পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
পানী আরু তাৰ ওপৰত সূৰ্য্যৰ ক্ৰিয়া।

সাগৰৰ কাসৰলৈ পানীও তৰাঙ্গ বুলি তাত নীল ৰঙ নোলাব পাৰে। সাগৰৰ কোনো কোনো ভাগত বাহিৰা আন পদাৰ্থ ওপঙ্গি বা মিহলি হৈ থকা বাবে তাত সাধাৰণ নীল বৰ্ণৰ ব্যতিক্ৰম ঘটে। এবিধ ৰঙ্গা কীটাণু পানীত থকা নিমিত্তে কালিফৰ্ণীয়াৰ ওচৰৰ সাগৰে সিন্দুৰ সাগৰ, আরু আৰব আরু আফ্ৰিকাৰ মাজৰ উপসাগৰে লোহিত সাগৰ নাম পাইছে। হোৱাঙ্গহো বা পীত্‌ নদীএ হালধীয়া বোকা এবিধ উটাই আনি সাগৰ হালধীয়া কৰাত, চিন দেশৰ ওচৰৰ সমুদ্ৰ এভাগৰ নাম পীত সাগৰ হৈছে। তেনে কাৰণ তেই গিনি উপসাগৰৰ বৰণ ধলা, কৃষ্ণ সাগৰৰ আরু মালদ্বীপৰ ওচৰৰ পানী কৃষ্ণবৰ্ণ; কানাৰী আরু এজৰ্চ দ্বীপৰ কাসৰৰ সমুদ্ৰ সৌজীয়া। কোনো ঠাইত কেতিয়াবা সমুদ্ৰৰ পানী ৰাতি দ্ৰৱ কাঞ্চন বা দ্ৰৱ অগ্নিৰ নিচিনা দেখা যায়। ইয়াৰ কাৰণ এই যে জোনাকি পরুৱাৰ নিচিনা এবিধ জিলিকা কীটাণুএ সমুদ্ৰৰ পানী উজ্জ্বল কৰে।

  সমুদ্ৰৰ পানী বিশুদ্ধ নহয়; তাৰ সোৱাদ লোণীয়া আরু যৎকিঞ্চিৎ খারুয়া-তিতা। -লোন আরু মেগ্নেচীয়াৰ যৌগিক পদাৰ্থ থকাই তাৰ কাৰণ। লোন আৰু মেগ্নেচিয়াৰ বাহিৰেও চূণ, গন্ধক-দ্ৰাৱক, লবণ-দ্ৰাৱক, উদ্ভিদ পদাৰ্থ ইত্যাদি নানাবিধ বস্তু তাত থাকে আরু এই দৰে বাৰেমিহলি বস্তু থকাৰ নিমিত্তে সাগৰৰ পানী অৱশ্যে নৈৰ পানীতকৈ গধুৰ। সকলোতকৈ লোণৰ ভাগ অধিক; আরু সাগৰৰ পানীৰ পৰা মান্দ্ৰাজ আদি অনেক ঠাইত লোণ উলিওৱা হয়; কিন্তু সমুদ্ৰৰ পানী সকলো ঠাইতে সমানে লোণীয়া নহয়। সাগৰৰ দাঁতিত যত ডাঙ্গৰ নদী আহি পৰিছে তত মাজ ঠাইতকৈ পানী কম লোণীয়া; আরু বৰফ গলি বহুত মিঠা পানী মিহলি হোৱাত দুই মেরুৰ ওচৰলৈ সমুদ্ৰৰ পানী নিৰক্ষ বৃত্তৰ ওচৰৰ পানীতকৈ মিঠা। আরু লোণ পানীতকৈ গধুৰ বুলি সাগৰৰ ওপৰতকৈ তললৈ