পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
প্ৰাকৃত-ভূগোল।

পৰা নামোতে জখলা খপীয়া গড়াৰ ওপৰে দি বাগৰিব লগা হয় তেন্তে এটি অপূৰ্ব মনোহৰ আরু মহৎ ৰূপ ধাৰণ কৰে। ইয়াক জল-প্ৰপাত বোলে। এটা আলি বা ভেটাৰ ওপৰে পানী ভাগি এখন ওখ পথাৰৰ পৰা দ পথাৰ এখনলৈ গলেই যদি বৰ শব্দ হয় আৰু দেখিবলৈ সুন্দৰ হয়, তেনে হলে এখন নৈ হঠাৎ থিয় পৰ্বতৰ গড়াৰ ওপৰে দি আকাশৰ পৰা ভাগি পৰা দৰে পৰিলে, কিমান যে মনোৰম্য আরু মহৎ হব তাক সহজে ভাবনা কৰি জানিব পাৰি। জল- প্ৰপাত ঠাইয়ে ঠাইয়ে অনেক আছে আৰু কোনোটো বৰ ওখ। খাচীয়া পাহাৰত, চিৰা পুঞ্জিৰ ওচৰত যি মা-স্বামী নামে জলপ্ৰপাত আছে, সি ১৮০০ ফুট ওখ। বুণ্ডেল খণ্ডৰ টনম্‌ নদীৰ জলপ্ৰপাত ২০০ ফুট ওখ। গইৰ্চপা নগৰৰ ওচৰত সৰবতী নদী পশ্চিম ঘাট পৰ্ব্বতৰ ওপৰে, ৮৮৮ ফুটৰ থিয় গড়াই দি বাগৰে। কাপ্তান নিউ- বলচৰ মতে এই জলপ্ৰপাতত সেকেণ্ডত ৪৬,০০০ হাজাৰ ঘন ফুট পানী পৰে। মহাবালেশ্বৰ পাহাৰত য়ীনা নদীৰ জল প্ৰপাত ৬০০ ফট ওখ। কাবেৰী নদীৰ জলপ্ৰপাত ৩০০ ফুট ওখ। জেম্বেজী নদীৰ ভিক্টৰিয়া জল প্ৰপাত সকলোতকৈ মহৎ। জেম্বেজী নদী প্ৰায় এক মাইল বহল হৈ বাচাল্ট প্ৰস্তৰৰ ৪০০ ফুট ওখ এক অধিত্যকাৰ ওপৰে আহি, হঠাৎ সেই অধিত্যকাৰ থিয় গড়া পাইহি আৰু তাৰ পৰা একে জাঁপত তলৰ উপত্যকাত আহি পৰে আৰু সেইএ দি পূবলৈ বৈ যায়। যদি ৪০০ ফুট ওখ অৰ্থাৎ জোৰাদিয়া ৭ জোপা কাকিনী তামোল মান ওখ এঠাইৰ পৰা বৰ বহল পানী এডৰা কলহৰ মুখে পৰাদি এমাইল যুৰি পৰেহি, তাক দেখিবলৈ কিমান মহৎ হব পাঠকে মন কৰি চাব। এই প্ৰপাতৰ পৰা যি ভাপ ধোঁৱাৰ দৰে উঠে, তাক ৭/৮ মাইলৰ পৰা দেখা যায়। নীল নদীৰ আগৰ পৰা গুৰিলকে অঠোটাৰ ওপৰ জল প্ৰপাত লেখি পোৱা হৈছে।