পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
প্ৰাকৃত-ভূগোল।

৫০° অংশৰ ভিতৰত তলেদি নিৰক্ষ বৃত্তৰ ফাললৈ আরু ওপৰেদি তাৰ পৰা দক্ষিণ আৰু উত্তৰলৈ সমুদ্ৰত দুটি সোত সদা সৰ্ব্বদা বৈ থাকে। ইয়াৰ বিপক্ষে ৫০° অংশৰ পৰা তেহেত, ওপৰেদি দুই মেরুৰ পৰা নিৰক্ষ বৃত্তৰ ফাললৈ আরু তলে দি মেরুৰ ফাললৈ দুটা সোঁত আছে; তলৰটো তপত পানীৰ আৰু ওপৰৰটো চেঁচা পানীৰ আরু বৰফৰ। পানীৰ তাপ কলো অংশতে একে নহয় বুলি যি যি সোঁত হয় তাৰ কাল্পনিক প্ৰতিকৃতি উপৰত দিয়া গল। আন আন সোঁতৰ কথা পাছৰ অধ্যায়ত দিয়া হব।

 
পঞ্চম অধ্যায়।
সমুদ্ৰ সঞ্চালন।

সমুদ্ৰৰ পানী প্ৰায় কেতিয়াও স্থিৰ নাথাকে। বতাহত যে ওপৰ ভাগ প্ৰায় সম্বনে কম্পমান হৈ থাকেই তাৰ বাহিৰেও সমুদ্ৰৰ গোটেই খিনি পানী তলীলকে সোঁত স্বরূপে এঠাইৰ পৰা এঠাইলৈ গৈ থাকে। তৰল বস্তুৰ গুণ এই যে, তাৰ ওপৰ ভাগ সদাই সমানে ওখ হৈ থাকে; আরু কোনো ৰকমে সেই অৱস্থা লৰিলে তাক আকৌ পাবৰ নিমিত্তে পুরুষাৰ্থ কৰাত ঢৌ উৎপন্ন হয়। পুখুৰিৰ পানীলৈ দলি এটা মাৰিলে সেই দলি পৰতেই পানীৰ ওপৰত আক অলপ ঠাই