পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
দেশভেদে প্ৰাণীৰ ভেদ।

তৰোৱালী প্ৰভৃতি অনেক মাচ ইয়াত থাকে। গ্ৰীষ্ম-মণ্ডলৰ আটলাণ্টিক আৰু স্থিৰ সমুদ্ৰত এবিধ পাখিলগা মাচ আছে। পানীৰ পৰা কেতিয়াবা দুহাত তিন হাতৰ ওপৰলৈ জাপ মাৰি উঠি কেবা বেও বাট যায়। দক্ষিণ আমেৰিকাৰ লেনচ্‌ নামে সমথলৰ ডোবা বিলাকত আরু নৈ বিলাকত জিন্‌মটি নামে এবিধ বামি মাচ আছে সিহতৰ স্পৰ্শ অনেক জন্তুৰ নিমিত্তে মাৰাত্মক; সিহতৰ গাৰ পৰা তাড়িত ওলাই যাৰ ওপৰত পৰে তাক আধা মৰা কৰে। টপেড মাচ ভূমধ্যস্থ সাগৰ, আটলাণ্টিক সমুদ্ৰ আৰু ভাৰত সমুদ্ৰত পোৱা যায়। এই মাচৰ পৰাও তাড়িত ওলাই, ইয়াক যি ধৰে তাৰ হাত জিন জিনায়।

 সৰীসৃপ বিলাকো গ্ৰীষ্ম-মণ্ডলতে অধিক। নীলোটিক-ক্ৰক'ডাইল নামে এবিধ ঘৰিয়াল আফ্ৰিকাত আছে। ই ২০। ১৫ হাত দীঘল আৰু তাৰ জোখাৰে ডাঙ্গৰো। ঘৰিয়াল বা কুম্ভীৰৰ বাসস্থান গঙ্গা, ব্ৰহ্মপুত্ৰ প্ৰভৃতি ভাৰত বৰ্ষৰ নদী বিলাক। গ্ৰীষ্ম-মণ্ডলত পৰা আমেৰিকা খণ্ডত এলিগেটৰ নামে এবিধ কুম্ভীৰ থাকে; জাৰ কালি কেমাহ সিহঁতে বোকাত সোমাই থাকে। প্লবঙ্গ জাতি বা ভেকোলা জাতিৰ প্ৰাণী বিলাকক প্ৰায় সকলো অংশতে দেখা যায়। ঢেকি সাপ বা অজগৰ সাপ, আফ্ৰিকা আৰু আশিয়াৰ দেশত প্ৰচুৰরূপে পোৱা যায়। বৱা অজগৰ আরু সশব্দ-যায়ী সাপ প্ৰভৃতি আমেৰিকাত বেচি। গ্ৰীষ্ম-মণ্ডলত নানা বৰণৰ নানা জাতি পক্ষি বাস কৰে। বাকী মণ্ডলত ইমান সৰহ জাতিৰ আরু ইমান চিত্ৰ বিচিত্ৰ ৰঙ্গৰ পক্ষি দেখিবলৈ পোৱা নাযায়। মৌ-খাপ, মৌ-পীয়া প্ৰভৃতি চৰাই বিলাক উষ্ণ মণ্ডলত থাকে, গুণ-গুণী চৰাই আমেৰিকাত, কাকতুৱা অষ্ট্ৰেলীয়া আৰু ভাৰতীয় দ্বীপ শ্ৰেণীত বাস কৰে। মিহি, শুকুলা ও দীঘল আরু ইচ্ছামতে চালি ধৰিব পৰা পক্ষীৰে এবিধ বিচিত্ৰ চৰা- ইএ, জাকে জাকে উড়িফুৰি নব-গিনিৰ হাবি বিলাক মনোহৰ কৰে;