পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
প্ৰাকৃত-ভূগোল।

পাৰে গৈ আরু অন্তত নভাঙ্কচিয়া দ্বীপৰ পোনে উত্তৰ আটলান্টিক সমুদ্ৰ পাৰ হৈ ইউৰোপৰ কিছু অন্তৰতে দোসোঁতা হইছে। উত্তৰলৈ যোৱা সোঁতা ব্ৰিটেনীয়াৰ কাসৰ ধুই সুমেরু সমুদ্ৰত লয় হৈছে; দক্ষিণলৈ যোৱা সোঁতা এজৰ্স্‌ দ্বীপৰ পূবে দিনি আফ্ৰিকাৰ পাৰে পাৰে গৈ গিনি উপসাগৰ সোমাই লয় প্ৰাপ্ত হৈছে; অৰ্থাৎ মানুহে নেদেখা কৈ সমুদ্ৰৰ ওপৰভাগে নবৈ তলে-তলে বোৱাত লয় হোৱা যেন দেখা গৈছে। মোড় সোঁতাৰ বেগ প্ৰথমতে মেক্সিকো মোড়ৰ ভিতৰতে দেখা যায় আরু সেই কাৰণে তাৰ পৰা ওলাইছে যেন বোধ কৰাত সেই নাম দিয়া হয়। মোড় সোঁতাৰ বেগ ক্ৰমে বেচি হৈ ফ্লৰিডা আরু বাহামা পুঞ্জৰ মাজত ঘণ্টাত পাঁচ মাইলকৈ বয়। এই সোঁতাৰ পানী লোনীয়া, নীল, আরু আদি মুল উষ্ণ মণ্ডলত হোৱা বাবে ওচৰৰ সাগৰতকৈ ইয়াৰ পানী ৭° কোনঠাইত ৮ বেচি তপত। ইয়াৰ তপত পানীএ ব্ৰিটেনীয় দ্বীপ আরু ইউৰোপৰ পশ্চিম দেশ বিলাকৰ বায়ুক তপত কৰাত এই বিলাক দেশৰ জাৰ জহ একে অক্ষাংশত থকা আন বিলাক দেশৰ জাৰ জহতকৈ মৃদু। এই সোঁততে উটি প্ৰতি বছৰে ইউৰোপত নোপোৱা নানা বস্তু, গছ, ফল, বন, গুটি, আমেৰিকাৰ পৰা গৈ নৰওয়ে দেশত ওলায় আৰু আমেৰিকা আবিষ্কাৰ কৰোতা কলম্বস্‌, চাহাবে হুনো পৰ্টুগেল দেশৰ পাৰত ওলোৱা এনে কুৱা বস্তু বিলাকৰ পৰাই আটলান্টিক সমুদ্ৰৰ পাৰ আছে আৰু সেই পাৰত মানুহৰ বসতি হোৱা দেশ আছে বুলি অনুমান কৰিছিল।

  যি বিলাক সোঁতৰ দ্বাৰায় সমুদ্ৰ সঞ্চালিত হৈ থাকে বুলি ওপৰত কোৱা হৈছে সেই বিলাকৰ নাম স্থানীয় সোঁত। স্থানীয় সোঁতৰ বাহিৰেও আন এবিধ সোঁত আছে সেই বিধ সোঁতৰ কাৰণে স্থানীয় সোঁতৰ গঢ় গতি দিনটোত লৰি থাকে। কোনো ঠাইত্‌ সেই বিধ সোঁতৰ বেগ বৰ টান আরু সমুদ্ৰত পৰা নৈ বিলাকৰ মোহনা পাৰ