পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
দেশভেদে প্ৰাণী ভেদ।


পৰা নাই। ভাৰতবাসি! অসমীয়া ভায়া সকল! তোমালোক এই শেষৰ শ্ৰেণীৰ। যেনেকৈ পদাৰ্থৰ নিশ্চেষ্টতা আছে বুদ্ধি আরু বাকশক্তিৰো নিশ্চেষ্টতা আছে। যেনে বৰ গধুৰ গাড়ি এখন বা কোনো গধুৰ মাটি পিটা রুল এবেলি ৰঁলে তাক পুনৰ চলাবলৈ বৰ টান হয় আরু চলিলে সহজে গৈ থাকে, বুদ্ধি আরু বাকশক্তিও তেনে। ভাৰতবাসি! তোমালোক বুদ্ধিৰ গতি বন্ধ হল, চলাবলৈ টান হৈছে, এবাৰ এটাইয়ে ধৰি একে বেলিয়েই বল দি চলাই দিয়া, পাছে আপুনি অনবৰত ঘুৰি গৈ থাকিব। অসমীয়া লোক সকল! তোমালোকৰ পৰা বহুত আশা কৰিছো। এবাৰ বুদ্ধি চলিলে তোমালোকৰ লগ কোনে লঁব পাৰিব।

 
ইতি প্ৰাকৃত-ভূগোল সমাপ্ত।