্য কোনো কালত দেখিবলৈ পোৱা নাই; আসামৰ ঝাৰণি হাবি ইয়াৰ মানত অত্যন্ত তুচ্ছ। তাত নানাবিধৰ চৰাই আরু বান্দৰ থাকি মহা কোলাহল কৰি সমুদায় অৰণ্য সজীব কৰি ৰাখিছে।

 পাম্পচ সমথল ঠায়ে-ঠায়ে সম্পূৰ্ণ টকলা; তাৰ ভিতৰৰ ১৫০ মাইল মান বহল, ২০০ মাইল মান দীঘল, এনে এভাগ লোনাময় মরু; আরু চোতালৰ নিচিনা সম্পূৰ্ণে সমান; আরু যৱক্ষাৰ আদি বস্তু তাৰ ওপৰত ওলোৱাত দেখিবলৈ সম্পৰ্ণে শুকুলা। ইয়াত বৰষুণ প্ৰায় নহয়; আরু নিয়ৰ কি বস্তু তাক জনাই নাযায়। কোনো কোনো ভাগ এবিধ টান, ক'লা, চকচকীয়া বস্তুৰে কেবা মাইলো আবৃত হৈ