পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
প্ৰাকৃত-ভুগোল।

যি বিলাক বস্তুৰ
পৰা পানীয় বস্তু
উৎপন্ন হয়।
  এই বিলাকৰ মাজত চাহ আরু কাফি গছেই প্ৰধান। জাপামৰ পৰা উত্তৰ ভাৰতবৰ্ষলঁকে এই খিনি ঠাইত চাহৰ খেত হয়। পূৰ্বে আবিচিনীয়াত কাফি আছিল; তাৰ পৰাই ক্ৰমে বাঢ়ি গৈ এতিয়া আৰব, ভাৰত- বৰ্ষ, ভাৰতীয় দ্বীপ বিলাকত, দক্ষিণ আমেৰিকাত, ওয়েষ্ট-ইণ্ডিজ ইত্যাদি দেশ বিলাকতত ইয়াৰ খেতি হৈছে।

যি গছ বিলাকৰ
ৰস আরু এঠা হয়।
 যি বিলাক গছৰ পৰা গম তৈয়াৰ হয় সেই বিলাকৰ নাম একেচিয়া। ই আৰব দেশত প্ৰধানকৈ জন্মে আরু উত্তৰ আফ্ৰিকাৰ সমুদায় ঠাইতে পোৱা যায়। গট্টা পৰ্চা প্ৰধানকৈ ভাৰতীয় দ্বীপ বিলাকত চীন দেশত বা দেশত, মালাৱাৰ আরু লঙ্কাদ্বীপত উৎপন্ন হয়। সিও এবিধ গছৰ এঠা। ৰবৰ এঠা বা ৰবৰ, বৰ গছৰ পৰা উৎপন্ন হয়। বৰ গছ ভাৰতবৰ্ষত প্ৰধানকৈ আসাম প্ৰদেশত আরু দক্ষিণ আমেৰিকাৰ এমে- জন জল-সত্ৰৰ কাঠনি হাবিত জন্মে। ভাৰতবৰ্ষ প্ৰভৃতি আশিয়াৰ পূব দেশ বিলাকতেই কুহিআৰৰ নিজা ঠাই কিন্তু এতিয়া বাঢ়ি গৈ মৰিশ্যচ্‌ দ্বীপ বিলাক, আরু আমেৰিকাৰ তলৰ দেশ বিলাতেই ইয়াৰ অপ- ৰ্য্যাপ্ত খেতি হৈছে। অনেক কোম্পানি হৈ ইয়াৰ পৰা ঢেৰ টাকা আৰ্জিছে। দক্ষিণ আমেৰিকাৰ ভেনে-জিউলা দেশত শিলৰ ওপৰত দেখিবলৈ শুকান এবিধ গছ গজে তাৰ নাম গাথিৰতি গছ। তাৰ গাত এটা বিন্ধা বা কোব দিলে, সেই বিন্ধাৰ পৰা গাখিৰৰ নিচিনা সোৱাদ আরু বগা ৰস বৈ আহে। ধৰি থোৱা ৰস ঈষৎ হালধীয়া হয়, আরু তাৰ ওপৰত সৰ উঠে।

  সেগুণ কাঠ— দক্ষিণ ভাৰতবৰ্ষত আরু বঙ্গ উপসাগৰৰ পূৰ্ব্ব লাগতিয়াল
গছ।
পাৰত ঘাইকৈ জন্মে। এই বিলাক কাঠৰ তক্তাৰে জাহাজ সজা হয়। ইবনি এবিধ ঘন, কঁলা শিঙ্গৰ নিচিনা মিহি কাঠ। ই মাডাগাস্কাৰ আরু মৰিশ্যচ দ্বীপত হয়।